এগৰাকী কবিৰ কথাৰে

শোণিত বিজয় দাস

অজিৎ বৰুৱাই ১৯৮৬ চনত অসম চৰকাৰৰ নামনি অসম বিভাগৰ আয়ুক্ত হিচাপে অৱসৰ গ্ৰহণ কৰালৈকে তেওঁৰ প্ৰথমখন পদ্যৰ কিতাপ কিছুমান পদ্য আৰু গান(১৯৮২)ৰ বাহিৰে আন কোনো কিতাপ প্ৰকাশ কৰা নাছিল (কিতাপখনৰ ১০০টা কপি তেওঁ এড়ী আৰু মুগা মিহলি ডাঠ কাপোৰেৰে কলিকতাৰ প্ৰেছত ছপা কৰি বন্ধাই আনিছিল)। প্ৰকাশৰ পাছত কিতাপখন তেওঁ অসমৰ নিৰ্বাচিত ১০০জন কবিতা ভাল পোৱা আৰু কবিতা বুজি পোৱা বুলি ভবা মানুহক উপহাৰ দিছিল। কথাটো জানিব পাৰি পাছত কলিকতাৰ প্ৰিণ্টাৰগৰাকীয়ে উলাহতে আৰু কিছু কপি, ২০০ নে ৩০০, কবিৰপৰা কোনো ধন-বিত নোলোৱাকৈ হেনো ছপা কৰাই দিছিল। সেইখিনি অৱশ্যে এড়ী আৰু মুগা মিহলি কাপোৰেৰে বন্ধোৱা নাছিল। ডাঠ বগা কাগজেৰে বন্ধোৱা আছিল। এইধৰণে অজিৎ বৰুৱাৰ দৰে কবি এজনে চাকৰিকালত নিজেই নিজৰ কিতাপ এখন প্ৰকাশ কৰা, আৰু অভিনৱ ধৰণে কাব্যৰসিকৰ মাজত বিতৰণ কৰা কথাটোৱে সেই সময়ত অসমীয়া সাহিত্যৰ ছিৰিয়াছ পঢ়ুৱৈসকলৰ মাজত এটা আলোড়নৰ সৃষ্টি কৰিছিল। অজিৎ বৰুৱাৰ পৰা তেওঁৰ কিতাপৰ এটা কপি উপহাৰ হিচাপে পোৱাটো তেতিয়া সেইসকল পঢ়ুৱৈৰ মাজত এটা প্ৰশংসনীয় কথা হিচাপে বিবেচিত হৈছিল। অজিৎ বৰুৱাৰ শেষ বয়সত কেতিয়াবা কথ-বতৰাৰ মাজত অজিৎ বৰুৱাৰ কবিতাৰ কথা ওলালে বহুকেইগৰাকী কবি-সমালোচকে এনে এষাৰ কথা কোৱা আজিও মনত পৰেঃ “মোকো তেওঁ এটা কপি দিছিল।” (অৰ্থাৎ–– তেওঁকো অজিৎ বৰুৱাই যে ‘ছিৰিয়াছ পঢ়ুৱৈ’ বুলি ভাবিছিল তাৰ ইংগিত।) কিছুমান পদ্য আৰু গান ––এই কিতাপখনৰ বাহিৰে অজিৎ বৰুৱাই অৱসৰ গ্ৰহণ কৰালৈকে আন কোনো কিতাপেই প্ৰকাশ কৰা নাছিল। জীৱনত তেওঁ যিবোৰ কিতাপ লিখি খ্যাতি অৰ্জন কৰিছিল সেই সকলোবোৰ তেওঁ অৱসৰ গ্ৰহণৰ পাছত লিখা।

