নীলিম কুমাৰ
মোৰ কোনো তত্ত্ব নাই। মই কোনো কাব্যতত্ত্বত বিশ্বাসী নহয়। কল্পনাই মোৰ তত্ত্ব।
মই কিয় লিখোঁ–এই কথাৰ উত্তৰ নিশ্চয় আছে। কিন্তু লিখোঁ বুলি কেতিয়াও লিখিবলৈ আৰম্ভ কৰা নাছিলোঁ। নিজৰ অজ্ঞাতেই সেই জগতত প্ৰৱেশ কৰিছিলোঁ। কেতিয়া কেনেকৈ সেই কবিতা লিখা মানুহজন মোৰ ভিতৰত আহিছিল নাজানো। ইমান কাতৰ ভাবে তেওঁ মোৰ হাত দুখন খুজিছিল, মোৰ ওঁঠ দুটা খুজিছিল যে মই তেওঁক দি দিছিলোঁ মোৰ হাত। দি দিছিলোঁ মোৰ ওঁঠ। সেই হাতেৰে তেওঁ কবিতা লিখে। সেই ওঁঠেৰে তেওঁ চুমা খায় আৰু সুহুৰিয়াই গান গাই ফুৰে। ঠিক এনেকৈয়ে সেই কবিজন মোৰ কাষলৈ আহিছিল মোৰ অজ্ঞাতেই। তেওঁ যে এনেকৈ আহিব তাৰ কোনো উমঘাম নাছিল। মোৰ হাতত হাত থৈ তেওঁ মানুহলৈ ৰ লাগি চাইছিল। তেওঁ মানুহ। মানুহৰ সকলো সদঅভ্যাস আৰু বদঅভ্যাস তেওঁ লালন কৰে। তেওঁ লালন কৰে মানুহৰ সকলো পোহৰ আৰু আন্ধাৰ। তেওঁ পুৰুষৰ মাজত পুৰুষক বিচাৰে। নাৰীৰ মাজত নাৰীক বিচাৰে। তেওঁ বিচাৰে পৃথিৱীৰ স্বাভাৱিক ৰং। মানুহক তেওঁ সাবটি ধৰিব খোজে। মানুহৰ ঘৰে ঘৰে, চোতালে চোতালে, দোকানে দোকানে, বজাৰে বজাৰে তেওঁ ঘূৰি ফুৰে। তেওঁ যেন এক নিৰ্বাসিত, জুয়ে পোৰা মানুহ।
ভোক লাগিলে তেওঁ মোৰ কাষলৈ আহে। পিয়াহ লাগিলে তেওঁ মোৰ কাষলৈ আহে। বুকুৰ সেই টুকুৰাৰ যন্ত্ৰণা সহ্য কৰিব নোৱাৰি তেওঁ মোৰ কাষলৈ আহে। মই তেওঁক ভাত খুৱাই দিব লাগে। পানী খুৱাই দিব লাগে। আৰু মোৰ বুকুৰ বিছনাত নিচুকাই শুৱাই থ’ব লাগে। তাৰ বিনিময়ত তেওঁ কবিতা লিখে। কিন্তু যি লিখে সেই সকলোবোৰ মোৰ জীৱনৰেই কথা। এনেকৈয়ে মোৰ ভিতৰলৈ সেই কাব্যিক সত্তাটো সোমাই আহিছিল। মই উপলব্ধি কৰিছিলোঁ মোৰ মাজত সেই কাব্যসত্তা। মোৰ সুখ-দুখ, হাঁহি-কান্দোন-যন্ত্ৰণাৰ অভিজ্ঞতাসমূহেই আছিল তেওঁৰ কাব্যিক অভিজ্ঞতা। অৱশেষত তেওঁৰ জীৱন বুলি অন্য কোনো জীৱন নাছিল। আমি দুয়োজনে নিৰ্বাহ কৰিছিলোঁ একেটা জীৱন।
