Issue: Vol. V, No. 3, November-January, 2026-27
প্ৰকল্প ৰঞ্জন ভাগৱতী
আধুনিক অসমীয়া কবিতাৰ আজিও আটাইতকৈ প্ৰভাৱশালী ধাৰাটো হ’ল গীতিধৰ্মী (Lyric Poem)৷ সমালোচক প্ৰদীপ আচাৰ্যৰ মতে গীতিধৰ্মী আৰু মননশীল আধুনিকতাৰ দুয়োটা ধাৰা নৱকান্ত বৰুৱাতে আৰম্ভ হৈছিল৷ (অসমীয়া সাহিত্যৰ বুৰঞ্জী, ষষ্ঠ খণ্ড, সম্পা.: হোমেন বৰগোহাঞি, ১৯৯৩, পৃ.৩৮৪) নৱকান্তই মননশীলতা আৰু গীতিধৰ্মিতাৰ মাজত সন্তুলন ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল৷ ৰামধেনু আলোচনীক কেন্দ্ৰ কৰি মননশীলতাৰ নামত চলা বুদ্ধিৰ কছৰতৰ বাবে আধুনিক অসমীয়া কবিতাই দুৰূহতাৰ ফালে গতি কৰিছিল৷ গীতিধৰ্মী ধাৰাটোৱেহে আধুনিক অসমীয়া কবিতাক সৰ্বসাধাৰণ পাঠকৰ প্ৰিয়ভাজন কৰি ৰাখিছিল৷ বীৰেশ্বৰ বৰুৱা (জ. ১৯৩৩-মৃ. ২০১০) এগৰাকী গীতিধৰ্মী কবি৷ কবি, সমালোচক কবীন ফুকনৰ মতে তেওঁ অনুভূতিৰ কবি, মননৰ নহয়৷ (অসমীয়া সাহিত্যৰ বুৰঞ্জী, ষষ্ঠ খণ্ড, সম্পা.: হোমেন বৰগোহাঞি, ১৯৯৩, পৃ.৩৬১) আনুভূতিক তীব্ৰতা বীৰেশ্বৰ বৰুৱাৰ কবিতাৰ প্ৰধান বৈশিষ্ট্য৷ অৱশ্যে কিছুমান কবিতাত আনুভূতিক চেতনাৰ উত্তৰণ বৌদ্ধিক উত্তেজনাৰ স্তৰলৈ নঘটাকৈ থকা নাই৷

বীৰেশ্বৰ বৰুৱাৰ কবিতা-সংকলন সাতখন৷ প্ৰথম সংকলন নিৰ্জন নাৱিক প্ৰকাশ পাইছিল ১৯৬১ চনত৷ অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা (২০০১) তেওঁৰ সপ্তম তথা অন্তিমখন কবিতা-সংকলন৷ আৰম্ভণিৰেপৰা তেওঁৰ কবিতাত প্ৰেম, মৃত্যু-চেতনা, প্ৰকৃতি, সৌন্দৰ্য, নিৰ্জনতা আদি জীৱনৰ আত্মিক চেতনাৰ সৈতে জড়িত থকা বিষয়বস্তুবোৰে ঠাই পাই আহিছে৷ তেওঁৰ প্ৰেম আৰু মৃত্যু বিষয়ক কবিতাবোৰত গভীৰ জীৱন উপলব্ধিৰ আনুভূতিক প্ৰকাশ চকুত পৰে৷ অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা সংকলনটোৰ শিৰোনামৰ কবিতাটোৰ মূল বিষয় হ’ল মৃত্যু-চেতনা৷ শিৰোনামটোতে দুই বিপৰীত ভাবৰ সমাৱেশ ঘটিছে– এফালে জনাকীৰ্ণতা (‘অনেক মানুহ অনেক ঠাই’) আৰু আনফালে নিৰ্জনতা৷ জনাকীৰ্ণতা জীৱনৰ প্ৰৱহমানতাৰ দ্যোতক আৰু আনহাতে নিৰ্জনতা শান্তি আৰু মৃত্যুৰ দ্যোতক৷ কবিতাৰ বক্তাই উপলব্ধি কৰিছে যে সময়ৰ লগে লগে তেওঁৰ জীৱন-স্মৃতি ক্ষয় পাবলৈ ধৰিছে৷ এয়া এক স্বাভাৱিক প্ৰক্ৰিয়া যদিও ইয়াৰ ফলত কবিতাৰ বক্তাৰ জীৱনৰ প্ৰাপ্তি-অপ্ৰাপ্তিৰ খতিয়ান লোৱাত আউল লাগিছে৷ জীৱনৰ সকলো হিচাপ-নিকাচ এদিন শূন্যত বিলীন