ৰফিকুল হোছেইনৰ কবিতা

Issue: Vol. V, No. 1, May-July, 2026

ৰাতিৰ ব’ৰাগী

বাতৰিৰ শিৰোনামত যেতিয়া গহপুৰ নেলী…

কোন বাটে নো অ’ ব’ৰাগী
দুপৰ ৰাতিখন আহিলি তই

ভগা টোকাৰিত বান্ধিনো আনিছ কাৰ
জ্বলা জুপুৰিৰ চিয়ঁৰ

তই মুখ মেলিলেই উৰি আহেচোন
পোৰা মঙহৰ ছাই

হেৰুৱালি ক’ত
নীলাবামি মাছ যেন নদীখন তোৰ চৈ তৰা নাওখন

ইপাৰ সিপাৰ হ’বি বা কিহত

অ’ ব’ৰাগী দুপৰবেলা

কোনখন চোতালত গাবি বা পৰাণ ঢালি
নীলৰঙী কলিজাৰ তৰা জ্বলা গীত

ক’ত তোৰ চকু দুটা জিভাখন ক’ত কোনে
কাঢ়ি থ’লে তোৰ জিভাখন চকু দুটা

কোন ঘাটৈয়ে তোক পাৰ কৰিছিল মনত পেলা
কোন চুবুৰিত নাঙঠ কৰিছিল মনত পেলা
কোনে কাঢ়ি থ’লে তোৰ সোণালী ডিঙিৰ সেই
সোণৰ সোলেং সুৰ মনত পেলা

নীলাবামি মাছ যেন নদীখন ক’ত তোৰ
চৈ তৰা নাওখন মনত পেলা
কণাৰ লাখুটি যেন টোকাৰিখনিত জুই জ্বলা জুপুৰিৰ
চিয়ঁৰটি বান্ধি এই ৰাতিখন আহিলি তই

প্ৰেমৰ ৰাগিৰে পুনঃ খন্তেক মাতাল হ’বি

এনে ক’ত ঘৰ আছে এই নিজানত নদী আছে
নীলাবামি মাছ যেন এই নিজানত

ব’ৰাগী অ’

পাবি ক’ত অৰণ্যত কলিজাৰ তেজে লিপা ঘৰ
পাবি ক’ত শিলাময় হিয়াত উদাৰ নদী-ভঁৰিয়লি

তথাপি তই অ’ ব’ৰাগী দুপৰ ৰাতিখন আছহি ৰৈ

তইহে জানিবি চাগে’ সিখনি টোকাৰিত তোৰ
কি ৰূপে বজালে বাজিব আকৌ

সখিয়তী ৰ’দৰ সখিয়তী সুৰ

An English translation of the poem.