প্ৰকৃতিৰ কবিতাৰ পৰা পৰিৱেশবাদী কবিতালৈ: পশ্চিমীয়া সাহিত্যত পৰিৱেশ-চেতনাৰ ঐতিহাসিক বিকাশ

Issue: Vol. V, No. 3, November-January, 2026-27

হৰেকৃষ্ণ ডেকা

কবিতাৰ সৈতে প্ৰকৃতিৰ সম্পৰ্ক নতুন নহয়। মানুহে যেতিয়াৰে পৰা কবিতা লিখিবলৈ আৰম্ভ কৰিছে, তেতিয়াৰে পৰাই নদী, পৰ্বত, বন, বৰষুণ, পখিলা, চৰাই, সাগৰ, ঋতু, মাটি আৰু আকাশ কবিতাৰ বিষয় হৈ আহিছে। প্ৰাচীন গ্ৰীক-ৰোমান গ্ৰাম্য-প্ৰকৃতিৰ কবিতা(pastoral poetry), বাইবেলৰ বহু গীত, মধ্য যুগীয় ধৰ্মীয় কবিতা, টাং যুগৰ চীনা কবিতা, জাপানী হাইকু, কালিদাসৰ পৰা জয়দেৱলৈ সংস্কৃত কাব্য, বৈষ্ণৱ ভক্তিকাব্য— সকলোতেই মানুহ আৰু প্ৰকৃতিৰ অন্তৰংগ সম্পৰ্কৰ প্ৰকাশ দেখা যায়।

কিন্তু প্ৰকৃতিৰ কবিতা আৰু পৰিৱেশবাদী কবিতা (ecopoetry) একে বস্তু নহয়। প্ৰকৃতিৰ সৌন্দৰ্য, ঋতুৰ পৰিৱৰ্তন, চৰাই, পখিলাৰ উৰণ, বা চঞ্চল জল কল্লোলক লৈ কবিতা লিখিলেই তাক ecopoetry বুলি ক’ব নোৱাৰি। সমকালীন পৰিৱেশবাদী কবিতাত মূল প্ৰশ্নটো হৈছে— মানুহ, বাকী জীৱ জগত আৰু প্ৰকৃতিৰ সম্পৰ্ক কি? মানুহৰ সভ্যতা, প্ৰযুক্তি, অৰ্থনীতি আৰু ভোগবাদে প্ৰকৃতিক কেনেদৰে ৰূপান্তৰিত কৰিছে? আৰু মানুহে নিজকে প্ৰকৃতিৰ কৰ্তা বুলি ভাবিব নে নিজকে তাৰ এক অংশ হিচাপে ভাবিব?

প’য়েট্ৰী ফাউণ্ডেশ্যনত পৰিৱেশ প্ৰধান কবিতাৰ ওপৰত বিশেষ গুৰুত্ব দি অহা দেখা যায়। এওঁলোকে পৰিৱেশ কেন্দ্ৰিক কবিতাৰ মূল বৈশিষ্ট্য হিচাপে মানুহৰ কাৰ্যকলাপ আৰু পৰিৱেশৰ আন্তঃসম্পৰ্কক চিহ্নিত কৰিছে। ৰোমাণ্টিক প্ৰকৃতিৰ কবিতাত প্ৰকৃতিক কেতিয়াবা মানুহৰ পৰা পৃথক এক “natural world” হিচাপে দেখা হয়, কিন্তু পৰিৱেশ প্ৰধান কবিতাই মানুহ নিজেই সেই পৰিৱেশ তন্ত্ৰ(ecological system)ৰ অংশ বুলি উপলব্ধি কৰে।

এই অৰ্থত ecopoetry বা পৰিৱেশবাদী কবিতা কেৱল এটা সাহিত্যিক শ্ৰেণী (genre) নহয়; ই মানুহে পৃথিৱীৰ সৈতে কেনেদৰে বাস কৰে সেই সম্পৰ্কৰ কাব্যিক ধাৰণাৰ প্ৰক্ষেপণ।

