Issue: Vol. V, No. 3, November-January, 2026-27
তোমাৰ কথাৰ মাজতে
পুৰণি বাটটোৰে যাওঁতে
হঠাৎ চৰাইজাক উটি যোৱা দেখিছিলোঁ
সূৰ্যৰ শক্তি মোৰ যে দেহত আছে
সেয়া কাকো কোনো দিনে কোৱা নাছিলোঁ
মকৰাজালত পৰা মাখিটোৰ দৰেই
মই তোমাৰ ওঁঠত হেৰাইছিলোঁ
কথাবোৰ বতাহজাকৰ বাহিৰে
কোনেও জনা নাছিল
জনা নাছিল পোহৰ সোমাই অহা
খিৰিকীৰ পৰ্দাকেইখনেও
জনা নাছিল হেমন্তত পদূলিত সৰা
শুকান পাতকেইখিলায়ো
তোমাৰ কথাবোৰৰ মাজত
মই হেৰাবলৈ যত্ন কৰোঁতেই
পছিমৰ হেঙুলীয়া পোহৰে
বিদায় সম্ভাষণ জনালে
কাইলৈ তুমি আহিবা
কাইলৈ তুমি আহিবা
কাইলৈ তোমাক লগ পাম
কাইলৈ তোমাৰ পোহৰত
মোৰ বুকুত আন্ধাৰখিনি নাইকিয়া হ’ব
বুকুখনৰ মাজৰ দুৱাৰ-খিৰিকীবোৰ
বন্ধ হৈ আছিল
এজাক ধাৰাসাৰ বৰষুণত
শুকান পাতবোৰে পুতি পেলাইছিল মজিয়াখন
তাৰ পাছতেই আন্ধাৰ
মূর্খ মানুহৰ যাত্রাপথৰ সংগী
তাৰ পাছতেই পোহৰ
জ্ঞানীসকলৰ জোনাকত গোৱা গান
তাৰ পাছতেই তুমি আহিবা
চোঁ মাৰি উৰি যাব এটা সৰু চৰাই
সি উৰি গৈ
সেউজীয়া পাতেৰে ভৰা গছজোপাত পৰি
চিক চিককৈ মাতিব
জোনাকেৰে মুকলি হ’ব আকাশ
যেনেকৈ মুকলি হয়
ৰমণত দেহৰ অংগ
তুমি আহিবা
তোমাৰ শুই থকা সিৰাবোৰেৰে
তেজবোৰে ঢাপলি মেলিব
আৰু চিক্ চিককৈ মতা চৰাইটোৰ লগত নাচিব
তুমিও নাচিবা, গাবা, মতলীয়া হ’বা
আৰু এটা ৰাতি
বুকুৰ মাজত লৈ শুই থাকিবা
বন্ধ হৈ থকা খিৰিকীবোৰ খুলি।