ডাঃ প্ৰদীপ কুমাৰ চেলেং
১. ''কবি হওক পৃথিবীৰ প্ৰেমিক আৰু পৰ্যটক ধান খেতি, টান ৰ'দ, বাঢ়ি অহা নদী বীজ হওক, শুকানত গজে তাৰ কণ-কঠীয়া...'' (ঘৰ-গোনা বলধৰ কবিতা, চেনীৰাম গগৈ) ২. ''কবিতা বোধ মোৰ নাই তথাপি শব্দসজ্জাৰ কছৰৎ কৰোঁ জীৱনৰ বোধো মোৰ নাই মাথোন জীৱনবীক্ষাই মোক শব্দবোৰ সজাই চোৱাৰ যাচিছে প্ৰেৰণা শব্দ জীৱন জীৱন কবিতা'' (গৰু আৰু অন্যান্য কবিতা, কল্যাণ ভূঞা) ৩. ''তাৰো আগলৈ উভতি গৈছোঁ- কবিতাটোৰ জন্মৰ আগৰ সময়খিনিলৈ- হৃদয়, মগজুত উচপিচাই থকা সেইটো কবিতা নাছিল আছিল দুটা শব্দ-'প্ৰেম' আৰু 'কবিতা''' (বলধাৰোহী, প্ৰকল্প ৰঞ্জন ভাগৱতী) এয়া হ'ল তিনিখন কবিতাৰ কিতাপৰ তিনিটা ভিন্ন ভিন্ন স্তবক। মোক যদি কবিতা ভাল পোৱা এজন পঢ়ুৱৈ হিচাপে কোনোবা বন্ধুৱে সোধে গৰুক লৈ কবিৰ এয়া আকুলতা নে বিৰাগ? কল্যাণ ভূঞাৰ 'গৰু' কবিতাটোৰ বিষয়ে বিশিষ্ট সমালোচক ড০ আনন্দ বৰমুদৈয়ে কিতাপখনৰ পাতনিত লিখিছে, ''গৰু কবিতাটোৰ স্বকীয় বিশিষ্টতা হৈছে ইয়াৰ নিৰ্মাণ আৰু বিষয়।'' মোৰো অনুভৱ হৈছে ইয়াত গৰুৰ প্ৰতি একো আকুলতা নাই। কিতাপখনৰ নামটো দেখিহে তেনে অনুভৱ হৈছে। কিতাপ তিনিখনত থকা এটা এটা কবিতাহে গৰুক লৈ লিখা। বাকীবোৰ নহয়। তেনেহ'লে আমাক মূৰ্খ সজাবলৈ কবিয়ে এই পন্থা লৈছে নেকি? বৰমুদৈছাৰেও লিখিছে, ''গৰুক মূৰ্খ বুলি অনাহকতে ধৰি লোৱাৰ কাৰণ বিবৃত কৰা হৈছে''। (কল্যাণ ভূঞাৰ কবিতা : আনন্দ বৰমুদৈ) ইয়াত গৰুটো এটা চিত্ৰকল্প হিচাপে ব্যৱহৃত হৈছে নেকি নাজানো। সংকলনকেইখনৰ ইমানবিলাক সুন্দৰ সুন্দৰ অন্যান্য কবিতা থকাতো কিয় সেই 'গৰু' কবিতাকেইটাক প্ৰাধান্য দিয়া হ'ল ইও সাধাৰণ পঢ়ুৱৈ এজনৰ বাবে দুৰ্বোধ্য। সাধাৰণ অৰ্থত গৰুক 'ভোট ভিক্ষাৰী'ৰ চিহ্ন, ছীম্বল কিম্বা সৰল অৰ্থত নেতাৰ ৰাজনৈতিক 'ইছ্যু' হিচাপেও ধৰি ল'ব পাৰি নেকি ? সেইযে আগে ভোট দিবলৈ যাওঁতে তোৰ-মোৰ ককা-আইতা, নিচাদেউ-আপাদেউ, গৌৰখকাই, ৰৌচনকাই, পইতুৰ বাবা-মাহঁতে বলধহালত চাপ মাৰি কাক ভোট দিলে ক'বলৈ মানা বুলি নিজৰ ঘৰৰ মানুহকে কোৱা নাছিল, 'কেলেই কম।' পুৱাই কবি বন্ধু এজনক মনত দুখ দিলোঁ নেকি? হাই স্কুলত পঢ়ি থকা দিনৰ পৰাই বন্ধুৱে কবিতা লিখাৰ কথা জানো । কিন্তু