পৰিৱেশবাদী কবিতা কেতিয়াৰ পৰা মূল সুঁতিলৈ আহিল? ইয়াৰ উত্তৰ এটা নিৰ্দিষ্ট বছৰৰ সৈতে বান্ধি দিয়া কঠিন। কাৰণ পৰিৱেশবাদী কবিতাৰ শিপা বহু পুৰণি প্ৰকৃতিৰ কবিতাৰ সৈতে জড়িত। কিন্তু সমকালীন পৰিৱেশবাদী কবিতা হিচাপে ইয়াৰ স্পষ্ট বিকাশ বিংশ শতিকাৰ মাজভাগৰ পৰা হোৱা দেখা যায়—বিশেষকৈ ১৯৬০ আৰু ১৯৭০ৰ দশকৰ পৰা পশ্চিমীয়া সাহিত্যত এইধৰণৰ কবিতা গুৰুত্বপূৰ্ণ হৈ উঠাটো দৃষ্টিগোচৰ হয়।

লৰেন্স বুৱেল (Lawrence Buell), উৰ্ছুলা কে হেইজ (Ursula K. Heise) আৰু কাৰেন থৰ্নবাৰ (Karen Thornber)-ৰ সাহিত্য আৰু পৰিৱেশ সম্পৰ্কীয় ইতিহাস অনুসৰি আধুনিক পৰিৱেশবাদী আন্দোলন (environmentalist movement)ৰ এটা আগতীয়া ৰূপ ঊনবিংশ শতিকাত দেখা গৈছিল; কিন্তু ১৯৬০ৰ দশকতহে পৰিৱেশ আন্দোলনে নতুন শক্তি লাভ কৰে। সাহিত্য অধ্যয়নৰ ক্ষেত্ৰত “ecocriticism” হিচাপে ইয়াৰ সুসংগঠিত বিকাশ অৱশ্যে মূলতঃ ১৯৯০ৰ দশকৰ পৰা।

সেয়ে তিনিটা স্তৰ পৃথক কৰি চোৱা সুবিধাজনক—

(ক) Nature poetry-ৰ দীঘলীয়া পৰম্পৰা— প্ৰাচীন কালৰ পৰা।

(খ) আধুনিক পৰিৱেশ-চেতনা (environmental consciousness) বিশেষকৈ ঊনবিংশ শতিকাৰ শেষৰ পৰা আৰু ১৯৬০ৰ দশকৰ পৰা তীব্ৰতৰ হোৱা পৰিৱেশবাদী সংবেদনা।

(গ) পৰিৱেশবাদী কবিতা/ পৰিৱেশবাদী কবিতা-তত্ত্ব (Ecopoetry/ecopoetics) হিচাপে সচেতন সাহিত্যিক ধাৰা— ১৯৬০–৭০ৰ দশকৰ কবিতাত শক্তিশালী ৰূপ লোৱা আৰু ১৯৯০ৰ দশকৰ ecocriticism-ৰ সৈতে তাত্ত্বিক ভিত্তি লাভ কৰা দেখা যায়।

জে স্কট ব্ৰাইছন (J. Scott Bryson)-ৰ Ecopoetry: A Critical Introduction (২০০২) এই নতুন সমালোচনামূলক ক্ষেত্ৰখনৰ অন্যতম গুৰুত্বপূৰ্ণ গ্ৰন্থ। সেই গ্ৰন্থত গেৰী স্নাইডেৰ (Gary Snyder), মেৰী অলিভাৰ (Mary Oliver), ডব্লিউ এছ মেৰৱিন (W. S. Merwin), ৱেণ্ডেল বেৰী (Wendell Berry) আদি কবিৰ কামক ecopoetry-ৰ আলোচনাৰ কেন্দ্ৰলৈ অনা হয়।

 ৰোমাণ্টিকতা (romanticism) হ’ল আধুনিক পৰিৱেশ চেতনাৰ এক গুৰুত্বপূৰ্ণ পূৰ্বসূৰী। পশ্চিমীয়া সাহিত্যত পৰিৱেশ সচেতন কবিতাৰ ইতিহাস আলোচনা কৰিলে Romanticism এৰাই যাব নোৱাৰি। অষ্টাদশ শতিকাৰ শেষ আৰু ঊনবিংশ শতিকাৰ আৰম্ভণিৰ ৰোমাণ্টিক কবিসকলে প্ৰকৃতিক কেৱল মানুহৰ পটভূমি হিচাপেহে দেখা নাছিল। বিশেষকৈ ৱিলিয়াম ৱৰ্ডছৱৰ্থে প্ৰকৃতি আৰু মানুহৰ মানসিক জীৱনৰ মাজত গভীৰ সম্পৰ্ক স্থাপন কৰিছিল। ৱৰ্ডছৱৰ্থৰ কবিতাত পৰ্বত, নদী, হ্ৰদ, গছ, চৰাই বা গ্ৰাম্য প্ৰকৃতি কেৱল “সুন্দৰ দৃশ্য” নহয়; প্ৰকৃতিয়ে মানুহৰ চেতনাক গঢ়ি তোলে। ‘Tintern Abbey’ বা ‘The Prelude’ত প্ৰকৃতিৰ সৈতে মানুহৰ আত্মিক আৰু মানসিক সম্পৰ্কৰ যি ৰূপ দেখা যায়, সেয়া পৰৱৰ্তী পৰিৱেশ চিন্তা(ecological thought)ৰ বাবে গুৰুত্বপূৰ্ণ।

