Issue: Vol. V, No. 1, May-July, 2026
ৰ’দকণ
আগেয়ে ৰ’দকণকে নিকিনাকৈ
পাইছিলোঁ৷
এতিয়া তাকো কিনিব লগা হ’ল৷
মোৰ দাঁতিৰ ধনী বেপাৰীয়ে
তিনিমহলীয়া বান্ধিলে৷
মই দক্ষিণ চেঁচুকত পৰিলোঁ৷
পাছবেলা এচেৰেঙা ৰ’দ পৰে৷
ৰাতিপুৱা বাটত থিয় হৈ ৰ’দ ল’ব লাগে৷
প্ৰকৃতিয়ে দিয়া দান
মানুহে কাঢ়ি লয়৷