বাটৰুৱা

নলিনীবালা দেৱী

অচিন বাটৰ বাটৰুৱা ঐ!
আহিছিলি কেনি বিচাৰি বাট—
অচিনা বাটৰ মোৰ হেৰুৱালি
শুনিলি কাৰনো নুশুনা মাত?
আজি বাৰিষাৰ মেঘৰ আঁৰত
পূৰ্ণিমা জোনৰ কৰুণ ৰেখা,
হাঁহি-কান্দোনৰ বিষাদী পটত
দেখা পালি কিনো নোপোৱা দেখা?
শৰতৰ নীল দূৰ গগনত
হঁহা নাই জোনে মধুৰ হাঁহি,
ডাৱৰৰ আঁৰেৰে ম্লান জোনাকৰ
বিষাদ হাঁহিটি উঠিছে ভাহি৷
নিশাৰ এন্ধাৰ ভেদ কৰি জ্বলে
দূৰ দূৰণিৰ পোহৰ শিখা—
এন্ধাৰ বাটৰ বাটৰুৱা ঐ!
দেখা পালি কোন বাটৰ দিশা?

Click here to read an English translation of the poem.

Leave a Reply

Your email address will not be published. Required fields are marked *