ছেমুৱেল টেইলৰ কলৰিজ, পাৰ্চি বিশ্ব্ শ্বেলী, জন ক্লেয়াৰ আদি কবিৰ ক্ষেত্ৰতো প্ৰকৃতিয়ে এক স্বতন্ত্ৰ মূল্যবোধ বহন কৰে। বিশেষকৈ  জন ক্লেয়াৰ ক আধুনিক পৰিৱেশীয় কবিতাৰ আলোচনাৰ (ecocritical) পাঠত নতুনকৈ আৱিষ্কাৰ কৰা হৈছে। তেওঁৰ কবিতাত enclosure movement-ৰ ফলত গ্ৰাম্য ভূমি, পথ, চৰাই আৰু সাধাৰণ মানুহৰ জীৱন হেৰাই যোৱাৰ বেদনা আছে। অৰ্থাৎ প্ৰকৃতি ইয়াত কেৱল সৌন্দৰ্য নহয়— ভূমি স্বত্ব (land ownership), শ্ৰেণী বিভাগ আৰু পৰিৱেশৰ ভাৰসাম্য নষ্ট কৰাৰ চেতনাৰ প্ৰকাশ ইয়াত আছে।

পৰিৱেশবাদী সমালোচনাৰ আধুনিক অধ্যয়নে ১৭৮০–১৮৩০ৰ ইংৰাজী ৰোমাণ্টিক সাহিত্যৰ মাজত পৰিৱেশ, ভূমি আৰু পৰিৱেশ লুণ্ঠনৰ প্ৰশ্নসমূহ পুনৰ পাঠ কৰিছে। কিন্তু ইয়াত এটা গুৰুত্বপূৰ্ণ পাৰ্থক্য আছে। ৰোমাণ্টিক কবিতাত প্ৰকৃতি প্ৰায়ে মানুহৰ আত্মিক আৰু নৈতিক পুনৰ্জন্মৰ মাধ্যম। সাম্প্ৰতিক পৰিৱেশবাদী কবিতাত প্ৰশ্নটো অধিক কঠোৰ—মানুহৰ সভ্যতাই প্ৰকৃতিক ধ্বংস কৰি আছে নেকি —এই প্ৰশ্ন ইয়াৰ কেন্দ্ৰত।

আমেৰিকান Transcendentalism-ত মানুহ-প্ৰকৃতিৰ সম্পৰ্কৰ পৰিৱেশনা পৰিৱেশবাদী কবিতাৰ এবিধ পূৰ্বৰাগ বুলি ক’ব পাৰি। এই ক্ষেত্ৰত ৰাল্ফ ৱাল্ড ইমাৰছন আৰু হেনৰী ডেভিদ থৰোৰ অৱদান বিশেষ গুৰুত্বপূৰ্ণ। ইমাৰছনৰ Nature (১৮৩৬) আৰু থৰোৰ Walden (১৮৫৪)ত মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্ক আধুনিক সভ্যতাৰ সমালোচনাৰ সৈতে যুক্ত হয়।

