আনিছ উজ জামানৰ কবিতা : অনুভূত শব্দৰ বাচ্যাতীত ব্যঞ্জনাৰ দীপ্তি

Issue: Vol. V, No. 3, November-January, 2026-27

ড০ দীপকজ্যোতি বৰুৱা

আনিছ উজ্‌ জামানে কবি হিচাপে আত্মপ্ৰকাশ কৰি পোনতেই দেখুৱাবলৈ সক্ষম হৈছিল তেওঁৰ সম্ভাৱনাময় কাব্য-ভৱিষ্যতক৷ কবিতাৰে তেওঁ তেওঁৰ ‘আত্ম’ৰ নিবিড় সন্ধান কৰোঁতে স্বল্পতাৰে তেওঁৰ আত্মবোধক এনেধৰণে আগবঢ়াব বিচাৰে, যাতে পাঠকৰ সংবেদনত তাৰ ধ্বনিৰ অনুভৱ দীৰ্ঘ স্থায়ী হৈ থাকে৷

১৯৭৩ চনৰ ফেব্ৰুৱাৰী মাহত মাহেকীয়া কবিতাৰ বিশেষ বছৰেকীয়া সংখ্যাত প্ৰকাশ পোৱা তেওঁৰ কাব্য জীৱনৰ প্ৰাতঃকালৰ দুটি কবিতাৰ এটা হ’লগৈ ‘কবিতা’৷ কবিতাটো–

কবিতা

(১)
জোনাকে কাটি যায় হৃদয়
থৈ যায় অনন্ত দিনৰ সোণালী শয্যাত
তাৰ ৰূপোৱালি অৱস্থিতি৷
(২)
মলয়াৰ পৰশে কঁপাই
নাৰিকলৰ চিৰিলি পাত
তাত জীৱন্ত কৈশোৰৰ দিন লাগি ৰয়৷
(৩)
বতাহে সাজি দিয়া শূন্যৰ ঢৌত
স্মৃতিৰ কুণ্ডলী ওলমি থাকি
প্ৰেমক নিচুকায়৷

কবিতাটিত কবিৰ প্ৰেম-বিশেষ স্মৃতি ধ্বনিত হৈছে জোনাক, মলয়া বতাহ আদি প্ৰকৃতিৰ কেইটিমান প্ৰকৰণৰ মাধ্যমত সৃষ্ট সাধাৰণ ভাৱে আমাৰ সকলোৰে চিনাকি এক পাৰিপাৰ্শ্বিক আৱহৰ মাধ্যমত৷ অতি প্ৰাত্যহিক তথা সাধাৰণভাৱে চিনাকি এনেবোৰ প্ৰকৰণৰ মাধ্যমত সৃষ্ট চিত্ৰকল্পবোৰেই কিন্তু পাঠকৰ মন-প্ৰদেশত কবিৰ হৃদয়ৰ প্ৰেম-বিষাদৰ ছবিখন মূৰ্ত কৰি তোলাত সহায় কৰিছে৷ তিনিশৰীয়া একোটা স্তৱক আৰু এনে গঢ়ৰ তিনিটা স্তৱকৰ নাতিহ্ৰস্ব এটা কবিতা! কবিতাটোৰ কাব্যিক স্বৰ(tone)টোৱে পাঠকৰ ভাবানুভূতিত সহজেই খুন্দিয়ায় : প্ৰেমৰ অভিঘাত-নিঃশেষ অৱস্থানটোৱেও যে কবিক প্ৰেমৰ পৰা নিস্তাৰ দিব পৰা নাই, সেই প্ৰসংগটোৱেই কবিতাটোৰ নিগূঢ় স্বৰটোক অনুনাদিত কৰিছে৷ কবিতাটোৰ শেষৰ দুটা শব্দ : ‘প্ৰেমক নিচুকায়’য়ে কবিৰ দ্বাৰা অনুভূত সেই বিশেষ শূন্য স্থানৰ পৰা স্মৃতিৰ কুণ্ডলী হৈ ওলমি থকা প্ৰেমৰ বিশিষ্টতাৰ কথাটোকহে কিন্তু আওপাকে প্ৰতিনিধিত্ব কৰিছে৷ এইদৰেই এক সৰল কাব্য ভাষাৰে (অভিব্যক্তিৰ প্ৰগাঢ়তা অবিহনেই) প্ৰেমৰ মাহাত্ম্যৰ ৰেশ কবিয়ে আমালৈ আগবঢ়াইছে৷

