ফৰিদা  আহমেদৰ কবিতা

সৰগী  আকাশ

আকাশ  মানে  সৰগ নেকি?  
সৰগ  হেনো  আত্মাৰ  আলয় 
আত্মাবোৰ  তৰা  হৈ 
আকাশত  তিৰবিৰাই  থাকি 
সৰগ  শুৱনি কৰে,  
অগণন  তৰাৰ  মাজত
নিতে  মোৰ  আত্মাক বিচাৰোঁ
হৃদয়  ফালি  সপোন ভাঙি  
সজোৱা সৰগ
কেনে  হ’ব বাৰু!  
সৰগী  আকাশতো শুনো মাজনিশা
তৰাৰ  উচুপনি।

An English translation of the poem.