থৰোৰ মূল প্ৰশ্ন আছিল—মানুহে প্ৰয়োজনতকৈ অধিক বস্তু, সম্পত্তি আৰু উৎপাদনৰ পিছে পিছে দৌৰি নিজৰ জীৱনটোক কিয় জটিল কৰি তুলিছে? Waldenত প্ৰকৃতিৰ সৈতে সহজ জীৱন যাপনৰ যি প্ৰস্তাৱ, তাৰ ভিতৰত পিছলৈ দেখা দিয়া ecological minimalism আৰু environmental ethics-ৰ এক ধৰণৰ পূৰ্ব চিন্তা আছে। ৱাল্ট হুইটমেনৰ কবিতাত আকৌ মানুহ আৰু বিশ্ব জগতৰ মাজত থকা এক বৃহৎ আন্তঃ সম্পৰ্কৰ প্ৰকাশ দেখা যায়। এমিলী ডিকিনছন, জেৰাল্ড মেনলী হ’পকিন্স, ৰবাৰ্ট ফ্ৰষ্ট, উইলিয়াম কাৰ্লছ উইলিয়ামছ্, মেৰিয়ান মূৰ আৰু এলিজাবেথ বিশ্বপ আদিৰ কবিতাতো মানুহৰ বাহিৰৰ পৃথিৱীৰ সূক্ষ্ম পৰ্যবেক্ষণ আছে। সেয়ে পৰিৱেশবাদী কবিতাৰ ইতিহাস সম্পূৰ্ণ শূন্যৰ পৰা ১৯৬০ত আৰম্ভ হোৱা বুলি কোৱা ভুল হ’ব। ২০১৩ৰ The Ecopoetry Anthologyখনেও ঊনবিংশ আৰু বিংশ শতিকাৰ আগৰ প্ৰকৃতিৰ কবিতাৰ পৰা ১৯৬০ৰ দশকৰ পৰিৱেশ-সচেতন কাব্যচিন্তালৈ এটা যোগসূত্ৰ নিৰ্মাণ কৰিছে।

ঊনবিংশ শতিকাৰ শেষৰ পৰা পশ্চিমীয়া সমাজত বন, বন্যপ্ৰাণী, নদী আৰু ভূমি সংৰক্ষণৰ প্ৰশ্ন ৰাজনৈতিক আৰু সামাজিক প্ৰশ্নলৈ পৰিণত হয়। জন মুইৰ (John Muir)ৰ nature writing, থিয়ডৰ ৰুজভেল্টৰ conservation politics আৰু পিছলৈ এল্ড’ লিওপল্ডৰ A Sand County Almanac—এইবোৰে মানুহৰ মালিকী মনোবৃত্তিৰ বিপৰীতে এক পৰিৱেশ কেন্দ্ৰিক নৈতিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিলে। লিওপল্ডৰ “land ethic”ৰ কেন্দ্ৰীয় ধাৰণা আছিল—মানুহ কেৱল ভূমিৰ মালিক নহয়; মানুহ পৰিৱেশিক পৰিয়াল (ecological community)ৰ সদস্য। এই চিন্তাই পৰৱৰ্তী পৰিৱেশবাদী কবিতাৰ এক কেন্দ্ৰীয় মূল্যবোধ—মানৱ কেন্দ্ৰিকতাৰ পৰা জৈৱ কেন্দ্ৰিকতালৈ গতি বুজিবলৈ সহায় কৰে।

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত পশ্চিমীয়া সমাজত বিজ্ঞান আৰু প্ৰযুক্তিৰ অভূতপূৰ্ব বিকাশ ঘটিল। কিন্তু একে সময়তে পাৰমাণৱিক অস্ত্ৰ, কল-কাৰখানাৰ প্ৰদূষণ, কৃষিত ব্যৱহৃত কীটনাশক আৰু ৰাসায়নিক সাৰ, দ্ৰুত নগৰীকৰণ  আৰু mass consumption-ৰ বিপদো স্পষ্ট হ’বলৈ ধৰিলে।

এই পৰিৱেশত ৰাচেল কাৰ্ছনৰ Silent Spring (১৯৬২) এক জলচ্ছেদ বুলি ক’ব পাৰি।

ৰাচেল কাৰ্ছন আৰু তেওঁৰ Silent Spring (১৯৬২)ৰ প্ৰচ্ছদ।

কাৰ্ছনে ডিডিটি আৰু অন্যান্য কীটনাশক ব্যৱহাৰৰ ফলত চৰাই, পোক-পতংগ, জীৱ-জন্তু আৰু মানুহৰ ওপৰত পৰা বিপদৰ বিষয়ে বৈজ্ঞানিক তথ্যৰ সৈতে সাহিত্যিক শক্তিৰে প্ৰকাশ কৰিলে। Silent Spring প্ৰকাশৰ পূৰ্বে The New Yorker-ত ইয়াৰ অংশ প্ৰকাশ পোৱাত ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছিল; গ্ৰন্থখন আধুনিক পৰিৱেশ আন্দোলনৰ এক অন্যতম অনুঘটক হৈ উঠিছিল।

কাৰ্ছনৰ বিশেষ অৱদান এইখিনিতে— তেওঁ পৰিৱেশ সংকটক কেৱল বৈজ্ঞানিক তথ্য হিচাপে নেদেখুৱাই এক নৈতিক আৰু মানুহৰ কল্পনা শক্তিৰ সংকট হিচাপে উপস্থাপন কৰিলে।

