Category Archives: Symposium

কবিতাৰ বিষয়ে মোৰ ধাৰণা

প্ৰদীপ কুমাৰ গগৈ

প্ৰদীপ কুমাৰ গগৈ

উক্ত শিৰোনামাৰে মোক Poetry without Fearৰ ফালৰ পৰা সাতশ মান শব্দৰ ভিতৰত লিখিবলৈ কৈছে। মই কবি নহওঁ, মাজে সময়ে কবিতা পঢ়োঁ, সেই বুলি কবিতাৰ ‘চমজদাৰ’ হৈ লিখাৰো সামৰ্থ্য নাই। মনত পৰিল C.P. Snow- ৱে ১৯৫৯ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত দিয়া The Two Cultures নামৰ Rede বক্তৃতালৈ, যিটো পাছত গ্ৰন্থাকাৰে প্ৰকাশ পাইছিল আৰু বিজ্ঞানসেৱী আৰু আন বুদ্ধিজীৱীসকলৰ মাজত খলকনি লগাইছিল। চীন দেশৰ চাহৰ চমজদাৰৰ বিষয়ে লিন উটাঙে The Importance of Living গ্ৰন্থত আৰু আমাৰ ‘ৰূপৰ টিলিঙাৰ মাত’ৰ কবি প্ৰয়াত ড মহেন্দ্ৰ বৰাই বিভিন্ন দেশৰ কবিতাৰ জুতিৰ বিষয়ে লিখা অপূৰ্ব পুথি ফুল তৰা গানৰ মুখবন্ধত এনেকৈ কৈছে–‘‘চীনদেশৰ চাহৰ চমজদাৰে হেনো পিয়লাত সোহা মাৰি উঠিয়েই ক’ব পাৰে, সেইখিনি কোন বাগিচাৰ চাহপাত! চাং টাই নামৰ এজন চমজদাৰে মিন ৱেনচুই নামৰ আন এজন চমজদাৰৰ ঘৰত চাহ খাবলৈ বহিছিল। মিন ৱেনচুৱে আগবঢ়াই দিয়া চাহৰ পিয়লাটো হাতত লৈ চাঙে দেখা পালে, চাহ আৰু পিয়লাৰ ৰং একেই; চাহ পিয়লাটোৰ কিমানলৈকে আছে মনিবই নোৱাৰি, কেৱল নামত এটা সুন্দৰ গন্ধ লাগিছে। তেওঁ তেতিয়া মিনক সুধিলে, ‘‘চাহপাত খিনি ক’ৰ?” মিনে উত্তৰ দিলে, ‘‘লাংৱানৰ।” চাঙে পিয়লাটোত সোহা মাৰি ক’লে, ‘‘ওঁহো নহয়। চাহ কৰা নিয়মটোহে লাংৱানৰ, পাতখিনি কিন্তু লোচিয়েহৰ।” মিনে মিচিকিয়ালে। মই কিন্তু কবিতাৰ ইমান চমজদাৰ নহয় আৰু কবিতাৰ বিষয়ে মোৰ ধাৰণা, জুতি, ভাল লগাৰ কাৰণ সকলোৰে গ্ৰহণযোগ্য নহ’ব।

মোৰ বাবে কবিতা হ’ল অতি কম শব্দত প্ৰকাশ কৰা প্ৰকৃতি আৰু সমাজৰ কোনো বিষয়ক লৈ কবিৰ অভিজ্ঞতা, কল্পনা; তাত থাকে ব্যঞ্জনা, ছন্দ, শব্দ অলংকাৰ, প্ৰতীক, পটভূমি, সমমিতি বা Symmetry আৰু কোনো কোনো ক্ষেত্ৰত কবিতাৰ সাংগীতিক লয়। ধ্বনি আৰু শব্দ চয়ন কবিতাৰ সৌন্দৰ্যৰ আন দুটা উপাদান।

মই ভালপোৱা অসমীয়া কবিসকল : দেৱকান্ত বৰুৱা, নৱকান্ত বৰুৱা, অমূল্য বৰুৱা, গণেশ গগৈ, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা (গীতি কবিতা), বীৰেশ্বৰ বৰুৱা, হেম বৰুৱা, ৰাম গগৈ, ৰবীন্দ্ৰ সৰকাৰ, মহেন্দ্ৰ বৰা, নলিনীধৰ ভট্টাচাৰ্য, সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য ইত্যাদি। অসমৰ অতি নতুন চামৰ কবিসকলৰ বহুতৰে কবিতা বুজি পাবলৈ টান বা মই বিচৰা সৌন্দৰ্য নাপাওঁ, শব্দৰ কোলাহলত যেন কবিতাৰ ছন্দ হেৰাই যায়। বিদেশী কবিসকলৰ ভিতৰত মোৰ প্ৰিয় আছিল খলিল জিব্ৰান (The Prophet), ওৱৰ্ডছৱৰ্থ, কীটছ, ছীলভিয়া প্লাথ, ৰিলকে, টি. এছ. এলিয়ট, এমিলী ডিকিনছন, নাজিম হিকমত, পাবলো নেৰুডা ইত্যাদি আৰু বঙালী কবি সুকান্ত ভট্টাচাৰ্য, জীবনানন্দ দাশ আৰু ৰবীন্দ্ৰনাথ। অসমৰ নতুন কবিসকলৰ প্ৰসঙ্গত ৰামধেনু যুগৰ কবি, সমালোচক ড দিলীপ বৰুৱাই দিয়া কলৰিজৰ এটা উদ্ধৃতি দিবলৈ মন যায় (ড দিলীপ বৰুৱাৰ সমালোচনা সাহিত্য, সম্পাদক ৰঞ্জন ভট্টাচাৰ্য, যোৰহাট, ২০২০) “Poetry gives most pleasure when only generally and not perfectly understood.”

ৰবীন্দ্ৰ সৰকাৰৰ কবিতাবোৰ মূলভাবাৰ্থৰ যেন এক মণিময় অবিৰত যাত্ৰা, ক’তো যতি নাই আৰু শব্দৰ জোনাকীয়ে যেন স্নিগ্দ্ধ আলোক প্ৰদান কৰে। তেওঁৰ আত্মকথা ‘দিনবোৰ মোৰ সোণৰ সজা’তখনো আৰম্ভণিৰে পৰা কাব্যিক বিস্ময়েৰে ভৰা। সৰু অথচ কাব্যিক মাধুৰ্যৰে পূৰ্ণ, শৰৎকালৰ জোনাক নিশাৰ পোহৰে যেন আৰু কবিত্বময় কৰি তুলিছে।

দেৱকান্ত বৰুৱা মূলতে যৌৱনৰ, প্ৰেমৰ আৰু অসমীয়া আধুনিক কবিতাৰ ভগীৰথ, অগ্ৰদূত। তেওঁৰ কবিতাত জগতৰ শাশ্বত নীতি– সকলোৰে আৰম্ভণি আৰু শেষ আছে; প্ৰেম-নিৰাশাৰ মাজতো আছে আদি-অন্ত। তেওঁৰ শব্দৰ যাদুময় ঝংকাৰ আৰু সমমিতি (Symmetry) কবিতাৰ সৌন্দৰ্যৰ মূল উপাদান।

“পদুমৰ পাহি সৰে,	বসন্ত লেৰেলি পৰে
               মাৰ যায় তৰা
হাঁহি আৰু মৰণৰ	অপূৰ্ব আভাৰে দীপ্ত
              এই বসুন্ধৰা” (পৃথিৱী)

এনেধৰণৰ আন এটি কবিতাৰ স্তৱক হ'ল–
“প্ৰতিমাৰ পখালোঁ চৰণ কিয়? তুমি নুবুজিবা সখি!
        কিনো বেদনাত 
ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেবীক বিসৰ্জো আমি বিজয়াৰ
       বিফল সন্ধ্যাত” (সাগৰ দেখিছা)
অথবা,
“আমাক পাহৰি যাব অনাগত ভৱিষ্যই, মানুহৰ
     মিছা ইতিহাস,
আমাক পাহৰি যাব প্ৰভাতৰ পূবেৰুণে সন্ধিয়াৰ
     সুন্দৰ আকাশে।” (কলংপাৰত)

