সত্যজিৎ গগৈ
অসমীয়া কবিতাৰ জগতত এগৰাকী অসামান্য প্ৰতিভাৰ কবি হ’ল নীলিম কুমাৰ৷ কবিৰ ১৯৯২ চনতে প্ৰকাশ পোৱা স্বপ্নৰ ৰেলগাড়ী সংকলনখনৰ প্ৰথম পৃষ্ঠাত ঠাই দিয়া ‘কবিতা’ শিৰোনামৰ কবিতাটোৱে মোক বিশেষভাৱে আকৰ্ষণ কৰে৷ তিনিটা স্তৱক থকা চুটি কবিতাটোৰ শাৰীবোৰ মাজে মাজে মোৰ মনলৈ আহে৷ প্ৰথমটো স্তৱকত আছে ছটা শাৰী: “কিনো কবি ভোল গ’ল/ কবিতা গাভৰু হ’ল/ ডালিম পকি সৰি গ’ল/ কবিতাৰ বুকুত গাখীৰ হ’ল/ আজি কবি ফটিকা খাবলৈ নগ’ল/ কিনো কবিৰ কিনো হ’ল”৷ কবিতাটোৱে আকৰ্ষণ কৰাৰ কাৰণবোৰ ফঁহীয়াই চালে দেখা পাম, কবিতাটোৰ ভাষা অতি সৰল৷ কথা কোৱাৰ ভাষা, আৰু আছে ছন্দৰ মিল৷ দ্বিতীয়তে প্ৰতিটো শাৰীয়ে বেলেগ বেলেগ একোটা বিবৃতি দাঙি ধৰিছে, যাৰ দ্বাৰা কবিয়ে দি গৈছে একোখনকৈ ইংগিত ব্যঞ্জনাময় ছবি৷ শাৰীবোৰৰ মাজৰ সংগতি পাঠকে বিচাৰ কৰি ল’ব লাগিব।
কবিতাটোৰ প্ৰথম স্তৱকৰ শাৰীবোৰলৈ মন কৰিলে দেখা পাম—“কিনো কবি ভোল গ’ল/ কবিতা গাভৰু হ’ল/ ডালিম পকি সৰি গ’ল” এই শাৰীকেইটাই পাঠকক মনত পেলাই দিয়ে অসমীয়া লোকসাহিত্যৰ ‘তুলা আৰু তেজা’ৰ কাহিনীলৈ৷ “কিনো ৰজা ভোল গ’ল/ তেজাবাই গাভৰু হ’ল/ ডালিম পকি সৰি গ’ল/ তেজাবাই গাভৰু হ’ল/ তেও ৰজাৰ মনত নহ’ল”(তুলা আৰু তেজা)৷ আকৌ দ্বিতীয় স্তৱকৰ “কবিতা, আজিও যাম ৰাতি/ বহলাই পাৰিবি পাটী” –এই শাৰী দুটায়ো মনলৈ আনি দিয়ে বিহুনাম এফাকি : “তোমাৰ কাষলৈ যাম মাজ নিশা /বহলাই পাৰিবা পাটী/ চন্দ্ৰ সূৰ্যক মিনতি কৰিছোঁ/ দেৰিকৈ পুৱাব ৰাতি”৷ আমাৰ লোকসাহিত্যৰ আখ্যান, সাধুকথা, বিহুনামৰ মিঠা পৰশ সনা বাক্য ব্যৱহাৰ কৰি কবিয়ে কবিতাটোক অতি হৃদয়স্পৰ্শী কৰি তুলিছে, যাৰ বাবে এবাৰ পঢ়িলেই পাঠকৰ মনত ৰৈ যায়।
প্ৰথম স্তৱকৰ “কবিতা গাভৰু হ’ল” আৰু “কবিতাৰ বুকুত গাখীৰ হ’ল” কথাখিনিয়ে পাঠকৰ মনত কবিতা নামৰ এগৰাকী নাৰীৰ কথা মনলৈ আনি দিয়ে৷
মহৎ কবিতাৰ এটা বৈশিষ্ট্য হ’ল, কবিতাৰ কেইটাও স্তৰ বা তৰপ থাকে৷ ওপৰৰ তৰপটো চায়েই আঁতৰি আহিলে পাঠকজনে আচল সত্যক দেখা নেপাব৷ অনুসন্ধিৎসু পাঠকে তাৰ তৰপবোৰ ভেদ কৰি গৈ থাকিলে উদ্ধাৰ কৰিব পাৰে কবিতাটোৰ পৰম ৰহস্য, কবিতাটোৰ মূল বক্তব্য।
প্ৰথম স্তৱকত দেখা পাওঁ, কবিয়ে কবিতাটোক মানৱী ৰূপত দেখা পাইছে৷ কবি কবিতাৰ বিষয়বস্তু এটাত মুগ্ধ হৈছে, ক্ৰমে কবিৰ ভাৱনাত কবিতাই অংকুৰিত হৈ গাভৰু হৈছে৷ ডালিম পবিত্ৰতা, প্ৰাচুৰ্যৰ লগতে নাৰীত্বৰ ক্ষমতাৰো প্ৰতীক হিচাপে সাহিত্যত ব্যৱহাৰ হৈ আহিছে৷ “বুকুত গাখীৰ” কথাষাৰেও নাৰীৰ সন্তান-সম্ভাৱনা, পৰিপূৰ্ণতা লাভৰ ইংগিত বহন কৰিছে৷ অৰ্থাৎ কবিয়ে এটা কবিতা অংকুৰিত হৈ পূৰঠ হোৱাৰ কথা ঘোষণা কৰিছে।
ফটিকা সুখ, বন্ধুত্ব আৰু ৰূপান্তৰৰ প্ৰতীক৷ “আজি কবি ফটিকা খাবলৈ নগ’ল” এই বাক্যশাৰীত কবিৰ হৃদয়ত ফটিকাৰ প্ৰেমতকৈ ‘কবিতা’ৰ প্ৰেমহে শ্ৰেষ্ঠ সেয়া প্ৰকাশ পাইছে।
দ্বিতীয় স্তৱকত আছে চাৰিটা শাৰী৷ “কোনেওতো নাজানে কাৰ স’তে কটাওঁ ৰাতি/সকলোৱে কয় মই নষ্ট কবি/ কবিতা, আজিও যাম ৰাতি/ বহলাই পাৰিবি পাটী”৷ এই স্তৱকৰ “সকলোৱে কয় মই নষ্ট কবি” এই কথাষাৰ বুজিবলৈ আমি অসমীয়া কবিতাৰ সুঁতিটোৰ সত্তৰ দশকলৈ ঘূৰি চাব লাগিব৷ নীলিম কুমাৰৰ কবিতাই ঐতিহ্যৰ সোঁতৰ পৰা ফালৰি কাটি নিজাকৈ এক ধৰণেৰে প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰিছিল আৰু সফলো হ’ল৷ সেয়ে এচাম পাঠকৰ বাবে তেওঁৰ কবিতা আচহুৱা যেন হৈ পৰিল আৰু ৰসভঙ্গ পাঠকৰ হৃদয়ত গুঁজৰি উঠা ক্ষোভৰ ভাষা কবিয়ে উপলব্ধি কৰিব পাৰিছিল৷ সেই বাবেই কবিৰ এই তীৰ্যক মন্তব্য৷ কবি নিজৰ সিদ্ধান্তত অটল৷ সেয়ে কবিয়ে আজিও নিশা কবিতাৰ নিবিড় সান্নিধ্য ল’বলৈ যোৱাৰ কথা কৈছে। “কবিতা আজিও যাম ৰাতি/ বহলাই পাৰিবি পাটী”৷ ‘কবিতা’ৰ তৃতীয় স্তৱকত আছে চাৰিটা শাৰী: “কবিতা, তোৰ কাৰণেই মোৰ নষ্ট চৰিত্ৰ/ মোৰ কাৰণেই তই বেশ্যা/ আহা, আন্ধাৰতে ঘৰ এটা সাজোঁ/ দুখৰ হিয়া জ্বলা”৷ শেষৰ এই স্তৱকত কবিয়ে কবি আৰু কবিতা দুয়ো দুয়োৰে বাবেই বদনামী হোৱাৰ কথা ঘোষণা কৰিছে৷ কবিয়ে কিন্তু জানে তেওঁৰ সিদ্ধান্ত শুদ্ধ৷ সেই বাবেই আন্ধাৰতে ঘৰ এটা সাজি কবিতাৰ স’তে একান্ত নিবিড়ভাৱে একেলগে দিনবোৰ পাৰ কৰাৰ সপোন দেখিছে৷ শেষৰ শাৰীটো অতি গুৰুত্বপূৰ্ণ৷ “দুখৰ হিয়া জ্বলা” –য’ত পোহৰে পোখা মেলিব৷
কবি ৰবীন্দ্ৰনাথে কৈছে—“মানুহে যেতিয়া জানিব পাৰে সীমাতেই অসীম, তেতিয়া মানুহে বুজিব পাৰে এই ৰহস্যই প্ৰেমৰ ৰহস্য; এই তত্ত্বই সৌন্দৰ্য তত্ত্ব”৷ কবি নীলিম কুমাৰৰ এনে কবিতাই পাঠকক আনি দিয়ে সীমাতেই অসীমৰ আনন্দ৷