“প্ৰকৃতিৰ ওপৰত মানুহৰ নিয়ন্ত্ৰণ”ৰ আধুনিক বিশ্বাসৰ বিপৰীতে তেওঁৰ বক্তব্য আছিল—পৰিৱেশ তন্ত্ৰৰ জটিল আন্তঃ সম্পৰ্ক মানুহৰ ইচ্ছা মতে সলনি কৰিব নোৱাৰি। এই বৌদ্ধিক পৰিমণ্ডলতেই  সমকালীন ecopoetry শক্তিশালী হ’বলৈ আৰম্ভ কৰে।

গেৰী স্নাইডেৰ আৰু ১৯৬০ৰ দশকৰ পৰিৱেশতন্ত্ৰী কল্পনা

১৯৬০ৰ দশকৰ আমেৰিকান কবিতাত গেৰী স্নাইডেৰ বিশেষ গুৰুত্বপূৰ্ণ নাম। বীট জেনেৰেশ্যনৰ সৈতে সম্পৰ্কিত স্নাইডেৰে Zen Buddhism, Native American-সকলৰ পৰিৱেশ চেতনা, বন জীৱন আৰু বৈপ্লৱিক পৰিৱেশবাদৰ সংযোগ ঘটালে।

তেওঁৰ কবিতাত বন জীৱন কোনো ৰোমাণ্টিক প’ষ্টকাৰ্ড নহয়। বন হৈছে জীৱন্ত পৰিৱেশ তন্ত্ৰ, আৰু মানুহ তাৰ বাহিৰৰ কোনো সত্তা নহয়। স্নাইডেৰৰ গুৰুত্ব এইখিনিতে যে তেওঁ প্ৰকৃতি বিষয়ক কবিতাৰ পৰম্পৰাগত মানৱ কেন্দ্ৰিক দৃষ্টিকোণ সলনি কৰি পৰিৱেশৰ অংশীদাৰৰ ভাষা সৃষ্টি কৰিবলৈ চেষ্টা কৰিলে। তেনেদৰে সমসাময়িক পৰিৱেশবাদী কবিতাৰ লগত যুক্ত বহু কবিয়ে পৰম্পৰাগত চহা জীৱনৰ কবিতাৰ পৰা আগবাঢ়ি গুৰুত্বপূৰ্ণ পৰিৱেশ তন্ত্ৰী বিষয়ৰ ওপৰত মনোনিৱেশ কৰিছে।

এই সময়ত ৱেণ্ডেল বেৰী, ডব্লিউ. এছ. মেৰৱিন, ডেনিছ লেভেৰটভ, ৰবিনছন জেফাৰ্ছ, আৰ্চি এমনছ্, মেৰী অলিভাৰ আদি কবিৰ কামো পৰিৱেশবাদী কবিতা-চৰ্চাৰ কেন্দ্ৰলৈ আহে।

গেৰী স্নাইডেৰ

পৰিৱেশবাদী কবিতাৰ মূল পৰিৱেশ চেতনা কেনেধৰণৰ?

পৰিৱেশবাদী কবিতাৰ পৰিৱেশ চেতনা একমাত্ৰ “গছ ৰক্ষা কৰক” ধৰণৰ সৰল বাৰ্তা নহয়। ইয়াৰ কেইবাটাও স্তৰ আছে।

যেনে:

১. মানুহক বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰ বুলি ধৰা দৃষ্টিভংগীৰ প্ৰতি পৰিৱেশবাদী কবিতা সন্দেহশীল।

২. জীৱকেন্দ্ৰিকতা: মানুহৰ বাহিৰৰ জীৱৰো নিজস্ব মূল্য আছে—চৰাই, গছ, নদী, পোক-পতংগ, মাটি, সাগৰ আদিৰ।

৩. পৰস্পৰ-নিৰ্ভৰতা: মানুহ আৰু অমানৱিক জীৱ জগত পৃথক নহয়। খাদ্য, পানী, বায়ু, মাটি, জীৱাণু, উদ্ভিদ আৰু মানুহ—সকলো পৰিৱেশ নেটৱৰ্কৰ অংশ।

