হেমাংগ কুমাৰ দত্ত
চাই যোৱা মুখবোৰ
চিনি উলিওৱা তাহানিৰ আপোনজনক
নাই নাই
ওভতাই পাবলৈ নহয় নহয়
চিনি উলিওৱা আজি আৰু ভালদৰে হেৰুৱাবলৈ
বোমাটো থোৱাৰ পৰত
জীয়াই থকা মানুহবোৰৰ কাকো নিচিনিলেও
ঘৰলৈ নিয়াৰ আগতে
চিনি লোৱা মৃতদেহবোৰ
_______________
('অথবা' সংকলন)