এতিয়া মাহেকীয়া কবিতাৰ উক্ত বিশেষ বছৰেকীয়া সংখ্যাত প্ৰকাশ পোৱা কবিগৰাকীৰ দ্বিতীয়টো কবিতাৰ প্ৰসংগলৈ আহোঁ৷ ‘নিৰ্জনতাৰ মাজত’ কবিতাটিতো কবিয়ে স্মৃতিকাতৰ হৈ এবাৰ প্ৰেমৰ দিনলৈ উভতি চাইছে৷ কবিতাটোৰ নামটোতেই আভাসিত হৈ আছে স্মৃতি-নিবিড় এটাৰ বিশেষ মুহূৰ্তৰ কথা – যি মুহূৰ্ত কবিৰ বাবে অতিকে গুৰুত্বপূৰ্ণ, কাৰণ নিজ হৃদয়তলিত নিগূঢ়ভাৱে অৱগুণ্ঠিত হৈ থকা তেওঁৰ প্ৰেম-প্ৰতীতিৰ সামগ্ৰিক বোধটোৰ ভেটি কঁপাই তেওঁক অস্থিৰ কৰি তুলিব পাৰে স্মৃতি-উদ্দীপক এনে একোটা বিশেষ মুহূৰ্তই৷ উক্ত প্ৰসংগতে, তেওঁৰ স্মৃতিকাতৰ অৱস্থাটোৰ সন্দৰ্ভ(Context)টো পাঠকৰ মননৰ বাবে অতিকৈ তাৎপৰ্যপূৰ্ণ৷ মুহূৰ্তটোৰ পটভূমিটোৰ বিষয়ে প্ৰথমতেই আমাক জনোৱা হৈছে– “সন্ধ্যা নৈৰ পাৰৰ মলয়াৰ ৰাগ” বুলি৷ অৰ্থাৎ, বুজিবলৈ অসুবিধা নহয় যে জীৱনৰ সন্ধিয়াক হঠাতে প্ৰগল্‌ভ কৰি তোলা অতীতৰ প্ৰেমৰ দীপ্তিৰ কথাকে ইয়াত কোৱা হৈছে৷ দ্বিতীয় স্তৱকৰ জৰিয়তে কবিয়ে তেওঁৰ সময়-আক্ৰান্ত শাৰীৰিক পৰ্বান্তৰৰ কথা আওপাকে আভাসিত কৰিবলৈ প্ৰয়াস কৰিছে এইদৰে– ‘‘মোৰ দেহত বয়সৰ চাপ পৰাৰ উমান নেপাওঁ৷’’

প্ৰকৃততে কবিয়ে এইদৰেই বিস্ময়-বিমুগ্ধ চিত্তে তেওঁৰ এটা আৱিষ্কাৰৰ বিষয়ে আমাক উৎকৰ্ণ কৰি তুলিবলৈ প্ৰয়াস কৰিছে আৰু সেই আৱিষ্কাৰটো হ’ল এই যে– প্ৰকৃতিয়ে দিয়া বয়সৰ ওচৰত, সময়ৰ ওচৰত প্ৰকৃত প্ৰেমে কেতিয়াও হাৰ মানিব নোখোজে৷ চাৰিটা স্তৱকৰ চুটি কবিতাটোৰ শেষৰ স্তৱকটোত তেওঁ অধিক প্ৰত্যয়েৰে ঘোষণা কৰিছে তেওঁৰ প্ৰেম-তটিনীৰ শক্তিশালী প্ৰত্যয়শীল গতিৰ কথা৷ ই যেন তেওঁৰ শৰীৰৰ তেজৰ সুঁতিৰেই একনিষ্ঠতাৰে বৈ আহিছে, বৈ থাকিব৷ উক্ত তটিনীৰ স্থিতধী সূৰ্যসম কামনাই সামগ্ৰিক অৰ্থত প্ৰেমৰ শক্তিশালী, অবিচলিত তথা দীপ্তিমান প্ৰত্যয়কেই সূচিত কৰিছে৷ দুশৰীয়া স্তৱকটো:

“বৈ থকা মোৰ তেজৰ সুঁতিৰেই বৈ যায়
সূৰ্যৰ জ্বলন্ত কামনা৷”

