কবিতাৰ শিক্ষাদান : লক্ষ্য-উদ্দেশ্য

বৈদ্য ব্ৰাইট বুঢ়াগোহাঁই

কবিতাৰ সংজ্ঞা আৰু ধাৰণা

কবিতা এক সূক্ষ্মতম কলা। কবিতা সকলো কলাৰ মাতৃস্বৰূপ। সাহিত্যৰ যিমানবোৰ ভাগ আছে, যিমানবোৰ বিধা আছে তাৰ ভিতৰত কবিতাই আটাইতকৈ আকৰ্ষণীয় আৰু ৰহস্যময়। কবিতা যেন ভাব আৰু ভাষাৰ সমাহিত বিজুলিসদৃশ। ভাবত আছে আৱেগ, অনুভূতি, কল্পনা, অভিজ্ঞতা আদি আৰু ভাষাত থাকিব সুৰ, লয়, ছন্দ, ৰূপক, উপমা, ধ্বনি, বিন্যাস, অলংকাৰ আদি। অলংকাৰ কবিতাৰ দৈহিক সৌন্দৰ্যবিশেষ আংগিকস্বৰূপ। আজিলৈকে কবিতাৰ কোনো এটা নিৰ্দ্ধাৰিত সংজ্ঞা অথবা ধাৰণা কোনেও আগবঢ়াব পৰা নাই। যদিও কবিতাৰ বিষয়ে বিভিন্ন পাশ্চাত্যৰ কবি তথা সমালোচকে আগবঢ়োৱা সংজ্ঞাৰ কথা এইখিনিতে প্ৰণিধানযোগ্য। ক’লৰিজৰ মতে, ‘‘সুন্দৰ শব্দচয়নৰ সুশৃংখলিত বিন্যাসেই কবিতা” (Best words in the best order)। ওৱৰ্ডছৱৰ্থে কবিতা তীব্ৰ অনুভূতিৰ স্বতঃস্ফূৰ্ত প্ৰকাশ বুলি অভিহিত কৰিছে (Poetry is the spontaneous overflow of powerful feelings)। ডব্লিউ ডিণ্টনে (W. Deenton) কৈছে, ‘‘প্ৰকৃত কবিতা হৈছে মানুহৰ মনৰ অনুভূতি আৰু ৰসধ্বনিত বাস্তৱ আৰু শিল্পসৌন্দৰ্যৰ অভিব্যক্তি” (Absolute poetry is the concrete and artistic expression of human mind in the emotional and rhythmic language)। জনছনৰ মতে, ‘‘কবিতা হ’ল এক ছন্দোবদ্ধ ৰচনা।” শ্বেলীৰ মতে, ‘‘কবিতা হ’ল কল্পনাৰ প্ৰকাশ।” কাৰ্লাইলৰ মতে, ‘‘কবিতা হ’ল সাংগীতিক চিন্তা।”

সাহিত্যৰ গতিপথত তাৰণীকান্ত ভট্টাচাৰ্যই লিখিছে, ‘‘কবিতা চিত্ৰময়ী ভাষা। ইয়াত ভাষাৰ প্ৰাচুৰ্য নাথাকে। থাকে চিত্ৰৰ। উত্তম কবিতাৰ প্ৰায় প্ৰত্যেকটো শব্দই পাঠকৰ মনত একোটা চিত্ৰৰ উদয় ঘটায়। এনে চিত্ৰ উদয় ঘটোৱাৰ কাৰ্যত ধ্বনিশীলতা অৱশ্যেই আহি পৰে। চিত্ৰহীন কবিতা, কবিতাই নহয়। চিত্ৰেৰে ভৰি থাকে দেখিয়েই কবিতা মানে কি বুজাই দিব নোৱাৰি, নিজে নিজে বুজিব লাগে। কবিতা ব্যাখ্যা কৰা কথাটো কবিতাৰ পক্ষে আত্মঘাতী কথা।”

উল্লিখিত ইমানবিলাক সংজ্ঞাৰ পাছতো কবিতাৰ নিৰ্ধাৰিত সংজ্ঞা দিয়াত অসুবিধা আছে। সেয়াই কবিতাৰ তাৎপৰ্য। কবিতাৰ পৰিধি ইমান বিস্তৃত যে ইয়াক কোনো এটা সংজ্ঞাৰ মাজত সীমাবদ্ধ কৰি ৰাখিব নোৱাৰি। কিজানিবা কবিতাৰ এনে বিচিত্ৰতা তথা বিশালতাৰ কথা উপলব্ধি কৰিয়েই ছেন্ট আগষ্টানে কৈছিল, ‘‘যাৰ বিষয়ে নুসুধিলে বহুত কিবাকিবি ক’ব পাৰি, সুধিলে একো ক’ব নোৱাৰি সিয়েই কবিতা।”

কবিতা শিক্ষণ

কবিতা শিক্ষণ সাহিত্যৰ আন বিধাৰ শিক্ষণতকৈ কিছু পৃথক আৰু এক জটিল শিক্ষণ কাৰ্য। কবিতা যিহেতু মানৱীয় ভাৱ-অনুভূতিৰ শিল্পৰূপ আৰু সেয়ে তাক ছাত্ৰ-ছাত্ৰীসকলৰ মন গহন আৰু চিন্তনত অনুভৱ উপলব্ধি কৰোৱাব পাৰিব লাগে। কবিতা উপলব্ধি নিৰ্ভৰ কলা। কবিতাৰে যুক্তি, তথ্য চিন্তা কৰাৰ বিপৰীতে অনুভৱ, উপলব্ধি আৰু অনুধাৱন কৰাতহে গুৰুত্ব দিয়া হয়। পাঠে কবিতালৈ পূৰ্ণতা আনে। সেয়ে কবিতা শিক্ষণত পঠনত অত্যধিক গুৰুত্ব দিব লাগে। পঠন কৰোঁতে কিছুমান বিশেষ দিশৰ প্ৰতি সচেতন হ’ব লাগে। যেনে—