অজিৎ বৰুৱাৰ সৈতে পঢ়ুৱৈৰ সম্পৰ্কৰ আধাৰ নিঃসন্দেহে কবিতা, বহল অৰ্থত সাহিত্য। কবিতা তেওঁৰ জীৱন এষণাৰ শৈল্পিক অভিব্যক্তি। সম্ভৱতঃ সেইবাবেই তেওঁ নিজৰ একমাত্ৰ উপন্যাসখনকো কবিতাৰ পৰিমণ্ডললৈ আনি উচ্ছ্বসিত নোহোৱাকৈ ক’ব পাৰে, ‘‘মোৰ শ্ৰেষ্ঠ কবিতাটো হৈছে ‘এখন প্ৰেমৰ উপন্যাস’।” যোৱা শতিকাৰ চল্লিছৰ দশকতে গদ্যকঠিন চিত্ৰকল্প সৃষ্টি কৰি আয়ৰনীযুক্ত সম্পূৰ্ণ এক স্বকীয় বাচনভঙ্গীৰে অসমীয়া কবিতালৈ আধুনিকতাৰ বাৰ্তা কঢ়িয়াই অনাৰ জৰিয়তে অসমীয়া কবিতাৰ ভেটিটো সুদৃঢ় কৰাত যি ভূমিকা পালন কৰিছিল, তাৰ প্ৰতিফলন ঘটিছে ১৯৪০-৮০ সময়ছোৱাত ৰচিত ‘তীখা’, ‘হাতুৰী’, ‘মন-কুঁৱলি সময়’, ‘দুখৰ কবিতা’, ‘কিছুমান ব্ৰঞ্জৰ ঢেকীয়া’,  ‘এযোৰ তামৰ অৰ্ঘ্যা’,  ‘চেনৰ পাৰত’, ‘জেংৰাই ১৯৬৩’কে ধৰি পৰৱৰ্তী সময়ত লিখা ‘ব্ৰহ্মপুত্ৰ’,  ‘শব্দ-সংবেদ্য’, ‘স্বৰ্ণচম্পা’ আদিৰ বিভিন্ন সমালোচকে কৰা সপ্ৰশংস সমালোচনাত। ১৯৪০ৰপৰা কাব্যসৃষ্টিৰ এই দীঘলীয়া সময়ছোৱাত কবিতাৰ সৈতে তেওঁৰ যি একাত্মতা, লগতে, আধুনিক কবিতাৰ প্ৰবক্তা টি.এছ. এলিয়টৰ জীৱন আৰু সাহিত্যৰ জীৱনজোৰা অধ্যয়ন আৰু চৰ্চা, ইংৰাজী আৰু ফৰাচী কবিতাৰ তাত্ত্বিক আৰু নান্দনিক দিশটোৰ লগতো গভীৰ একাত্মতা স্থাপনৰ বাবে কৰা কাব্যতত্ত্বৰ যি নিৰলস সাধনা ––সিয়েই তেওঁৰ কবি-পৰিচয়টোক আন পৰিচয়বোৰতকৈ ওখ কৰি তুলিছে।

লগতে পঢ়ক– হৰেকৃষ্ণ ডেকাৰ কবিতা : কিছু কথা

১৯৮৬ চনত মোৰ সৈতে প্ৰথম পৰিচয়ৰ পাছৰেপৰা ‘‘মোৰ প্ৰথম ইন্টাৰেষ্ট অধ্যয়ন, দ্বিতীয় অধ্যয়ন আৰু তৃতীয়ও অধ্যয়ন” বুলি দৃঢ়তাৰে কোৱা অজিৎ বৰুৱাই কিন্তু ২০০৯ চনত আমি কথা পাতি এই লেখাটো লিখা সময়লৈকে আগৰ দৰে অধ্যয়নৰ প্ৰতি আকৰ্ষণবোধ নকৰে। লিখা-মেলাৰ প্ৰতি তেতিয়া তেওঁৰ আগ্ৰহো ক্ষীণ, প্ৰায় নিলিখাৰ দৰেই। বাৰ্ধক্যজনিত ব্যাধি, একমাত্ৰ পুত্ৰৰ অকাল বিয়োগ আদি বিভিন্ন বিপৰ্যয়ে কবিক হতাশ কৰি তুলিলেও জীৱনৰ প্ৰতি তেওঁৰ কৌতূহলৰ কিন্তু বিশেষ পৰিৱৰ্তন ঘটা নাই। কথোপকথন আৰু লিখা-মেলা দুয়োটা কামেই দ্বিত্ব পৰিহাৰ কৰি কৰাৰ বাবেই যিকোনো মুহূৰ্ততে তেওঁ সংকোচ নকৰাকৈ ক’ব পাৰে, “ I’m not a man of double standard, শোণিত, simply I’m incapable of doing that’’, লগতে এবাৰ এইটোও তেওঁ কৈছিলঃ ‘‘নিজৰ বিষয়ে মই চাৰিটা কথা ক’ব পাৰোঁ, প্ৰথমটো হৈছে, a consensuos civil-servant, দ্বিতীয়তে a generous father, তাৰপাছত, a reasonably good man ––– খুব ভাল মানুহ নহয়, a reasonably good man, আৰু শেষত তেওঁ প্ৰত্যয়ৰে কৈছিল, ‘ a writer of total integrity’ –– সেইটোত মোৰ কোনো কম্প্ৰমাইজ নাই। অজিৎ বৰুৱাক যিসকলে জানে, এই অনুভৱ তেওঁলোকৰ নিশ্চয় হৈছে।