কবি হিচাপে তেওঁ পৰিচিত হৈ থাকিল তেওঁৰ একান্ত বন্ধুবৰ্গৰ মাজতে, কাৰণ তেওঁ কবিতা প্ৰকাশৰ বাবে নপঠিয়াইছিল। কিন্তু কবি হিচাপে তেওঁৰ বায়'ডাটা বৰ্ণাঢ্য। ঘুণাসুঁতিত প্ৰতিবছৰে ১৯ ফেব্ৰুৱাৰীত অনুস্থিত হোৱা কবি সন্মিলনৰ ১৯৯৭ চনত হোৱা কবি-সন্মিলনখন তেওঁ সঞ্চালনা কৰিছিল, যিখন সন্মিলনত হোমেন বৰগোহাঞি, য়েছে দৰজে ঠংছিও উপস্থিত আছিল । বৰগোহাঞিয়ে তেওঁক কৈছিল, ''আপুনি প্ৰকাশৰ বাবে কবিতা নপঠিয়াই কিয়? বেয়া হৈছে ভাবি নে সম্পূৰ্ণ হোৱা নাই বুলি?'' বৰগোহাঞিয়ে খুজি নি তেওঁৰ কবিতা এটা আমাৰ অসম কাকতত প্ৰকাশ কৰিছিল । তাৰ পাছতো তেওঁৰ কবিতা কোনো কাকত আলোচনীত নেদেখিলোঁ, নপঠিয়ালে। ফেইচবুকত এতিয়া জীৱনৰ বিয়লি পৰত বন্ধুৱে কবিতা পোষ্ট কৰিবলৈ লৈছে। এয়া বৰ ভাল লগা খবৰ মোৰ বাবে। ফেইচবুকৰ দ্বিতীয় কবিতাটো তেওঁ মোৰ হাতত তুলি দি লিখিছিল, ময়েই তেওঁৰ কবিতাৰ প্ৰথম পঢ়ুৱৈ বুলি । প্ৰথম কবিতাটো অৱশ্যে শ্ৰীমতীৰ বাবে-- ''তুমি নদী হওঁ বুলি কোৱাচোন মই এতিয়াই মোৰ বুকু খান্দি বান্ধি দিম দুটি পাৰ দুৰ্বাৰ গতিৰে বৈ যাব মোৰ বুকুৰ মাজেৰে তুমি নদী হৈ বৈ আহি বুৰাই দিয়া প্ৰেমেৰে বন্ধোৱা তৃষ্ণাতুৰ মোৰ দুয়োটিপাৰ'' ফেইচবুকত আপলোড কৰি তেওঁৰ শ্ৰীমতীৰ হাতত তুলি দিয়া কবিতাটোৱে অনুৰাগে ৰঞ্জিত কৰে মন। এইযে তেওঁ কবিতাটো শ্ৰীমতীৰ নামত উৎসৰ্গা কৰিছে ইয়াৰ দ্বাৰাই কবিৰ (কবি শব্দটো মই ব্যাপক অৰ্থত ব্যৱহাৰ কৰিছোঁ।) অন্তৰখন পত্নীৰ প্ৰতি কিমান দায়বদ্ধ অনুমান কৰিব পাৰিছোঁ । কবিয়ে ইয়াত জুখি জুখি ব্যৱহাৰ কৰা শব্দৰ ইফাল-সিফাল হ'লে কবিয়ে দুখ পাব। কবিজন সকলো পঢ়ুৱৈৰ প্ৰতি দায়বদ্ধ হ'লে ভাল। পঢ়ুৱৈক একাষৰীয়া কৰি কবি কাৰোবাৰ সপক্ষত থকাটো উচিতনে ? "গীত আৰু কবিতাত সেউজীয়া জোনাকৰ ঢল তলত উত্ৰাৱল বুকু বুকুত সপোনৰ সাক্ষী তুমি তুমি মোৰ বসন্তৰ সেউজীয়া বা'' (তুমি মোৰ বসন্তৰ সেউজীয়া বা ) এয়া অন্য এটা কবিতা যিটো কবিতা তেওঁ কোনোবা কবিতা পঢ়ি ভাল পোৱা অনুৰাগীৰ হাতত তুলি দিছিল। ''কবিতা ইমান ভয় ভীতহীন হব পাৰেনে?'' বন্ধুক ক'লোঁ। ''কবিতাটো ব্যক্তিকেন্দ্ৰিক নহ'লনে। এনেকুৱা ব্যক্তিকেন্দ্ৰিক কবিতা লিখিলে পঢ়ুৱৈ তই