দেৱকান্তৰ ‘বিহুৰ পেঁপা’ কবিতাটো যেন প্ৰকৃতি-মানুহৰ নৱযৌৱনৰ লহৰ, অপূৰ্ব। সেইদৰে ‘লাচিত ফুকন’, ‘যৌৱন’, ‘আমি দুৱাৰ মুকলি কৰোঁ’ আৰু ‘মোৰ দেশ মানুহৰ দেশ’ কবিতাকেইটা যৌৱনৰ পাৰ বাগৰা পৰিপক্ব বয়সৰ কবিতা। বহু ক্ষেত্ৰত কবিতাৰ ৰসাচ্ছাদন কৰিবলৈ হ’লে পটভূমিৰ ঐতিহাসিক জ্ঞানৰ প্ৰয়োজন। এই কথা মোৰ ভাল লগা দেৱকান্ত, নৱকান্ত, এলিয়ট, ৰিলকে, ছীলভিয়া প্লাথ, জীৱনানন্দ সকলোৰে ক্ষেত্ৰত অনুভব কৰোঁ। দেৱকান্তৰ বিখ্যাত সঙ্গীতময় কবিতা ‘আমি দুৱাৰ মুকলি কৰোঁ’ৰ কোন এই নিক’লাচ ৰ’ৰিক? ৰ’ৰিক (১৮৭৪-১৯৪৭) হ’ল এক ৰহস্যবাদী চিত্ৰকৰ, UNESCOৰদৰে অনুষ্ঠান স্থাপনৰ প্ৰেৰণা; জন্ম হৈছিল ৰাছিয়াৰ ছেইণ্ট পিটাৰ্ছবাৰ্গত। ১৯১৭ চনৰ ৰাছিয়াত সাম্যবাদ প্ৰতিষ্ঠাৰ পাছত আমেৰিকালৈ প্ৰব্ৰজন কৰি ১৯২৩ চনত ভাৰতলৈ আহে হিন্দু আৰু বৌদ্ধ দৰ্শনৰ প্ৰতি আগ্ৰহী হৈ। ইতিমধ্যে প্ৰথম মহাযুদ্ধ শেষ হৈছে, সমগ্ৰ ইউৰোপ-এছিয়াত ভীষণ মন্দাৱস্থা হ’লেও আমেৰিকাৰ অৰ্থনীতিৰ জয়জয়কাৰ অৱস্থা আৰু প্ৰায়বোৰ লোক ভোগবাদৰ চৰম শিখৰত, কিন্তু একে সময়তে সমাজত হতাশা, নৈৰাশ্য তথা পুঁজিবাদৰ হাতোৰাত মানৱতা ভূলুণ্ঠিত। এনে সময়তে ৰ’ৰিকে ‘And we are opening the Gate’ নামৰ ছবিখন আঁকিছিল, যিটো ইতিহাসবেত্তা দেৱকান্তৰ কবিতাৰো শিৰোনাম। ছবিখনত দেখা যায় যে এখন সুউচ্চ পুৰণি, এন্ধাৰ ৰঙৰ কোনো গীৰ্জাৰ খোলা দুৱাৰেদি সুদূৰৰ নাতিউচ্চ পাহাৰৰ নামনিত এটি উজ্জ্বল মঠ, যাৰ চাৰিওফালে সোণালী হালধীয়া ৰঙৰ পোহৰৰ তিৰবিৰণি; এন্ধাৰ দেৱালৰ মুখত দুজন সন্তৰ মূৰ্তি আৰু একাষে এটা ঘণ্টা ওলমি আছে। প্ৰতীকি অৰ্থত ই ইংগিত দিছে ভোগবাদী, এন্ধাৰ হতাশাৰ যৱনিকা ভাঙি আধ্যাত্মিকতাৰ পোহৰ দৰ্শন। দেৱকান্তয়ো বাস্তৱত সেই দ্বিতীয় মহাসমৰৰ পাছত ইউৰোপ, এছিয়াত ক’তো যেন মুকলি দুৱাৰেদি আলোকিত পৃথিৱী নেদেখিলে, সকলোতে মাত্ৰ যুদ্ধোত্তৰ পৃথিৱীৰ হতাশা! কেৱল সেই কিতাপৰ দ’মৰ ওপৰত থকা ছবিখনতহে দুৱাৰ মুকলি দেখা পাইছে। আন এটা কবিতা ‘মোৰ দেশ মানুহৰ দেশ’ত পাওঁ–

‘‘সৃজনৰ আবেগত হাবি কাটি নগৰ সাজিছে
জীৱনৰ মৃত্যু দীপ্ত তীব্ৰ প্ৰেৰণাত
পাৰ হৈ উচ্ছল বাৰিধি
পাৰ হৈ গভীৰ অৰণ্য
দীপময় ভাৰত গাঢ়িছে
কম্বোজত সাজিছে ওঙ্কাৰ ধাম।''

এয়া হ’ল সপ্তম-অষ্টম শতিকাত দক্ষিণ ভাৰতৰ চোল-পাণ্ড্য ৰাজত্বৰ সময়ত বহুতো সদাগৰে ইন্দোচীনত উপনিবেশ পাতি ভাৰতীয় সংস্কৃতিৰ পোহৰ বিলাইছিল। আজিৰ কম্বোডিয়া সেই কালৰ কম্বোজ আৰু ভিয়েটনাম আছিল চম্পা, বালি-সুমাত্ৰাতো একেই কথা। বৰ্তমানৰ কম্বোডিয়াৰ চিয়েম-ৰিয়েপ নগৰত অঙ্কোৰ বা নগৰ সাজি বিশাল ৱাট (মন্দিৰ) সাজিছিল বিষ্ণু মন্দিৰ ৰূপে, আজিও অক্ষত পৃথিৱীৰ সৰ্ববৃহৎ হিন্দু মন্দিৰ, UNESCO Heritage ঘোষিত, পাছলৈ বৌদ্ধ মন্দিৰলৈ ৰূপান্তৰ হ’ল। তেনেদৰে–

‘‘আত্মাৰ আদেশ মানি
অতিক্ৰমি হিমালয়
তিব্বতৰ বৰফ স্তূপত যি মানুহে
মৈত্ৰী আৰু অহিংসাৰ
শলিতা জলালে...''

খ্ৰীষ্টীয় ষষ্ঠ-সপ্তম শতিকাতে নালন্দা আৰু বিক্ৰমশীলা বিশ্ববিদ্যালয়ৰ বৌদ্ধ পণ্ডিত শান্ত ৰক্ষিত, পদ্মসম্ভৱ আৰু শ্ৰীজ্ঞান দীপাঙ্কৰে তিব্বতত বৌদ্ধবিহাৰ প্ৰতিষ্ঠা কৰি জিংঘাসু লোকসকলক শান্তি, মৈত্ৰী, অহিংসা আৰু কৰুণাৰে দীক্ষিত কৰিলে। ঠিক তেনেকৈ এলিয়টৰ The Waste Land  কাব্য (প্ৰকাশ ১৯২২) সেই প্ৰথম বিশ্বযুদ্ধৰ পাছৰ অশান্ত আৰু বিশৃংখল সমাজৰ প্ৰতীকবাদী প্ৰকাশ। ইয়াত পাঁচটি কবিতা The Burial of the Dead, A Game of Chess, The Fire Sermon, Death by water আৰু What the Thunder said। পঞ্চম কবিতাটোৰ শেষৰ ফালে তেওঁ বৰ্ণনা কৰিছে এই অশান্ত জৰ্জৰিত সংসাৰত শান্তিৰে থাকিবলৈ হ’লে আমি সেই বৃহদাৰণ্যক উপনিষদৰ (৫.১) মহাণ মন্ত্ৰ মনত ৰাখিব লাগিব–

Datta, Dayadham, Dayamata
Santih, Santih, Santih

অৰ্থাৎ দিয়া (দান কৰা), অনুকম্পা-কৰুণা প্ৰদৰ্শন কৰা, নিজকে দমন কৰি ৰখা। তাৰ পাছত সকলোৰে শান্তি, শান্তি, শান্তি।

সেইদৰে ছীলভিয়া প্লাথ আৰু ৰেইনাৰ মাৰিয়া ৰিলকেৰ কবিতাত বাইবেলৰ Lazarus প্ৰসঙ্গ পোৱা যায়। ৰিল্কেৰ ‘The Raising of Lazarus’ আৰু ছীলভিয়া প্লাথৰ ‘Lady Lazarus’ কবিতাত থকা Lazarus প্ৰসঙ্গই কি সূচায়? বাইবেলৰ কাহিনীটো হ’ল যীশুৰ প্ৰিয় শিষ্য মাৰ্থা আৰু মৰিয়মৰ ভায়েক Lazarus বেমাৰ হৈ ঢুকালত তেওঁক চাৰিদিনৰ পাছত কবৰৰ পৰা জীৱিত অৱস্থাত উলিয়াই আনিছিল (বাইবেল, জ’ন ১১), ঠিক যেন ছাইৰ পৰা ফীনিক্স পক্ষীৰ পুনৰ জনমৰ দৰে। অৰ্থাৎ প্লাথে মৃত্যুলৈ ভয় নকৰে, কাৰণ তেওঁ পুনৰ জন্ম হৈ অন্যায়ৰ প্ৰতিশোধ ল’ব। সেয়েহে কৈছে–

