মীনা দেৱী বৰুৱাৰ কবিতা

Issue: Vol. V, No. 3, November-January, 2026-27

দুৰ্বিপাক

আৰু
আৰু তেনেদৰেই সময়ে বাগৰ সলাইছিল

তুমি আৰু মই আমি হোৱাৰ সপোনৰ সময়
আমি দুয়ো খাটি খোৱা মানুহৰ বাবে
বিপ্লৱৰ শ্লোগান আওৰাইছিলোঁ

আমাৰ উদাত্ত কণ্ঠত শ্লোগানবোৰে প্ৰাণ পাইছিল
আৰ্তজনৰ বাবে আমি বিহ্বল

কাৰ্টুনবোৰ কাটি কাটি প্লেকাৰ্ড
শক্তিশালী বাণ

উদ্দাত্ত আমাৰ কণ্ঠ
কণ্ঠ আমাৰ নাছিল ক’ত—

চাকৰিৰ ইণ্টাৰভিউ সাধাৰণ নিয়মত পৰিণত হৈছিল

আমাৰ উদ্দাত্ত কণ্ঠৰে প্ৰতিবাদ চলি আছিল

তুমি চাকৰি পাইছিলা
তৃতীয় বৰ্গৰ এটা চৰকাৰী চাকৰি
আমি উৎফুল্লিত
শ্লোগানবোৰ আমাৰ ওঁঠত

তোমাৰ মুখৰ শ্লোগান লাহে লাহে দুৰ্বল হোৱা
চকুত পৰিছিল

সময়ে এনেকুৱা

আৰু এদিন—
বিয়াগোম শ্বপিং মল এটাৰ বিক্ৰেতা হৈ

টকাৰ হিচাপত ভুল নকৰাৰ খেয়াল ৰাখি ৰাখি
ময়ো পাহৰি গ’লোঁ

কি শ্লোগাননো আমি আওৰাইছিলোঁ
আৰু
আওৰাইছিলোঁনো কেতিয়া—

অৰণ্যৰ কান্দোন

বেলিটো আজিও ওলাব
পূব আকাশ ৰাঙলী কৰি
বেলিটোৱে নিজৰ কৰ্তব্য কৰিব

দুপৰৰ উত্তাপ সিঁচি
সদায় লহিওৱাৰ কাম
বেলিটোৱে আজিও কৰিব

নতুন বছৰ বুলি
বেলিৰ পৰিক্ৰমা সলনি নহয়
উদয়ৰ ক্ৰম একে, অস্তৰাগো একে

সলনি বহুত হয়
গছবোৰে যেতিয়া ছাটি ফুটি কৰে
গছবোৰক সুখ দিয়া চৰাইৰ কিচিৰ মিচিৰ
যেতিয়া আৰ্তনাদ হৈ উৰে
বনৰ জীৱ আৰ্ত হৈ সংকুচিত হৈ উঠে

বেলিটো ওলাব, অস্ত যোৱাৰ পৰিক্ৰমাত
ছাটিফুটি কৰিব অৰণ্য মানৱে
ধোঁৱাত ওপঙিব পখীৰ কান্দোন

আৰু
আৰু নৃশংস বিলাসত মত্ত এজাক উন্মাদ

An English translation of the poems.