ৰোমাণ্টিক কাব্যত সচৰাচৰ স্বপ্নপ্ৰসু কোমল উপমালংকাৰ তথা ৰূপকালংকাৰৰ প্ৰয়োগ ঘটা দেখা যায় আৰু এই কবিতাটিতো প্ৰথম তিনিটা স্তৱকৰ ক্ষেত্ৰত সেয়াই ঘটিছে৷ “সন্ধ্যা নৈৰ পাৰৰ মলয়াৰ ৰাগ”, “পখিলা আহি ফুলত পৰাৰ দৰে… স্মৃতিৰ পাখিয়ে কোবাই যায়”, “বসন্তৰ ৰাগিনী শুনোৱা ব’হাগ” –এনেধৰণৰ অভিব্যক্তি সত্ত্বেও কিন্তু কবিতাটোৰ সামগ্ৰিক আৱেশটো শেহৰ স্তৱকত পৃথক ধ্বনিগত অনুষংগ থকা এক চিত্ৰকল্পৰ জৰিয়তে এক ‘পৃথক’ দ্যোতনাৰ ফালে অগ্ৰসৰ হৈছে৷ শেহৰ স্তৱকত সূৰ্যৰ চিত্ৰকল্পটোৱে কঠিনতাৰ এক ধ্বনিগত অনুষংগৰ সঞ্চাৰণ ঘটাইছে৷ ‘সূৰ্যৰ জ্বলন্ত কামনা’ৰ সাযুজ্যতা তেওঁ বিচাৰি পাইছে নিজ তেজৰ সুঁতিত তেওঁৰ প্ৰেম সন্দৰ্ভত৷ অৰ্থাৎ, সময়-আক্ৰান্ত তেওঁৰ ঐহিক পৰ্বান্তৰ (‘সন্ধ্যা নৈৰ পাৰৰ মলয়াৰ ৰাগ’) সত্ত্বেও তেওঁ এতিয়া অনুভৱ কৰা প্ৰত্যয়টো হ’লগৈ নিজ সূৰ্যসম শক্তিৰে তেওঁৰ প্ৰেমে সময়কো জয় কৰিবলৈ যেন সক্ষম হৈছে! শ্বে’ক্সপীয়েৰে তেওঁৰ ছনেটত প্ৰেমক এটা ‘ever-fixed mark’ হিচাপে গ্ৰহণ কৰিছিল৷ শ্বে’ক্সপিয়েৰৰ ১৮ নং ছনেটটো এইদৰে আৰম্ভ হৈছে– “Shall I compare thee to a Summer day?”

শেষৰ ফালে ৩ নং স্তৱকত তেওঁ কবিতাটোৰে নিজকে এইবুলি এটা প্ৰত্যয় দান কৰিছে যে তেওঁৰ প্ৰেমাস্পদৰ ‘eternal summer’ কেতিয়াও নিষ্প্ৰাণ হ’ব নোৱাৰে:

“But thy eternal summer shall not fade,
Nor lose possession of that fair thou ow’st…”

একেদৰে আনিছ উজ্‌ জামানৰ ‘নিৰ্জনতাৰ মাজত’ কবিতাটোৰ সামগ্ৰিক পৰিধিটোকো এনেধৰণৰ এক প্ৰত্যয়বোধেই মূল চালিকা শক্তি প্ৰদান কৰিছে৷

কবিগৰাকীৰ কাব্য পৰিক্ৰমা যথেষ্ট দীঘলীয়া৷ সৌ সিদিনালৈকে তেওঁ হাতত কলমটো ভগ্ন স্বাস্থ্য সত্ত্বেও সজোৰে ধৰি ৰাখিছিল আৰু কাব্য সাহিত্যিক হিচাপে নিজ অখণ্ড পৰিচয় পাঠকৰ মনত বিশেষভাৱে খোদিত কৰি ল’বলৈ সক্ষম হৈছিল৷ স্থানাভাৱত ইয়াত তেওঁৰ নিৰ্বাচিত কেইটিমান কবিতাৰহে এটি আলোচনা আগবঢ়াব পৰা গ’ল৷