হৈ যাব৷ কবিতাৰ বক্তা জীৱনৰ এই নিশ্চিত পৰিণতি সম্পৰ্কে সজাগ৷ জীৱনত কেতিয়াও নেদেখা ঠাই দেখাৰ, আৰু কেতিয়াও লগ নোপোৱা মানুহক লগ পোৱাৰ হাবিয়াস তেওঁৰ মনলৈ আহিছে৷ এফালে জীৱনৰ প্ৰতি হাবিয়াস, আনফালে মৃত্যুৰ অনিবাৰ্যতা –এই দুই বিপৰীত চেতনাৰ দ্বন্দ্বই কবিতাটোত বৌদ্ধিক উত্তেজনাৰ সঞ্চাৰ কৰিছে৷ সংকলনটোৰ বহু কবিতাত জীৱন আৰু মৃত্যুৰ এই চিৰায়ত দ্বন্দ্ব দৃশ্যমান৷
‘যদি হঠাৎ’ শীৰ্ষক কবিতাতো মৃত্যুৰ ভাবনা কেন্দ্ৰীয় বিষয় হৈছে৷ আধুনিক সাহিত্য ঐশিক বা ঈশ্বৰ-ভাবনাৰপৰা আঁতৰি আহিছিল৷ আধুনিক সাহিত্যত প্ৰকাশ পোৱা চিন্তা-চেতনা আৰু প্ৰেৰণা ঐহিক অৰ্থাৎ ইহজগতৰ সৈতে জড়িত৷ কিন্তু বীৰেশ্বৰ বৰুৱাই কবিতাৰপৰা ঐশিক চিন্তাক সম্পূৰ্ণ ৰূপে বাদ দিব পৰা নাই৷ এইক্ষেত্ৰত তেওঁ ৰোমাণ্টিক কবিসকলৰ উত্তৰসূৰী৷ ‘যদি হঠাৎ’ কবিতাটোৰ শেষৰ ফালে কবিতাৰ বক্তাই মৃত্যুৰ আগ মুহূৰ্তত ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে ঈশ্বৰৰ মধুৰ ভাবনা বুকুত লৈ প্ৰস্থান কৰাৰ ইচ্ছা ব্যক্ত কৰিছে–
“তাৰপাছত ভাবিম ঈশ্বৰৰ কথা
আৰু প্ৰাৰ্থনা জনাম ঈশ্বৰৰ ওচৰত
যাতে এওঁলোক তিনিওৰে মধুৰ ভাবনা
বুকুত লৈ
মোৰ চিৰপ্ৰস্থান হৈ যায়৷”
‘অলপ পাছত’ শীৰ্ষক কবিতাতো মৃত্যু-চেতনা প্ৰকাশ পাইছে৷ ইয়াতো মৃত্যু-চেতনাৰ অংগাংগী হিচাপে ঐশী চিন্তাই গুৰুত্ব পাইছে৷ কবিতাৰ কণ্ঠস্বৰক অলপ পাছতে নিজেই বিচাৰিব বুলি ‘তেওঁ’ কথা দিছিল আৰু ফোন নম্বৰটোও টুকি লৈছিল৷ কিন্তু ‘তেওঁ’ নাহিল৷ ইয়াত ‘তেওঁ’ হ’ল কবিতাৰ কণ্ঠস্বৰৰ প্ৰিয়তমা৷ ইতিমধ্যে ঈশ্বৰৰ দূত আহি উভতি গ’ল৷ কাৰণ কবিতাৰ কণ্ঠস্বৰৰ যোৱাৰ সময় হোৱা নাই৷ পুনৰ যদি ঈশ্বৰৰ দূত তেওঁক নিবলৈ আহে তেন্তে তেওঁৰ ওচৰত সময় বিচাৰিব৷ কবিতাৰ কণ্ঠস্বৰৰ জীৱনৰ প্ৰতি প্ৰচণ্ড হাবিয়াসে মৃত্যু-চেতনাক দূৰলৈ ঠেলি দিছে৷
‘তুমি’ আৰু ‘তেওঁ’ ব্যক্তিবাচক সৰ্বনাম পদে নিৰ্দেশ কৰা এগৰাকী নাৰীৰ উপস্থিতি বীৰেশ্বৰ বৰুৱাৰ বহু কবিতাত দেখিবলৈ পোৱা যায়৷ ‘নক্ষত্ৰৰপৰা পৃথিৱীলৈ’ শীৰ্ষক কবিতাত কবিতাৰ কণ্ঠস্বৰে সেই নাৰীৰ খবৰ পায় অন্য এখন নগৰৰপৰাহে৷ নাৰী আৰু কণ্ঠস্বৰৰ মাজৰ দূৰত্ব যেন আলোকবৰ্ষৰ সমান৷ ‘ইমান সহজ কথাটোও’ শীৰ্ষক কবিতাত কবিতাৰ কণ্ঠস্বৰ আৰু নাৰীগৰাকীৰ মাজৰ বয়সৰ ব্যৱধান কুৰি বছৰ–
“তাইৰ নীৰৱতা ভাঙি মই তাইক সোধোঁ,
“কিয় তুমি কুৰি বছৰ আগেয়ে নোপজিলা?”