৪. শিল্প-বিপ্লৱৰ মানৱ কেন্দ্ৰিক চিন্তাৰ সমালোচনা: কল-কাৰখানা, নদী বান্ধ, খনন, জৈৱিক তেল নিষ্কাষণ, পোক-পৰুৱা ঔষধ, প্লাষ্টিক, গণ-উপভোগ —এইবোৰৰ পৰিৱেশৰ ওপৰত হোৱা প্ৰতিক্ৰিয়া কবিতাৰ বিষয় হৈ পৰিছে।

৫. স্থান-চেতনা: প্ৰকৃতি এক বিমূৰ্ত বিষয় নহয়; কবি কোনোবা নিৰ্দিষ্ট নদী, পাহাৰ, বন, উপত্যকা, নগৰ বা অঞ্চলৰ সৈতে সম্পৰ্কিত। সেয়ে স্থান-পৰিৱেশ এক গুৰুত্বপূৰ্ণ ধাৰণা।

৬. বিনাশ আৰু পৰিৱেশৰ যন্ত্ৰণা: সমকালীন কবিতাত বিলুপ্তপ্ৰায় চৰাই, গছ, প্ৰাণী আৰু পৰিৱেশতন্ত্ৰৰ অৱনতিৰ বাবে শোকৰ এক নতুন কাব্যিক ভাষা সৃষ্টি হৈছে।

৭. জলবায়ুৰ পৰিৱৰ্তন: আজিৰ পৰিৱেশবাদী কবিতাৰ অন্যতম বৃহৎ বিষয় হৈছে বিশ্বৰ উষ্ণতা বৃদ্ধি, সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি, অতিপাত খৰাং, বনজুই, প্ৰবল বানপানী, বৰফৰ দ্ৰুত গলন, চৰম বতৰ  আৰু জলবায়ু পৰিৱৰ্তনৰ কাৰণে হোৱা প্ৰব্ৰজন।

৮. প্ৰকৃতি বিষয়ক কবিতা আৰু পৰিৱেশবাদী কবিতাৰ পাৰ্থক্য: এই পাৰ্থক্যটো বিশেষ গুৰুত্বপূৰ্ণ। ধৰা হওক, কোনো কবিতাত বসন্তৰ ফুল, পখিলা আৰু নদীৰ সৌন্দৰ্য বৰ্ণনা কৰা হৈছে। ই nature poetry হ’ব পাৰে। কিন্তু যদি সেই একেখন নদীৰ কাষত নদীবান্ধ নিৰ্মাণ, প্ৰদূষণ, মাছৰ বিলুপ্তি আৰু মানুহৰ জীৱনৰ ওপৰত তাৰ প্ৰভাৱো কবিতাৰ অন্তৰ্ভুক্ত হয়, তেন্তে কবিতাটো পৰিৱেশবাদী চেতনাৰ দিশে আগবাঢ়ে। অৰ্থাৎ প্ৰকৃতি কবিতাৰ মূল ভাব: “প্ৰকৃতি সুন্দৰ।” আনহাতে পৰিৱেশবাদী কবিতাৰ চেতনালৈ আহিব এনেকুৱা প্ৰশ্ন, “প্ৰকৃতিৰ সৌন্দৰ্য আৰু জীৱন ব্যৱস্থা মানুহৰ কাৰ্যকলাপৰ সৈতে কেনেদৰে জড়িত, আৰু মানুহে সেই ব্যৱস্থাটোৰ সৈতে কি কৰিছে?”

কবিতা এতিয়া কেৱল “মোৰ গাঁৱৰ নদী” নহয়; সেই নদী global carbon cycle, ocean system, industrial economy আৰু climate change-ৰ সৈতে কেনেকৈ যুক্ত— সেইটোও কবিতাৰ চিন্তাৰ অংশ হ’ব পাৰে।

একালত প্ৰকৃতিৰ কবিতাই শান্তি, সৌন্দৰ্য আৰু transcendence বিচাৰিছিল। আজিৰ কবিতাত সেই সৌন্দৰ্যৰ সৈতে উদ্বিগ্নতা, শোক, অপৰাধবোধ আৰু অনিশ্চয়তা সংযুক্ত হৈছে।

এখন শুকাই যোৱা নদী, গলি যোৱা বৰফ প্ৰপাত (glacier), জ্বলি যোৱা বন, বিলুপ্ত হোৱা চৰাই বা প্লাষ্টিকেৰে ভৰি পৰা সাগৰ —এইবোৰ এতিয়া নান্দনিক চিত্ৰকল্প নহয়; পৰিৱেশীয় সতৰ্কবাণী (ecological warning।)