নাপাবি। ফেইচবুকত আপলোড কৰা কবিতাটো যিগৰাকী বান্ধৱীৰ (ভন্টিও হ'ব পাৰে) নামত উৎসৰ্গা কৰিছ তেওঁ দেখোন কৃতজ্ঞতা প্ৰকাশ কৰি শব্দ এটাও লিখা নাই । মাত্ৰ লাইক কৰি থৈছে।'' ভূপেনদাই সমূহৰ বাবে গীত গাইছিল। কবিতাই সমূহ পঢ়ুৱৈৰ হৃদয়ত আঘাত কৰিব নোৱাৰিলে, কবিতা কেৱল কবিৰ অনুৰাগীৰ মাজতে আৱদ্ধ হৈ থাকিলে, ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কবিতাৰ পঢ়ুৱৈৰ বাবে একো নাথাকিব। বিশিষ্ট চিন্তাবিদ বিমল ফুকনৰ বিষয়ে হোমেন বৰগোহাঞিয়ে লিখিছিল, ''ইংলেণ্ডৰ বিখ্যাত মানচেষ্টাৰ বিশ্ববিদ্যালয়ৰ পৰা ইলেক্ট্ৰিকেল ইঞ্জিনীয়াৰিং বিষয়ত ডক্টৰেট উপাধি অৰ্জন কৰা বিমল ফুকনে বহু বছৰ তৈল ইঞ্জিনীয়াৰ হিচাপে মধ্যপ্ৰাচ্যত বাস কৰি ভাটি বয়সত গুৱাহাটীত থিতাপি লৈছে। এতিয়া তেওঁ এজন সফল ব্যৱসায়ী। কিন্তু তেওঁ তাতোকৈ বেছি সফলতা অৰ্জন কৰিছে এজন সুপণ্ডিত লেখক হিচাপে। জীৱনৰ ভাটি বয়সত লিখিবলৈ আৰম্ভ কৰি তেওঁ অতি কম সময়ৰ ভিতৰতে এজন মননশীল প্ৰভাৱশালী লেখক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে।" বিমল ফুকনে কবিতাও লিখিব পাৰিলেহেঁতেন। মই আমাৰ অসম কাকতত লিখিছিলোঁ, ''আমাৰ অসমত এতিয়া কবিতাই 'প্ৰথম কলম'তো ঠাই পাইছে । ঠাই পাইছে 'সম্পাদকলৈ চিঠি' শিতানতো । 'কোনোবা কাহিনীতে বিয়াৰ ভোজ খাইছিলোঁ হিংৰীজান বাগানৰ বৰকেৰেণীৰ ঘৰত শীতৰ সেমেকা ৰাতি উজাগৰে আছোঁ বসন্তৰ অপেক্ষাত ।'' ( ১ জানুৱাৰী, ২০১৪, আমাৰ অসম, বিমল ফুকন) । ফেইচবুকত আপলোড কৰা কিছু সংখ্যক কবি ইমানেই জনপ্ৰিয় যে তেওঁলোকৰ কবিতা আপলোড কৰাৰ কিছু সময়ৰ পিছতে শ শ লোকে আদৰি লয় । ইমান 'জনপ্ৰিয় কবিতা' লিখাৰ পিছতো কিছু সংখ্যক কবিৰ কবিতাৰ গতি-প্ৰকৃতিৰ একো পৰিৱৰ্তন-উত্তৰণ হোৱা নাই কিয়? সুখৰ বিষয় যে আজি কালি কবিসকলক সমাজে সম্ভ্ৰমেৰে চোৱা হৈছে। জনপ্ৰিয় নহ'লেও বহুতৰ কবিতা বৌদ্ধিক মহলৰ দ্বাৰা সমাদৃত হৈছে। এনে কবিৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা হৈ থকা নাই। কবিতা অনলাইন পঢ়িবলৈ পোৱাৰ পিছত কিছু কিছু কবিয়ে নিজে নিবিচৰাকৈ এজাক তোষামোদকাৰীৰো সৃষ্টি হৈছে।
প্ৰদীপ কুমাৰ চেলেং এগৰাকী চিন্তাশীল লেখক আৰু সুচিকিৎসক।