১. পঠন কৰোঁতে শব্দ, বাক্যৰ শুদ্ধ আৰু স্পষ্ট উচ্চাৰণত গুৰুত্ব প্ৰদান কৰা।

২. যতি, বিৰাম চিহ্ন অনুসৰি সঠিক/যথাযথ তাৰ ব্যৱহাৰ আৰু প্ৰয়োগত গুৰুত্ব প্ৰদান কৰা আৰু অনুধাৱন কৰাতহে গুৰুত্ব প্ৰদান কৰা।

৩. কবিতাটোৰ ভাবাৰ্থ ছাত্ৰ-ছাত্ৰীসকলে অনুভৱ, অনুধাৱন কৰিব পৰাকৈ তাৰ পৃষ্ঠভূমি আৰু প্ৰসংগ-অনুষংগৰ লগত পৰিচয় কৰাই দিয়া।

৪. ছাত্ৰ-ছাত্ৰীসকলকো কবিতাটো সৰৱে পঠন কৰিব দিয়া। বাৰম্বাৰ পঠন কৰিবলৈ দিলেহে কবিতাৰ প্ৰাণৰ কাষ পোৱাৰ অথবা ওচৰ চপাৰ সম্ভাৱনা থাকে।

৫. কবিতাত যতি, বিৰামেও অনেক অৰ্থ বহন কৰে। কবিতা শিক্ষণত শিক্ষকে লুকাই থকা এনে অৰ্থ ছাত্ৰ-ছাত্ৰীসকলৰ সমুখত দাঙি ধৰিব পাৰিব লাগে।

৬. কবিতাত ভাষাৰ সৃষ্টিশীল আৰু কল্পনাঘন ৰূপ দেখা যায়। কবিতা শিক্ষণৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক সৃষ্টিশীলতা আৰু কল্পনাপ্ৰৱণতাক জগাব পাৰিব লাগে।

৭. কবিতাত প্ৰতিটো শাৰী আৰু স্তৱকৰ অন্তৰ্ভাগত লুকাই থকা আৱেগ-অনুভূতিক ছাত্ৰ-ছাত্ৰীৰ আগত শিক্ষকে দাঙি ধৰিব পাৰিব লাগে।

৮. কবিতা শিক্ষণ কৰোঁতে মন কৰিবলগীয়া আন এটা দিশ হ’ল ছাত্ৰ-ছাত্ৰীসকলৰ সৌন্দৰ্যবোধৰ বিকাশ সাধন কৰা। কবিতাই নান্দনিক সৌন্দৰ্যবোধ জগাই তোলাত সহায় কৰাৰ লগতে সুস্থ ৰুচিবোধৰো জন্ম দিয়ে।

৯. কবিতা শিক্ষাদানত শিক্ষকে কবিতাটোৰ আদৰ্শ পঠন কৰি দিব লাগে। প্ৰয়োজনত একাধিকবাৰ পঠন কৰিব লাগে। পঠনেহে কবিতাৰ প্ৰাণক ছাত্ৰ-ছাত্ৰীসকলৰ সমুখত প্ৰতিষ্ঠা কৰিব পাৰে।

কবিতা শিক্ষণৰ লক্ষ্য আৰু উদ্দেশ্য

কবিতা শিক্ষণ কৰিবলৈ যাওঁতে কিছুমান বিশেষ লক্ষ্য আৰু উদ্দেশ্যৰ প্ৰতি সজাগ হ’ব লাগে। অন্যথাই কবিতা শিক্ষণ এক নিৰস আৰু অৰ্থহীন কাৰ্য হিচাপে পৰিগণিত হ’ব। কবিতা শিক্ষণৰ প্ৰাথমিক চৰ্ত হ’ল প্ৰথমতে এটা পৰিৱেশ গঢ়ি তোলা। কবিতাৰ অনুকূল এটা পৰিৱেশ গঢ়ি তোলা। এই পৰিৱেশ শিক্ষকৰ দ্বাৰা পৰিকল্পিত আৰু সুনিয়ন্ত্ৰিত হ’ব লাগে।

১. কবিতা শিক্ষণৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক জীৱনৰ প্ৰত্যক্ষ স্বৰূপ উপলব্ধি কৰোৱা। যাতে কবিতা পঠনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে কবিৰ জীৱন-দৰ্শনৰ লগত পৰিচিত হ’ব পাৰে, কবিয়ে যিহেতু মানৱজীৱনৰ পৰাই কবিতাৰ সমল লাভ কৰে।

২. কবিতাৰ জগতখন হৈছে এক অভূতপূৰ্ব আৱেগ আৰু মায়াৰ জগত। কবিয়ে কল্পনা আৰু ভাৱনাৰ চিত্ৰপটক উপযুক্ত শব্দ-বিন্যাসেৰে পাঠকৰ আগত আন এখন জগতৰ সন্ধান দিয়ে। কবিয়ে পাৰ্থিৱ জগতখনত যি নাপায় কবিতাৰ অপাৰ্থিৱ জগতখনত তাক পোৱাৰ আশা-আকাংক্ষা কৰে। বিমূৰ্ত বস্তু এটাকো কবিয়ে কবিতাত মূৰ্ত কৰিব খোজে। গতিকে কবিতা শিক্ষণত ছাত্ৰ-ছাত্ৰীক সেই মায়া বিমূৰ্ত আৰু অপাৰ্থিৱ জগতখনলৈ প্ৰৱেশ কৰাব পাৰিব লাগিব।