কিন্তু ভাল পৰিৱেশবাদী কবিতাৰ শক্তি কেৱল আতংক সৃষ্টি কৰাত নাই। ই মানুহৰ কল্পনা প্ৰতিভাক পুনৰ জাগ্ৰত কৰে। জন ফেলষ্টিলাৰ(John Felstiner)-ৰ ‘Can Poetry Save the Earth?’ৰ আলোচনাতো কবিতাৰ এটা গুৰুত্বপূৰ্ণ ক্ষমতা হিচাপে মানুহৰ অনুভূতি আৰু মনোযোগ পুনৰ প্ৰকৃতিৰ জীৱন্ততাৰ ফালে ঘূৰাই অনাৰ কথা উত্থাপিত হৈছে।

উপসংহাৰ: Ecopoetry—প্ৰকৃতিৰ কবিতা নহয়, সম্পৰ্কৰ কবিতা

সামগ্ৰিকভাৱে চালে ecopoetry-ৰ ইতিহাস এটা নতুন সাহিত্য ৰূপ(genre)ৰ হঠাৎ জন্মৰ ইতিহাস নহয়। ই গ্ৰাম্য প্ৰকৃতিৰ কবিতা ( pastoral poetry), →ৰোমাণ্টিক প্ৰকৃতি কবিতা (Romantic nature poetry), →জীৱ-সংৰক্ষণ সাহিত্য (conservation writing), আধুনিক পৰিৱেশীয় কবিতা (modern environmental poetry),→ পৰিৱেশবাদী কবিতা (ecopoetry),→ পৰিৱেশবাদী সমালোচনা (ecocriticism), নৃকেন্দ্ৰিক কবিতা (Anthropocene poetry) —এই দীঘলীয়া বৌদ্ধিক বিৱৰ্তনৰ ফল।

সেয়ে পৰিৱেশবাদী কবিতা কেতিয়াৰ পৰা আৰম্ভ হ’ল বুলি সোধা প্ৰশ্নৰ আটাইতকৈ যুক্তিসংগত উত্তৰ হ’ব—ইয়াৰ শিপা প্ৰাচীন প্ৰকৃতি কবিতা (nature poetry)ত, আধুনিক নৈতিক ভিত্তি ৰোমাণ্টিক কবিতাৰ অন্তৰালৰ অনুভূতিত আৰু ঊনবিংশ শতিকাৰ সংৰক্ষণবাদী চিন্তাত, কিন্তু সাম্প্ৰতিক পৰিৱেশবাদী কবিতা হিচাপে ইয়াৰ শক্তিশালী উত্থান ১৯৬০–৭০ৰ দশকত। ১৯৯০ৰ দশকৰ পৰিৱেশবাদী সমালোচনাই ইয়াক এক সুসংগঠিত তাত্ত্বিক ক্ষেত্ৰ প্ৰদান কৰে।

এই পৰিৱৰ্তনৰ মূল তাৎপৰ্য হ’ল—কবিতাত প্ৰকৃতি এতিয়া কেৱল মানুহে চোৱা কোনো দৃশ্য নহয়। নদী, বন, চৰাই, মাটি, সাগৰ, বায়ু আৰু মানুহ—সকলো একে পৰিৱেশ তন্ত্ৰৰ অংশ।

পৰম্পৰাগত প্ৰকৃতি কবিতাই কেতিয়াবা সুধিছিল— “প্ৰকৃতি কিমান সুন্দৰ?” আনহাতে, পৰিৱেশবাদী কবিতা এটা কেন্দ্ৰীয় প্ৰশ্নৰে ভাৰাক্ৰান্ত: “এই পৃথিৱীত আমি কেনেদৰে বাস কৰিছোঁ?” আৰু তাৰো গভীৰত— “আমি যি পৃথিৱীৰ অংশ, সেই পৃথিৱীখনক আমি কিমান দূৰলৈ ধ্বংস কৰি আছোঁ?”