ৰোমাণ্টিক কবি হিচাপে আত্মপ্ৰকাশ কৰা কবিয়ে লিখিবলৈ আৰম্ভ কৰিলে আধুনিক মেজাজৰ কবিতা৷ তেওঁৰ ৰোমাণ্টিক মনটোক পৰৱৰ্তী সময়ৰ ঐহিক, সামাজিক, পাৰিৱেশিক বাস্তৱৰ অভিঘাত, প্ৰাত্যহিক জগতৰ তথা সমকালৰ গতি-প্ৰকৃতিৰ অভিঘাত তথা হৃদয়-সংকটে কেনেকৈ নতুন ধাৰাৰ অভিব্যক্তিৰ সন্ধান কৰিবলৈ বাধ্য কৰি তুলিছিল, তাৰ সূক্ষ্ম নিদৰ্শন পিছৰ ফালৰ বহু কবিতাতেই মূৰ্তমান হৈ আছে৷ কিন্তু এনে অভিঘাত সত্ত্বেও সমাজ তথা লোকজীৱনত অন্তৰ্লীন হৈ থকা উৰ্বৰ ঐতিহ্যই তেওঁৰ হৃদিবোধক কোনোদিনেই এৰা-পৰলীয়া নকৰিলে৷ গতিকে, তেওঁৰ কবিতাত অনুৰ্বৰতাৰ, অৱক্ষয়ৰ প্ৰত্যক্ষ চিত্ৰ কিম্বা প্ৰতিবিম্ব নাই; কিম্বা তেওঁৰ কবিতাৰ ঢালটোৱে ভাগৰুৱা হৃদয়ক প্ৰতিনিধিত্ব কৰা নাই; ইয়াৰ সলনি অৱক্ষয়ৰ চিন্তাই আনিব পৰা আতংকৰ ঠাইত শুভৰ ঐতিহ্যক বিশ্বাসৰ দণ্ডেৰে বিচাৰ কৰি নিজ জীৱন স্পৃহাক আলোকসম্পাতী ৰূপত কবিতাৰে ব্যঞ্জিত কৰি তোলাহে আছিল তেওঁৰ কাব্যৰ মূল উদ্দেশ্য৷ এই মনস্তাত্ত্বিক দিশটোৰ আধাৰতে কবিৰ ৰোমাণ্টিক-আধুনিক মনটোৰ স্বৰ-স্পন্দনৰ ভেটিত তেওঁৰ কাব্য পৰিক্ৰমাই বাট কাটিছিল৷ সেই অৰ্থতেই তেওঁ যেন বাৰে বাৰে নিজেই নিজৰ সন্ধানত ব্যস্ত হৈ পৰিছিল৷ তেওঁৰ ‘আত্ম’ৰ সন্ধানৰ মাজতেই তেওঁৰ জীৱন স্পৃহাৰ ৰিঙো পাঠকে লাভ কৰিব৷ কিবা এটা হেৰুওৱাৰ ভয়ে যেন তেওঁক সততে বিতত কৰি ৰাখিছিল, সেয়েহে ‘আশা’ক প্ৰত্যয়ৰ ভেটি কৰি লৈ তেওঁ আগবাঢ়িবলৈ প্ৰয়াস কৰিছিল৷ একধৰণৰ ৰোমাণ্টিক-এণ্টিৰোমাণ্টিক আৱহৰ মাজতে সাৰ পাই উঠিছিল তেওঁৰ কবিসত্তা৷ তেওঁৰ অন্তৰে বিচাৰিছিল সেই পথ, যি পথেৰে গ’লে জীৱন অনুকূলে মানুহ জীয়াই থাকিব পাৰে; হেজাৰ নেতিৰ মাজতো স্বস্তিৰে উশাহ ল’ব পাৰে৷ এটা সময়ত অৱশ্যে কবিয়ে ৰোমাণ্টিকতাৰ আৱেশৰ পৰা তেওঁৰ কবিতাক স্বতঃপ্ৰবৃত্ত হৈ আঁতৰাই আনিবলৈও প্ৰয়াস কৰিছিল (যদিও পৰ্বান্তৰত তেওঁ ৰোমাণ্টিক-এণ্টিৰোমাণ্টিকতাকেই নিজৰ বাবে পথ নিৰ্দেশক কৰি লৈছিল)৷ ‘মূৰ্ত’ কবিতাটো তেনে এটা কবিতাৰেই চানেকি৷ যুগসুলভ মানসিকতাৰে তথা নতুন ৰূপান্তৰবাদী চেতনাৰে তেওঁ এই কবিতাটো লিখিছিল৷ এক গতিশীল নৱচেতনাৰ প্ৰেষণা কবিতাটোৰ অন্তৰালত ক্ৰিয়াশীল হৈ আছে৷ কবিতাটোৰ প্ৰথম স্তৱকটোৱেই এই প্ৰেষণাটোৰ সাক্ষ্য দিয়ে:

‘‘আই তোৰ আন্ধাৰৰ হাতখন ভাঙি দিলোঁ৷
কেঁচুৱা পৰুৱাবোৰ বগাই আহি এতিয়াহে পোহৰ দেখিব :
ইমানপৰে সিহঁতে উমান নেপাইছিল৷
এক নতুন চেতনা জন্ম হোৱাৰ কথা৷”