‘Dying
Is an art, like everything else
I do it exceptionally well’

ঠিক সুগন্ধি পখিলাৰ কবিয়ে কোৱাৰ দৰে ‘মৃত্যুওতো এটা শিল্প…’। আচৰিত মিল! সেইবাবেই ছীলভিয়া প্লাথে আত্মহত্যা কৰিছিল। মোৰ ধাৰণা কবিতা অতি কম শব্দত কবিৰ অভিজ্ঞতা, অনুভৱক নান্দনিক ৰূপে, সৌন্দৰ্যৰ বিবিধ আহিলাৰে ভূষিত হৈ প্ৰকাশ কৰা এক মাধ্যম। খলিল জিব্ৰানৰ Prophet কাব্যৰ দুটামান উদাহৰণ : দানৰ বিষয়ে কৈছে–

‘‘And there are those who give and know not
pain is giving, nor do they seek joy,
nor give with mindful of virtue;
they gave as in yonder valley the myrtle
breath its fragrance into space.
Through the hands of such as those
God speaks, and from behind their eyes
He smiles upon the earth.''

নাৰী-পুৰুষৰ বিবাহৰ সম্পৰ্কত কৈছে :

“But let there be spaces in your togetherness
And let the winds of heavens dance
between you...
And stand together yet not too near together
For pillars of the temple stand apart
And the Oak tree and the Cypress grow not
is each other's shadow''

সেইদৰে অকালতে মৃত্যু হোৱা কবি অমূল্য বৰুৱাৰ ‘কয়লা’, ‘কুকুৰ’, ‘বেশ্যা’ আদি কবিতাত দ্বিতীয় মহাসমৰৰ সময়ৰ কলিকতাৰ এখন স্পষ্ট ছবি দেখা পাওঁ। তেনেধৰণৰ অভিজ্ঞতাকেই যেন প্ৰকাশ কৰিছিল অমূল্য বৰুৱাৰ সমসাময়িক আৰু কম বয়সতে মৃত্যু হোৱা কবি সুকান্ত ভট্টাচাৰ্যই। তেওঁৰ ‘ৰানাৰ’ আৰু ‘হে মহাজীবন’ মোৰ প্ৰিয় কবিতা। ‘হে মহাজীৱন’ত জীৱনৰ ৰূঢ় বাস্তৱ প্ৰকাশ পাইছে এনেদৰে :

‘‘হে মহাজীবন, আৰ এ কাব্য নয়
এবাৰ কঠিন, কঠোৰ গদ্যে আনো,
পদ-লালিত্য-ঝঙ্কাৰ মুছে যাক
গদ্যেৰ কড়া হাতুৰিকে আজ হানো!
প্ৰয়োজন নাই, কবিতাৰ স্নিগ্ধতা
কবিতা তোমায় দিলাম আজকে ছুটি,
ক্ষুধাৰ ৰাজ্যে পৃথিবী-গদ্যময় :
পূৰ্ণিমা-চাঁদ যেন ঝলসানো ৰুটি।''

যৌৱনৰ সন্ধিক্ষণত ভাল লাগিছিল জীবনানন্দ দাশৰ বনলতাসেন কবিতাপুথিৰ ‘বনলতা সেন’, ‘ধানকাটা হয়ে গেছে’ আৰু ধূসৰপাণ্ডুলিপিত থকা ‘পঁচিশ বছৰ পৰে’ আদি কবিতা। শেষত আৱাহন যুগৰ কবি হেম বৰুৱা আৰু দেৱকান্ত বৰুৱাৰ খুব মিল থকা দুটি কবিতাৰ কলিৰে সামৰিছোঁ।

‘‘আমাৰ পথাৰ ৰমক জমক
ভদাইৰ আগ চোতালত
দোৰপতি থৰক বৰক
মাকো সৰি সৰি পৰে।'' (হেম বৰুৱা)
			
‘‘দহোটি আঙুলি চপাঁকলি যেন
পদুমৰ ঠাৰি দুখনি হাত
চুই দোৰপতি থৰক বৰক
তত নাইকিয়া মাকোৰ গাত।'' (দেৱকান্ত বৰুৱা)

এনেদৰেই কবিতাৰ সৌন্দৰ্যই আমাৰ অনুভূতিক জগাই তোলে।

প্ৰদীপ কুমাৰ গগৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰসায়নবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু অসমৰ এগৰাকী বিশিষ্ট লেখক আৰু অনুবাদক। উচ্চ মানৰ গৱেষণাপত্ৰিকাত ৰসায়নবিজ্ঞানৰ ভালেমান গৱেষণাপত্ৰ প্ৰকাশ পোৱাৰ লগতে তেওঁৰ ছখন গ্ৰন্থ প্ৰকাশ পাইছে। বৌদ্ধ আৰু চুফী দৰ্শন তেওঁৰ বিশেষ আগ্ৰহৰ বিষয়।

Poem should be a form of awakening

By Deepak Panda

Poetry is the biggest canvas of creativity which reflects wide range of ideas, thoughts; stroke of pen can bring words from anywhere.

Precisely written with few words can mesmerize and can touch someone’s heart, it’s romance with the literature. So I read poems.

Usually Poets write about the ugly part of the society, about negativity. Of course it should be, as poetry is the reflection of the society. It alerts and cautions. But apart from all this, the society is having many good, pleasant things. I think poems should not criticize or just go on narrating negativity but it should deal with the solution. Poem should be a form of awakening. I do like positive writing.

It’s not advisable to read and follow the famous poets, it will seize to the development of one’s own and new style or ideas. A poet should be born naturally. Young poets should observe the happenings around them. They should be on thought process so that they can develop their own expressing ideas.

The author is a journalist and writer based in Sambalpur, Odisha.

ভয় নোহোৱাকৈ সঁচা কথাবোৰ কোৱাটো কবি-লেখক সকলৰ কাম

খগেন শইকীয়া

এইটো সুখৰ কথা যে ত্ৰৈমাসিক কবিতা ই-আলোচনী এখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিদ্বৎ সমাজে প্ৰকাশ কৰিছে। এই আলোচনীখনৰ নামটো ‘Poetry without Fear’ ৰখাটোও এক তাৎপৰ্যপূৰ্ণ ঘটনা। ব্যাপক পৰিসৰ সামৰি লোৱা ই-আলোচনীখনৰ ভূমিকাই এটা নতুন মোৰ যে ল’ব, ইয়াত পতিয়ন যোৱাৰ স্থল যথেষ্ট আছে। আলোচনীখনে প্ৰতিষ্ঠিত কবিসকলৰ উপৰি সময়ৰ খোজত পিছ পৰি থকাসকলোকো উৎসাহেৰে আদৰি ল’ব, সেয়া আশা কৰাটো নিশ্চয় অমূলক নহ’ব।

   আটাইতকৈ সুন্দৰ কথাটো হ’ল আলোচনীখনৰ উদ্দেশ্য। কবিতাৰ দুৰ্বোধ্যতা আঁতৰাই ইয়াক জনগণৰ কাষলৈ লৈ যোৱাৰ উদ্দেশ্যটো সন্দেহাতীতভাৱে মহৎ। আলোচনীখন এটা Mission বা এক বৌদ্ধিক আন্দোলনৰ আৰম্ভণি বুলিও ক’ব পাৰি। বাস্তৱিকতে কবিতাৰ ভাষা, বিষয় আদি দুৰূহ হ’লে, পাঠকগোষ্ঠীৰ মাজত প্ৰতিক্ৰিয়া নিশ্চয় ঋণাত্মক হ’ব আৰু কবিতাৰ ৰস পান কৰাৰ পৰা বঞ্চিত হয় পাঠক। এই বঞ্চিত হোৱাৰ বিপৰীতে পাঠকৰ মনোজগতত ঠাই পাব পৰাকৈ যদি কবিতা সৃষ্টি হয়, সৰল ভাষাৰে তাৰ উপকাৰিতা দুয়ো পক্ষৰ বাবেই (কবি আৰু পাঠক) মঙ্গলজনক আৰু ইয়াকেই শ্ৰীবৃদ্ধি কৰিবলৈ যত্ন কৰিছে শ্ৰদ্ধেয় শ্ৰীযুত আনন্দ বৰমুদৈ ছাৰৰ দৰে সুচিন্তাশীল লোকে। তেওঁলোকৰ ভাষাৰ সৰলতা দেখিলে ভাব হয়, মই কিয় এনেদৰে লিখিব নোৱাৰোঁ। আলোচনীখনৰ যি Mission, সেয়া যে পূৰ্ণ হ’বগৈ, অনুমান কৰিব পাৰি। বৌদ্ধিক জোঁকাৰণি এটা অৱধাৰিতভাৱে ঘটিব। সম্পাদকমণ্ডলীয়ে চিন্তাৰ আন্দোলনটোক যথোপযুক্তভাৱে আগুৱাই নিব।

