মহেশ্বৰ নেওগৰ কবিতা

Issue: Vol. V, No. 3, November-January, 2026-27

অন্ত্যজা

মাথোন একেটি ক্ষণ—
তাতে তোৰ দিব্য ৰূপ-গৰিমাই
স্বর্গীয়তা ভৰা কিবা ভাগ-সৌৰভেৰে
অন্তৰ বুৰালে মোৰ।

চিত্ৰৰ পুতলী যেন
দেৱ-কন্যা ৰাজ-কন্যা ঋষি-কন্যকাৰ
অজন্তা গিৰিৰ শিলৰ ৰেখাৰে অঁকা
অনিন্দ্য সৌন্দৰ্য তোৰ।
অথচ তাতেই তোৰ কোনোবাটি জনমৰ অভিশাপ;
ক্লেদময় দৰিদ্ৰতা
সমাজৰ হেয় চকু পৰা ‘জাত’ৰ নীচতা
পৃথিৱীৰ অজ্ঞাত কোণৰ এই ঘোৰ অন্ধকাৰ।

তোৰ ললিত সৌন্দর্য :
সাপৰ নেগুৰ যেন মুক্ত কেশ-ৰাশি
দূৰ দিগন্তৰ শুভ্র-নীল শিখৰৰ দৰে বলিত নাকটি
কেঁচাসোণ যেন হৈ শোণিত বিৰিঙি উঠা
নীল-পদ্ম যেন স্তোক-শ্যাম দেহৰ বৰণ
লাজত কামুৰি ধৰা হাতৰ দাঁতিয়ে দেখা
ৰঙা চন্দনৰ গুটি যৌৱন-ভাৰে
দোঁ খাই পৰা ডিঙিৰ ভাঁজটি
খোজৰ লাচত কঁপা
বীণাৰ কঁকাল যেন ক্ষীণ মধ্য-দেহ
লেখনীৰ ঢৌ যেন মৃণাল-ভঙ্গীৰ নিটোল নিতম্ব
শিলগুটি-দূবৰিৰ নিঠুৰ পৰশে
অলক্ত-বৰণ কৰা চৰণৰ পাহি।
তোৰ ই ৰূপৰ উজ্জ্বল হাবিলাস
দেহ জুৰি জলি-পুৰি ভস্ম হৈ উঠা স্নেহ-সৌৰভৰ সুৱগা চৰায়
দৰিদ্ৰতা-সিক্ত তোৰ মলিন কাপোৰে
বিলৰ বোকাই পদুমৰ জেউতি চৰোৱা দৰে।

এটি ক্ষণ কত দিন নিলগৰ—
চলন্ত গাড়ীৰ পৰা চকামকা কৰি দেখা এটি ক্ষণ,
তাৰ স্মৃতি জলি উঠে মানসত
কুঁৱলীয়ে লেপি থোৱা জোনাকৰ দৰে : তই

শিশিৰৰ নিশা-সমাপ্তিৰ
বাস্তৱৰ পঙ্ক ভেদি উঠা ব্যথাক্লিষ্ট পদুম-সপোন
লক্ষ্মীহীন সৌন্দৰ্যৰ লখিমী গোসাঁনী।

An English translation of the poem.