Issue: Vol. V, No. 1, May-July, 2026
মোহনদাস কৰমচাঁদ গান্ধী
ৰাম ৰাজ্যৰ সপোন পিয়াসী
কামৰ কবি,
দুৰ্মুখৰ শুনিবা মিনতি?
আকৌ এবাৰ আহিবানে তুমি
এই কথা ক’বলই:
এবাৰেই আহি একেবাৰে গ’লা
আৰু তুমি ঘূৰি নাহা!
প্ৰমোদ উদ্যান সাজি ৰাজঘাট
বাৰাকপুৰত
জীয়াই ৰাখিছোঁ আমি তোমাৰ
মৰণ!