Issue: Vol. V, No. 3, November-January, 2026-27
বাল্মীকি বনৰ কবিতা
সপোনবোৰে এঙামুৰি দি উঠিছিল
সেউজীয়া হোৱাৰ বাসনা লৈ
চাকৈচকোৱা চৰাই এহাল আহি
স্বপ্নময় সৰোবৰত
ৰং বোলাই দিলেহি
ৰংবোৰে আঁকিব খুজিলে
হৃদয়ৰ চোতালত ৰঙীন সপোনবোৰ
হঠাতে অহা বতাহ এজাকে
উৰুৱাই লৈ গ’ল ৰংবোৰ
বিষাদগ্ৰস্ত সময়ে বুটলি লোৱা
অবাঞ্চিত দুখৰ স্বৰলিপিত
কৰুণ ৰাগিনীৰে
জন্ম হ’ল বিষাদগাথা
এটা নতুন কবিতা হৈ
স্বপ্নময় সৰোবৰৰ পাৰত
জন্ম হ’ল নতুন কবিতা
বাল্মীকি বনৰ কবিতা৷
অপেক্ষা
কাৰ নো মন নেযায়
কেৱল সুখৰ সৈতে
সময়বোৰ পাৰ কৰিবলৈ
আশাবোৰে পাহি মেলোতেই দেখোন
দুখৰ ছাঁবোৰ দীঘল হৈ আহে
তথাপি অপেক্ষাই বুকুত বাহ সাজে
আকাশখনে তৰাবোৰৰ সৈতে
চন্দ্ৰাতপ সাজে
তৰাবোৰে সৰৱ হৈ যেন কথা পাতিব
কথা পাতিব সুখৰ নিৰ্মালি যাচি
বুকুত অপেক্ষাই বাহ সাজিব
বাজি উঠিব নিঃশব্দ গান
শব্দবোৰৰ নিচুকনি সুৰ শুনি
এটা সময়ত তৰাবোৰ টোপনি যাব
তথাপি অপেক্ষাই বাহ সাজিব
উজাগৰী নিশাবোৰত
দুখৰ শলখা খুলি
বাট চাই থাকিব
কেৱল সুখৰ সৈতে
সময়বোৰ কটাবলৈ
বাট চাই থাকিব
সুখৰ পোৱালমণি বুটলি লোৱা
মধুৰ ক্ষণবোৰৰ অপেক্ষাত৷