নিৰ্ভৰশীলতা বৰফে যেতিয়া ঢাকি পেলায় ঘাঁহ-বন, সেউজীয়াখিনি মৰে নেকি? কেৰ্কেটুৱা এটাই বৰফৰ মাজত বিচাৰি আছে ঘাঁহৰ আগ। বেচেৰাই বিচাৰি পোৱা নাই। ঘাঁহ পোত গৈ আছে। বৰফে সেউজীয়াক মাৰিব নোৱাৰে। কাইলৈ বৰষুণ দিয়াৰ পিছত ঘাঁহ মূৰ ডাঙি উঠিব। কিন্তু মানুহৰ ক্ষুধাই, মানুহৰ আক্ৰোহে, মানুহৰ কোলাহলে, আকাশে-বতাহে তোলপাৰ লগাই আছে। ৰ'বনে সেউজীয়াবোৰ? ৰ'বনে? নৰ'লে মানুহ ৰ'বনে?
![](https://poetrywithoutfear.com/wp-content/uploads/2024/01/pwf-feb-april-2024-as-harekrishna-deka-604x270.jpg)