আজি কেইবছৰমানৰ পূৰ্বে এদিন ভৰ দুপৰীয়া ৮৬ বছৰীয়া এই কবিগৰাকীৰ সৈতে তেওঁৰ যোৰপুখুৰী বাসগৃহত কেইবাঘণ্টাও একেলগে কটাইছিলোঁ। সিদিনা সেই সময়খিনিত তেওঁৰ মুখত যদিও এক ধৰণৰ স্বাভাৱিকতা বিৰাজ কৰিছিল, তথাপি অনুভৱ হৈছিল মনটো যেন তেওঁৰ বিষাদে আবৰি ৰাখিছিল। স্থিতপ্ৰজ্ঞ এই কবিগৰাকীৰ ঘৰৰপৰা ওলাই আহি ভাব হৈছিল ‘অনন্ত কালৰ বাবে ফৰকাটিং জংচনৰ ৰাতিৰ ৰেল’ত বহি আমি যেন আকৌ কথা পাতি থাকিম –– সুদীৰ্ঘ সময় ধৰি।

কথোপকথনৰ কিয়দংশ —

কি কৰি আছে?

“ব্ৰেকফাষ্ট খালোঁ অকণমান আগতে।”

কি খায় আপুনি ব্ৰেকফাষ্টত?

“এটা সিজোৱা কণী– ইন্দো-ইংলিশ্ব ব্ৰেকফাষ্ট বুলি ক’ব পাৰা তুমি।”

আৰু দুপৰীয়া?

“দুপৰীয়া দাইল-ভাত, মাছৰ জোল।”

মাংস?

“সব খাওঁ।”

আবেলি?

“আবেলি, –গোটেইবোৰ কথা কোৱা বৰ টান। লুচি-ভাজি মই নাখাওঁ।”

অসুখ-বিসুখ এতিয়া একো নাই চাগে’?

“একো নাই।”

এসময়ত যে আপোনাৰ হাতটো কঁপা-কঁপা লাগিছিল, এতিয়া সেয়া ঠিক হ’ল?

“বেছিকৈ কাম কৰিছিলোঁ তেতিয়া। এতিয়া নাই।”

ড্ৰিংকছ তো এতিয়া একেবাৰে বন্ধ?

“ড্ৰিংকছ মই কেতিয়াবাই এৰিলোঁ। খোৱাই নাই।”

ড্ৰিংকছৰ ছাবছটিটিউট কিবা ––– অধ্যয়ন? তালিকাৰপৰা যে কাম এটা বাদ পৰিল, সেই ঠাই অধ্যয়নে লৈছে নেকি?

“নাই। এসময়ত যে ড্ৰিংকছ কৰিছিলোঁ পাহৰিলোঁৱেই। মদ খোৱাৰ কথা মোৰ মনত নপৰেই।”

কেতিয়াবা আৰ্জ এটা হয়নে?

“নাই নহয়।”

জীৱনত কেতিয়াবা মানুহৰ কিবা এটা বস্তুৰ প্ৰতি ইমান আগ্ৰহ থাকে – এটা সময়ত তাৰ প্ৰতি সম্পূৰ্ণ বিৰাগ – ভাবিলে আচৰিত লাগে !

