‘পান্থপাদপ’ – এখন ক্ষুদ্ৰ কবিতা-আলোচনীৰ নাম

চেনীৰাম গগৈ

A cover of Panthapadap and Kabita Dutta, Editor, Panthapadap

আমি প্ৰথম কবিতা লিখিবলৈ আৰম্ভ কৰাৰ সময়ত অসমৰ প্ৰায়বোৰ সৰু চহৰ আনকি কিছুমান গাঁও অঞ্চলৰ পৰাও অসংখ্য প্ৰাচীৰ পত্ৰিকা আৰু ক্ষুদ্ৰ আলোচনীৰ প্ৰকাশ হৈছিল। ক্ষুদ্ৰ আলোচনী মানে পিন মাৰি বান্ধি দিয়া কেইখিলামান কাগজত ছপোৱা কেইটানমান কবিতা, প্ৰবন্ধ ইত্যাদি। কেতিয়াবা হাত পকোৱা পৰ্যায়ৰ সাধাৰণ কবিতা এটা তেনে এখন আলোচনীলৈ পঠিয়াই দিনৰ পিছত দিন ধৰি বাট চাই ৰৈছিলোঁ কবিতাটোক ছপা ৰূপত চাবলৈ।

লগতে পঢ়ক — ধাৰৰ বোজা লৈ একেৰাহে ওঠৰ বছৰ প্ৰকাশ পোৱা কবিতা-আলোচনীখন

আশীৰ দশকত অসমত প্ৰগতিশীল ধাৰাৰ কবিতা-চৰ্চাৰ ধাৰা অব্যাহত হৈ থকাৰ সময়ত গুৱাহাটীৰ পৰা পান্থপাদপ নামৰ কবিতা বিষয়ক ক্ষুদ্ৰ আলোচনীখনে অসমীয়া কবি আৰু পাঠক সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। সেই সময়ত নতুন আৰু বৰ্তমান সুপ্ৰতিষ্ঠিত বহুজন কবিয়ে সম্ভ্ৰান্ত আলোচনীত নিলিখি এই ক্ষুদ্ৰ আলোচনীখনকেই তেওঁলোকৰ চৰ্চাৰ মূল প্লেটফৰ্ম হিচাপে ব্যৱহাৰ কৰিছিল। কবিতাৰ নতুন পৰীক্ষা চলাবলৈ কবিসকলক ঠাই যোগাৰ কৰি দিয়াৰ যি দায়িত্ব, পান্থপাদপৰ তজবজীয়া সম্পাদক কবিতা দত্তই সেই দায়িত্ব গ্ৰহণ কৰি অসমীয়া কবিতাৰ জগতখনলৈ ভালেকেইজন গুৰুত্বপূৰ্ণ মননশীল কবি আৰু সমালোচকক আগলৈ উলিয়াই আনিলে। পান্থপাদপৰ প্ৰকাশকালত অসমীয়া কবিতালৈ অহা পৰিৱৰ্তনসমূহ হ’লঃ [1] কবিতাক পাঠকে বুজি পোৱাকৈ লিখাৰ চেষ্টা, [2] সমাজৰ সমস্যাসমূহৰ প্ৰতি কবিসকলৰ সহমৰ্মিতা, [3] কবিতাক নিৰ্মাণ কৰাৰ কলা-কৌশলৰ সন্ধান ইত্যাদি। সমান্তৰালকৈ বহুজন কবিয়ে ৰোমাণ্টিক ভাবৰ কবিতাৰ পৰীক্ষা-নিৰীক্ষাৰে প্ৰেম আৰু মানৱীয় শক্তিক উচ্চতা প্ৰদান কৰিছিল।

পান্থপাদপ আলোচনীৰ দিনত যোগাযোগ ব্যৱস্থা আজিৰ দৰে প্ৰযুক্তি-নিৰ্ভৰ, খৰতকীয়া হোৱা নাছিল। ডাকত দিয়া চিঠি, কবিতা গুৱাহাটী পাওঁতে বহুত দিন লাগে। গতিকে আমি কবিতা পঠিয়াই টেলিফোন কৰি সম্পাদকক সোধা নাছিলোঁ আমাৰ কবিতা ওলাব নে নোলায়, যদি ওলাব কোনটো সংখ্যা বা কোনটো মাহত। আমাৰ মনোভাব আছিল যে উপযুক্ত হ’লে কবিতাটো ছপা হ’ব আৰু ছপোৱা বা নছপোৱাৰ সম্পূৰ্ণ অধিকাৰ আলোচনীৰ সম্পাদকৰ থকা উচিত।

পান্থপাদপ আলোচনীখনৰ প্ৰকাশ-কালত হিলদল ভাঙি ওলাই অহা ভালেমান কবিৰ নাম মোৰ মনলৈ আহিছে আৰু তেওঁলোকৰ সৰহভাগেই এতিয়া ‘বিশিষ্ট’ কবি। আমাৰ সমসাময়িক ভালেকেইজন কবিয়ে পাছলৈ কবিতা লিখিবলৈ এৰিলে। তেনে কেইজনমান কবি হ’লঃ কন্দৰ্প কুমাৰ বৰবৰুৱা, ৰাজু বৰুৱা, মুক্তি গগৈ, কেশৱ গগৈ, ফুলেন কুমাৰ বৰা, কন্দৰ্প বৰপূজাৰী, ৰূপম কাকতী, লক্ষেশ্বৰ শৰ্মা, বীৰেন গগৈ, নাজমা কৌৰ ইত্যাদি আৰু বহুজন। আলোচনীখনত বীৰেশ্বৰ বৰুৱা, নলিনীধৰ ভট্টাচাৰ্য আদি জ্যেষ্ঠ কবিৰ কবিতা, ড০ হীৰেন গোহাঁইৰ দৰে মহান সমালোচকৰ কবিতা বিষয়ক প্ৰবন্ধ প্ৰকাশ পাইছিল।

[লেখক এগৰাকী আগশাৰীৰ কবি।]

One thought on “‘পান্থপাদপ’ – এখন ক্ষুদ্ৰ কবিতা-আলোচনীৰ নাম

Leave a Reply

Your email address will not be published. Required fields are marked *