এই কাৰণেই একবিংশ শতিকাত পৰিৱেশবাদী কবিতা কেৱল এটা সাহিত্যিক প্ৰচল নহয়। ই আমাৰ সময়ৰ এক নৈতিক, দাৰ্শনিক আৰু নান্দনিক প্ৰয়োজনৰ প্ৰশ্নৰেও উত্তাল। পৃথিৱীৰ পৰিৱেশ সঙ্কট যিমান গভীৰ হৈছে, মানুহ আৰু অমানৱিক জগতৰ সম্পৰ্কক পুনৰ কল্পনা কৰাৰ প্ৰয়োজনো সিমানেই গভীৰ হৈছে। সেই পুনৰ কল্পনাৰ অন্যতম সূক্ষ্ম আৰু শক্তিশালী মাধ্যম হৈছে সাম্প্ৰতিক পৰিৱেশবাদী কবিতা। ৱৰ্ডছৱৰ্থে ৰোমাণ্টিক কবিতাৰ মাজলৈ নৈতিকতাৰ প্ৰসঙ্গ নমাই আনিছিল। এতিয়াৰ প্ৰদূষিত বায়ুমণ্ডলৰ পৃথিৱীত এই প্ৰসঙ্গ আৰু অধিক সংবেদনশীলতাৰে প্ৰকাশিত হ’ব ধৰিছে।

আলোচনা সামৰাৰ আগতে দুজন বিশিষ্ট কবিৰ দুটা ইংৰাজী কবিতাৰ অনুবাদ পৰিৱেশবাদী কবিতাৰ চানেকি হিচাপে আগবঢ়ালোঁ।

গেৰী স্নাইডাৰেৰ এটা কৱিতাৰ অসমীয়া অনুবাদ :

উপত্যকাৰ তলফাল ধোঁৱাৰে ধুঁৱলী-কুঁৱলী।
পাঁচ দিন বৰষুণৰ পিছত, তিনি দিন ধৰি গৰম।
পাইনৰ গুটিবোৰৰ ওপৰত আঠা জিলিকিছে।
শিল আৰু ঘাঁহনিৰ মাজেৰে
নতুন মাখিৰ জাক।
মই এসময়ত পঢ়া কথাবোৰ মনত পেলাব পৰা নাই।
কেইজনমান বন্ধু আছে, কিন্তু তেওঁলোক চহৰত আছে।
টিনৰ বাতিৰ পৰা খোৱা বৰফৰ চেঁচা পানী।
মাইলৰ পিছত মাইল তললৈ চাই আছোঁ
ওখ, নিশ্চল বতাহৰ মাজেৰে।

দ্বিতীয় কবিতাটো মেৰী অলিভাৰৰ:

গ্ৰীষ্মৰ দিনটো

কোনে সাজিলে এই পৃথিৱী?
কোনে সাজিলে ৰাজহাঁহ, আৰু ক’লা ভালুক?
কোনে সাজিলে ফৰিংটোক?
এই ফৰিংটোৰ কথাই কৈছোঁ—
যি ঘাঁহনিৰ পৰা জাঁপ মাৰি ওলাই আহিল,
যি মোৰ হাতৰ পৰা চেনিৰ টুকুৰা খাইছে,
যি নিজৰ থুঁতৰিটো ওপৰ-তল কৰাৰ পৰিৱৰ্তে ইফালে-সিফালে লৰাইছে—
যি নিজৰ ডাঙৰ আৰু জটিল চকুৰে চাৰিওফালে চাইছে।
এতিয়া তাই তাইৰ শেঁতা আগ ঠেং দুখনি দাঙি মুখখন ভালদৰে ধুইছে।
এতিয়া তাই ডেউকা মেলিলে, আৰু বতাহত উৰি গ’ল।
প্ৰাৰ্থনা বাৰু প্ৰকৃততে কি, মই সঠিককৈ নাজানো।
মই কেৱল জানো কেনেকৈ মনোযোগ দিব লাগে,
কেনেকৈ ঘাঁহনিৰ মাজত শুই পৰিব লাগে, কেনেকৈ আঁঠু কাঢ়িব লাগে,
কেনেকৈ নিষ্কৰ্মা হৈ আশীৰ্বাদপুষ্ট অনুভৱ কৰিব লাগে,
কেনেকৈ পথাৰৰ মাজেৰে খোজ কাঢ়ি ফুৰিব লাগে—
যিটো মই আজি ওৰেটো দিন কৰি আছোঁ।
কোৱাচোন, মই আৰুনো কি কৰিব লাগিছিল?
শেষত সকলোৰে মৃত্যু নহয় জানো, অতি সোনকালে?
কোৱাচোন, তোমাৰনো কি পৰিকল্পনা আছে?
তোমাৰ এই একমাত্ৰ বন্য আৰু অমূল্য জীৱনটোক লৈ?

[টোকা: প্ৰবন্ধটোৰ বাবে তথ্য-পাতি বিভিন্ন উৎসৰ পৰা লোৱা হৈছে।]