“কেনেকৈ এৰিলোঁ সেইটো ভাবিও কেতিয়াবা আচৰিত লাগে। এৰিলোঁ যে এৰিলোঁৱেই আৰু। চোৱাই নাই মই। সব ভালেই আছে ইন্দ্ৰিয়।”

মেমৰীটোৱে অকণমান ডিছটাৰ্ব কৰিছে নেকি – আগতে যেনেকৈ অনায়াসে ইটোৰ পাছত সিটো কথা আহি থাকে মনলৈ, তাত ব্যাঘাত জন্মিছে, এনেকুৱা যেন লাগে নেকি?

“বয়স হ’লেতো হয়েই। ঠিকেই আছে মেমৰীটো, মাত্ৰ ছিক্যুৱেন্সবোৰ পাহৰা যেন লাগে। কোনটোৰ পাছত কোনটো হ’ল –– সেইটো। ফৰাচী সাহিত্য –– তাৰ প্ৰতি কিয় মোৰ আগ্ৰহ হ’ল, প্ৰথমে কি পঢ়িছিলোঁ, ভিতৰত কেনেকৈ সোমালোঁ, সেই ছিক্যুৱেন্সবোৰ পাহৰিছোঁ। সেইবোৰ কথা ক’বলৈ অকণমান দিগদাৰ। ছিক্যুৱেন্সবোৰ মনত পেলাব লাগে নহয়। মনত পৰিলে ক’ব পাৰি কিহে মোক ফৰাচী সাহিত্যৰ প্ৰতি আগ্ৰহী কৰিলে। কিন্তু তাত থকা দিনবোৰৰ কথা, ভ্ৰমণৰ সবিশেষ ক’বলৈ হয়তো অসুবিধা হ’ব। কাৰণ চন-তাৰিখবোৰ মনত নাই। চন-তাৰিখবোৰ এৰিও ক’ব পাৰি। থাকিলে ভাল। কাৰণ সময়খিনিৰ কথা থাকে।”

নতুন কিবা লিখিছে নেকি? আত্মজীৱনীমূলক লিখা বা কবিতা – এনে ধৰণৰ?

“লিখিম বুলি ভাবোঁ, হিউমাৰহে লিখিবলৈ মন যায়।”

উইট আৰু হিউমাৰৰ প্ৰতি আপোনাৰ আগ্ৰহ ––– পৰশুৰাম আৰু উডহাউছৰ লেখাবোৰৰ লগত আপোনাৰ সম্পৰ্ক, কথাবোৰ মোৰ ভালদৰে মনত আছে। সেই গোটেইবোৰতো আপুনি নেফানেফ কৰি থৈছে। আপোনাৰপৰা নিয়েইতো এসময়ত মই পৰশুৰামৰ গল্প পঢ়িছিলোঁ।

“পৰশুৰামতো গোটেই হিউমাৰেই।”

এসময়ত পৰশুৰামৰ সেই চাৰিটা প্ৰেমৰ গল্প লৈ আমি কিমান যে আলোচনা কৰিছিলোঁ – মোৰ কিন্তু এই মুহূৰ্তত গল্পকেইটাৰ নামকেইটাও মনত নাই। আপোনাৰ আছে নে বাৰু মনত?

“মনত পেলাব লাগিব।”

পৰশুৰামৰ চাৰিটা প্ৰেমৰ গল্প ––– বিখ্যাত…. ‘হনুমন্তৰ প্ৰেম’ নে কি আছিল এটা …

“কিতাপবোৰ আছে নহয়। ক’লৈ যাব গল্পকেইটা –”

…….

[ টেবুলৰ ওপৰত থকা ফটো এখনলৈ আঙুলিয়াই]

এইখন কিহৰ ফটো?

“ফেৱাৰৱেল। কলিকতা। ইনকাম টেক্স অফিচৰপৰা মোক বিদায় দিয়াৰ সময়ত।”

ফটোখনত আপুনি আছে নে?

“আছোঁ। এয়া।”

ছবিখনত মই চিনি পোৱা কোনোবা আছে নেকি?

