এম কামালুদ্দিন আহমেদৰ কবিতা

Issue: Vol. V, No. 1, May-July, 2026

দিচাংমুখ

ব্ৰহ্মপুত্ৰ আৰু দিচাঙৰ
সংগমস্থলত
ভূপেন হাজৰিকাৰ অস্থিয়ে
মাতে

দূৰৈৰ গুৱাহাটীত তোমাৰ
লেপটপত
সংকীৰ্ণ আকাশ আৱৰি
শিমলুবোৰ ফুলি আছিল

অথচ অলপ আগেয়ে আমি
সহস্ৰ শিমলুফুল পাৰ হৈ আহিছোঁ

পলসুৱা মাটিত
ৰঙীন চটাবোৰ
লিপিট খাই আছিল

আজি দিচাংমুখ
সময়ৰ এটা বিন্দুত
ওলমি ৰয়
প্ৰেৰণা দিয়ে বুলিও ক’ব নোৱাৰোঁ
অন্তৰ গধুৰ কৰে বুলিও
নিশ্চিত নহয়

কেতিয়াবা হয়তো সপোনত
আফাল খাই পৰি থাকিব
দিচাংমুখ


শিমলু-শগুণ

Live location নোহোৱাকৈ
প্ৰকল্প ৰঞ্জন আৰু মই
দিচাংমুখ পাইছিলোঁগৈ

শিমলুফুলে
আকাশ ৰঙাই তুলিছিল

আমি
শিমলুফুলবোৰ মনৰ জোলোঙাত
পাৰেমানে ভৰাব লৈছিলোঁহে মাত্ৰ
আমাৰ
ভিতৰৰপৰা দুটা শগুণ
জঁপিয়াই উঠিছিল

সিঁহত চাগৈ
শিমলুগছৰ মাজতে
লুকাই আছিল অতকাল

ৰঙা আৰু ক’লাৰ মিশ্ৰণেৰে
যি জীৱন
সেয়া হেৰাই গৈছে
ক্ৰমশঃ

An English translation of the poems.