উদয় কুমাৰ বৰুৱাৰ কবিতা

Issue: Vol. V, No. 3, November-January, 2026-27

বিষয় : বৰষুণ

বিষয় বৰষুণ বাবেই জুয়ে দহিলেও
বাৰে বাৰে সেউজীয়াত ডুবে মোলাই কাঠনি

হাতেৰে চুই পোৱাতে মাটি মেঘৰ
এখন আকাশ—জলফাইৰঙী

গৰখীয়া বাটত সন্ধিয়াৰ সেমেকা ধূলিৰ সুগন্ধি—এতিয়া হেংঅভাৰ

কুঁহিপাতৰ তাম বৰণীয়া চকুত বৰষুণৰ নিটোল ভাস্কৰ্য

মন কেমেৰাত বন্দী নকৈ নিৰ্মাণ কৰা ফ্লাইঅভাৰ খনত
হীৰুদাই মৰ্নিংওৱাক কৰাৰ মনোময় দৃশ্য

তেওঁৰ হাতত ঈষৎ বেঙুনীয়া কবিতা এটাৰ নতুন কলি—বিষয় বৰষুণ

উশাহৰ কোমল বাটত উজান-ভাটি
কটা যোৱা গছবোৰৰ শোক সংগীত

নেপথ্যত
ৰাগ খৰমান
ৰৈ ৰৈ
জীৱন
ৰৰৈৱতী।



ভ্ৰম-বিভ্ৰম

নিজৰ ভিতৰত কিমান এন্ধাৰ আছে উজলি উঠিবলৈ পোহৰে নেজানে

সন্ধিয়া হ’লেই আই উভতি আহে
দহোবন সামৰি
কঁপি থকা হাতৰ চাকিগচিৰেই যেন সূচনা হয়
এন্ধাৰ পোহৰৰ এখন অঘোষিত ছায়াছবি

পোহৰ চাকিয়ে নেদেখে
গলি অহা তৰাৰ চকুলো
আয়েও নেদেখে পোহৰৰ আঁৰৰ এন্ধাৰ

কঁপালৰ বলি ৰেখাই ওৰকে নেপায় কেনেকৈ পাৰ হয়
আন্ধাৰ পোহৰৰ ইমান সংঘাত

দেৱাল ঘড়ীৰ ধাতৱ শব্দই নেপায় উমান
বুকুৰ নুশুনা আৰ্তনাদৰ

তথাপি বৃত্তাকাৰ মায়ামঞ্চত
নিৰন্তৰ চলি থাকে বন্দী জীৱন

ফ্ৰেমত আৱদ্ধ পিতামহো মৌন
সিপাৰে বিভ্ৰমৰ নিজান ঘাট
নে মহাজীৱনৰ নেদেখা দ্বাৰ?

ক’বা নে হে নিয়ন্তা মোৰ,
ওৰে ৰাতি বনৰীয়া জিলীৰ বিষাদ সংগীত শুনি শুনি
আমি জীয়াই আছোঁ বাস্তৱৰ ভ্ৰমত নে বিভ্ৰমৰ বাস্তৱত?

কঁপি কঁপি জ্বলি থকা চাকিগচ এতিয়ালে’ চাগে’ লেলিহান হ’ল।

An English translation of the poems.