পৰুৱাৰ জীৱনচক্ৰত নিজ সামাজিক বান্ধোন তথা ঐক্যৰ শক্তিৰ মুখ্য ভূমিকাৰ কথা আমি সকলোৱে জানো৷ সামাজিক ঐক্যতানৰ জৰিয়তেহে আন্ধাৰ আঁতৰাই ঊষাক আদৰিবলৈ সক্ষম হ’ব মুক্তিপ্ৰয়াসী মানৱ জাতিয়ে৷ খুব স্পষ্টভাৱেই স্তৱকটোৰ চতুৰ্থ শাৰীত কবিয়ে সেই অৰ্থতেই ‘নতুন চেতনা’ৰ কথা কৈছে৷ স্তৱকটোৰ তথা কবিতাটোৰ প্ৰথম শাৰীৰ শক্তিশালী বহিৰ্মুখী আবেদনে কবিতাটোত সামগ্ৰিকভাৱে সন্নিহিত হৈ থকা কবিৰ ৰূপান্তৰৰ সামগ্ৰিক প্ৰত্যয়বোধটোকে বিশেষ ধ্বনিগত অনুষংগৰ জৰিয়তে ধৰি ৰাখিবলৈ সক্ষম হৈছে৷ কবিতাটোত কাৰ্যতঃ কাব্যৰ চাকচিক্যক বিসৰ্জন দিয়া হৈছে, কিন্তু চিত্ৰকল্পৰ স্পষ্ট অনুনাদৰ (যথা : “আই তোৰ আন্ধাৰৰ হাতখন ভাঙি দিলোঁ”) মাৰফত কবিতাটোৱে ইয়াৰ নিজস্ব উদ্দেশ্যধৰ্মিতাৰে পূৰ্ণতা লাভ কৰিবলৈ সক্ষম হৈছে৷ কবি যেন এতিয়া আৰু সপোন-মগন হৈ থাকিবলৈ বাধ্য নহয়; ৰোমাণ্টিকতাক উপেক্ষা কৰি বাস্তৱ-জিজ্ঞাসাৰ বিস্তৃতি সাধনেৰে তেওঁ এতিয়া এক নতুন দীক্ষাৰে দীক্ষিত হোৱাৰ ইংগিত কবিতাটোত সৰ্বব্যাপ্ত হৈ আছে৷ অৱশ্যে এই ধাৰাতেই তেওঁ কবিতা লিখি গৈ নাথাকিল৷ প্ৰকৃততে তেওঁৰ কবিতাৰ প্ৰস্থিতি প্ৰথাগত সাঁচ অথবা ফৰ্মৰ পৰা বহু পৰিমাণে মুক্ত৷ ভাব-উদ্দীপকৰ চৰিত্ৰ ভেদে তেওঁৰ কাব্যৰ চৰিত্ৰও ভিন্ন শ্ৰেণীৰ হয়, হ’বলৈ বাধ্য হয়৷ ‘পুৰণা নীলা খামটো’ –এই কবিতাটোলৈকে এবাৰ মন কৰক৷ ‘মূৰ্ত’ কবিতাটোত থকা ধৰণৰ ৰূপান্তৰমুখী, সমাজমুখী চেতনৰ প্ৰতীতি কিম্বা অনুৰণন ইয়াত পোৱা নাযাব৷ ইয়াৰ পৰিৱৰ্তে এৰি অহা জীৱনৰ নিভাঁজ ধৰাতলখন এতিয়া এৰাপৰলীয়া হৈ পৰাৰ সংশয় তথা দ্বন্দ্বত উদ্বেলিত এখন হৃদয়ৰ প্ৰতিচ্ছবিক তেওঁ সৰল, কলাত্মক তথা সাংগীতিক অভিব্যক্তিৰে ইয়াত দাঙি ধৰিবলৈ প্ৰয়াস কৰিছে৷ ধমনীত তেওঁৰ চিৰ-সহচৰ হৈ থকা অতীত-বিতান সন্ধানী আকুল আত্মস্বৰক তেওঁ এইদৰেই সময়ে সময়ে কবিতাৰ জৰিয়তে ‘মুক্ত’ কৰি দি যেন একপ্ৰকাৰৰ cathartic প্ৰক্ৰিয়া এটাৰ জৰিয়তে নিজকে অলপ হ’লেও স্বস্তি প্ৰদান কৰিবলৈ বিচাৰে! তাৎপৰ্যপূৰ্ণভাৱে কবিতাটোত তেওঁ ক্ৰমে ‘নীলা খাম’ৰ ৰূপকতাক decentred কৰি গৈ আছে যিমানেই ইয়াৰ শাৰীবোৰ এটা স্তৱকৰ পৰা আন এটা স্তৱকলৈ আগবাঢ়ি গৈ আছে! পাঠকৰ সুবিধাৰ বাবে তলত কবিতাটো সম্পূৰ্ণকৈ আগবঢ়োৱা হ’ল :

পুৰণা নীলা খামটো

খামটো পঠালা
খামটোত পঠাই দিম নেকি বুকুখন
শব্দবোৰ গোটাই ল’বা
যিবোৰ বতাহে কঢ়িয়াব নোৱাৰে
অথচ পানীত পেলালে
ঢৌ এটা তুলি মিচিকিয়াই যায়
খামটো পঠালা
খামটোত পঠাই দিম নেকি নীৰৱতা
এটা কৰুণ অভিজ্ঞতা
য’ত তুমি নিজৰ বাবেই গীত এটি
গুণগুণাই থাকিব পাৰিবা
ৰূৰূৱাই পুৰি থৈ হিয়া
খামটো পঠালা
তাতেই পঠাই দিম নেকি জোনাক
লগতে এটা হেৰাই যোৱা অতীত
য’ত তুমি জোনাকীবোৰ গোটাই আনি
পোহৰ কৰি দিব পাৰিবা হৃদয়
এনেকুৱা খামতেই থাকে
দুখ-বেদনা
হাঁহি-আনন্দ
আশা-নিৰাশা
পোৱা-নোপোৱাৰ সম্ভেদ
প্ৰেমৰ জয়যাত্ৰা এই খামতেই
কিয় বাৰু অতীতটো মোহাৰি
মোৰ বুকুৰ মাজত ভৰাই দিছাহি
এই নীলা খামটো৷