“নাই। এইজন বঙালী, এইজন বিহাৰী, এইজন চৰ্দাৰ। পত্নীও আছে মোৰ। এই যে মূৰটো অকণমান উলিয়াই আছে–”

অ’ মই ধৰিব পাৰিছোঁ। বাইদেউৰ লগত আপুনি বিয়াৰ পাছতে তোলা ফটোখন দেখিছিলোঁ –– মাজতে সেওঁতা ফালি, দুয়ো ফালে ঢৌ তুলি আঁচুৰিছে। এইখন ফটোৰ সৈতে একেই আছিল।

“আহিছিল। পৰহি গ’ল।”

আহিছিল নেকি? ক’ত থাকে এতিয়া? কলিকতাত?

“অ’। কলিকতাত।”

স্বাস্থ্য ভালেই আছে কিজানি? আপোনাৰ নিচিনাই?

“স্বাস্থ্য মোতকৈ ভাল। আহিছিল। কেইবাদিনো থাকিল। ঘৰত কাম-কাজ কৰিব পৰা হৈ আছে। বোৱাৰীয়েকে ৰাখিছিল। পৰহি গ’লগৈ। মোতকৈ বহু সৰু নহয়। দহ বছৰৰ সৰু। … তুমি মোক কেইটামান বিষয় দিয়া মই লিখিম।”

[মই তেখেতৰ কথাৰ উত্তৰটো দিবলৈ পাছলৈ থৈ পুনৰ ক’লোঁ]

নামটো বাৰু কি আছিল বাইদেউৰ?

“পৰহি দিনাহে গ’ল। বোৱাৰীয়েকে ধৰি ৰাখিলে কেইবাদিনো। কৃষ্ণা দাস।”

আপোনাতকৈ দহ বছৰ সৰু –– আপোনালোকে প্ৰথম ক’ত লগ পাইছিল মনত আছেনে?

“আমাৰ দিনততো আৰু লগ পোৱাৰ কথা নাই। বিয়াৰ পাছতহে। ঘৰৰপৰা কইনা চাই বিয়া পাতে। তাৰ পাছতহে লগ পোৱা যায়।”

কইনা কোনে চাইছিল? আপোনাৰ দেউতাই?

“ভিনিহিয়ে চাইছিল। হলিৰাম ডেকা। তেওঁ জজ আছিল ডিব্ৰুগড়ত। হলিৰাম ডেকা মানে আমাৰ বৰ দেউতাৰ ল’ৰা। ভিনিহি বা কেনেকৈ হয় নাজানো। চাব লাগিব।”

প্ৰণৱজ্যোতি ডেকাৰ দেউতাক?

”প্ৰণৱজ্যোতিয়ে এখন ডাঙৰ কিতাপ উলিয়াইছে।”

গুৱাহাটীৰপৰাই বিয়া পাতিছিল?

“নাই, এই ঘৰটো মই বনোৱা। ইয়াৰ পাছফালে এটা আছাম টাইপ ঘৰ আছিল। বিয়া গাঁৱৰপৰা হৈছিল। চান্দকুছি গাঁও।”

তাৰ মানে আপুনি চান্দকুছিৰপৰা ডিব্ৰুগড়লৈ গৈছিল কইনা আনিবলৈ? বহু দূৰ আছিল নহয় –– ৪০০ কিলোমিটাৰমান নহ’বনে? কইনাৰ ঘৰলৈ এই দূৰ বাট গাড়ীৰে গৈছিল? কষ্টকৰ যাত্ৰা?

“কষ্টতো কৰিবই লাগিব। তেতিয়া ৰাস্তা-পদূলি বেয়া আছিল। পিটছ দিয়া ৰাস্তা।”

সেই সময়ত আপোনালোকৰ নিজা গাড়ী আছিল নেকি?

“দেউতাই ৫০০/- টকাত ফ’ৰ্ড এখন কিনিছিল। ওপৰত তিৰপালৰ হুড লগোৱা।”

…….

এতিয়া আপুনি কেনেকৈ কটাবলৈ ভাল পায় –– কি কৰিলে ভাল লাগে?

