নলিনীবালা দেৱী
অচিন বাটৰ বাটৰুৱা ঐ! আহিছিলি কেনি বিচাৰি বাট— অচিনা বাটৰ মোৰ হেৰুৱালি শুনিলি কাৰনো নুশুনা মাত? আজি বাৰিষাৰ মেঘৰ আঁৰত পূৰ্ণিমা জোনৰ কৰুণ ৰেখা, হাঁহি-কান্দোনৰ বিষাদী পটত দেখা পালি কিনো নোপোৱা দেখা? শৰতৰ নীল দূৰ গগনত হঁহা নাই জোনে মধুৰ হাঁহি, ডাৱৰৰ আঁৰেৰে ম্লান জোনাকৰ বিষাদ হাঁহিটি উঠিছে ভাহি৷ নিশাৰ এন্ধাৰ ভেদ কৰি জ্বলে দূৰ দূৰণিৰ পোহৰ শিখা— এন্ধাৰ বাটৰ বাটৰুৱা ঐ! দেখা পালি কোন বাটৰ দিশা?