অৱশ্যে সামাজিক জীৱন বা সাংসাৰিক জীৱনৰ কাব্যিক জীৱনৰ স’তে দ্বন্দ্ব সৃষ্টি নোহোৱাকৈ থকা নাছিল। কিন্তু কাব্যিক জীৱনত মই স্বাধীনতা বাছি লৈছোঁ। মোক লৈ কোনে কি ক’ব–ভৱিষ্যতে মোৰ ওপৰত কি ৰায় দিব তাকে লৈ মই কোনো দিনে মূৰ ঘমোৱা নাই। ভৱিষ্যতৰ বিচাৰ বা মূল্যাংকন লৈ যি সচেতন বা সজাগ তেওঁ কেতিয়াও সাহিত্য বা শিল্পৰ জগতত স্বাধীন হৈ থাকিব নোৱাৰে। স্বাধীনতা মোৰ উশাহ। স্বাধীনতা মোৰ শব্দৰ তেজ। স্বাধীনতা মোৰ আংগিক। স্বাধীনতা মোৰ ষ্টাইল। স্বাধীনতাই মোক বাৰে বাৰে কল্পনাত লিপ্ত হ’বলৈ প্ৰেৰিত কৰে। কল্পনাৰ হাততেই মই মোক এৰি দিওঁ। মোৰ কোনো তত্ত্ব নাই। মই কোনো কাব্যতত্ত্বত বিশ্বাসী নহয়। কল্পনাই মোৰ তত্ত্ব।
‘কবিতাৰ বাবে এগৰাকী মডেল আছেনে এই চহৰত’ নামৰ এখন সৰু উপন্যাসিকা লিখিছিলোঁ কেইবছৰমান আগতে। তাত মই যিদৰে বিদেশী ৰাষ্ট্ৰৰ চিত্ৰশিল্পীসকলে (painters) ছবি আঁকিবৰ বাবে নাৰী মডেল ব্যৱহাৰ কৰে, তেনেকৈ কবিতা লিখাৰ ক্ষেত্ৰত কবিয়েও মডেল ব্যৱহাৰ কৰাৰ কথা লিখিছিলোঁ। এয়া প্ৰকৃতাৰ্থত মোৰেই পৰীক্ষামূলক ইচ্ছা আছিল। কাৰ্যক্ষেত্ৰত যদি এই কাম কৰিবলৈ গ’লোঁহেঁতেন মই কেৱল সামাজিকভাৱে অপদস্থ হোৱাই নহয়, জেলৰ ভাতো খাব লগা হ’লহেঁতেন। এনেকুৱা দ্বন্দ্বই মোক অসন্তুষ্ট কৰি তোলে। তথাপি মই মোৰ স্বাধীনতাক বিসৰ্জন দিয়া নাই। বহু সমালোচনা, তিৰস্কাৰ, অপদস্থ আৰু ভাবুকি পোৱাৰ পিছতো মই মোক স্বাধীন চিন্তাৰ পৰা বিচ্ছিন্ন কৰা নাই। কাৰণ মই জানো যেতিয়াই এই স্বাধীনতাৰপৰা মই স্খলিত হ’ম তেতিয়াই হ’ব মোৰ কবিতাৰ মৃত্যু। এয়াই মোৰ কাব্য-জীৱন। মই কিয় কবিতা লিখোঁ–এই প্ৰশ্নৰ এশাৰীয়েই মাত্ৰ সদুত্তৰ হ’ব : জীয়াই থাকিবৰ বাবেই কবিতা লিখিব লগা হয়।
Click here to read the English version
নীলিম কুমাৰ সাম্প্ৰতিক সময়ৰ এগৰাকী আগশাৰীৰ কবি আৰু ঔপন্যাসিক।
খুবেই প্ৰেৰণাদায়ক। পঢ়িছো আৰু সামৰি লৈছোঁ কথাবোৰ
প্ৰেৰণাদায়ক লিখনি ৷
ভাল পালোঁ পঢ়ি ৷“ ভবিষ্যতৰ মূল্যায়ন কি হ’ব তাক চিন্তা কৰি সাহিত্য শিল্প সাধনা কৰিলে কোনো কবি বা শিল্পীয়ে ভাল শিল্প সৃষ্টি কৰিব নোৱাৰে ”— আপোনাৰ এই কথাখিনিয়ে নতুন কবিক সাহস যোগাব ৷
So legendary writing it is. We miss you.