   যদি ‘Poetry without Fear’ নামটোৱে কেৱল দুৰ্বোধ্যতাক বুজাব খোজে, ই এক গতিহীন গতিলৈ ৰূপ ল’ব পাৰে আৰু ভাবাদৰ্শগত ভাবেও এক ধুঁৱলি-কুঁৱলি অৱস্থাৰ জন্ম দিব পাৰে। তেতিয়া জনগণৰ কাষলৈ ভাষাৰ সৰলতা আন্দোলনটো নিব খোজা Missionটোৱে উজুটি খাব পাৰে তাৰ অৰ্থ বিভ্ৰাটৰ বাবে। গতিকে পাঠকগোষ্ঠীৰ মাজত ‘Poetry without Fear’, ‘Without Fear’ৰে হ’ব লাগে। আধুনিক কবিতাই যি দুৰূহ ৰূপ লৈছে, পাঠক নিশ্চয় বিমোৰত পৰে বোধগম্যতাৰ অভাৱত। নুবুজিলে ৰস পাব কেনেকৈ? কবিতাত সোমাব কেনেকৈ? শিকিব কেনেকৈ? এইবোৰতো কবিতা পঠনৰ অংশ।

   Fearৰ অৰ্থ অভিধানত এনেকৈ দিয়া আছে—১) an emotion excited by danger, ২) apprehension of danger–অসমীয়াত ভয়, শংকা, আশংকা। দুৰ্বোধ্যতা আৰু ভয়হীনতা একে নহয়। দুটা বেলেগ ভাবনা, চিন্তা। Without fear-য়ে কিন্তু সাহস যোগায়, সত্যৰ সন্ধান নিৰ্ভীকভাবে কৰিবলৈ উৎসাহ দিয়ে। অৰ্থাৎ সত্যাশ্ৰয়ী হোৱা। সমকালীন সমাজ ব্যৱস্থাবোৰৰ ক্ষতিকাৰক ধ্যান-ধাৰণাৰ বিৰুদ্ধে মাত মতা।

   পাঠক ভীতিগ্ৰস্ত হোৱাৰ কাৰণ নেদেখোঁ আধুনিক কবিতাক লৈ । ভীতিগ্ৰস্ততাৰ সলনি ই পাঠকৰ মনত অনীহাৰহে সৃষ্টি কৰে। ফলত কবিতা তেওঁলোকৰ মনত তৰাং, অৱহেলিত অৱস্থালৈ গতি কৰে আৰু গুৰুত্বহীন হয়। ভীতিগ্ৰস্ততা আৰু ভয়হীনতা একে নহয়। ভীতিগ্ৰস্ত হোৱা পৰিৱেশটো নিশ্চয় বেলেগ। যেনে হিংস্ৰ জন্তুৰ সন্মুখত পৰিলে ভীতিগ্ৰস্ত হোৱা যায়। Without fear সামাজিক দায়বদ্ধতাৰ এক ৰূপৰেখাহে। পাঠকৰ স্বাধীনতা থাকে– ভীতিগ্ৰস্ত কৰিব পৰা পৰিস্থিতি (সাহিত্যকৰ্মও) এৰাই চলিব পাৰে।

   মহাপুৰুষ শংকৰদেৱে যেতিয়া ‘প্ৰসাদো নাখাইবা ভক্তি হৈব ব্যভিচাৰ’ৰ কথা কয়, এয়া কেৱল ধৰ্মোপদেশেই নহয়, ই এক প্ৰতিবাদৰ ছবি। নৰবলি দিয়া প্ৰথাৰ বিৰুদ্ধে কৰা এক প্ৰয়াস। শংকৰদেৱৰ জীৱন নিৰাপদ নাছিল। প্ৰত্যাহবান মানি কাম কৰিব লগা হৈছিল আৰু এই কাম কৰি যোৱাটোৱেই Without fear। কমলাকান্ত ভট্টাচাৰ্যই যেতিয়া কয় ‘উলংগ দেশত কাম কি ধোবাৰ’, ই জাতিপ্ৰেম আৰু Without fearৰ নিশ্চিত পৰিচয়। (I rebuke and punish those whom I love – Bible)

   সমাজৰ পৰা কবিতাৰ উৎসক আঁতৰাই ৰাখিব নোৱাৰি। অনুভৱ যদিও সৃষ্টিৰ আকৰ তাক সঠিক পথেৰে নিয়ন্ত্ৰণ নকৰিলে সেই অনুভৱৰ ফল হ’ব পাৰে সমাজৰ কামত নহা বস্তু। অকাজী। অনুভৱ কৰা কথাবোৰ সত্যৰ মাপকাঠি নহ’বগৈও পাৰে। বুদ্ধিমত্তা, কল্পনাশক্তি, চৌপাশৰ পৰিৱেশ, ঘটনাপ্ৰৱাহ আৰু হ’ব পৰা সম্ভাৱনা-দুৰ্ভাবনাবোৰে জন্ম দিয়ে মানসিক চিন্তাৰ। অলৌকিক কোনো শক্তিয়েই সৃষ্টিৰ প্ৰেৰণা নিদিয়ে। বস্তু প্ৰথম। পাছত শব্দ, ভাষা।

   মহান কবি আলেকজেণ্ডাৰ পুস্কিনক কৃষকৰ হৈ মাত মতাৰ বাবে চাইবেৰিয়ালৈ নিৰ্বাসন দিছিল জাৰে। মতিগতি ঠিক হ’ল বুলি মতাই আনি থিতাপি লগালে। তেওঁ কৃষকৰ হৈ আকৌ মাত মতা আৰম্ভ কৰিলে। জাৰ বিতুষ্ট হ’ল। এদিন জাৰৰ প্ৰাসাদত দ্বন্দ্বযুদ্ধত পুস্কিনৰ মৃত্যু হৈছিল। জাৰে জানে মল্লযুঁজাৰুৰ লগত পুস্কিনে যুঁজ দিলে মৃত্যুবৰণ কৰিব। তথাপি বাধা নিদিলে। ঠাট্টা-মস্কৰা শুনি অধৈৰ্য হোৱা পুস্কিনে ‘আত্মসন্মান’ ৰক্ষা কৰিবলৈ গৈ মৃত্যুবৰণ কৰিলে।

   নিৰ্যাতন এতিয়াও বহু দূৰত নেকি স্বাধীনচিতীয়া, মানৱপ্ৰেমী লেখক-কবিসকলৰ? নিশ্চয় নহয়। কিন্তু ভয় নোহোৱাকৈ সঁচা কথাবোৰ কোৱাটো যে কবি-লেখকসকলৰ কাম। তেওঁলোক অতন্দ্ৰ প্ৰহৰী নহয় জানো সমাজৰ? দায়বদ্ধজনৰ মুখৰ ভাষা Poetry without Fear।

খগেন শইকীয়া নগাঁও নিবাসী এগৰাকী কবি, লেখক।

মন আলোড়িত কৰিব পৰা যিকোনো কবিতাই ভাল পাওঁ

জয়ন্ত কুমাৰ শৰ্মা

জয়ন্ত কুমাৰ শৰ্মা

এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনে ধৰণৰ?