৩. বিষয়বস্তুৰ ফালৰপৰা কবিতাতো বৈচিত্ৰ্য লক্ষ্য কৰা যায়। সেয়েহে কবিতা শিক্ষণৰ জৰিয়তে বিভিন্ন দিশ যেনে— দেশপ্ৰেম, প্ৰকৃতিপ্ৰেম, মানৱপ্ৰেম আদিৰ লগত ছাত্ৰ-ছাত্ৰীসকলক সম্পৰ্ক ঘটোৱা আৰু এটা গভীৰ সম্পৰ্ক স্থাপনেৰে দেশৰ বীৰ-বীৰাংগনা আৰু প্ৰকৃতি, মানৱৰ প্ৰতি অকৃত্ৰিম ভালপোৱা আৰু অনুৰাগ বৃদ্ধি কৰি তোলাত সহায় কৰা।

৪. কবিতা শিক্ষণৰ আন এক গুৰুত্বপূৰ্ণ লক্ষ্য আৰু উদ্দেশ্য হ’ল নিৰ্দিষ্ট ভাষাটোৰ প্ৰখ্যাত কবিসকলৰ সাহিত্যকৰ্ম আৰু জীৱন-দৰ্শনৰ লগত ছাত্ৰ-ছাত্ৰীসকলক পৰিচয় কৰোৱা, যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে কবি আৰু কবিতাৰ সবিশেষৰ প্ৰতি আগ্ৰহী হ’ব পাৰে।

৫. কবিতা শিক্ষণৰ এক প্ৰধান লক্ষ্য হ’ল কবিতাৰ শ্ৰেণী-বিভাজন অথবা বিভাগ সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰোৱা। বিষয় অনুসৰি কবিতা এক বহুধাবিভক্ত সাহিত্যৰ বিধা এই কথা ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰা।

৬. কবিসকল শব্দৰ খেলুৱৈ। কবিয়ে শব্দেৰে ভাষা এটা ভাঙে-পাতে। নতুনকৈ নিৰ্মাণ কৰে এটা কবিতাৰ ভাষা। কবিয়ে কবিতাত ব্যৱহাৰ কৰা শব্দাংশ, বাক্যাংশ আৰু শব্দাৰ্থ আদিৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰা কবিতা শিক্ষণৰ আন এক বিশেষ উদ্দেশ্য।

৭. কবিতা স্বাদনামূলক পাঠ। কবিতাৰ ভাবাৰ্থ উপলব্ধি কৰা আৰু কবিতাৰ নান্দনিক সৌন্দৰ্যবোধ উপভোগ কৰাত ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰা কবিতা শিক্ষণৰ অন্যতম উদ্দেশ্য।

কবিতা শিক্ষাদানৰ পদ্ধতি

কবিতাৰ বিশিষ্টতা অনুসৰি শিক্ষাদান পদ্ধতি বেলেগ বেলেগ হয়। কবিতা এক প্ৰকাৰৰ শ্ৰব্য কলা। সেয়ে কবিতা শিক্ষাদানত পঠনত অধিক গুৰুত্ব দিব লাগে, যাতে ছাত্ৰ-ছাত্ৰীসকলে কবিতাৰ ৰস-সৌন্দৰ্য অনুভৱ-অনুধাৱন কৰাৰ লগতে কবিতাৰ প্ৰতি এক সুস্থ ৰুচিবোধৰো বিকাশ সাধন কৰিব পাৰে। শিক্ষকৰ কবিতা পঠন আৰু আবৃত্তিৰ ওপৰত এই দিশটো অধিকভাৱে নিৰ্ভৰ কৰে। পাঠ-আবৃত্তি শ্ৰুতি-মধুৰ, সুৱলা, আকৰ্ষণীয় হ’লেহে ছাত্ৰ-ছাত্ৰীৰ কবিতা শিক্ষণৰ প্ৰতি মনোযোগ বাঢ়িব। যিহেতু কবিতা শ্ৰব্য অৰ্থাৎ কাণৰ লগত ইয়াৰ পোনপটীয়া সম্পৰ্ক আছে। প্ৰসংগক্ৰমে অধ্যাপক হেডোৰে কোৱা কথা এষাৰ উল্লেখ কৰিব পাৰি ‘‘‘Poetry is an art of the ear, not of the eye-in other words, Poetry is sound, not sight. ” (On the Teaching of Poetry)। অৰ্থাৎ কবিতা কাণৰ কলা, ই দৃষ্টি নহয়, ধ্বনিহে।

গতিকে, কবিতা শিক্ষাদান কৰিবলৈ যাওঁতে শিক্ষকে পঠনাবৃত্তিৰে ছাত্ৰ-ছাত্ৰীক উদ্বুদ্ধ কৰাৰ লগতে কবিতা এটাৰ কবিজনৰ ভাব-অনুভূতিৰ লগত এটা আন্তৰিক উপলব্ধিবোধৰ জন্ম দিব পাৰিব লাগে। যেনে— ৰঘুনাথ চৌধাৰীৰ প্ৰকৃতি বিষয়ক কবিতা অথবা অম্বিকাগিৰীৰ স্বদেশপ্ৰেমমূলক কবিতা পঢ়ুৱাওঁতে ছাত্ৰ-ছাত্ৰীসকলক প্ৰকৃতি আৰু দেশৰ প্ৰতি অকৃত্ৰিম ভালপোৱা, শ্ৰদ্ধা, সন্মানবোধেৰে অনুপ্ৰাণিত কৰিব পাৰিলেহে কবিতা শিক্ষাদানৰ উদ্দেশ্য আৰু পদ্ধতি সম্পূৰ্ণ হ’ব।

