আলোৰ কবৰ নিজৰ কবৰ খান্দি থাকোঁতে কেতিয়া ধুমুহাজাক আহিল উমানেই নাপালোঁ যেতিয়া চেতনা আহিল হাতত ভেকুৰ আৰু শিমলু গছৰ উৱঁলি যোৱা শিপাখিনি ৰৈ গ’ল ৷ ভ্রান্তি সপোন নহয় কিন্তু সঁচা যেনো লগা নাই৷ দুৱাৰখন ভাঙি পেলালে কিন্তু দেৱালকেইখনত এটাও দাগ নালাগিল, সোনকালে ওলাই আহ বাহিৰত ভিতৰত সেই উগ্ৰ গোন্ধটোত নিজৰ ঘৰটোও উন্মাদ হৈ গৈছে কেতিয়া গচকি দিয়ে তৰ্কিবই নোৱাৰিবি৷
বিজিতা শৰ্মা হাইদৰাবাদ নিবাসী এগৰাকী কবি।