বৰ্তমান মোৰ কবিতাৰ লগত বিশেষ সম্পৰ্ক নাই। স্কুল-কলেজত পঢ়ি থকা অৱস্থাত বেছিভাগৰ দৰে ময়ো দুই-চাৰিটা কবিতা লিখিছিলোঁ আৰু বিভিন্নজনৰ কবিতা পঢ়িছিলোঁ। কিন্তু পিছলৈ গদ্যৰ পিনে মন ঢাল খোৱাত কবিতা বাদ পৰিল। সামগ্ৰিকভাৱে চাবলৈ গ’লে হীৰেন ভট্টাচাৰ্য্যৰ কবিতাতে মোৰ কবিতা শেষ। অৱশ্যে তাৰ পাছতো কাকত-আলোচনী আদিত প্ৰকাশ পোৱা দুই-চাৰিটা কবিতাই কিছু আনন্দ নিদিয়া নহয়। সেইবোৰ কোনো বিশেষ কবিৰ কবিতা নহয়, যিকোনো অখ্যাত কবিৰ কবিতা।

আপুনি কবিতা কিয় পঢ়ে?

সাধাৰণতে মই কবিতা নপঢ়োঁ। আন লেখাও খুব কম পঢ়া হয়। দেশী-বিদেশী উপন্যাস, বিশেষকৈ ৰহস্য উপন্যাস অলপ বেছিকৈ পঢ়া হয়। তথাপি হঠাৎ চকু পৰা দুই-এটা কবিতাই যদি চকুটো টানি নিয়ে তেতিয়া তেনে কবিতা পঢ়োঁ আৰু আনন্দ লাভ কৰোঁ।

কেনে ধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?

মোৰ ভাল লগা কবিতাৰ কোনো নিৰ্দিষ্ট বিষয়বস্তু নাই। ই প্ৰেম, মানৱপ্ৰেম, সুন্দৰ প্ৰকৃতিৰ বৰ্ণনা, অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম, বিদ্ৰোহ, বিপ্লৱ আদি যিকোনো বিষয়বস্তু হ’ব পাৰে। মোৰ মন আলোড়িত কৰিব পৰা যিকোনো কবিতাই মই ভাল পাওঁ। অৱশ্যে এই কথা গদ্যৰ ক্ষেত্ৰতো খাটে।

সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?

হীৰেন ভট্টাচাৰ্য্যৰ পাছত এজন নিৰ্দিষ্ট কবিৰ একেলগে ভাল কবিতা নাই বুলিয়েই ক’ব পাৰি। অৱশ্যে বহু কবিৰ এটা-দুটা ভাল কবিতা আছে। কিন্তু বিশেষভাৱে সামাজিক মাধ্যমত ব্যাপক হাৰত লিখা কবিতা বেছিভাগেই কবিতাৰ শাৰীত পৰে বুলি নাভাবোঁ।

কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান?

কবিতা যিহেতু মোৰ প্ৰিয় সাহিত্য-চৰ্চাৰ মাধ্যম নহয়, কবিসকলক আহ্বান জনাব পৰাকৈ মোৰ যোগ্যতা নাই। তথাপি যদি আহ্বান জনাব লাগে বিশেষভাৱে নতুন কবিসকলক মই ব্যাপকভাৱে আগৰ কবিতাসমূহ ভালদৰে পঢ়িবলৈ উপদেশ দিওঁ। তদুপৰি যেতিয়ালৈকে তেওঁলোকে নতুন কবিতা এটা লিখাৰ বাবে তীব্ৰভাৱে প্ৰেৰণা লাভ নকৰে আৰু কবিতাৰ শাৰীবোৰ স্বতঃস্ফূৰ্তভাৱে ওলাই নাহে, তেওঁলোকে কবিতা এটি আৰম্ভ কৰা উচিত নহয়।

জয়ন্ত কুমাৰ শৰ্মা অসমৰ এগৰাকী বিশিষ্ট লেখক, অনুবাদক আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ অধ্যাপক। তেওঁ কৰা কামৰ ভিতৰত ছাৰ আইজাক নিউটনৰ প্ৰিন্সিপিয়াৰ অসমীয়া অনুবাদ অন্যতম।

কবিতা হওক শিল্পীৰ তুলিকাৰে অঁকা নগ্ন শৰীৰ

ডাঃ প্ৰদীপ কুমাৰ চেলেং

ডাঃ প্ৰদীপ কুমাৰ চেলেং
১. ''কবি হওক পৃথিবীৰ প্ৰেমিক আৰু পৰ্যটক
     ধান খেতি, টান ৰ'দ, বাঢ়ি অহা নদী
     বীজ হওক, শুকানত গজে তাৰ   
     কণ-কঠীয়া...''
     (ঘৰ-গোনা বলধৰ কবিতা, চেনীৰাম গগৈ)

২. ''কবিতা বোধ মোৰ নাই
     তথাপি শব্দসজ্জাৰ কছৰৎ কৰোঁ
     জীৱনৰ বোধো মোৰ নাই
     মাথোন
     জীৱনবীক্ষাই মোক
     শব্দবোৰ সজাই চোৱাৰ
     যাচিছে প্ৰেৰণা
     শব্দ জীৱন
     জীৱন কবিতা''
     (গৰু আৰু অন্যান্য কবিতা, কল্যাণ ভূঞা)

৩. ''তাৰো আগলৈ উভতি গৈছোঁ-
      কবিতাটোৰ জন্মৰ আগৰ  
      সময়খিনিলৈ-   
      হৃদয়, মগজুত উচপিচাই থকা সেইটো     
      কবিতা নাছিল
      আছিল দুটা শব্দ-'প্ৰেম' আৰু  
      'কবিতা'''
      (বলধাৰোহী, প্ৰকল্প ৰঞ্জন ভাগৱতী)
      এয়া হ'ল তিনিখন কবিতাৰ কিতাপৰ তিনিটা ভিন্ন ভিন্ন স্তবক। 

      মোক যদি কবিতা ভাল পোৱা এজন পঢ়ুৱৈ হিচাপে কোনোবা বন্ধুৱে সোধে গৰুক লৈ কবিৰ এয়া আকুলতা নে বিৰাগ? কল্যাণ ভূঞাৰ 'গৰু' কবিতাটোৰ বিষয়ে বিশিষ্ট সমালোচক ড আনন্দ বৰমুদৈয়ে কিতাপখনৰ পাতনিত লিখিছে, ''গৰু কবিতাটোৰ স্বকীয় বিশিষ্টতা হৈছে ইয়াৰ নিৰ্মাণ আৰু বিষয়।'' মোৰো অনুভৱ হৈছে ইয়াত গৰুৰ প্ৰতি একো আকুলতা নাই। কিতাপখনৰ নামটো দেখিহে তেনে অনুভৱ হৈছে। কিতাপ তিনিখনত থকা এটা এটা কবিতাহে গৰুক লৈ লিখা। বাকীবোৰ নহয়। তেনেহ'লে আমাক মূৰ্খ সজাবলৈ কবিয়ে এই পন্থা লৈছে নেকি? বৰমুদৈছাৰেও লিখিছে, ''গৰুক মূৰ্খ বুলি অনাহকতে ধৰি লোৱাৰ কাৰণ বিবৃত কৰা হৈছে''। (কল্যাণ ভূঞাৰ কবিতা : আনন্দ বৰমুদৈ) ইয়াত গৰুটো এটা চিত্ৰকল্প হিচাপে ব্যৱহৃত হৈছে নেকি নাজানো। সংকলনকেইখনৰ ইমানবিলাক সুন্দৰ সুন্দৰ অন্যান্য কবিতা থকাতো কিয় সেই 'গৰু' কবিতাকেইটাক প্ৰাধান্য দিয়া হ'ল ইও সাধাৰণ পঢ়ুৱৈ এজনৰ বাবে দুৰ্বোধ্য। সাধাৰণ অৰ্থত গৰুক 'ভোট ভিক্ষাৰী'ৰ চিহ্ন, ছীম্বল কিম্বা সৰল অৰ্থত নেতাৰ ৰাজনৈতিক 'ইছ্যু' হিচাপেও ধৰি ল'ব পাৰি নেকি ? সেইযে আগে ভোট দিবলৈ যাওঁতে তোৰ-মোৰ ককা-আইতা, নিচাদেউ-আপাদেউ, গৌৰখকাই, ৰৌচনকাই, পইতুৰ বাবা-মাহঁতে বলধহালত চাপ মাৰি কাক ভোট দিলে ক'বলৈ মানা বুলি নিজৰ ঘৰৰ মানুহকে কোৱা নাছিল, 'কেলেই কম।' 