কবিতা শিক্ষাদানৰ বাবে উপযোগী পদ্ধতিসমূহ

বিদ্যালয় পৰ্যায় অথবা স্তৰ অনুযায়ী আৰু ছাত্ৰ-ছাত্ৰীৰ বয়স, বুদ্ধি, চেতনা অনুসৰি কবিতা শিক্ষাদানৰ পদ্ধতি ভিন ভিন। তলত কবিতা শিক্ষাদানৰ উপযোগী আৰু প্ৰায়োগিক পদ্ধতিবোৰৰ সম্পৰ্কে চমুকৈ আলচ কৰা হ’ল—

১. গীত আৰু অভিনয় পদ্ধতি: গীতিধৰ্মিতা অৰ্থাৎ সংগীতধৰ্মিতা কবিতাৰ এক প্ৰধান লক্ষণ। গীত সকলোৰে প্ৰিয়। গীতিধৰ্মী ছন্দোবদ্ধ কবিতাই সহজেই ছাত্ৰ-ছাত্ৰীৰ মন পুলকিত আৰু আকৰ্ষিত কৰিব পাৰে। গীতি-কবিতাত ভাবাৰ্থ, শব্দাৰ্থ আদিতকৈ ইয়াৰ ছন্দ আৰু ধ্বনিৰ ওপৰতহে বেছি গুৰুত্ব দিয়া হয়। এই শ্ৰেণীৰ কবিতা প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বেছ উপযোগী। লগতে গীত আৰু অভিনয় পদ্ধতিও প্ৰাথমিক পৰ্যায়ত শিক্ষাদানৰ বাবেহে উপযোগী। এই পদ্ধতিৰে কবিতাৰ শিক্ষাদান কৰিলে নিম্ন পৰ্যায়ত ফলপ্ৰসূতা অৰ্জন কৰিব পৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ ধ্বনিজ্ঞান বাঢ়িব আৰু কবিতাপ্ৰীতি ভাবৰ উদয় হ’ব। কবিতাৰ লহৰে গীত হৈ ছাত্ৰ-ছাত্ৰীৰ অন্তৰ স্পৰ্শ কৰিলে ই মধুৰ আৰু স্থায়ী হৈ পৰে। লক্ষ্যধৰ চৌধুৰীৰ ‘মোৰ লক্ষ্য’ কবিতাটো এই পদ্ধতিৰে শিক্ষাদান কৰিব পৰাৰ উৎকৃষ্ট উদাহৰণ। কবিতাৰ চৰিত্ৰৰ লগত ছাত্ৰ-ছাত্ৰীৰ সক্ৰিয় সংযোগে কবিতাৰ ভাব উপলব্ধিত সহায় কৰে। অভিনয়ৰ জৰিয়তে অভিব্যক্তিৰ স্পষ্ট প্ৰকাশ ঘটে। গতিকে এই পদ্ধতি মূলতঃ নিম্ন পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবেহে উপযুক্ত আৰু ব্যাৱহাৰিক।

২. অৰ্থবোধ পদ্ধতি: অৰ্থবোধ পদ্ধতিত শিক্ষকে গদ্য শিক্ষাদানৰ দৰে কবিতা পঠনৰ পাছত কঠিন শব্দৰ অৰ্থ ছাত্ৰ-ছাত্ৰীক কৈ যাব অথবা লিখি দিব। ফলস্বৰূপে কবিতাৰ শব্দাৰ্থ বিচাৰহে হ’ব কবিতাৰ সৌন্দৰ্য, ৰসাস্বাদন নহ’ব। কেৱল কবিতাত কঠিন শব্দৰ অৰ্থ জানিবলৈহে এই পদ্ধতি প্ৰয়োগ কৰা হয় ফলত কবিতাৰ ৰসবোধ সাধ্যত ই বাধা জন্মায়। কবিতাৰ আন্তৰিক ভাৱ-অনুভূতি উপলব্ধি কৰাত এই পদ্ধতি বাধা হৈ থিয় দিয়ে। ছাত্ৰ-ছাত্ৰীসকলক বঞ্চিত কৰে। গতিকে কবিতা শিক্ষাদানৰ বাবে এই পদ্ধতি উপযোগী নহয়। এই পদ্ধতি অত্যন্ত দোষযুক্ত। শব্দাৰ্থ বিচাৰে কবিতাৰ আক্ষৰিক সৰল অনুবাদহে কৰিব পাৰিব। ই কবিতাৰ আন্তৰিক আহবান আৰু অনুভূতিক পোহৰাই তুলিব নোৱাৰে। সেয়েহে পৰাপক্ষত কবিতা শিক্ষাদানৰ বেলিকা অৰ্থবোধ পদ্ধতি প্ৰয়োগৰ পৰা ভাষা-সাহিত্যৰ শিক্ষক সমাজ আঁতৰি থকাই ভাল। এই পদ্ধতিয়ে কবিতাৰ সৌন্দৰ্যক দাঙি ধৰাৰ বিপৰীতে নষ্টহে কৰিব।

