লুইত কিৰণ দাসৰ কবিতা

Issue: Vol. V, No. 3, November-January, 2026-27

সাম্প্ৰতিক

এডেউ দুদেউ কৰি কলাফুল বাঢ়ি
ব’হাগ পিছলি পৰিল পুখুৰীত
দোভাগ ৰাতি মাছৰোকাই উৰুলি দিলে
বুকুত নিজান ৰাতি

কণ মইনাহঁতে বৰটেঙা চুটিয়াইছে
যাতনাৰ সূতা কাটি যঁতৰত সিঁচিছোঁ
দেশৰ কলমৌ ফুল
পেহীৰ মেখেলাত দুৰ্দিনৰ হালধীয়া

তলি চুঁচি মিঠাতেলৰ চিঁচা
গৰৈ পিটিকিছোঁ…

যিমান দূৰ মাটিৰ পৰা মহাকাশ
তোমাৰ পৰা মোলৈও একেইনে!

সন্ধিয়া তভক মাৰি এজন গল্পকাৰে ভাবি আছে–
ঘৰলৈ ওভতা বগলী জাক আৰু
কোৰ লৈ যোৱা খেতিয়ক বোৰ
খেদা-খেদি ল’গা নৈ পাৰৰ গিৰিয়েক-ঘৈণীয়েক
মূৰত খৰি লৈ যোৱা তিৰোতা বোৰৰ গোৰোহাৰ অন্তেষপুৰত
অনেক দূৰত্ব…

বিক্ষিপ্ত এই ভাবনাৰ অন্তত আওপুৰণি মাৰলীত চিকিৰ-মিকিৰ
ঘৰচিৰিকাই গান জুৰিছে

ৰৈ ৰৈ ৰাতি
চৰুঘৰৰ শুকান বাতি
যাওঁগৈ যদি একেবাৰে গুচি
হ’ব জানো কাৰোবাৰ কিবা খতি!