তাই উত্তৰ নিদিয়ে৷ মই তেতিয়া নিজকে সোধোঁ,
“ময়েইবা কিয় কুৰি বছৰৰ পাছত নোপজিলোঁ?”
তাই মাথোঁ কয়, “উহুঁ, মই ইমান নুমলীয়া নহওঁ৷”
‘জীৱনৰ জোখ’ শীৰ্ষক কবিতাত কবিতাৰ কণ্ঠস্বৰ আৰু কবি-বৰ্ণিত নাৰীগৰাকী অভিন্ন হৈ পৰিছে৷ কবিতাৰ কণ্ঠস্বৰে কৈছে যে মৃত্যুৰ পিছতো মানুহে তেওঁৰ কবিতা পঢ়িব৷ মৃত্যুৰ পিছত যিহেতু তেওঁ নাথাকিব, মানুহে নাৰীগৰাকীকে বিচাৰিব আৰু আশীৰ্বাদ দিব৷ কাৰণ কবিতাৰ কণ্ঠস্বৰ নাৰীগৰাকীৰ মাজতে থাকিব তেতিয়াও–
“…মোৰ মৃত্যুৰ পাছত
মানুহে মোৰ কবিতা আকৌ পঢ়ি
বিচাৰিব তোমাক
আৰু তেতিয়া মই নাথাকিম বাবে
তেওঁলোকে ওচৰ চাপিব তোমাৰ
আৰু আশীৰ্বাদ দিব তোমাকেই
কাৰণ তোমাৰ মাজত মই থাকিম তেতিয়াও৷”
আন এটা কবিতা ‘সন্দেহ নাই যে তুমি’ত আমি পাওঁ যে নাৰীগৰাকীয়ে কবিতাৰ কণ্ঠস্বৰক কেৱল কবিতাৰ মাজতে জীয়াই থকাটো বিচৰা নাই৷ তেওঁ বিচাৰিছে তেওঁৰ হূদয়তো কবিতাৰ কণ্ঠস্বৰগৰাকী আজীৱন জীয়াই থাকক৷ নাৰীগৰাকীৰ ইচ্ছা স্বাভাৱিক আৱেগজাত৷ এগৰাকী কবি নীৰৱে জীয়াই থাকে সহূদয় পাঠকৰ মাজত, জীয়াই থাকে সমালোচকৰ শ্ৰদ্ধা, অৱজ্ঞা আৰু নিন্দাৰ পৰিধিত৷ কিন্তু প্ৰিয়জনে বিচাৰিছে কবিৰ এক মুকলি জীৱন, যি পাঠক আৰু সমালোচকৰ ইচ্ছা-অনিচ্ছাৰ ওপৰত নিৰ্ভৰশীল নহয়৷ ‘তোমাৰ বাবে’ শীৰ্ষক কবিতাতো কবিতাৰ কণ্ঠস্বৰৰ অধিকাৰীয়ে তেওঁৰ কবিতাবোৰ পঢ়ি পাঠকে তেওঁৰ প্ৰিয়জনকে স্মৰণ কৰাটো বিচাৰিছে৷ কাৰণ কবিতাবোৰ প্ৰিয়জনৰ বাবে লিখিছিল৷ প্ৰিয়জন এতিয়া কাষত নাই৷ সেই কবিতাবোৰেৰে কি কৰিব একো বুজিব পৰা নাই৷ সেয়ে কণ্ঠস্বৰে প্ৰিয়জনক অনুৰোধ জনাইছে যে কবিতাৰ কাগজবোৰ হাতত লৈ তেওঁ উৰুৱাই দিয়ক আৰু সেইবোৰ উৰি গৈ অগণিত পাঠকৰ হাতত পৰক৷ পাঠকে সেইবোৰ পঢ়ি প্ৰিয়জনকে সুঁৱৰিব৷ প্ৰিয়জনৰ সৈতে স্থান-কালৰ দূৰত্ব, প্ৰিয়জনৰ অনুপস্থিতি আৰু বিৰহৰ বেদনা, প্ৰেমৰ প্ৰাপ্তি-অপ্ৰাপ্তিৰ খতিয়ান বীৰেশ্বৰ বৰুৱাৰ অনেক কবিতাত বিষয়বস্তু হৈছে৷