৩. বিশ্লেষণ পদ্ধতি: বিশ্লেষণ পদ্ধতি কবিতা শিক্ষাদানৰ বাবে উপযোগী। এই পদ্ধতিত শিক্ষকে বুজাবলগীয়া কবিতাটো ভালদৰে বুজাই দিয়াৰ পাছত ছাত্ৰ-ছাত্ৰীসকলক কবিতাটোৰ অৰ্থ সম্পৰ্কত বিভিন্নধৰণৰ প্ৰশ্ন সুধিব আৰু ছাত্ৰ-ছাত্ৰীসকলে নিশ্চয়কৈ শিক্ষকৰ বিশ্লেষণৰ অন্তত উত্থাপন হোৱা যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ সমৰ্থৱান হ’ব। কবিতাটোৰ অৰ্থ বিশ্লেষণ কৰোঁতে অথবা বুজাওঁতে শিক্ষকে এটা কথা মন কৰিব লাগে যাতে ছাত্ৰ-ছাত্ৰীসকলে কবিতাটোৰ অন্তৰ্ভাগলৈ গৈ তাৰ ৰস গ্ৰহণ কৰিব পাৰে। শিক্ষকে কবিতাটো বুজাওঁতে এনেকৈ বুজাব লাগে যাতে কবিতাটোৰ সৌন্দৰ্যত আঘাত নপৰে আৰু সকলো ছাত্ৰ-ছাত্ৰীয়ে কবিতাটোৰ অন্তৰৰ আহ্বান অনুভৱ কৰিব পাৰে। তেতিয়াহে এই পদ্ধতি প্ৰয়োগ সাৰ্থক হ’ব। এই পদ্ধতি উচ্চ শ্ৰেণীত কবিতা শিক্ষাদানৰ বাবে অত্যন্ত সুবিধাজনক আৰু ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক উভয় পক্ষৰ বাবে বৰ উপযোগী। উচ্চ আৰু উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত কবিতা শিক্ষাদান কৰোঁতে ভাষা-সাহিত্যৰ শিক্ষকে এই পদ্ধতি ফলপ্ৰসূভাৱে প্ৰয়োগ কৰিব পাৰে।

৪. ব্যাখ্যা পদ্ধতি: ব্যাখ্যা পদ্ধতিত শিক্ষকে শিক্ষণীয় কবিতাটো যতি, বিৰাম চিহ্নৰ সঠিক ব্যৱহাৰেৰে শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে শ্ৰেণীকোঠাৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে শুনাকৈ সৰবে আবৃত্তি কৰি শুনাব। ইয়াকে কবিতা শিক্ষাদানত শিক্ষকৰ আদৰ্শ পঠন বুলি কোৱা হয়। আদৰ্শ পঠনৰ অন্তত শিক্ষকে কবিতাটোৰ প্ৰতিটো শব্দ, শাৰী, স্তৱকে কেনে ভাব-চিন্তা প্ৰকাশ কৰিছে তাৰ সঠিক অৰ্থ ছাত্ৰ-ছাত্ৰীসকলক বুজাই দিব কিম্বা ব্যাখ্যা কৰিব। স্তৱকভেদে কবিৰ ভাবনা কি আৰু কিয় হৈছে তাৰো যথাৰ্থ ব্যাখ্যা শিক্ষকে আগবঢ়াব। কবিতাৰ বিষয়বস্তু অনুসৰি কবিতাৰ ভাবাৰ্থ বুজাবৰ বাবে শিক্ষকে প্ৰয়োজন অনুসৰি ভৌগোলিক, ঐতিহাসিক, সামাজিক আদি বিভিন্ন দিশ প্ৰাসংগিকভাৱে উত্থাপন কৰিব। ভাবপ্ৰধান আৰু বিভিন্নধৰণৰ স্বৰ লুকাই থকা কবিতা শিক্ষণৰ বাবে এই পদ্ধতি বেছি উপযোগী। কবিৰ ভাব, চিন্তা-দৰ্শনৰ লগত আন কোনো কবিৰ চিন্তা-দৰ্শনৰ মিলো থাকিব পাৰে। সেই কথা উদাহৰণৰসহকাৰে এই পদ্ধতিত শিক্ষকে বুজাই দিব লাগে। ব্যাখ্যা পদ্ধতিত শিক্ষকৰ ব্যৱহৃত ভাব-ভাষা সহজ-সৰল হ’ব লাগে। যাতে ই ছাত্ৰ-ছাত্ৰীৰ কবিতাপ্ৰীতি ভাবৰ উন্মেষ ঘটোৱাৰ লগতে মানসিক অনুকূলতা ৰক্ষা কৰিব পাৰে। সেয়ে শিক্ষকৰ ব্যাখ্যাৰ ভাষা মধুৰ আৰু সৰল হ’ব লাগে। প্ৰয়োজন অনুসৰি মাজে মাজে ছাত্ৰ-ছাত্ৰীসকলক প্ৰশ্নও কৰিব লাগে, যাতে কেৱল শিক্ষককেন্দ্ৰিক হৈ নাথাকি দুয়োপক্ষই সজীৱতা আৰু সক্ৰিয়তা বৰ্তাই ৰাখিব পাৰে। কবিতা শিক্ষাদানৰ বাবে এনে পদ্ধতি উত্তম বুলি বিবেচিত হয়। মাধ্যমিক তথা উচ্চতৰ মাধ্যমিক শ্ৰেণীত এই পদ্ধতিৰে কবিতা শিক্ষাদান কৰা উচিত।