“ভাল লগা কাৰোবাৰ সৈতে কথা পাতিবলৈ।”

দৰমহা-চৰমহাবোৰ আপোনাৰ সময় মতে পাই থাকে নে? আপোনাৰ একাউণ্টত জমা হৈ যায়? আগতেতো ড্ৰিংকছৰ কাৰণে কিছু খৰচ হৈছিল। এতিয়াতো সেইটোও নাই।

“বৰ বেছি খৰচ হোৱা নাছিল। সামান্য।”

নৈপাৰৰ সেই ঘৰটোলৈ যায় নে এতিয়াও?

“অলপতে গৈছিলোঁ। পানীৰ ব্যৱস্থাটোহে কৰিব পৰা নাই। বাকীখিনি হৈছেগৈ। তুমিতো এবাৰ তালৈ গৈছা!”

অঁ গৈছোঁ। মই আপোনাৰ লগতে এবাৰ গৈছিলোঁ। এতিয়া চাগৈ আপুনি ইমান ওপৰলৈ উঠিব নোৱাৰিব?

“কিয়?”

ভাগৰ লাগে নেকি?

“নালাগে।”

পাছৰ শনিবাৰ এটাত আপোনাৰ লগত ওলাই যাম দিয়ক। ময়ো বহুত দিন হ’ল গুৱাহাটীখন চাৰি-কোণ মাৰি ঘূৰাই নাই। আপোনাৰ লগত একেলগে গুৱাহাটীখন চাব লাগিব।

…….

অশ্বক্লান্ত উমানন্দ/মাজগাঁও পাৰঘাট/ তাৰেই মাজত আছে/সোণৰ বালি ঘাট  ––– সোণৰ বালি মানে কোনখিনিৰ কথা কৈছে?

[অজিৎ বৰুৱাৰ পঢ়া-টেবুলৰ ওপৰত থকা কাগজৰ টুকুৰা এটাত লিখা কবিতাৰ দৰে লগা পংক্তি দুটা পঢ়ি পঢ়ি সুধিলোঁ]

“ক’ব নোৱাৰোঁ। সিদিনা ছোৱালী এজনী আহিছিল। কাগজ এখনতে টেলিফোন নাম্বাৰটো লিখি থৈ গ’ল, লগতে এইকেইটা বাক্য। তোমাৰ প্ৰাইৰিটী কি ––– কোৱা কি লিখিব লাগে?”

মইতো কৈছোঁৱেই, অট’বায়োগ্ৰাফিকেল ধৰণৰ কিছু কথা লিখক, তাকে যেনিবা লীৰিকেল প্ৰজত… বহুত দিন হ’ল আপোনাৰ নতুন কবিতা পঢ়া নাই। আপোনাৰ কবিতাৰ শাৰী এটাৰ গাত ভেঁজা দি এই সংখ্যাৰ গুৱাহাটীৰ সম্পাদকীয় টোকাটোত কিবা এটা লিখিছিলোঁ।

“পঢ়িলোঁ – ‘জীৱনত যিহকে নাপালোঁ…। পয়েট্ৰী-চয়েট্ৰী নাই নহয় এতিয়া।”

আছে। ক’লৈ যাব কবিতা? আপোনাৰ বাৰু মনত আছে নে –– এদিন আপুনি কৈছিল নহয় –– শোণিত, জীৱনটো যেনেকৈ আহে সি তেনেকৈয়ে যায়। ইউ নীড নট হেভ টু ৱৰী ফৰ ইট। সি যেনেকৈ আহে তেনেকৈয়ে আহিব আৰু যেনেকৈ যাব বিচাৰে তেনেকৈয়ে যাব।

“কি কনটেক্সত কৈছিলোঁ পাহৰিলোঁ।”

শেহতীয়া অনুভৱখিনি লিখিবচোন।

“মইতো হিউমাৰহে কৰিব পাৰোঁ আৰু।”

সেইটোকে কৰিব। এফালৰপৰা চাবলৈ গ’লে জীৱনটো এ কাইণ্ড অৱ হিউমাৰেইতো। আপুনি এটা কবিতা লিখিছিল নহয় আমাৰ আলোচনীত – ‘গুৱাহাটীত একঠা মাটি, গেৰেজত গাড়ী, শ্বিলঙত ল’ৰাটোৱে পঢ়ে !