কবি বৰুৱা সকলো সময়তে জীৱন-চেতনাতে নিমজ্জিত হৈ থকা নাই৷ সমাজ আৰু মানুহৰ ওপৰত পৰা দুঃসময়ৰ ছাঁই তেওঁৰ কবি-মনক যন্ত্ৰণাদগ্ধ কৰিছে৷ ‘কবি লৰ্কাৰ প্ৰতি’ শীৰ্ষক কবিতাত ত্ৰিছৰ দশকত গৃহযুদ্ধত বিধ্বস্ত স্পেইনৰ সৈতে ভাৰতবৰ্ষৰ পৰিস্থিতিৰ তুলনা কৰা হৈছে৷ স্পেনিছ কবি ফেডেৰিকো গাৰ্থিয়া লৰকাৰ গৃহযুদ্ধৰ সময়ত স্পেইনৰ জাতীয়তাবাদী বাহিনীৰ হাতত মৃত্যু ঘটিছিল৷ তেওঁৰ শৱদেহটোও আনকি বিচাৰি পোৱা নগৈছিল৷ বীৰেশ্বৰ বৰুৱাৰ কবিতাটো ১৯৯৫ চনত লিখা৷ কবিতাটোত নব্বৈ দশকৰ সন্ত্ৰাস-জৰ্জৰ অসমৰ ভয়াৱহ পৰিস্থিতিৰ কথা ক’ব খোজা হৈছে৷ কবিতাটোৰ শেষৰ স্তৱকটো এনেধৰণৰ–
“মানুহে কৈছে : ৰজাৰ মাতাল প্ৰহৰীবোৰে
তোমাক গোপনে হত্যা কৰিছে;
তোমাৰ শৱদেহটোও পোৱা নগ’ল৷
তোমাক মোৰ ক’বৰ মন যায় :
ফেডেৰিকো, তুমি আমাৰ ইয়ালৈ নাহিবা;
আহিলে ইয়াত আকৌ এবাৰ তোমাৰ মৃত্যু হ’ব
সেই একে অস্বাভাৱিকভাৱে৷”
সৰল প্ৰকাশ ভংগীৰে কবিতাটোত অসমৰ সংকটময় এছোৱা কালৰ ছবিখন ধৰি ৰখাৰ প্ৰয়াস কৰা হৈছে৷ ‘মানুহৰ মৃত্যু’ শীৰ্ষক কবিতাত আমাৰ মানুহৰ নাগৰিক সংবেদনাৰ অভাৱৰ ছবিখন প্ৰকাশ পাইছে৷ কবিতাটোৰ শিৰোনামটো পৰিহাসজনক৷ এখন বাহনে এটা ল’ৰাক খুন্দিৱাইছিল৷ ল’ৰাটোৰ মৃত্যু ঘটে৷ পথচাৰী মানুহবোৰৰ দুজন মানে উস আস কৰাৰ বাহিৰে ঘটনাটোৰ প্ৰতি কাৰো কোনো ভ্ৰূক্ষেপ নাই৷ আলিবাটৰ কাষত ল’ৰাটোৰ মৃত শৰীৰটো পৰি থাকে৷ কবিতাটোত বৰ্ণিত ঘটনাটো কেৱল এটা ল’ৰাৰ মৃত্যুৰ বিৱৰণেই নহয়, ই মানৱতাৰ মৃত্যু ঘটাৰো বিৱৰণ৷ ‘মানুহৰ মৃত্যু’ শিৰোনামটোৱে একেসময়তে মানৱতাৰ মৃত্যুলৈকো ইংগিত কৰিছে৷ কবিতাটোৰ শেষৰ স্তৱকত বৰ্ণিত ছবিখন মৰ্মান্তিক–
“মৃত্যুৰ কোনো বাছ-বিচাৰ নাই৷
উৰি যোৱা এজনী কাউৰীৰ ঠোঁটৰপৰা
