কবি

জ্যোতিপ্ৰসাদ আগৰৱালা

কল্পনাবিলাসী হৈ
কল্পনাৰ বগা ডাৱৰৰ
	মাজে মাজে উৰি ফুৰা
সোণোৱালী পুৱা সন্ধিয়াৰ
	ফুলে ফুলে পাখি লগা
		পখিলাটি হৈ
পাহৰিব খোজা নাই,
বাস্তৱৰ সমস্যা নিষ্ঠুৰ,
পাহৰিব খোজা নাই
	জীৱনৰ কৰ্তব্য কঠোৰ
পৃথিৱীৰ মাটি পানী
	ধূল বালি এৰি থৈ
হ’ব খোজা নাই মাথোঁ
কল্পনাৰ সপোনৰ ৰাগীৰে বিভোৰ।

Click here to read an English translation of the poem.

জ্যোতিপ্ৰসাদ আগৰৱালা (জ.১৯০৩-মৃ.১৯৫১) একাধাৰে কবি, গীতিকাৰ, নাট্যকাৰ, চলচ্চিত্ৰ পৰিচালক আৰু স্বাধীনতা সংগ্ৰামী।

Leave a Reply

Your email address will not be published. Required fields are marked *