Issue: Vol. V, No. 3, November-January, 2026-27
দৃষ্টিকোণ
জলতাণ্ডৱৰ এখন নিশ্চুপ চিত্ৰ
চিত্ৰত উপঙি আছে এখন পলিমাৰ কাঁহী
কাঁহীত খাদ্যৰ সলনি সজোৱা আছে
বৰ্তমানৰ অন্ধত্ব অন্তঃক্ষেপিত
উশাহ লোৱা মানৱৰ
একালৰ মোমাই কটা দেশ
দেশ বুলিলে এতিয়া এটা পদুম ফুলৰ পুখুৰী
পুখুৰীত পৰভক্ষী থাইলেণ্ড মাগুৰৰ বসতি
বসতি গঢ়িবলৈকে বসতিৰ ধ্বংস
পাহাৰ খনন—
নিৰ্বননীকৰণ—
শিপা নোহোৱা মানুহৰ ভৰি দুটা আকাশত থাকে আৰু
মগজু শূন্য সিপাৰত
আইনাৰ বাকচত সোমাই নিজকে নিজে চাই থাকোতে
নেদেখে
সাৰহীন হোৱা ভূধৰ
আৱৰ্জনাৰে সৰিৎ জঠৰ
মান্যবৰ,
খাবলৈ নোপোৱাৰ দৰে খালে পেট ফুলে
পেট ফুলিলে গেছ’ফাষ্ট বিচাৰি দৌৰিব লাগে
বিচাৰি নাপালে আঙুলি ভৰাই
ডিঙিত লিকলিকাই বমি কৰি দিলে
আৰাম লাগে।
এতিয়া,
ভূধৰ সাৰহীন
তটিনী চিল্টেড্
বমি কৰি দিলে—
বমিত উপঙি উঠিল পলিমাৰ কাঁহী
কাঁহীত উশাহ লোৱা মানৱ যন্ত্ৰ—
যন্ত্ৰই চিন্তা কৰিব নোৱাৰে
ইঞ্জেক্ট কৰা আছে জী-হুজুৰী প্ৰতিষেধক
সংক্ৰমিত যন্ত্ৰই নিৰ্মাণ কৰে সমাধান সূত্ৰ—
পদুম বোকাত নুফুলে
ফুলে— বেগে, বেনাৰে, ঘৰৰ মূধচে মূধচে
মান্যবৰ,
মূধচবোৰো বমিত ককবকাই আছে
ককবকাই পোত গৈছে জীয়া চিঞৰ
অসহায় বুকুৰ ধপধপনি
কাতৰ চকু
…
চকুৱে চকুৰ জন্ম দিছে
দৃষ্টি সলাই দিছে— নতুন দৃষ্টিকোণ
প্ৰতিষেধক নোলোৱা মানুহে হাত মেলি দিছে
হাতে হাত ধৰি গঢ়িছে জুবিনৰ দেশ
চোৱা, চোৱা–
মাটিলৈ নামি আহিছে
শিপা নথকা নিৰ্বোধ মানুহ।