এটা মৰা এন্দুৰ ধুপ কৰে সৰি পৰিল৷
মৃত ল’ৰাটোৰ কাষতেই৷”
মৃত্যু অতিকৈ নিষ্ঠুৰ৷ ই একো বাছ-বিচাৰ নকৰে৷ নিষ্ঠুৰ মৃত্যুৰ ওচৰত প্ৰকৃতিও নিৰ্লিপ্ত বা উদাসীন৷ কাউৰীৰ ঠোঁটৰপৰা এটা মৰা এন্দুৰ মৃত ল’ৰাটোৰ কাষত সৰি পৰা কথাটোৱে তাৰেই ইংগিত দিয়ে৷
অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা সংকলনখনত বীৰেশ্বৰ বৰুৱাৰ কাব্য-জীৱনৰ তিনিটা পৰ্বৰ কবিতা সন্নিৱিষ্ট হৈছে৷ প্ৰথমৰ কবিতাখিনি নব্বৈ দশকত লিখা৷ ‘মধ্যজীৱনৰ কবিতা’ শিতানটিত ১৯৬০-১৯৯০ সময়ছোৱাত লিখা কবিতা সন্নিৱিষ্ট হৈছে৷ আনহাতে ‘কৈশোৰিক কবিতা’ শিতানটিত কাব্য-জীৱনৰ আৰম্ভণিকালত অৰ্থাৎ ১৯৪৫-১৯৫০ সময়ছোৱাত লিখা কবিতাখিনি সন্নিৱিষ্ট হৈছে৷ কবিতাখিনিৰ কালানুক্ৰমিক অধ্যয়নে কবি বৰুৱাৰ কাব্য-যাত্ৰাৰ উত্তৰণৰ এক খতিয়ান পোৱাত পাঠকক সহায় কৰে৷
কবি বৰুৱাই অন্ত্যমিল ছন্দৰে কাব্য-জীৱন আৰম্ভ কৰিছিল৷ ‘কৈশোৰিক কবিতা’ শিতানত সন্নিৱিষ্ট হোৱা কেইবাটাও কবিতাত ছন্দ আৰু ভাবৰ স্বতঃস্ফূৰ্ত প্ৰৱাহ লক্ষ্য কৰিবলগীয়া৷ ‘মধ্যজীৱনৰ কবিতা’ শিতানত সন্নিৱিষ্ট কবিতাখিনিৰ সৈতে নব্বৈ দশকত লিখা কবিতাবোৰৰ ভাব আৰু কাব্য-ভাষাৰ দিশেৰে একধৰণৰ ধাৰৱাহিকতা থকা দেখা যায়৷ এই শিতানৰ এটা তাৎপৰ্যপূৰ্ণ কবিতা হ’ল ‘প্ৰত্যাৱৰ্তন’৷ দহ শাৰীৰ কবিতাটোত বক্তাই অতীতৰ স্মৃতিবিজড়িত কোনো এক ঠাইলৈ আহি থকাৰ কথা কৈছে৷ শিৰোনাম শব্দটোৱে প্ৰত্যাগমন বা উভতি অহা অৰ্থ বুজায় যদিও বক্তাৰ মতে সেয়া উভতি অহা নহয়৷ অন্য এটা বাটেৰে আহি থকাহে–
“আকৌ সেই ঠাইলৈকে মই আহি আছোঁ/
ঠিক উভতি নহয়; অন্য এটা বাটেৰে৷”
অতীতৰ কোনো স্মৃতি অথবা ঠাইৰ সৈতে বক্তাৰ পুনঃসংযোগ ঘটিছে৷ অতীতৰ সেই ঠাই সুখকৰ নাছিল৷ কাঁইট আৰু বিষাক্ত সাপেৰে ভৰা আছিল৷ কিন্তু জীৱনৰ অনেক শৰৎ-শীত-হেমন্ত পাৰ কৰা বক্তাক অতীতৰ সেই বিপদে এতিয়া শংকিত নকৰে৷ বক্তাৰ এই প্ৰত্যাৱৰ্তন যাত্ৰা একে সময়তে মানসিক উত্তৰণৰো যাত্ৰা৷ প্ৰথম শাৰী দুটা কবিতাটোৰ শেষত পুনৰাবৃত্তি হোৱা কথাটোৱে প্ৰত্যাৱৰ্তনৰ চিন্তাটোক ব্যঞ্জিত কৰিছে৷
