সুৰৰ দেউল

বিষ্ণুপ্ৰসাদ ৰাভা

সুৰ-দেউলৰে
       শিকলি ৰূপৰে
           ভাঙি দিলি খুলি
               দুৱাৰ সোণালী,
                   অ’ পূজাৰী!
                        অ’ পূজাৰী!!
                            সুন্দৰ পূজাৰী!!!
                                যাউতি-যুগীয়া
                               বৰগীত অমিয়া
                           বনগীত সুৰীয়া
                     গোৱাঁ অসমীয়া
                 প্ৰাণ-মন ভৰি৷
             অ’ পূজাৰী!
          অ’ পূজাৰী!!
     সুন্দৰ পূজাৰী!!!
তোৰেই পৰশে
    প্ৰাণৰে হৰষে
          তিয়াগি সুপুতি
              পায় ঐ মুকুতি
                    ৰাগৰে মূৰুতি
                            ভাহি ফুৰে উৰি
                                অ’ পূজাৰী!
                                   অ’ পূজাৰী!!
                               থাপনা থাপিলি
                          প্ৰতিমা বহালি
                    পূজাও কৰিলি
              মুক্তি-মূৰ্তি গঢ়ি
        অ’ পূজাৰী!
    অ’ পূজাৰী!!
 অ’ পূজাৰী!!!
শংখ বজোৱা
    বৰকাঁহ কোবোৱা
       আৰতি লগোৱা
          বন্তি জ্বলোৱা
              উলাহে আদৰি
                  অ’ পূজাৰী!
                     অ’ পূজাৰী!!
                        সুন্দৰ পূজাৰী!!! 

Click here to read an English translation of the poem.