গছ
বুজা-নুবুজা দিনতে
আইক দেখিছিলোঁ গছপুলি ৰোৱা…
আয়ে কৈছিল--
পুলিবোৰ গছৰ সন্তান
ডাঙৰ হৈ নিজে গছ হৈ পিতা হ'ব…
বুজি উঠাৰ দিনত
খোল খালে গছৰ ৰহস্যৰ পাক…
ধৰিত্ৰী আই আৰু গছবোৰ পিতাই।
আয়ে ধাৰণ কৰা সন্তানক
হাজাৰ ধুমুহাতো গছৰ দৰে পিতায়ে
আবৰি ৰাখি জীৱনৰ ৰং দিয়ে।
যিমান গভীৰলৈ শিপা
সিমান ওখ গছৰ শৰীৰ।
আয়ে কৈছিল, যি মানুহৰ আত্মাৰ শিপা
মাতৃৰ গৰ্ভেৰে শিপাই
সেইবোৰ মানুহ গছৰ দৰে ওখ;
সুস্থ মন আৰু সুস্থ শৰীৰৰ মানুহ পৰিয়ালৰ সম্পদ হোৱাৰ দৰে
সাৰুৱা মাটি আৰু ওখ গছবোৰো
জীৱ-জগতৰ বৈভৱ।
এই যে আমি বুজি উঠিছোঁ গছৰ ৰহস্য
তেতিয়াৰে পৰা জীয়ন দিছোঁ বুকুৱে বুকুৱে
মাটি আৰু গছৰ অমল প্ৰেমগাথা।
এনে হোৱাৰ কথা নাছিল
কথা আছিল
চন্দ্ৰাৱলী ৰাতি
ওঁঠে ওঁঠে ফুলি উঠিব সহস্ৰ পাৰিজাত
মৃদু সমীৰণে উৰুৱাব
আউলী-বাউলি চুলিৰ বকুল সুৰভি
জাক-জাক শৰালীৰ মধুৰ কাকলিত
খহি পৰিব ষোড়শী শাৰদীৰ বুকুৰ আঁচল…
কথা আছিল সূৰুযে পিষ্ট কৰা তাপিত দেহত
কুঁৱলীৰ আঁচলেৰে বৈ আহিব শীতৰ উমাল ৰাগিনী…
মেঘমুক্ত নীলা আকাশৰ
অঘৰী শুকুলা ডাৱৰৰ অগা-ডেৱাৰ বাটে
নামি আহিব সৃষ্টি, স্থিতি, বিদ্যা, জ্ঞান, শক্তিৰূপিনী দেৱী।
ব্যস্ততা আৰু অৱসাদ পাহৰি
আমোলমোলাব দেহ-মন…
কথাবোৰ তেনে নহ'ল
অৰণ্যই এৰি যোৱা দিন ধৰি
ঋতুৱেও এৰি গ'ল বাট
চৌপাশে পোৰা পোৰা গোন্ধ…
আকাশ, বতাহ আনকি নৈখনো জ্বলিছে।
সহস্ৰ শিপাৰ আঙুলি মেলি
নাঙঠ গছৰ ফেৰেঙণিত বহি আছে বেলি…
বজাৰৰ উত্তাপে নুমুৱাইছে আখলৰ জুই
জ্বলিছে পিত্ত ৰোগীৰ উত্তাপহীন বুকু
এনেটো হোৱাৰ কথা নাছিল…
An English translation of the poems.