মানুহৰ সৈতে সম্পৰ্ক গঢ়িবলৈ কবিতা পঢ়োঁ

শঙ্কৰ শইকীয়া

এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনে ধৰণৰ? 
‘শিক্ষিত’ শব্দটোৰ অৰ্থ বৰ বিশাল। শিক্ষিত মানুহৰ চিন্তা-চেতনা, বোধ, উপলব্ধি, সমাজ তথা ৰাষ্ট্ৰ সম্পৰ্কে ধাৰণা, মানুহৰ লগত ইয়াৰ সম্পৰ্ক, সমাজ তথা ৰাষ্ট্ৰৰ নাগৰিকৰ প্ৰতি দায়িত্ব তথা নাগৰিকৰো সমাজ তথা ৰাষ্ট্ৰৰ প্ৰতি দায়িত্ব,  সামাজিক বৈষম্য সন্দৰ্ভত দৃষ্টিভংগী, মূল্যবোধ, সৰ্বোপৰি আৰ্থ-ৰাজনৈতিক-সামাজিক চেতনা আদি অলেখ বিষয়ত ব্যক্তি এজনৰ ধাৰণাৰ ওপৰত ’শিক্ষিত’ শব্দটোৰ পৰিমাপ নিৰূপিত হয়। সেই পিনৰ পৰা ক'বলৈ গ'লে—মই এজন অৰ্দ্ধ-সাক্ষৰ, যিজনে এজন শিক্ষিত মানুহ হ'বৰ বাবে নিৰন্তৰ প্ৰয়াস কৰি আছোঁ । কবিতাৰ সৈতে মোৰ সম্পৰ্কটো—এটা জীৱন্ত শৰীৰৰ সৈতে শ্বাস-প্ৰশ্বাস আৰু ৰক্ত-প্ৰৱাহৰ সৈতে যি সম্পৰ্ক থাকে—সেই সম্পৰ্ক। 


আপুনি কবিতা কিয় পঢ়ে?
পৃথিৱীৰ লগতে জীৱন আৰু জগতক চাবলৈ, বুজিবলৈ, ইবোৰৰ সৌন্দৰ্য উপলব্ধি কৰিবলৈ, বোধ আৰু চেতনাৰে আত্মস্থ হ'বলৈ, ভাষাৰ কালিকাৰ মাজত বুৰ গৈ জাতিটোক চিনিবলৈ, অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ লগত চিনাকি হ'বলৈ কবিতা পঢ়োঁ। সৰ্বোপৰি, মানুহৰ সৈতে সম্পৰ্ক গঢ়িবলৈ কবিতা পঢ়োঁ। কবিতা যে জীৱনৰ নিৰ্যাস। 


কেনেধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?
যিবোৰ কবিতাই মানুহক মানুহৰ অধিকাৰ, আত্মসন্মানবোধ, আত্মচেতনা জগোৱাৰ লগতে দেশ আৰু জাতিক ভাল পাবলৈ শিকায়, পৃথিৱীৰ প্ৰতিজন নিৰ্যাতিত, লাঞ্ছিত, বঞ্চিত, শোষিত মানুহৰ লগত আত্মীয়তা অনুভৱ কৰিবলৈ উদগনি দিয়ে, তেওঁলোকৰ অধিকাৰৰ সংগ্ৰামৰ লগত একাত্ম হ'বলৈ উদ্বুদ্ধ কৰে, পৃথিৱীৰ প্ৰতিটো পৰাধীন জাতি আৰু জনসাধাৰণৰ মুক্তিৰ সংগ্ৰামক নিজৰ সংগ্ৰাম বুলি ভাবিবলৈ প্ৰেৰণা যোগায়—মানুহক অমৃতৰ সন্তান বুলি চাবলৈ শিকায়—তেনেবোৰ কবিতা পঢ়ি তৃপ্তি লাভ কৰোঁ। 


সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?
এইটো এটা অতি পুৰণি প্ৰশ্ন। চৰ্যাপদ, "অপ্ৰমাদী কবি মাধৱ কন্দলী"ৰপৰা শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱকে প্ৰমুখ্য কৰি থকা কাব্য সাহিত্যৰ সোণোৱালী সময়;  ১৮৩৬ চনত অসমীয়া ভাষা হেৰোৱাৰ পিছত মন নাভাঙি এঘঁড়ী যুঁজিবলৈ লক্ষ্মীনাথ বেজবৰুৱাদেৱে কবিতা হ'লেও হওক নহ'লেও নহওক বুলি লিখা কবিতাৰ পিছত কবি নীলমণি ফুকনে জ্ঞানপীঠ বঁটা পোৱাৰ পিছত, দৃঢ়তাৰে ক'ব পাৰোঁ— সাম্প্ৰতিক অসমীয়া কবিতাই পৃথিৱীৰ যিকোনো উন্নত মানৰ কবিতাৰ সৈতে সন্দেহাতীতভাবে দৃঢ়তাৰে বাট বুলিব পাৰিছে। কেৱল যদিহে চৰকাৰে অসমীয়া ভাষাটোৰ প্ৰতি যেনেধৰণৰ অনীহা দেখুৱাইছে—জ্ঞানপীঠ বঁটা পাওঁতে কবি নীলমণি ফুকন ছাৰে মুখ্য মন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছিল—ভাষাটো নেৰিবা, ভাষা  হেৰালে মাত হেৰাব, মাত হেৰালে মাটি হেৰাব—সেই আশংকা যদি বাস্তৱায়িত হয়—তেনেহ'লে অসমীয়া কবিতা, ভাষা আৰু জাতি অহা দিনত বিলুপ্ত হ'ব!  


কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান?
কবিসকলক আহ্বান জনাব পৰা অৰ্হতা আৰু যোগ্যতা দুয়োটাই মোৰ নাই! কেৱল যোৱা প্ৰায় আঢ়ৈকুৰি বছৰ ধৰি কবিতাক বুজিবলৈ আৰু কবিতা লিখিবলৈ সামৰ্থ্য অনুসৰি যি অনুশীলন কৰি আছোঁ—সেই অভিজ্ঞতাৰে অসমৰ কবিসকলক এজন সামান্য সহযাত্ৰী হিচাপে বিনম্ৰ অনুৰোধ জনাই ক'ব পাৰোঁ—অসমীয়া ভাষাটো অতি শুৱলা আৰু সুৰীয়া। অসমীয়া ভাষাৰ কালিকা প্ৰতিজন কবিয়ে অনুধাৱন কৰা উচিত, যিহেতু ভাষাৰে কবিতা লিখা হয় আৰু ভাষা শব্দৰ সমষ্টি। এনেক্ষেত্ৰত প্ৰতিজন কবিয়ে ভাষাটোৰ শব্দ সঠিক আৰু শুদ্ধভাবে প্ৰয়োগ কৰাৰ প্ৰতি দায়বদ্ধ হ'বই লাগিব। অৰ্থাৎ ভাষাটো গভীৰভাৱে ভাল পাব লাগিব। তেহে প্ৰতিজন কবিয়ে একোটা নিজা কাব্যভাষা নিৰ্মাণ কৰিব।

দ্বিতীয়তে, প্ৰতিজন কবিয়েই নিজে বাস কৰা আৰু চৌপাশৰ সমসাময়িক সমাজ, দেশ, দেশৰ ইতিহাস, আৰ্থ-ৰাজনীতি, সমসাময়িক বিশ্বৰ গতিধাৰা সম্পৰ্কে অৱগত হ'ব লাগিব। কাৰণ, কবি বিচ্ছিন্ন দ্বীপ নহয়—সমাজৰ এজন। কবিতা সমাজৰ প্ৰতিবিম্ব। মনত ৰখা উচিত—সমাজৰ অৰ্থ–ব্যক্তিৰ পৰা বিশ্বচৰাচৰলৈ ব্যাপ্ত হৈ আছে। আৰু বিশ্বচৰাচৰৰ বিস্তৃতি ধূলিকণাৰ পৰা চিন্তা আৰু চেতনাই ঢুকি পোৱা দিগন্তই অকল নহয়—তাৰো সিপাৰলৈ পৰিব্যাপ্ত হৈ আছে। কবি বৰ্তমানত থাকিও ভৱিষ্যতলৈ চাব পৰিব লাগিব। সুমেৰুত থাকিও কুমেৰুৰে নিজকে জড়িত কৰিব লাগিব। কবিৰ কৰ্তব্য হ'ল—দেশ আৰু দহৰ কল্যাণৰ বাবে, উন্নততৰ সাংস্কৃতিক, মানৱীয় মূল্যবোধসম্পন্ন সমাজ গঢ়াৰ বাবে নিজৰ সৃষ্টি উৎসৰ্গা কৰা, যাতে নিষ্ঠুৰ ব্যাধৰ শৰত বিদ্ধ ক্ৰৌঞ্চ চৰাইহালিৰ সমবেদনাৰে দগ্ধ হৈ বাল্মিকীৰ দৰে ৰক্তৰঞ্জিত হৃদয়েৰে কৰিব পাৰে মহৎ সৃষ্টি।

শঙ্কৰ শইকীয়া এগৰাকী জ্যেষ্ঠ কবি আৰু লেখক। কামৰূপ দদৰা নিবাসী শইকীয়াৰ দুখন কবিতা-সংকলন প্ৰকাশ পাইছে। তেওঁ উপনিবেশৰ কবিতা নামৰ এখন কবিতা-আলোচনীও সম্পাদনা কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *