আমাৰ গাঁও

আনন্দচন্দ্ৰ আগৰৱালা

শুৱনি আমাৰ গাঁওখন অতি,
শুৱনি গছেৰে ভৰা,
ডাল ভৰি ভৰি ফলফুল লাগে,
কত পাওঁ তল-সৰা,
শুৱনি আমাৰ ধাননি পথাৰ,
ধানেৰে উপচি পৰে,
শুৱনি নদীৰ পানী-ভৰা ঘাট,
মুদৈয়ে বেপাৰ কৰে৷
চালত কোমোৰা, লাও, জিকা, ভোল,
ভঁৰালত জহা ধান,
গোহালিত গৰু, পুখুৰীত মাছ,
বাৰীত তামোল পাণ৷
গছৰ ডালত শুৱনি চৰায়ে,
শুৱলা সংগীত গায়,
শাকনিত শাক, ফুলনিত ফুল,
দেখিলে হিয়া জুৰায়৷
ঘৰে ঘৰে ৰং ধেমালিৰ হাট
ঘৰে ঘৰে হাঁহি মুখ,
ঘৰে ঘৰে ভাল চেনেহা-চেনেহী,
ঘৰে ঘৰে দেখোঁ সুখ৷
ভাৱনা-সবাহ গীত ভাল পোৱা,
মধুৰ মুৰুলী তান,
দহোটাৰ কাম একে জনে কৰা
চহাৰ সৰল প্ৰাণ৷

……………..
আনন্দচন্দ্ৰ আগৰৱালা গ্ৰন্থাৱলী, অসম সাহিত্য সভা, ১৯৭4, পৃষ্ঠা ১৫

Click here to read an English translation of the poem.

Leave a Reply

Your email address will not be published. Required fields are marked *