       পুৱাই কবি বন্ধু এজনক মনত দুখ দিলোঁ নেকি?  হাই স্কুলত পঢ়ি থকা দিনৰ পৰাই বন্ধুৱে কবিতা লিখাৰ কথা জানো । কিন্তু কবি হিচাপে তেওঁ পৰিচিত হৈ থাকিল তেওঁৰ একান্ত বন্ধুবৰ্গৰ মাজতে, কাৰণ তেওঁ কবিতা প্ৰকাশৰ বাবে নপঠিয়াইছিল। কিন্তু কবি হিচাপে তেওঁৰ বায়'ডাটা বৰ্ণাঢ্য। ঘুণাসুঁতিত প্ৰতিবছৰে ১৯ ফেব্ৰুৱাৰীত অনুস্থিত হোৱা কবি সন্মিলনৰ ১৯৯৭ চনত হোৱা কবি-সন্মিলনখন তেওঁ সঞ্চালনা কৰিছিল, যিখন সন্মিলনত হোমেন বৰগোহাঞি, য়েছে দৰজে ঠংছিও উপস্থিত আছিল । বৰগোহাঞিয়ে তেওঁক কৈছিল, ''আপুনি প্ৰকাশৰ বাবে কবিতা নপঠিয়াই কিয়? বেয়া হৈছে ভাবি নে সম্পূৰ্ণ হোৱা নাই বুলি?'' বৰগোহাঞিয়ে খুজি নি তেওঁৰ কবিতা এটা আমাৰ অসম কাকতত প্ৰকাশ কৰিছিল । তাৰ পাছতো তেওঁৰ কবিতা কোনো কাকত আলোচনীত নেদেখিলোঁ, নপঠিয়ালে। ফেইচবুকত এতিয়া জীৱনৰ বিয়লি পৰত বন্ধুৱে  কবিতা পোষ্ট কৰিবলৈ লৈছে। এয়া বৰ ভাল লগা খবৰ মোৰ বাবে। ফেইচবুকৰ দ্বিতীয় কবিতাটো তেওঁ মোৰ হাতত তুলি দি লিখিছিল, ময়েই তেওঁৰ কবিতাৰ প্ৰথম পঢ়ুৱৈ বুলি । প্ৰথম কবিতাটো অৱশ্যে শ্ৰীমতীৰ বাবে-- 

   ''তুমি নদী হওঁ বুলি কোৱাচোন
    মই এতিয়াই 
    মোৰ বুকু খান্দি বান্ধি দিম
    দুটি পাৰ
    দুৰ্বাৰ গতিৰে
    বৈ যাব
    মোৰ বুকুৰ মাজেৰে
    তুমি নদী হৈ বৈ আহি
    বুৰাই দিয়া 
    প্ৰেমেৰে বন্ধোৱা
    তৃষ্ণাতুৰ
    মোৰ দুয়োটিপাৰ''
 ফেইচবুকত আপলোড কৰি তেওঁৰ শ্ৰীমতীৰ হাতত তুলি দিয়া কবিতাটোৱে অনুৰাগে ৰঞ্জিত কৰে মন। এইযে তেওঁ কবিতাটো শ্ৰীমতীৰ নামত উৎসৰ্গা কৰিছে ইয়াৰ দ্বাৰাই কবিৰ (কবি শব্দটো মই ব্যাপক অৰ্থত ব্যৱহাৰ কৰিছোঁ।) অন্তৰখন পত্নীৰ প্ৰতি কিমান দায়বদ্ধ অনুমান কৰিব পাৰিছোঁ । কবিয়ে ইয়াত জুখি জুখি ব্যৱহাৰ কৰা শব্দৰ ইফাল-সিফাল হ'লে কবিয়ে দুখ পাব। 
      
    কবিজন সকলো পঢ়ুৱৈৰ প্ৰতি দায়বদ্ধ হ'লে ভাল। পঢ়ুৱৈক একাষৰীয়া কৰি কবি কাৰোবাৰ সপক্ষত থকাটো উচিতনে ?

         "গীত আৰু কবিতাত
           সেউজীয়া জোনাকৰ ঢল
           তলত উত্ৰাৱল বুকু
           বুকুত সপোনৰ সাক্ষী তুমি
           তুমি মোৰ বসন্তৰ সেউজীয়া বা'' 
           (তুমি মোৰ বসন্তৰ সেউজীয়া বা ) 

      এয়া অন্য এটা কবিতা যিটো কবিতা তেওঁ কোনোবা কবিতা পঢ়ি ভাল পোৱা অনুৰাগীৰ হাতত তুলি দিছিল। ''কবিতা ইমান ভয় ভীতহীন হব পাৰেনে?'' বন্ধুক ক'লোঁ।

     ''কবিতাটো ব্যক্তিকেন্দ্ৰিক নহ'লনে। এনেকুৱা ব্যক্তিকেন্দ্ৰিক কবিতা লিখিলে পঢ়ুৱৈ তই নাপাবি। ফেইচবুকত আপলোড কৰা কবিতাটো যিগৰাকী বান্ধৱীৰ (ভন্টিও হ'ব পাৰে) নামত উৎসৰ্গা কৰিছ তেওঁ দেখোন কৃতজ্ঞতা প্ৰকাশ কৰি শব্দ এটাও লিখা নাই । মাত্ৰ লাইক কৰি থৈছে।''
      
     ভূপেনদাই সমূহৰ বাবে গীত গাইছিল। কবিতাই সমূহ পঢ়ুৱৈৰ হৃদয়ত আঘাত কৰিব নোৱাৰিলে, কবিতা কেৱল কবিৰ অনুৰাগীৰ মাজতে আৱদ্ধ হৈ থাকিলে, ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কবিতাৰ পঢ়ুৱৈৰ বাবে একো নাথাকিব।

     বিশিষ্ট চিন্তাবিদ বিমল ফুকনৰ বিষয়ে হোমেন বৰগোহাঞিয়ে লিখিছিল, ''ইংলেণ্ডৰ বিখ্যাত মানচেষ্টাৰ বিশ্ববিদ্যালয়ৰ পৰা ইলেক্ট্ৰিকেল ইঞ্জিনীয়াৰিং বিষয়ত ডক্টৰেট উপাধি অৰ্জন কৰা বিমল ফুকনে বহু বছৰ তৈল ইঞ্জিনীয়াৰ হিচাপে মধ্যপ্ৰাচ্যত বাস কৰি ভাটি বয়সত গুৱাহাটীত থিতাপি লৈছে। এতিয়া তেওঁ এজন সফল ব্যৱসায়ী। কিন্তু তেওঁ তাতোকৈ বেছি সফলতা অৰ্জন কৰিছে এজন সুপণ্ডিত লেখক হিচাপে। জীৱনৰ ভাটি বয়সত লিখিবলৈ আৰম্ভ কৰি তেওঁ অতি কম সময়ৰ ভিতৰতে এজন মননশীল প্ৰভাৱশালী লেখক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে।" 

    বিমল ফুকনে কবিতাও লিখিব পাৰিলেহেঁতেন।  মই আমাৰ অসম কাকতত লিখিছিলোঁ, ''আমাৰ অসমত এতিয়া কবিতাই 'প্ৰথম কলম'তো ঠাই পাইছে । ঠাই পাইছে 'সম্পাদকলৈ চিঠি' শিতানতো । 
     'কোনোবা কাহিনীতে বিয়াৰ ভোজ খাইছিলোঁ
     হিংৰীজান বাগানৰ বৰকেৰেণীৰ ঘৰত
     শীতৰ সেমেকা ৰাতি উজাগৰে আছোঁ
     বসন্তৰ অপেক্ষাত ।'' ( ১ জানুৱাৰী, ২০১৪, আমাৰ অসম, বিমল ফুকন) ।
           
        ফেইচবুকত আপলোড কৰা কিছু  সংখ্যক কবি ইমানেই জনপ্ৰিয় যে তেওঁলোকৰ কবিতা আপলোড কৰাৰ কিছু সময়ৰ পিছতে শ শ লোকে আদৰি লয় । ইমান 'জনপ্ৰিয় কবিতা' লিখাৰ পিছতো কিছু সংখ্যক কবিৰ কবিতাৰ গতি-প্ৰকৃতিৰ একো পৰিৱৰ্তন-উত্তৰণ হোৱা নাই কিয়? 

     সুখৰ বিষয় যে আজি কালি কবিসকলক সমাজে সম্ভ্ৰমেৰে চোৱা হৈছে। জনপ্ৰিয় নহ'লেও বহুতৰ কবিতা বৌদ্ধিক মহলৰ দ্বাৰা সমাদৃত হৈছে। এনে কবিৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা হৈ থকা নাই।
 
     কবিতা অনলাইন পঢ়িবলৈ পোৱাৰ পিছত কিছু কিছু কবিয়ে নিজে নিবিচৰাকৈ এজাক তোষামোদকাৰীৰো সৃষ্টি হৈছে।

প্ৰদীপ কুমাৰ চেলেং এগৰাকী চিন্তাশীল লেখক আৰু সুচিকিৎসক।

কবিতাই মগজুৰ দুৱাৰ খুলি দিয়ে

প্ৰাঞ্জল বৰা

প্ৰাঞ্জল বৰা

এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনে ধৰণৰ?

