শ্ৰীশ্ৰীমাধৱদেৱ
কিমতে ভকতি কৰিবো তোমাত হৰি এ মঞি মূঢ়-মতি নজানো তাৰ উপায় ৰাম ৰাম। মহাবলৱন্ত দুৰ্ব্বাসনা ঘোৰ হৰি এ আমাৰ মনক তেজিয়া দুৰ নযায় ৰাম ৰাম।। ৭৯০ তোমাৰ মায়ায়ে মন মুহি আছে হৰি এ অজ্ঞান-আন্ধাৰে পৰিয়া পাৰ নপাঞ ৰাম ৰাম। অভয় চৰণে শৰণ পশিলো হৰি এ তুৱা গুণ-নাম-ভকতি-প্ৰদীপ চাঞো ৰাম ৰাম।। ৭৯১ ভকতি মিনতি প্ৰণতি নজানো হৰি এ মোত পৰে জ্ঞান-শূন্য হীন-মতি নাই ৰাম ৰাম। তুমি প্ৰভু কৃপা-ৰসেৰ সাগৰ হৰি এ দিয়ো মোক তুৱা পদ-ছায়া-তলে ঠাই ৰাম ৰাম। ৭৯২ হৰি এ কৰুণাসিন্ধু জীৱন-বন্ধু গতি মতি তুমি নাৰায়ণ। তুৱা গুণ-নাম ভকতৰ মহাধন।। ৭৯৩
Click here to read an English translation of the poem.
শ্ৰীশ্ৰীমাধৱদেৱৰ জীৱনৰ শ্ৰেষ্ঠ কীৰ্তি নাম-ঘোাষাৰপৰা।