‘ৰ’দ পৰিছে যি ঘাঁহনিত’ ছশাৰীৰ এটা চুটি কবিতা৷ প্ৰকৃতিৰ প্ৰতি একধৰণৰ আকুলতা কবিতাটোৰ প্ৰাণশক্তি৷ কবিতাৰ বক্তাক চহৰৰ যান্ত্ৰিক আৰু কৃত্ৰিম জীৱনে আমুৱাইছে৷ সেয়ে তেওঁ প্ৰকৃতিৰ মাজলৈ যাব বিচাৰিছে–
“পুৱাৰ বেলিৰ ৰ’দ পৰিছে যি ঘাঁহনিত
আমি সেই ঠাইলৈকে যাওঁ ব’লা৷
শিলৰ বুকু ফালি য’ত বৈছে নিজৰাৰ সোঁত
আমি সেই ঠাইলৈকে যাওঁ ব’লা৷”
‘শৰৎ’ শীৰ্ষক কবিতাত এলানি চিত্ৰকল্পৰে শৰতকালৰ এখন চিত্ৰ অংকন কৰিছে৷ ‘মই জীয়াই থাকিবলৈ বিচাৰোঁ’ শীৰ্ষক কবিতাত প্ৰকৃতি জীয়াই থকাৰ প্ৰেৰণা হৈ ধৰা দিছে৷ ‘যাতে আমিও’ শীৰ্ষক কবিতাত পৃথিৱী আৰু প্ৰকৃতিৰ দৰে মানুহৰ জীৱনো চিৰপৰিৱৰ্তনশীল, প্ৰাণোচ্ছল হৈ উঠাৰ ইচ্ছা প্ৰকাশ পাইছে৷ ‘যেন জীৱনটো চিৰহৰিৎ অৰণ্য’ শীৰ্ষক কবিতাত বক্তাই নিজৰ জীৱনক চিৰসেউজ অৰণ্যৰ লগত তুলনা কৰিছে৷ কেতিয়াবা প্ৰকৃতি হৈ পৰিছে হূদয়ৰ সূক্ষ্ম অনুভূতিক ব্যঞ্জনাঘন কৰি তোলা এক আধাৰ–
“নীৰৱতাৰ আওবতৰীয়া উচ্ছ্বাস
বিয়পি পৰিছে আকাশৰ অৰণ্যত;
তোমাক বিদায় দিবলৈ সকলোৱে সাজু হৈছে”
নিৰ্জনতা বৰুৱাৰ কবিতাৰ এটা প্ৰিয় বিষয় আছিল৷ নিৰ্জনতাই নিজক গভীৰলৈ ভুমুকি মাৰি চোৱাৰ অৱকাশ দিয়ে৷ নিৰ্জনতা মানে নিঃসংগতা নহয়৷ ই একধৰণৰ প্ৰশান্তি৷ কবি বৰুৱাৰ প্ৰকৃতিৰ প্ৰতি গভীৰ অনুৰাগৰ কাৰণো নিৰ্জনতা৷ এয়া জীৱন আৰু জগতক চোৱাৰো এক দৃষ্টিভংগী৷ জীৱনৰ প্ৰৱহমান উচ্চলতাৰ বিপৰীতে নিৰ্জনতা কেতিয়াবা চিৰশান্তিৰো দ্যোতক হৈ ধৰা দিছে৷ কিন্তু কবিয়ে সকলো সময়তে জীৱনৰে জয়গান গাবলৈ চেষ্টা কৰিছে৷
(আকাশৱাণী ডিব্ৰুগড় কেন্দ্ৰৰ সাহিত্যৰ অনুষ্ঠানত ইতিপূৰ্বে সম্প্ৰচাৰিত৷)