খুব পৰিচিত ধৰণৰ চিত্ৰকল্প(Familiar imagery)ৰ আধাৰতে তেওঁ তেওঁৰ কবিতাসমূহ সজাইছিল৷ ইয়াৰ বেছি ভাগৰে আবেদন writerly (লেখকীয় পাঠ) হৈও একে সময়তে readerly (পাঠকীয় পাঠ)ও৷ সেই বাবেই হয়তো কবিতাসমূহক সাধাৰণতেই পাঠকে সাগ্ৰহে গ্ৰহণ কৰি আহিছে৷ লেখকীয় নিৱিষ্টতাৰ ফালৰ পৰা আমাৰ ভাল লগা এটা বিশেষ কবিতা হ’লগৈ– ‘তোমাৰ কথাৰ মাজতে’ কবিতাটো৷ এই কবিতাটোৰ জৰিয়তেও তেওঁ স্মৃতিৰ এন্ধাৰ-পোহৰৰ কাঁচেদি জীৱনৰ তাৎপৰ্যৰ এক সন্ধান লভিবলৈ প্ৰয়াস কৰিছে৷ কবিতাটোৰ প্ৰথম শাৰীটোৱেই (‘পুৰণি বাটটোৰে যাওঁতে’) আমাক তেওঁৰ স্মৃতিকাতৰতাৰ তাৎপৰ্য-ধ্বনিৰ ফালে আমন্ত্ৰণ কৰি লৈ গৈছে৷ অতীতৰ এৰি অহা পথৰ কেতবোৰ স্মৃতি-স্মাৰক বৰ নিজা৷ সেই সময়ৰ বাঙ্ময়-অনুনাদ মাথোঁ তেওঁহে অনুভৱ কৰিব পাৰে৷ এই অৰ্থতেই তেওঁৰ বুকুত সঞ্চিত বহু কথা সদা-সাহচৰ্য দান কৰি থকা তেওঁৰ সদা-পৰিচিত খিৰিকীৰ পৰ্দাকেইখনেও জানিব নোৱাৰে:

‘‘কথাবোৰ বতাহজাকৰ বাহিৰে কোনেও জনা নাছিল
জনা নাছিল পোহৰ সোমাই অহা
খিৰিকীৰ পৰ্দাকেইখনেও…’’

জানিব নোৱাৰে হেমন্তৰ পদূলিত সৰি পৰা শুকান গছৰ পাতবোৰেও, যদিওবা জানে সৰা পাত উৰুওৱা বতাহে তেওঁৰ নিভৃততম প্ৰদেশৰ এই খবৰ:

‘‘কথাবোৰ বতাহজাকৰ বাহিৰে
কোনেও জনা নাছিল…’’

বতাহ অনন্ত; খিৰিকীৰ পৰ্দা কিম্বা গছৰ শুকান সৰা পাত – এইবোৰ অস্থায়ী৷ বতাহৰ অনন্ত গতিশীল সত্তাৰ প্ৰসংগৰ জৰিয়তে এইদৰেই কবিয়ে তেওঁৰ প্ৰেমৰ প্ৰত্যয়ক এক বিশেষ ৰূপকতা প্ৰদান কৰিবলৈ সক্ষম হৈছে৷ পাঠকৰ ৰসাস্বাদনৰ সহায় হোৱাকৈ কবিতাটো ইয়াত সম্পূৰ্ণকৈ উদ্ধৃত কৰি থ’লোঁ:

তোমাৰ কথাৰ মাজতে

পুৰণি বাটটোৰে যাওঁতে
হঠাৎ চৰাইজাক উটি যোৱা দেখিছিলোঁ
সূৰ্যৰ শক্তি মোৰ যে দেহত আছে
সেয়া কাকো কোনো দিনে কোৱা নাছিলোঁ
মকৰাজালত পৰা মাখিটোৰ দৰেই
মই তোমাৰ ওঁঠত হেৰাইছিলোঁ৷
কথাবোৰ বতাহজাকৰ বাহিৰে
কোনেও জনা নাছিল
জনা নাছিল পোহৰ সোমাই অহা
খিৰিকীৰ পৰ্দাকেইখনেও
জনা নাছিল হেমন্তত পদূলিত সৰা
শুকান পাতকেইখিলায়ো

