হৰেকৃষ্ণ ডেকাৰ কবিতা

এটা ঠুমৰী শুনাৰ পিছত

তুমি গোৱা গান তুমিয়েই।

তোমাৰ গানৰ স্বৰ তুমি হোৱা
আৰু তোমাৰ গান হয় তুমি।
মই পুলকিত হওঁ আৰু বন্দী হওঁ
তোমাৰ দ্বাৰা নে তোমাৰ গানৰ দ্বাৰা?
গানটো তোমাৰ ভিতৰত আৰু 
তুমিয়েই গানটো।
এইষাৰ বুজোঁতে মোৰ লাগিল ইমান সময়।

হৰেকৃষ্ণ ডেকা অসমৰ এগৰাকী আগশাৰীৰ কবি, গল্পকাৰ আৰু সমালোচক।

Click here to read an English translation of the poem.

4 thoughts on “হৰেকৃষ্ণ ডেকাৰ কবিতা

  1. ডেকা ছাৰৰ কবিতা মোৰ বাবে নিচা।

Leave a Reply

Your email address will not be published. Required fields are marked *