Issue: Vol. V, No. 3, November-January, 2026-27
জীৱনৰ চাকনৈয়া
খলা-বমা, ওখোৰা-মোখোৰা
কাঁইটেৰে ভৰা
আলি-গলিবোৰ
কিয় জানো মোৰ
ভাল লগা হ’ল
কাঁইটৰ আঁচোৰে
জিলিকাই তোলা
বিন্দু-বিন্দু ৰক্তকণিকাৰে
নিজকে সজ্জিত দেখি
মন আহ্লাদিত হৈ উঠে!
কত ঘাত-অভিঘাতে
জুৰুলা কৰা শৰীৰটোৰ
ৰন্ধ্ৰে-ৰন্ধ্ৰে সুৰসুৰাই ফুৰা
বিষাক্ত শোণিতকণাৰ বোজা
কঢ়িয়াই ফুৰাৰ সাহস
নিস্তেজ হৈ আহিছে
শৰীৰ ক্লান্ত ৰুগীয়া
ৰোগবোৰো যেন স্বোপাৰ্জিত
তথাকথিত ভদ্ৰ, শিক্ষিত, উদাৰমনা
সকলৰ দয়া, মৰম, নীতিবাক্য
মৌসনা মাতৰ আঠালেটিয়া কথাই
বাৰুকৈয়ে কৰে আবদ্ধ
আবদ্ধতাৰ অন্ধকাৰত
উজলি উঠা প্ৰকৃত স্বৰূপে
কঁপাই তুলিছে শৰীৰ
মনটোক সাৰ নোপোৱাকৈ
আবৰি ৰাখিছোঁ নিলগত।
বৰষাৰ বাৰিধাৰা
বৰষাৰ স’তে মেঘৰ বৰ হলিগলি
দুয়ো মিলিলেই বাৰিধাৰা হৈ
ধৰালৈ নামে প্ৰেমৰ বতৰা লৈ
মেঘ আৰু বৰষুণৰ মিলাপ্ৰীতি
গীতে-মাতে অনেক বন্দিত
তালে তাল মিলাই নাচে-বাগে
ছন্দোময় টিপ-টিপ
টুপ-টুপ, চিপ-চিপ
সদ্যস্নাতা প্ৰকৃতি হৈ উঠে দীপলিপ!
বুদবুদ কণিকাই দেহ-প্ৰাণ শীতলায়
শুকান ৰসহীন হৈ পৰা ধৰা
তুমিয়ে কৰি তোলা উৰ্বৰা
শুকান মাটিৰ চিনাকি সুগন্ধ
তোমাৰ বাবেই হয় লব্ধ!
চঞ্চলা কলা মেঘ ক’লৈনো যোৱা
খৰখেদা ইমান লগোৱা
কিহে জানো তোমাক কৰে উতলা
শান্ত স্পন্দিত ৰূপ স্তিমিত কৰি
চলে তোমাৰ উত্তাল নৃত্য
সকলোকে কৰি ভীতিগ্ৰস্ত
দোকুল-টঁকা বান
ঘৰ-বাৰী নৈ-বিল
কৰা একাকাৰ
বাঘে-ছাগে-মানুহে পানী খায় একেটা ঘাটত
তুমি বাৰিধাৰা তুমি বৃষ্টি তুমি সৃষ্টি
তোমাৰ মধুৰ ৰূপত হওঁ মুগ্ধ
তেনেকৈয়ে আহিবা তুমি
শান্তিৰ বতৰা লৈ
এই ধৰাক শস্যশ্যামলা কৰিবলৈ!