তোমাৰ কথাবোৰৰ মাজত
মই হেৰাবলৈ যত্ন কৰোঁতেই
পছিমৰ হেঙুলীয়া পোহৰে
বিদায় সম্ভাষণ জনালে

দুটা স্তৱকৰ কবিতাটোৰ শেহৰটো স্তৱকৰ জৰিয়তে তেওঁ বুজাব খোজা অনুভৱটো হ’লগৈ, জীৱনৰ হেমন্তকালীন এই সময়তো তেওঁ তেওঁৰ হৃদয়ত সন্ধান লাভ কৰে প্ৰেমৰ সজীৱ প্ৰত্যয়-ধ্বনি, অৰ্থাৎ জীৱনৰ পৰা তেওঁ লাভ কৰা সাৰত্ব তথা অমৃতৰ স্বাদ তেওঁৰ স্মৃতি-বিতানত তেওঁ আজিও যে লাভ কৰিব পাৰে, সেয়াই তেওঁৰ বাবে এক পৰম প্ৰাপ্তি!

কবিৰ কাব্য পৰিক্ৰমাৰ শেহতীয়া এক বিশেষ সংযোজন হ’লগৈ প্ৰকাশ, ভাবনাবোধ আৰু ব্যঞ্জনাৰে ঘনসন্নিবদ্ধ চুটি কবিতাৰ এক বিশিষ্ট বিধাৰ জোৰণি৷ চীনা আৰু জাপানীজ ‘হাইকু’ৰ প্ৰেৰণা-উদ্দীপনাৰ আধাৰত গঢ়া এই কবিতাসমূহে অসমীয়া কাব্য সাহিত্যৰ ঐতিহ্যত এক বিশেষায়িত স্থান (niche) অধিকাৰ কৰাৰ স্পষ্ট সম্ভাৱনা আছে৷ তেওঁৰ এই কবিতাসমূহৰ সম্পৰ্কত ড০ হীৰেন গোহাঁইৰ মন্তব্য : ‘‘নিতান্ত ঘৰুৱা ভাষা আৰু পৰিচিত পৰিৱেশৰ পৰা গঢ়া চিত্ৰকল্পৰে আনিছ উজ জামানে তেওঁৰ কবিতাবোৰত প্ৰাণ সঞ্চাৰ কৰিছে৷ সাধাৰণ শব্দবোৰ ইংগিত মুখৰ আৰু বাঙ্ময় হৈ পৰিছে৷ কবিতাৰ শাৰীবোৰৰ মাজৰ যোগাযোগৰ বাবে এক ধৰণৰ নিৱিষ্ট মনোনিবেশ লাগিব৷ কিন্তু যোগাযোগ স্থাপন হ’লে মনত জাগি উঠে এক ঐশ্বৰ্যময় অনুভৱ-উপলব্ধিৰ সমাৰোহ৷ জীৱনটো যেন আৰু নিবিড়ভাৱে, গভীৰভাৱে মনৰ মাজত পাই যাওঁ৷ দীৰ্ঘ সাধনাৰ ফলত আনিছ উজ্‌ জামানে আমাক দিব পাৰিছে কেইটামান অবিস্মৰণীয় সাৰ্থক কবিতা, মৌলিক কবিতা– অসমীয়া আধুনিক কবিতাৰ পৰম্পৰাৰ পৰা অহা, কিন্তু এক স্পষ্ট, অনন্য নতুন ধাৰা৷’’

অৱশ্যে অসমীয়া ভাষাত কেইবাগৰাকী কবিয়ে হাইকু সদৃশ কবিতাৰ নিৰ্মাণৰ পৰীক্ষা চলাই নথকাও নহয়৷ নীলমণি ফুকন, ভবেন বৰুৱা আৰু আনিছ উজ্‌ জামানে কিছু হাইকু কবিতা অসমীয়ালৈ অনুবাদ কৰিও এই বিধাটোৰ প্ৰতি পাঠকৰ মনোযোগ বিশেষ ভাৱে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷

নৈখন ক’লৈ গৈছে তুমিও নেজানা ময়ো নেজানো শীৰ্ষক কাব্য সংকলনখনিৰ জৰিয়তে (প্ৰকাশ কাল: ২০২১) কবিগৰাকীয়ে চুটি আয়তনৰ মুঠ একচল্লিশটা কবিতাৰ অৰ্ঘ্য এটি আমালৈ আগবঢ়াই থৈ গৈছে৷ সংকলনখনিৰ নামটোতেই যেন হাইকুত থকা ধৰণৰ ঘনবদ্ধ নান্দনিক অনুভূতি প্ৰদায়ক সহগৰ এক নিবিড় প্ৰতিধ্বনি অন্তৰ্নিহিত হৈ আছে৷ অথবা সমগ্ৰ নামটোৱেই যেন হ’লগৈ তেনেধৰণৰ এটা কবিতা! সাধাৰণজনৰ ওঁঠৰ পৰা দৈনন্দিনতাত সৰি পৰা ধৰণৰ সাধাৰণ ভাৱে চিনাকি শব্দবোৰকেই অসাধাৰণ ব্যঞ্জনা-অনুনাদৰ মাধ্যমত একেবাৰে চমু পৰিসৰত প্ৰকাশ কৰাৰ তেওঁৰ অভিনৱ নিজস্ব শৈলীটোৰ বাবেই সংকলনখনিৰ প্ৰতিটো কবিতাকে থাউকতে পঢ়ি অঁতাবলৈ পাঠক বাধ্য হৈ পৰে৷ এই প্ৰসংগতে সংকলনখনিৰ তিনিটা কবিতাৰ পূৰ্ণ উদ্ধৃতি পাঠকসকললৈ আগবঢ়োৱা হ’ল:

(১)
জোনটো শেঁতা হৈ আহিল
কুঁৱলীত মাৰ গ’ল ঘণ্টাধবনি
(২)
ৰে’লৰ উকিটোৰ লগতে
তুমি গ’লাগৈ
আমাৰ দিনবোৰ ৰে’লখনৰ দৰে
দীঘলীয়া হ’বনে বাৰু
(৩)
মই হাত দুখন মেলি আছিলোঁ
সোঁহাতৰ তলুৱাত
চৰাই এজনী আহি বহিল
তাই মাতি আনিলে বসন্তক
আনন্দত নৈখনত জাঁপ দিলোঁ
পিছত কি হ’ল পাহৰিলোঁ

সৰহ ক্ষেত্ৰতে এই কবিতাসমূহৰ চিত্ৰকল্পবোৰ প্ৰকৃতিৰ পৰা আহৃত৷ প্ৰকৃতিৰ প্ৰকৰণক তেওঁ অতি স্বাভাৱিক ভংগীৰে টানি আনি তেওঁৰ একোটা মুহূৰ্তৰ তাৎক্ষণিক সংবেদ্য বোধ তথা মুডক পাঠকৰ অনুভৱ-উপলব্ধিৰ দিশে সঞ্চাৰণ ঘটায়৷ আপাততঃ সৰল প্ৰকাশ ভংগীৰ এই কবিতাসমূহে সামগ্ৰিক ভাৱে কবিৰ হৃদয়ৰ অন্তহীন জীৱন-প্ৰৱাহক বাঙ্ময় ৰূপত দাঙি ধৰে৷ জীৱনৰ বিষাদ-বেদনাকো ঐশ্বৰ্যশালী কৰি তোলে শব্দৰ সুষম প্ৰয়োগ আৰু চিত্ৰকল্পৰ অনন্য সাধাৰণ সংযোজনাই৷ এইদৰেই কবিৰ নান্দনিক চেতনাৰ একোটা অবিস্মৰণীয় অভিজ্ঞান হৈ পৰে তেওঁৰ প্ৰতিটো কবিতা৷ নীলমণি ফুকনে তেওঁৰ কাব্য সম্পদৰ বিশিষ্টতাক এইবুলি প্ৰশংসা কৰি থৈ গৈছে: ‘‘আনিছৰ সাৰ্থক কবিতাখিনিয়ে নীৰৱে হৃদয়ত খুন্দিয়াই আমাৰ ভাৱানুভূতিত একোটা হেন্দোলনি, খলকনি তুলি থৈ যায়৷’’

বিশেষকৈ নৈখন ক’লৈ… নেজানোৰ প্ৰতিটো কবিতাই পাঠকৰ হৃদয়ক এনে এক বিশেষ ভাবানুভূতিৰে আলোড়িত কৰে৷ শব্দ আৰু ভাবানুভূতি তথা বোধৰ সাৰ্থক সংযুক্তিৰ মাৰফত তেওঁৰ কবিতা সমূহত সৌন্দৰ্যই এনে এক খেলা খেলিছে, যি কবিতাসমূহক একোটা বাচ্যাতীত ব্যঞ্জনাৰে মহীয়ান কৰি তোলাত সহায় কৰিছে৷

ড০ দীপকজ্যোতি বৰুৱা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ ইংৰাজীৰ অধ্যাপক আৰু এগৰাকী সমালোচক৷ তেওঁ দৃষ্টি : দ্য ছাইট নামৰ গৱেষণাপত্ৰিকাৰ মুখ্য সম্পাদক৷