কবিতা হৈছে বুদ্ধি আৰু চিন্তা শক্তিৰ সম্পদ৷ এই প্ৰসংগতেই কবিতাৰ সৈতে এটা সম্পৰ্ক গঢ় লৈ উঠিছিল৷

আপুনি কবিতা কিয় পঢ়ে?

কিছু কবিতাই মগজুৰ দুৱাৰ টুকুৰিয়াই খুলি দিয়ে৷ সেই বাবেই নপঢ়োঁ বুলি ভাবিও বাৰে বাৰে পঢ়িবলগীয়া হয়৷

কেনে ধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?

কবিতাই সদায় বাস্তৱক তুলি ধৰিব পাৰিব লাগে৷ যিবোৰ কবিতাই ৰূঢ় বাস্তৱক তুলি ধৰিব পাৰে তেনে কবিতাহে প্ৰিয়৷

সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?

বহু ক্ষেত্ৰত ৰোমাণ্টিচিজিমৰ পৰা এতিয়াও ওলাই আহিব পৰা নাই৷

কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান?

নতুন নতুন চিন্তাৰে কবিতাৰ মাজেৰে সাম্প্ৰতিক সময়ক দাঙি ধৰিব লাগে৷

প্ৰাঞ্জল বৰা এগৰাকী সাংবাদিক। সম্প্ৰতি তেওঁ প্ৰতিদিন টাইমছ নামৰ নিউজ চেনেলত কৰ্মৰত।

কবিতা পঢ়োঁ ইয়াৰ প্ৰকৃতি আৰু গভীৰতা বুজিবলৈ

অক্ষয় জ্যোতি মহন্ত

অক্ষয় জ্যোতি মহন্ত

এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনে ধৰণৰ?

প্ৰকৃততে কবিতাৰ লগত চেতন-অৱচেতন মনত প্ৰতিজন মানুহৰে সম্পৰ্ক থাকে; মাত্ৰ কিছুৱে সেই ভাব প্ৰকাশ কৰে আৰু আন কিছুৰ মনতে মনৰ ভাব ৰৈ যায় । অধ্যয়নৰ দিশে কবিতাৰ লগত মোৰ সম্পৰ্ক তাকৰ, অথচ কাব্যিক চেতনা আৰু প্ৰকাশভংগীয়ে সদায় আকৰ্ষণ কৰে ।

আপুনি কবিতা কিয় পঢ়ে?

কবিতা পঢ়োঁ প্ৰথমে ইয়াৰ প্ৰকৃতি আৰু গভীৰতা বুজিবলৈ। কবিতাৰ মাজেৰে মানুহৰ ভিন্নসুৰী মনোভাব আৰু সামাজিক বাস্তৱতাৰ স্বৰূপ বুজিব পাৰি আৰু এটা বিষয়বস্তু লক্ষ্য কৰাৰ ভিন ভিন দৃষ্টিভংগীৰ বিষয়ে জানিব পাৰি । তদুপৰি, কাব্যিক চিন্তা সৃষ্টিশীল মনৰ পৰিচয়। কবিতাই কম শব্দেৰে বহু কথা কয় । সেয়ে আধুনিক কবিতা পঢ়ি ভাল লাগে । ছন্দময় কবিতাবোৰ সাংগীতিক লয় আৰু সৰল প্ৰকাশভংগীৰ বাবে পঢ়োঁ ।

কেনে ধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?

সেইবোৰ কবিতা পঢ়ি ভাল পাওঁ যিবোৰত কবিৰ স্বকীয় চিন্তা প্ৰতিফলিত হয় আৰু উপস্থাপনৰ শৈলী একঘেয়ামী নহয় । বিশেষকৈ কবিৰ অধ্যয়ন প্ৰতিফলিত হ’লেহে কবিতা পঢ়ি বেছি ভাল লাগে ।

সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?

আধুনিক কবিতাৰ নিৰ্দিষ্ট শৈলী নথকা হেতুকে ইয়াক লৈ সম্পৰীক্ষা যথেষ্ট হয় । সেয়ে কিছু কিছুৰ হাতত কবিতাৰ গুণাগুণ কমি আহে । সেয়ে কবিতা লিখিবলৈ ইচ্ছা কৰা সকলে নিজৰ অধ্যয়ন, জীৱনৰ অভিজ্ঞতা আৰু সমাজ তথা পৃথিৱীখনক চোৱাৰ দৃষ্টিভংগী পূৰঠ কৰিব লাগিব ।

কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান?

নিজৰ লিখন আৰু কথনশৈলীত অনাৱশ্যকভাৱে কাব্যিক সুৰৰ প্ৰলেপ নাসানিলে ভাল । ইয়াৰ আগৰ কথাখিনিতে এই প্ৰশ্নৰ উত্তৰ সোমাই আছে ।

অক্ষয় জ্যোতি মহন্ত ডুমডুমাৰ বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক।

কবিতা আমাৰ স্বাস্থ্যকৰ আৱেগ নিয়ন্ত্ৰণত সহায়ক হয়

মণিকা টেৰণপী

মণিকা টেৰণপী

এজন উচ্চ শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনেধৰণৰ?

কবিতাৰ সৈতে সম্পৰ্ক নতুন বুলি ক’লে ভুল কোৱা হ’ব যিহেতু আনুষ্ঠানিক শিক্ষাৰ প্ৰাৰম্ভতে কবিতাৰ সৈতে আমাৰ প্ৰথম চিনাকি। অৱশ্যে সময়ৰ বিভিন্ন স্তৰত কবিতাৰ প্ৰতি আমাৰ আগ্ৰহ আৰু দৰ্শনৰ তাৰতম্য ঘটে। আৱেগবিহ্বল জীৱ হিচাপে কবিতা আমাৰ স্বাস্থ্যকৰ আৱেগ নিয়ন্ত্ৰণত যথেষ্টখিনি সহায়ক হয়। কাৰণ বিখ্যাত ইংৰাজ কবি ওৱৰ্ডছ্ওৱৰ্থৰ মতে–“তীব্ৰ অনুভূতিৰ স্বাভাৱিক প্ৰকাশেই কবিতা।” কবিতাই আমাক উজ্জীৱিত কৰি তোলাৰ লগতে চাৰিওফালৰ পৰিৱেশ উপলব্ধি কৰিবলৈ শিকায়।

আপুনি কবিতা কিয় পঢ়ে?

সাহিত্যৰ আন আন শাখাৰ তুলনাত কবিতাৰ দৈৰ্ঘ্য কম। কবিতাৰ মাধ্যমেৰে, গভীৰ অৰ্থৱহ একো একোটা শব্দৰে এখন বহল জগতৰ সন্ধান কৰিবলৈ সমৰ্থ হওঁ। সেয়ে কবিতা মোৰ আটাইতকৈ প্ৰিয়।

কেনেধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?

মেথিউ আৰ্নল্ডৰ ভাষাত কবিতা হ’ ল–“মূলতঃ জীৱন জিজ্ঞাসা৷” প্ৰকৃতি, জীৱন আৰু দৰ্শনৰ কবিতা মোৰ বাবে অধিক তৃপ্তিদায়ক। কাৰণ এনেবোৰ কবিতাই আমাক জীৱনৰ প্ৰতি জিজ্ঞাসা আনি দিয়ে। কবিতাই আমাক সামাজিক জগতত যুক্ত হ’বলৈ আৱশ্যকীয় বোধজ্ঞান দিয়ে আৰু আধ্যাত্মিক বিকাশ সাধন কৰি তোলে। কবি ড নিৰ্মলপ্ৰভা বৰদলৈৰ মতে–“কবিতা এক সৃষ্টি, য’ত তৰপে তৰপে সামাজিক পটভূমি, ব্যক্তিগত চেতন-অৱচেতন মনৰ প্ৰতিক্ৰিয়া তথা এটা জাতিৰ এটা সময়ৰ বৰ্ণাঢ্য মানসিকতা প্ৰকাশ পায়।”

সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?

