Issue: Vol. V, No. 2, August-October, 2026
কাষৰ ঘৰৰ মানুহ
কাষৰ ঘৰৰ মানুহ গুচি গ’ল।
ভাৰাতীয়া লোক আছিল।
এতিয়া আন এঠাইত
ভাৰাঘৰ লৈ থাকিব।
মোৰো শেষ বিদায়ৰ পাছত
মোৰ ঘৰৰ মানুহবোৰে
অনুভৱ কৰিব
মোৰ বন্ধুসকলে
মানি ল’ব
যে মোৰ শেষ বিদায়
কাষৰ ঘৰৰ মানুহৰ
বিদায়ৰ নিচিনা
এটা অতি সাধাৰণ ঘটনা।
এই পৃথিৱীত
আচলতে
আমি সকলোৱে কাষৰ ঘৰৰ মানুহ।
২ আগষ্ট, ২০০৪