৫. কথোপকথন পদ্ধতি: কবিতা শিক্ষদানৰ বাবে কথোপকথন পদ্ধতি কেৱল উচ্চ শ্ৰেণীৰ বাবেহে প্ৰযোজ্য। নিম্ন শ্ৰেণীত এই পদ্ধতিৰ প্ৰায়োগিকতা দুৰ্বল আৰু অসুবিধাজনক। কথোপকথন বা আলাপ-আলোচনাৰ মাজেৰে মানৱ-জীৱনৰ যিকোনো সমস্যাৰ সমাধান সম্ভৱপৰ হৈ উঠে। তেনেক্ষেত্ৰত শ্ৰেণীত কবিতা শিক্ষাদান কৰিবলৈ যাওঁতেও ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কবিতা শিক্ষণৰ বেলিকা বিভিন্ন ধৰণৰ সন্দেহ-সমস্যাৰ উদয় হ’ব পাৰে। শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলৰ কবিতাপ্ৰীতি মনোভাব জগাবৰ বাবে শিক্ষণীয় কবিতাৰ ভাব-ভাষা, ৰচনা-ৰীতি তথা কবিৰ কাব্য দৰ্শন সম্বন্ধিত কথাবোৰ বহলাই ক’ব লগা হ’ব পাৰে। ছাত্ৰ-ছাত্ৰীৰ মনোযোগ আকৰ্ষণৰ বাবে কথাবাৰ্তাৰ অৱতাৰণা কৰাটো যিকোনো শিক্ষকৰে এটা প্ৰধান দায়িত্ব আৰু কৰ্তব্য হিচাপেই বিবেচিত হয়। গতিকে, কবিতা আৰু কবি সম্পৰ্কীয় যিকোনো ধৰণৰ আলোচনা শ্ৰেণীকোঠাত সম্ভৱপৰ কৰি তুলিব পাৰিব লাগে। অৱশ্যে কথোপকথন কৰিবলৈ হ’লে তাৰ অৱতাৰণা, উপস্থাপন সম্পৰ্কে শিক্ষকৰ এটা সুপৰিকল্পনা থাকিব লাগিব। বুদ্ধি-চেতনাৰ ফালৰ পৰা উচ্চ শ্ৰেণীত ছাত্ৰ-ছাত্ৰীসকলো কিছু পৰিমাণে অভিজ্ঞ হৈ উঠে। গতিকে, এনে কথোপকথন আৰু আলোচনাত্মক পদ্ধতিৰে কবিতা শিক্ষাদান কৰিলে কবিতাৰ সবিশেষ জানি-বুজি যোৱাৰ আৱশ্যক থাকে। সেয়ে এই পদ্ধতি ওপৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অত্যন্ত দৰকাৰী।

৬. সমীক্ষা পদ্ধতি: সমীক্ষা পদ্ধতি অনুসৰি শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী উভয়ৰে কবিতা সম্পৰ্কীয় গভীৰ ধ্যান-ধাৰণা আৰু জ্ঞান থকাটো বাঞ্চনীয়। কিয়নো এই পদ্ধতিত কবিতাৰ ভাষা, ৰচনা-ৰীতি, বিষয়বস্তু, ভাবধাৰা, শব্দ-বিন্যাস, ধ্বনি-ব্যঞ্জনা আদি সকলো দিশৰে পুংখানুপুংখ দোষ-গুণ বিচাৰ কৰা হয়। সাধাৰণ অৰ্থত দোষ-গুণ চালি-জাৰি চোৱাই সমীক্ষা। গতিকে, কবিতা এটাৰ সৃষ্টিত কবিজনৰ সফলতা-বিফলতা, ভাব-ভাষাৰ কৃতকাৰ্যতা বিচাৰ কৰাই সমীক্ষা পদ্ধতিৰ মূল কাম।

গতিকে, ভাষা-সাহিত্যৰ শিক্ষকৰ ভাষা-জ্ঞান থকাৰ লগতে আন ভাষাৰ কবিতাৰ সন্দৰ্ভতো তেওঁৰ দখল (যেনে, হিন্দী, বাংলা, ইংৰাজী) থকাটো ভাল। তেতিয়াহে কবিতাৰ সঠিক সমীক্ষা হ’ব। এনে গুৰু-গম্ভীৰ আলোচনা অথবা সমীক্ষা উচ্চ পৰ্যায়তহে সম্ভৱ। ভাবৰ গাম্ভীৰ্য আৰু ছাত্ৰ-ছাত্ৰীক বহল দৃষ্টিভংগী প্ৰদান কৰাৰ লগতে কবিতাক বহল পৰিসৰত চোৱাত সমীক্ষা পদ্ধতিয়ে সুবিধা প্ৰদান কৰে। ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশ আৰু মানসিক উৎকৰ্ষ সাধনত এই পদ্ধতিৰ প্ৰয়োগ অনস্বীকাৰ্য। অৱশ্যে ওপৰ খাপৰ শ্ৰেণীকোঠাৰ কবিতা শিক্ষাদানতহে এই পদ্ধতি সাৰ্থকভাৱে প্ৰয়োগ কৰিব পাৰি। উচ্চ পৰ্যায়ৰ বাবে সমীক্ষাত্মক পদ্ধতি অতি উত্তম।

ছাত্ৰছাত্ৰীক কবিতাৰ প্ৰতি আগ্ৰহী কৰি তুলিব পৰা কিছু দিশৰ অৱলোকন:

ওপৰৰ আলোচনাত ইতিমধ্যেই কবিতা সম্পৰ্কীয় অনিৰ্ণেয় ধাৰণাৰ লগতে কবিতা শিক্ষাদানৰ লক্ষ্য, উদ্দেশ্য আৰু পদ্ধতি সম্পৰ্কে যৎকিঞ্চিত আলোচনা আগবঢ়োৱা হ’ল। ভাষা-সাহিত্যৰ শিক্ষকে কবিতাৰ ভাব-বিষয় অনুসৰি উপযুক্ত পদ্ধতি আৰু সঠিক প্ৰক্ৰিয়া অনুসৰণ কৰিব লাগে। ভাষা-সাহিত্যৰ শিক্ষক হিচাপে ভাষাটোৰ প্ৰতি অত্যন্ত শ্ৰদ্ধাশীল হোৱাৰ উপৰি ভাষাটোত ৰচিত সাহিত্য সম্ভাৰৰ লগত সম্যক পৰিচয় থকাটো ভাল। ছাত্ৰ-ছাত্ৰীসকলক ভাষা-সাহিত্যৰ লগত ভালদৰে পৰিচয় কৰাই দিব পাৰে কেৱল ভাষাৰ শিক্ষকে। গতিকে, ভাষা শিক্ষকৰ দায়িত্ব বহু বেছি।

কবিতা যিহেতু সাহিত্যৰ এক অন্যতম বিধা। সেয়ে কবিতা শিক্ষণৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক কবিতাৰ অনুৰাগী কৰি তুলিব নোৱাৰিলে কবিতা শিক্ষণ কাৰ্যই এক প্ৰকাৰৰ অৰ্থহীন কাৰ্যলৈ পৰিণত হ’ব। ভাষা শিক্ষকৰ কবিতাৰ পৰম্পৰা আৰু ঐতিহ্যৰ লগত সুপৰিচিতি থাকিব লাগিব। লগতে সাম্প্ৰতিক কবিতাৰ প্ৰৱাহৰ লগত থাকিব লাগিব সু-সম্পৰ্ক। তেতিয়াহে কবিতা শিক্ষদানত সাৰ্থকতা আদায় কৰিব পাৰিব।

কবিতা শিক্ষাদান কৰিবলৈ যাওঁতে শিক্ষকে মন কৰিব লগা কিছু দিশ তলত অৱলোকন কৰা হ’ল—

১. শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক কবিতা শিক্ষণ কৰিবলৈ যাওঁতে কবিতাৰ প্ৰতি অনুৰাগ, কবিতা সৃষ্টিৰ প্ৰতি অনুৰাগ আৰু কবিৰ প্ৰতি অনুৰাগ বঢ়াব পাৰিব লাগে।

২. শিক্ষকে কবিতাটো শিক্ষণ কৰিবলৈ যাওঁতে প্ৰথমে কবিজনৰ পৰিচয় সম্পৰ্কে ছাত্ৰ-ছাত্ৰীক অৱগত কৰাব লাগে। কবিৰ জীৱনপঞ্জী আৰু ৰচনা-সম্ভাৰ সম্পৰ্কে চমু পৰিচয় আগবঢ়াব লাগে। কবিৰ ৰচনা-ৰীতি আৰু জীৱন-দৰ্শনৰ সন্দৰ্ভতো পৰিচিতি আগবঢ়ালে ভাল। শিক্ষকে কবিজনৰ ৰচনাৰাজি অৰ্থাৎ বিভিন্ন কাব্যগ্ৰন্থ ছাত্ৰ-ছাত্ৰীক দেখুৱাব লাগে। চুই চাবলৈ দিব লাগে। এনে কাৰ্যই ছাত্ৰ-ছাত্ৰীক কবিতা আৰু কবিৰ প্ৰতি অনুৰাগী কৰি তোলাৰ লগতে ভৱিষ্যতে অধিক অধ্যয়নৰ বাট মুকলি কৰিব।

৩. কবিজনৰ পৰিচয়পৰ্ব আগবঢ়োৱাৰ অন্তত শিক্ষকে প্ৰয়োজন অনুসৰি কবিজনৰ জীৱন আৰু সাহিত্যকৃতি সম্পৰ্কীয় প্ৰশ্নৰ অৱতাৰণা কৰিব পাৰে। কবি সম্পৰ্কে ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা জ্ঞান আৰু ধাৰণাৰ ই হ’ব এক প্ৰকাৰৰ মূল্যায়ন।

৪. কবি সম্পৰ্কীয় মূল্যায়নৰ অন্তত শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ সমুখত কবিতাটোৰ আদৰ্শ পঠন কৰিব লাগে। আদৰ্শ পঠন কৰোঁতে সকলো ছাত্ৰ-ছাত্ৰীয়ে যাতে কবিতাটো মন দি শুনে তাৰ প্ৰতি সচেতনতা অৱলম্বন কৰিব লাগে আৰু যতি চিহ্ন, সুৰ, লয়ৰ সঠিক উচ্চাৰণৰ প্ৰতি সজাগ হৈ আদৰ্শ পঠন কৰা উচিত।

৫. শিক্ষকে আদৰ্শ পঠন কৰাৰ পাছত শ্ৰেণীকোঠাৰ নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীক সৰব পঠন কৰিবলৈ দিব লাগে আৰু বাকীসকল ছাত্ৰ-ছাত্ৰীক নীৰৱে অনুসৰণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিব লাগে। ছাত্ৰ-ছাত্ৰীক সৰব পঠন কৰিবলৈ দিওঁতে চাব লাগে যাতে শ্ৰেণীকোঠাৰ সকলো শ্ৰেণীৰ মানসিক স্তৰৰ ছাত্ৰ-ছাত্ৰীয়ে এই সুবিধা লাভ কৰে।

৬. ছাত্ৰ-ছাত্ৰীৰ সৰব পঠনৰ অন্তত শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ সহযোগত কবিতাটোৰ পৰা জটিল শব্দৰ অৰ্থ অৰ্থাৎ আক্ষৰিক অৰ্থৰ বিপৰীতে শব্দই বহন কৰা অৰ্থৰ বিচাৰ কৰিব। কবিতাত আক্ষৰিক অৰ্থতকৈ অন্তৰ্লীন হৈ থকা অৰ্থই ভাব বহন কৰি কবিতাক প্ৰাণময় কৰি ৰাখে। শ্ৰেণীকোঠাৰ পৰ্যায় আৰু কবিতাৰ বিষয়বস্তু, ছাত্ৰ-ছাত্ৰীৰ মানসিক বুদ্ধি-বৃত্তি অনুসৰি শিক্ষকে সঠিক পদ্ধতিৰে কবিতা শিক্ষাদান কাৰ্য আগবঢ়াই নিব।