সাম্প্ৰতিক অসমীয়া কবিতাবোৰ খুব সুন্দৰ, সংবেদনশীল আৰু আশাব্যঞ্জক। কবিসকলে নিজৰ সাধনা, চিন্তাশক্তিৰে সাম্প্ৰতিক সময়বোৰ, আমাৰ জীৱনশৈলী, পৰিৱেশ-পৰিস্থিতিৰ লগতে প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যৰ কবিতাত প্ৰতিফলন ঘটাবলৈ কৰা প্ৰয়াসত সফল হোৱা যেন অনুভৱ হয়।

কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান?

এটাই কথা ক’ব বিচাৰোঁ যে কবিতা জীৱনমুখী আস্থাৰ গীত হওক। প্ৰেম, বিশ্বাস তথা সমন্বয়ৰ সেঁতুখন মজবুতকৈ গঢ়ি তুলিবলৈ লেখক-কবিসকল সৃষ্টিত নিমজ্জিত হৈ ৰওক তাৰেই কামনা কৰোঁ।

মণিকা টেৰণপী এগৰাকী তৰুণ কবি আৰু সমাজসেৱী৷ তেওঁ কাৰবি আংলঙৰ ডিফুৰ বাসিন্দা৷

কবিতাত তৎসম আৰু তদ্ভৱ শব্দৰ প্ৰয়োগ

উদয় কুমাৰ শৰ্মা

উদয় কুমাৰ শৰ্মা
'তৎসম শব্দ' মানে হ'ল সংস্কৃতৰপৰা অবিকৃত অৱস্থাত আধুনিক ভাৰতীয় ভাষাত প্ৰচলিত হোৱা শব্দ। যেনে-- স্বপ্ন, শৃগাল। 'তদ্ভৱ শব্দ'ৰ অৰ্থ হ'ল সংস্কৃতৰপৰা প্ৰাকৃত ভাষা (যেনে-- 'বংক', 'ব'গন'; যাৰ অসমীয়া ৰূপ হ'ল-- 'বোকা', 'বেঙেনা')ৰ মাজেদি পৰিৱৰ্তিত হৈ আধুনিক ভাষালৈ অহা শব্দ। যেনে-- 'সপোন', 'শিয়াল'।
 
ভাষাক মিহি-সৰল কৰিবৰ বাবে কবিতাত, আমি সাধাৰণতে তদ্ভৱ শব্দহে ব্যৱহাৰ কৰোঁ; যেনে-- মাকৰ গাখীৰ, মাকৰ মৰম/চেনেহ; 'মাতৃৰ গাখীৰ' বা 'মাতৃৰ মৰম' বুলি নকওঁ আৰু নিলিখোঁও। কওঁ-- 'মাতৃ-দুগ্ধ', 'মাতৃ-স্নেহ'। ইয়াত, 'মাতৃ', 'দুগ্ধ', 'স্নেহ'  শব্দকেইটা তৎসম শব্দহে। অৰ্থাৎ তৎসমৰ লগত তদ্ভৱ শব্দ লগাই নিলিখি তৎসমৰ লগত তৎসম আৰু তদ্ভৱৰ লগত তদ্ভৱ শব্দৰহে ব্যৱহাৰ উপযোগী বুলি মানি লোৱা হয়-- ধ্বনিৰ কাৰণেও। কিয়নো, আমি শিয়াল খেদোঁ, 'শৃগাল' নেখেদোঁ; সপোনহে দেখোঁ, 'স্বপ্ন' দেখোঁ বুলি নকওঁ। 

অৰ্থৰ খাতিৰত বা প্ৰচলিত মাত-কথা অনুযায়ী, কেতিয়াবা এনে কথাকো নিৰ্ঘাত সত্য বুলি সততে মনা নহয়। যেনে-- মৃতকৰ 'অস্থি'('হাড়' নহয়)হে উটুওৱা হয়; কুকুৰে 'হাড়'('অস্থি' নহয়)হে চোবায়। 
'তই কি বাঁহী বজালি' নামৰ কবিতাটিত নীলমণি ফুকনে লিখিছে :
 'বাঁহী নে ওঁঠত তোৰ
  অনুভূত সান্ত্বনাৰ পৃথ্বী'
ইয়াত, মূল সংস্কৃত শব্দ (তৎসম) 'সান্ত্বনা'ৰ লগত তৎসম শব্দ 'পৃথ্বী'হে ব্যৱহাৰ কৰিছে। তদুপৰি, এই দুয়োটা শব্দই যুক্তাক্ষৰযুক্ত ('পৃথিৱী'ৰ সলনি) হোৱা হেতু ধ্বনি সুন্দৰ হৈছে। 

একেদৰে, হীৰেন ভট্টাচার্যই লিখিছিল :
    'ৰ'দ গৈ গৈ ঢলি পৰে সূৰ্য / ত্ৰস্ত ৰাতিৰ অন্তৰীক্ষ / অন্ধকাৰত জ্বলে কালপুৰুষৰ তৰোৱাল অনিবাৰ্য'
ইয়াতো, 'ত্ৰস্ত' তৎসম শব্দটোৰ লগত ('আকাশ'ৰ ঠাইত) 'অন্তৰীক্ষ' তৎসম শব্দটিহে প্ৰয়োগ কৰা হৈছে। 

    সুৰৰ প্ৰয়োজনত, গীতৰ ক্ষেত্রত, এনে কথা নাখাটিবও পাৰে। যেনে --
   'বৰষা, তোমাৰ চকুত মেঘৰ অঞ্জন/ বিজুলীলতাৰে তোমাৰ কৱৰী বন্ধন'
কবিতাত, 'মেঘৰ অঞ্জন'ৰ ঠাইত 'মেঘৰ কাজল' বুলি নিলিখিম জানো? এই গীতৰ কলিটিত, সুৰৰ প্ৰয়োজনতহে ('বন্ধন'ৰ লগত মিলাবলৈ) 'মেঘ' তদ্ভৱ শব্দটোৰ লগত 'অঞ্জন' তৎসম শব্দটি ব্যৱহাৰ কৰা হৈছে। 

    আমাৰ দৈনন্দিন জীৱনত প্ৰচলিত মাত-কথাকে, কবিতাত ৰহস্যময় কৰি তুলিবৰ বাবে আমি সাধাৰণতে তদ্ভৱ শব্দৰহে যথাসম্ভৱ প্ৰয়োগ কৰিবলৈ যত্নপৰ হওঁহঁক।
উদয় কুমাৰ শৰ্মা অসমৰ এগৰাকী জ্যেষ্ঠ কবি আৰু লেখক।

কবিতাই নিঃসংগতা দূৰ কৰিব পাৰে

প্ৰণীতা সন্দিকৈ

প্ৰণীতা সন্দিকৈ

এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনে ধৰণৰ?

মই ভাবোঁ কম বেছি পৰিমাণে কবিতা সকলোৱে ভাল পায়। ময়ো ভাল পাওঁ, বিশেষকৈ মনোগ্ৰাহী কবিতাসমূহ চিঞৰি-চিঞৰি গাই ভাল পাওঁ।

আপুনি কবিতা কিয় পঢ়ে?

ভাল লগা কবিতাই নিঃসংগতা দূৰ কৰিব পাৰে, সেয়ে মই কবিতা পঢ়োঁ।

কেনে ধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?

যি কবিতা বাস্তৱবাদী, সহজে বোধগম্য, যি কবিতাই জীৱনৰ সুখ-দুখৰ উপলব্ধি কৰাব পাৰে তেনে কবিতাই মোক তৃপ্তি দিয়ে।

সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?

অসমীয়া কবিতাৰ ইতিহাস অতি পুৰণি।বহু কেইজন স্বনামধন্য কবিয়ে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। অথচ বহুতো আধুনিক কবিয়ে কঠিন ,বছা বছা শব্দ প্ৰয়োগ কৰি কবিতা লিখিবলৈ চেষ্টা কৰিছে। মই ভাবোঁ ‘আবেগৰ বন্দী কবি নোহে নিয়মৰ’, কবিতাক নিয়মৰ মাজেৰে সৃষ্টি কৰিব নোৱাৰি। কবিতা কবিৰ আবেগৰ স্বতঃস্ফূৰ্ত প্ৰকাশ।

কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান?

পাঠকৰ বোধগম্য হোৱা, সামগ্ৰিক জনজীৱনৰ লগত সম্পৰ্ক থকা কবিতাই পাঠকক আকৰ্ষিত কৰিব পাৰিব বুলি ভাব হয়। অৱশ্যে পাঠকো তেনেকৈ সচেতন আৰু অধ্যয়নপুষ্ট হ’ব লাগিব।

প্ৰণীতা সন্দিকৈ ডুমডুমা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক।