বগলী এ, নখফুল দি যা
বগলী এ, নখফুল দি যা
বগলী এ, বগা ফোঁট দি যা
তোক বিচাৰিছোঁ মই বোৱাৰী-পুৱাত
বিচাৰিছোঁ দুপৰত, লুইতৰ পাৰে পাৰে
সন্ধিয়া বলাকাৰ ৰূপ লৈ
আকাশেদি উৰি যাৱনো কেনি?
বাঁহনিৰ বাহলৈ?
তোৰ পোৱালিবোৰৰ কলকলনি শুনিবলৈ তোৰ কাষ চাপিবলৈ মন যায়
সেইবোৰ জীৱনৰ ধন, ক'তো নেহেৰায়
তোৰ মাত, তোৰ কণমানিকেইটিৰ মাত, অপূৰ্ব ৰহস্যৰে বৰ্ণময়
তথাপি বিচাৰোঁ নখফুল
বগা ফোঁট এটি, দি যাবি এটিবাৰ
তই আহিবি অ' বগলী
পাখিত পাখি থৈ আহিবি
ববচা বনতে বাগৰি বাগৰি জী থকা বকুল বুটলিবিহি
ৰাইজে আশিস দিব
তোৰ শুকুলা ফোঁটৰ পোহৰত এদিন
পৃথিৱী পোহৰ হ'ব চাবি
সেই পোহৰত ৰাইজৰ সবাহলে'
এবাৰ আহিবি অ' বগলী
এবাৰ আহিবি দেই
An English translation of the poem.