ড° মীনা দেৱী বৰুৱাৰ দুটা কবিতা

ভালপোৱা এপাহি খৰিকাজাই

বাঁহীটোৱে বুকুখনিত বিষ এটা দিয়াৰে পৰা
ডেউকা মেলি দিলোঁ

আপোনাক ভাল পাওঁ বাবেই নে 
আকাশ ভাল পাওঁ বাবেই
চাইবেৰিয়াৰ আকাশ  এৰি
চলাথ কৰিছোঁ
বাঘজান, মাগুৰি মতাপুঙৰ  আকাশ

প্ৰেমতকৈ আছে নো কি আপোন
আকাশে আৱৰি আছে পৃথিৱী
চিৰন্তন বান্ধোন
নাই কোনো হৰণ ভগন
মনালিছাৰ হাঁহিৰ দৰে
ৰহস্যঘন মাথোন

আপুনি পৰিভ্ৰমী
সেইবাবেই পাহাৰৰ সিপাৰেও জান নিজান আপোনাৰ উপস্থিতি

বতাহত ৰজনীগন্ধা
হীৰুদাৰ কবিতা

আপুনি
শাওণৰ গাভিনী মেঘ
সেউজীয়াৰ পৰা সোণালী সপোনৰ প্ৰেৰণা 
নৰাৰ পেঁপাৰ সুহুৰিত ডেউকা মেলা চেতনা

আপুনি
নিজান পৰা আখলত এমুঠি লাগনী

মেঘসিক্ত আকাশত ৰামধেনু , আকাশ উজলোৱা
গোপনে ফুলিছে এপাহি খৰিকাজাই
ভালপোৱা, ভালপোৱা
প্ৰেমৰ কথাৰে

ইউক্লিডীয় জ্যামিতিয়ে প্ৰেমৰ সংজ্ঞা
নিৰূপণ কৰেনে নাই 
ভবা অবান্তৰ

প্ৰেম সহজাত প্ৰবৃত্তি বুলিলেও
মাজতে বহু অংকৰ সমীকৰণ 
উলাই কৰা নাযায়

নেওতাৰ দৰে সুৰত সুৰ মিলাই 
নিশ্চিন্ত হৈ থকাৰ বাটো প্ৰশস্ত নহয়
ৰঙা ইম'জিয়ে ভাতগৰাহ জুৰাব নোৱাৰে

প্ৰেমে কেতিয়াবা পেটৰ ভোক পাহৰালেও
ফেনাইলৰ বিক্ৰী বাঢ়ে
গছৰ ডালত সমাধিৰ আঁচনি

প্ৰেমৰ প্ৰতিশোধ পুৰণি
ছলনাও পুৰণি
ব্ৰুটাছে কেতিয়া ৰং চায় ধৰা টান

প্ৰেমক ভয় খুওৱা মিছা
আকাশ সাৰথি

এটা কথা পিছে থাকি যায়
ৰাধা নে ৰুক্মিণী
ইউক্লিডীয় জ্যামিতি নিৰুত্তৰ

সাপ আৰু নেউলৰ 
কথোপকথনে
প্ৰেমক বিতৰ্কলৈ অনা ধুৰূপ

Click here to read an English translation of the poems.

Leave a Reply

Your email address will not be published. Required fields are marked *