কুৰিটা জাপানী হাইকু কবিতা

মূল : য়ছা বুছ’ন

১)
বসন্তৰ বৰষুণ
এটা খেৰৰ টুপি আৰু এটা ছাতি 
ইজনে সিজনে কথা পাতি পাতিয়েই 
খোজ কাঢ়িলোঁ 

২)
চিয়াচনলৈ চুটি পথটো ল’লোঁ 
ইয়াৰ বতাহ ঠাণ্ডা আৰু 
পৰ্বতীয়া ছেৰীবোৰো ফুলিবলৈ লৈছে 

৩)
গাৰু এটাৰ বাবেই মোৰ বাউসি 
সঁচাকৈয়ে মই মোক ভাল পাওঁ 
কুঁৱলীয়ে ঢাকি থোৱা জোনটোৰ দৰে 

৪)
কপৌ চৰায়ে 
অবাবত হৈ চৈ কৰা বন্ধ নকৰে 
কেতেকীয়ে কেৱল মাতে 

৫)
গ্ৰীষ্মৰ এটা চুটি ৰাতি 
এখন সৰু দোকান খোলা আছে 
নগৰৰ উপকণ্ঠত 

৬)
মোৰ আঠুঁৱাৰ ভিতৰৰ পৰা 
সকলো জোনাকী পৰুৱা উলিয়াই দিলোঁ 
বাঃ কিযে আনন্দ 

৭)
অকণমানি কেতেকী চৰাই 
ইবাকুৰা জলপ্ৰপাতৰ কাষত 
এগৰাকী পাগলী আছে 
তেওঁৰ লগত প্ৰেমত পৰিব পাৰা 

৮)
বসন্ত প্ৰায় গ'লেই 
সুকুবা পৰ্বতৰ 
বেঙুনীয়া ৰং পাতল হৈ আহিল 

৯)
বসন্ত গ’লগৈ 
বেচেৰা কেতেকী চৰাইটোৱে 
এতিয়াও গ্ৰীষ্মৰ লগত 
বন্ধুত্ব গঢ়িব নোৱাৰিলে 

১০)
মে’ মাহৰ বৰষুণজাকত 
ফুজি পৰ্বতৰ পানী 
সৰোবৰলৈ বৈ আহে 

১১)
মন্দিৰৰ ৰখীয়াজনে 
গ্ৰীষ্মৰ জোনটোৰ তলৰ 
অপতৃণবোৰ চাই থাকিল 

১২)
বজ্ৰপাতে 
তৰমুজৰ চাংখন নষ্ট কৰিলেও 
ফুলবোৰ পিছে এতিয়াও ফুলি থাকিল 

১৩)
মই মোৰ হিয়াৰ বিষাদ 
লৈ যাওঁ পাহাৰৰ শিখৰলৈ 
বনৰীয়া গোলাপ ফুলা ঠাইলৈ 

১৪)
মে’ মাহৰ বৰষুণজাকৰ মাজতে 
মৃতকৰ বাবে অনা ফুলবোৰ 
খোজ কাঢ়িয়েই পেলাবলৈ গ’লোঁ 

১৫)
বনৰীয়া গোলাপ ফুলবোৰ ফুলিছে 
বাটটো মই জন্ম হোৱাৰ 
ঠাই যেন লাগিছে 

১৬)
দিনবোৰ দীঘল হ'বলৈ ধৰিলে 
বসন্তও 
শেষ হৈ আহিল 

১৭)
সন্ধিয়াৰ বতাহজাকে 
নীলা বগলীৰ আঁঠুৰ তললৈ 
ঢৌবোৰ পঠিয়ায় 

১৮)
আমি নলাটো খান্দিলোঁ 
শস্যৰ গজালি মেলা পথাৰলৈ 
ফুৰুকুৱা নৈৰ পানী আনিম বুলিয়েই 

১৯)
গোটেই পথজুৰি মই আহি আছোঁ 
গোটেই পথজুৰি মই গৈ আছোঁ 
এই গ্ৰীষ্মৰ পথাৰখনত 

২০)
নতুন বৰফে আৱৰা 
ফুজি পৰ্বত 
দেখাত কুৰি বছৰীয়া হ'ল

অনুবাদ : আনিছ উজ্ জামান

য়ছা বুছ’ন  (১৭১৬-১৭৮৩): চেংচুত জন্ম৷ জাপানী হাইকু কবিতাৰ অনন্য ৰীতিৰ এগৰাকী স্ৰষ্টা, এগৰাকী প্ৰতিভাৱান চিত্ৰশিল্পী আৰু বাশ্বোৰ পাছৰ এজন গুৰুস্থানীয় জাপানী কবি৷ বিষয়বস্তুৰ বৈচিত্ৰ্য, সূক্ষ্ম পৰ্যবেক্ষণ আৰু ছন্দপ্ৰকাশৰ অভাৱনীয় ক্ষমতা তেওঁৰ কবিতাৰ বৈশিষ্ট্য৷সম্পূৰ্ণ নিজৰ সুৰ আৰু কণ্ঠেৰে সমৃদ্ধ তেওঁৰ কবিতাবোৰত জাপানৰ শিল্পচেতনাৰ নান্দনিক ৰূপ অনুধাৱন কৰিব পাৰি৷

4 thoughts on “কুৰিটা জাপানী হাইকু কবিতা

  1. Bor bhal lagil. Axomiyat anubad kori apuni kobijonar Japan khon ati xundor koi amar sokut phuti uthaise. 🙏Dhanyabad 🙏

  2. Bor bhal lagil. Apuni Axomiyat anubad kori Yosa Busonor Japan khonor sobi ati xundor koi phuti uthaise

  3. বৰ ভাল পালোঁ ৷ কমকৈ বুজিছোঁ যদিওঁ হৃদয়ত এক প্ৰশান্তি ভাবৰ জোৱাৰ তুলিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *