জোনাক, জোনাক, শীতল জোনাক
জোনাক, জোনাক, শীতল জোনাক
চাই মোৰ চকুলো সৰে,
অন্তৰ মোৰ উগুল থুগুল,
উদাস আকুল কৰে।
মনত পৰেহি কোনোবা পুৰণি
জোনাকী বিৰহ বেথা;
মাধৈ–মালতী ফুলৰ আঁৰত
গোপন মিলন–কথা।
মনৰ মাজত সুখ–সোঁৱৰণী
অতীত মধুৰ জাগে;
বাহিৰত শুদা ৰূপালী জোনাক
উৰুঙা উৰুঙা লাগে।
