প্ৰয়াগ শইকীয়া
কবিতা মোৰ বাবে এক শব্দ-নৈঃশব্দ্যৰ খেল। এই খেলেৰে ভুৰুকাত হাতী ভৰাব পাৰি! গৌতম বুদ্ধই কৈছিল, পৃথিৱীত আটাইতকৈ ধুনীয়া বস্তুটো বোলে silence মানে নৈঃশব্দ্য। নৈঃশব্দ্যক আঁতৰাই শব্দক ৰোপণ কৰোতে সতৰ্ক হ’ব লাগে। চাব লাগে বাছনিত উঠা শব্দটো যাতে নিখুঁত হয়!
প্ৰত্যেক শব্দই এক মানসিক শক্তিৰ আধাৰ। মানসিক শক্তিৰ সফল প্ৰয়োগতে কবিতা নিৰ্মাণৰ খেলখন আকৰ্ষণীয় হয়, হৈ উঠে আত্মিক তৃপ্তিৰ কাৰণ। এই তৃপ্তিৰ নিচাতেই হয়তো মই, যাৰ বাবে ১৯৭২ চনৰপৰা মই বিশেষভাবে কবিতাকে লিখি আহিছোঁ। কেতিয়াবা গদ্য লিখিছোঁ ষদিও সেয়া মোৰ পদ্যৰেই সম্প্ৰসাৰণ।
মোৰ কবিতাৰ অকাডেমী আৰম্ভ হৈছিল কবি নৱকান্ত বৰুৱা, হীৰেন ভট্টাচাৰ্য আৰু সুকান্ত ভট্টাচাৰ্যৰ কবিতাৰে। ইয়াৰ ভিতৰত নৱকান্ত বৰুৱা ছাৰ মোৰ ভিতৰত বেছিকৈ শিপালে! ছাৰৰ কবিতা মানে হিয়া আৰু বোধিৰ খেল। এই খেলত বহু আনুভূতিক বিচিত্ৰতা, প্ৰজ্ঞা সাধনাৰ বহু বাট। মন আৰু মগজুক অহৰহ সক্ৰিয় কৰি থকা এটা গানে ইয়াত ক্ৰিয়া কৰে যেন অনুভৱ হয়! এনে এটা গানৰ হয়তো মই আবেশপ্ৰাপ্ত হ’লোঁ! সুখতো-দুখতো যেন জীৱনৰ সকলো বিষয় কবিতাৰ এটা প্ৰতিমূৰ্তিৰ দৰে চকুৰ আগত ভাস্বত হ’ল।
লগতে পঢ়ক : প্ৰয়াগ শইকীয়াৰ সৈতে কথোপকথন : “পঢ়িব পাৰিলে মই বেছিকৈ লিখিব পাৰোঁ”
শোকেৰে যদি শ্লোক হ’ব পাৰে, ৰামায়ণৰ আৰম্ভণি হ’ব পাৰে, যুদ্ধত যদি গীতা হ’ব পাৰে, প্ৰেমত যদি ডিভাইন কমেডি হ’ব পাৰে কবিতা সৰ্বত্ৰ ৰিৰাজমান হোৱাৰ যুক্তি এটা নিশ্চয় থাকিব। কবিতাৰ পঢ়াশালিত নাম লগাই দিয়া সোণদাদাই (প্ৰাঞ্জল শইকীয়া) এদিন ক্ৰিষ্টফাৰ ক’ডৱেলৰ ইলিউচন এণ্ড ৰিয়েলিটি নামৰ কিতাপখন হাতত তুলি দিছিল। বুজা-নুবুজাকৈ পঢ়িছিলোঁ! এটা শাৰী মনত সোমাই পৰিছিল—” poetry is clotted social history and emotional sweat in man’s struggle with nature.” কথাষাৰে কবিতাক মোৰ বাবে অধিক গুৰুত্বপূৰ্ণ কৰি তুলিলে, শব্দ-নৈঃশব্দ্যৰে নিজকে প্ৰকাশ কৰাৰ উত্তম বাটটো যেন দেখুৱাই দিলে আৰু মই অ’ডেনে কোৱা স্মৰণীয় বাক্য গঢ়াৰ খেলটোত মাতাল হৈ পৰিলোঁ!
প্ৰয়াগ শইকীয়া এগৰাকী কবি আৰু ঔপন্যাসিক।