ইণ্টিকাবুৰ ৰহমানৰ কবিতা

Issue: Vol. V, No. 2, August-October, 2026

প্ৰেমৰ বুকু

হতাশাভৰা চকু দুটাত
সৌন্দৰ্য দেখিছিলোঁ৷
হৃদয় উজুটি খোৱা৷
নহঁহা হাঁহিটিয়ে
বুকু বিন্ধিছিল
প্ৰেমৰ বুকু


সীমা

সপোনৰো এটা সীমা থাকে৷
দিঠক হ’ল তাৰেই সীমাৰেখা৷
সপোনত জোনৰ পিঠিত উঠি
কবিতা গাব পাৰি
কিন্তু জোন হ’ব নোৱাৰি৷
নুবুজিলে তুমি হ’বা
শৰশয্যাত ভীষ্মক দেখিও
ৰাজপাটৰ সপোন দেখা দুৰ্যোধন৷

An English translation of the poems.