“এটা সময়ত তো জীৱনটো সেইটোৱেই। লাহে-লাহে যেতিয়া সেইখিনি অতিক্ৰম কৰে তেতিয়া আকৌ মানুহৰ উইশ্ববিলাক বেলেগ হয় নহয় –– জীৱনৰ ছিক্যুৱেন্সবোৰ যিহেতু বেলেগ-বেলেগ, জীৱনৰ বেলেগ-বেলেগ সময়ত উইশ্ববিলাকো বেলেগ হয়। আগ বয়সত বহুত ইচ্ছা থাকে। যেতিয়া ঢাক্কা খোৱা যায়, জীৱনটোৱে পৃথিৱীখনৰ লগত ৰিকনচাইল কৰি লয়। জীৱনটোৰ ক্ষেত্ৰত মই আগৰপৰাই ছিৰিয়াছ নাছিলোঁ।”

আপোনাৰ জীৱনৰ এছোৱা সময় মই দেখিছোঁ, আগৰখিনি অৱশ্যে দেখা নাই। লিখা-মেলাৰ ক্ষেত্ৰত মই দৃঢ়ভাৱেই ক’ব পাৰোঁ, আপুনি খুব ৰিলিজিয়াছলী কৰে লিখা কামটো।

“যেতিয়া মন যায় হয়, কিন্তু এতিয়া মন নাযায় নহয়।”

সেইটো সকলোৰেই হয়। প্ৰফেশ্বনেল ৰাইটাৰ নহ’লে ক’ত সদায় লিখিবলৈ মন যাব ––– কিন্তু আপুনি যেতিয়া লিখিছিল –– ‘ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য’, ‘এখন প্ৰেমৰ উপন্যাস’, মোছাৰ্ট, টি.এছ. এলিয়ট ––– সেইবোৰতো আপুনি ৰিলিজিয়াছলীয়েই কৰিছিল।

“কৰিছিলোঁ। এখন প্ৰেমৰ উপন্যাসখনৰ কথা ভাবিলে ভালেই লাগে এতিয়া। সেইখন বাংলা হৈছে। তুমি যে কাভাৰটো আঁকি দিছিলা মনত আছেনে?”

কিয় নাথাকিব? জীৱন সম্পৰ্কে এতিয়া আপোনাৰ অনুভৱখিনি কেনেকুৱা?

“হাস্যৰসেই বেছি।”

জীৱনটো এটা অৰ্থহীন বস্তুৰ নিচিনা লাগে নেকি?

“নাই, নহয়। কম বয়সত জীৱনটো বৰ ভাল লাগে। ঢেৰ সপোন থাকে নহয়। জীৱনৰ আৰ্লী এইজটো। কিন্তু লাহে-লাহে বয়স বাঢ়ি অহাৰ লগে-লগে যেতিয়া ঢাক্কা পোৱা যায়, তেতিয়া ইউ হেভ টু ৰিকনচাইল উইথ দ্য ৱৰ্লড। তাৰ পিছত অনুভৱখিনি আৰু চিন্তাই এটা পৰিণত ৰূপ পায়। কথাটো কিয় হয় জানা –– চিন্তাখিনিও তুমি একেখিনিয়ে কৰি নাথাকা নহয়। বিভিন্ন সময়ত বিভিন্ন চিন্তা হয় নহয়। স্বাভাৱিকতে বয়স বাঢ়ি অহাৰ লগে-লগে অধ্যয়ন, অভিজ্ঞতাৰ ভেটিত চিন্তাখিনিও বেলেগ।”[অসমাপ্ত]

শোণিত বিজয় দাস এগৰাকী লেখক আৰু সম্পাদক। তেওঁ কবিতা-বিষয়ক আলোচনী কবিতা আৰু সাহিত্য আলোচনী কথা সম্পাদনা কৰিছিল। সম্প্ৰতি তেওঁ কথা গুৱাহাটী আলোচনীৰ সম্পাদক। তেওঁৰ ইমেইল: shoneetbdas@gmail.com

Leave a Reply

Your email address will not be published. Required fields are marked *