নাহৰ টোকোন
বুঢ়ীআইৰ সাধু শুনি
ডাঙৰ হোৱা ল'ৰাজনে
আজিও ভাবে,
এটা সোমালেও বুঢ়া
নাহৰ টোকোনডাল ঘূৰা বুলি
শিয়ালকেইটাক কেনেকৈ বধিলে।
তুমি ক'লা
লোভত মৰিল সিহঁত।
মই ক'লোঁ— নহয় অ'
লগৰটোৰ চিঞৰত
সঁহাৰি নিদিয়াৰ পৰিণাম।
নাহৰৰ টোকোনত চিঞৰ মৰাজনৰ
চিঞৰ নুশুনাবোৰে
আকৌ পঢ়ক বুঢ়ীআইৰ সাধু।
শিয়ালৰ কথাত কচুখেতি নকৰিলে
নাহৰৰ টোকোনত শিয়ালো নমৰিব।
সেন্দূৰীয়া আলিয়েই হওক
সেন্দূৰীয়া আলিয়েই হওক
বা ওখোৰা-মোখোৰা পথেই হওক
সি যাবই।
তাৰ এই গতিৰ স’তে
সময়, তাৰিখৰ কথা নাই।
ভাগৰ লাগিলে ক্ষন্তেক ৰয়।
একোয়ে বাধা দিব নোৱাৰা
এই গতিক
সময়ে সুধিলে
এনেকৈ কিমান দিন?
সি ক’লে যিমান দিন
মোৰ স’তে তুমি আছা।
আজি সি যোৱা নাই
ঘড়ীৰ কাঁটাডালো ঘূৰা নাই।
English translation of the poems.