কবিতাত ৰুচি জন্মোৱাৰ উপায়

কবিতা যিহেতু মানৱ-জীৱনৰ প্ৰাচীনতম ভাষা তাৰ পাছতো কবিতা মানুহৰ হৃদয়-মগজুৰপৰা আঁতৰি থকাটো কবিতাৰে নহয় সাহিত্যৰ বাবেও ই দুখজনক। সেয়ে বিদ্যালয়ত ভাষা শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ মাজত কবিতাৰ প্ৰতি সুস্থ ৰুচিবোধৰ জন্ম দিয়াৰ লগতে কবিতাৰ প্ৰতি অনুৰাগ বঢ়াব পাৰে। তেনে কিছু উপায় তলত আগবঢ়োৱা হ’ল—

১. ভাষাৰ শ্ৰেণীকোঠাৰ দেৱালত প্ৰখ্যাত কবিৰ প্ৰতিচ্ছবিৰ লগতে তেওঁলোকৰ কাব্যজীৱনৰ পৰিক্ৰমাক বগা কাগজত শুদ্ধ আখৰেৰে ডাঙৰকৈ ওলমাই ৰাখিব পাৰে।

২. মানুহৰ মুখৰ উক্তিলৈ পৰিৱৰ্তন হোৱা বিখ্যাত কবিতাৰ শাৰী আৰু স্তৱক দেৱালত লিখি ৰাখিব পাৰে।

৩. ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বছা-বছা কবিতা আবৃত্তি কৰিবলৈ দিব পাৰে। মাহেকত এবাৰ-দুবাৰকৈ এনে আবৃত্তি প্ৰতিযোগিতা আয়োজন কৰিব পাৰে। এনে প্ৰতিযোগিতাত নিজ বিদ্যালয়ৰ লগতে কাষৰীয়া ভিন ভিন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকো জড়িত কৰিব লাগে। এনে আয়োজনে ছাত্ৰ-ছাত্ৰীৰ কবিতাপ্ৰীতি ভাব বঢ়াব।

৪. ভাষা শিক্ষকে নিজ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰতিৱেশী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলকো সাঙুৰি কবি সন্মিলন আয়োজন কৰিব পাৰে আৰু বিভিন্ন ঠাইত অনুষ্ঠিত হৈ থকা কবি সন্মিলনত ছাত্ৰ-ছাত্ৰীসকলক অংশগ্ৰহণ কৰিবলৈ সুবিধা প্ৰদান কৰি দিব লাগে। প্ৰতিষ্ঠিত কবিৰ সংগ-সান্নিধ্যত অনুপ্ৰাণিত হৈ ছাত্ৰ-ছাত্ৰীসকলে কবিতা সৃষ্টিত নিজকে নিয়োজন কৰিব পাৰিব। উচ্চ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এনে কাৰ্য লাভজনক।

৫. ভাষা-সাহিত্যৰ শিক্ষকে প্ৰতিষ্ঠিত কবি-সাহিত্যিকক বিদ্যালয়লৈ নিমন্ত্ৰণ জনাই ছাত্ৰ-ছাত্ৰীৰ লগত অন্তৰংগ আলাপ কৰোৱাৰ ব্যৱস্থা কৰিব পাৰে। এনে ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীৰ মনত কবিতা-সাহিত্যৰ প্ৰতি অনুৰাগ জন্মাব আৰু প্ৰতিষ্ঠিত পৰিচিত কবি-লেখকক ওচৰতে পাই উৎসাহিত হ’ব।

৬. ভাষা-সাহিত্যৰ শিক্ষকে বিদ্যালয়ত কবি-সাহিত্যিকসকলৰ জয়ন্তী আৰু মৃত্যুবাৰ্ষিকী উদযাপন কৰিব লাগে। যেনে— শ্ৰীশ্ৰী শংকৰদেৱৰ তিথি, লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু-বাৰ্ষিকী, জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়ন্তী, নৱকান্ত বৰুৱাৰ মৃত্যুতিথি, হীৰেন ভট্টাচাৰ্যৰ জন্ম-মৃত্যুবাৰ্ষিকী উদযাপন আদি। এনে জয়ন্তী আৰু মৃত্যু-বাৰ্ষিকীৰ উদযাপনে কবি-সাহিত্যিকৰ গুৰুত্ব আৰু মহত্ত্ব উপলব্ধি কৰাত সহায় কৰিব আৰু ছাত্ৰ-ছাত্ৰীসকলক নতুন সৃষ্টিৰ প্ৰতি উৎসাহী কৰি তুলিব।

ছাত্ৰ-ছাত্ৰীৰ সৌন্দৰ্যবোধৰ বিকাশ সাধন আৰু মানসিক উত্তৰণৰ বাবে কবিতা শিক্ষণ যে আকৰ্ষণীয়, অৰ্থৱহ, বৈচিত্ৰ্যপূৰ্ণ আৰু একধৰণৰ জটিল কাৰ্য সি নিশ্চিত। সেয়ে শিক্ষকে কবিতা সম্পৰ্কীয় অনেক গ্ৰন্থ অধ্যয়ন কৰাৰ লগতে সমালোচনাত্মক দৃষ্টিভংগীৰে কবিতা শিক্ষাদানৰ বেলিকা ছাত্ৰ-ছাত্ৰীৰ সমুখত নিজকে উপস্থাপন কৰিব লাগে। তেহে ছাত্ৰ-ছাত্ৰীৰ লগতে কবিতা শিক্ষাদানৰ জৰিয়তে কবিতায়ো এক ধৰণৰ সাৰ্থকতা লাভ কৰিব পাৰে।