মকৰা
এচাটি বতাহত হালে জালে
কপাহী মকৰা জাল
মকৰা নিজেই বন্দী জালৰ মায়াত
চঞ্চল মকৰা ধীৰে ধীৰে আগুৱাই
ক'ত ধৰি ৰখা উচিত মকৰাৰ হিচাপ
ক'ত অনুচিত মনৰ সীমা
যাদুকৰী মকৰাই
এখন জাল গুঠা দেখিবা
জিৰণি নাই টোপনি নাই
অহৰহ কচৰৎ
মকৰাকো লাগে জিৰণি
নিদ্ৰাৰ আলিংগন
বিজ্ঞ মকৰাই ভাবনাৰে গুঠিব পাৰে
ন কৈ এখন
ঘূৰণীয়া চালে চকু ৰোৱা
হৃদয়ৰ খালি কোঠাত
ৰাতি
সুনিৰ্দিষ্ট নিয়মেৰে ৰাতিবোৰ
নিয়ৰৰ বৰষুণ,সাৰে থকা মাত
গভীৰ চেতনাৰ প্ৰবাহ
ৰাতিবোৰে বিচাৰি ফুৰে
মৃগনাভিৰ নিৰ্যাস
ফৰিংফুটা ৰাতিবোৰ অভিজাত
সেউজীয়া শব্দৰে পুৰিব পাৰে
লুণীয়া এন্ধাৰ
ৰাতিৰ নিৰ্জনতাত
দিব পাৰে উশাহৰ অম্লজান
মেঘ আৰু আকাশৰ সীপাৰৰ
গুপুত স্থাপত্য চিৰন্তন
An English translation of the poems.