কবিতা

লক্ষ্মীনাথ বেজবৰুৱা

শোকৰ সঙ্গীত সিটি, বিষাদৰ সুৰ,
আতুৰৰ হুমুনিয়া, লোতক চকুৰ।
বেজাৰৰ ক'লা ৰেখা তৃষ্ণা তৃষিতৰ,
বিধৱাৰ বুকু ফটা যাতনা কাতৰ।
ছঁয়াময়া সুখৰ সি খন্তেকীয়া হাঁহি,
সুৰভি বিলাই যোৱা গোলাপৰ পাহি।
বিজুলীৰ চকামকা নিমিষ পোহৰ
জোনৰ কোমল কান্তি, পানীৰ লহৰ।
বীণৰ আতমা সিটি উৰি ‘গুণ' গায়
বাঁহীৰ জীৱন সি যে ডালত কুউৱায়।
ৰমণীৰ কমনীয় মাধুৰী মধুৰ,
আধাফুটা আধামাত সৰগ শিশুৰ।
লাজেৰে তিওৱা মুখ সুন্দৰী ৰূপহী,
নিয়ৰত গা ধোৱা সেউতী সি বাঁহী।
অনাঘ্ৰাত কেতেকীৰ সোণোৱালি ৰেণু,
বৃন্দাবন মতলীয়া কলীয়াৰ বেণু।
প্ৰকৃতিৰ কামনাৰ সৌন্দৰ্য ৰঞ্জিত,
কবিতা কল্পনাময়ী কবিৰ বাঞ্ছিত।
১৮৩২ শক
বহাগ, হাওড়া

Click here to read an English translation of the poem.

Leave a Reply

Your email address will not be published. Required fields are marked *