অনুবাদভীতি (কবিতাৰ পৰিপ্রেক্ষাত)

নীৰাজনা মহন্ত বেজবৰা

(১)
‘এটা কথা স্পষ্ট
অনুবাদে নকৰে কবিতা নষ্ট’

কবি হীৰেন ভট্টাচার্য্যই ‘ল’ৰাধেমালি’ নামেৰে শিশুৰ বাবে ৰচনা কৰা পুথিখনত কবিতাৰ অনুবাদ সম্পর্কে এইধৰণেৰে মত দাঙি ধৰিছে। ইয়াৰ বিপৰীতে, পৃথিৱীৰ অনেক আলোচক তথা অনুবাদ সম্পর্কে চিন্তা-চর্চা কৰা লোকে কিন্তু কবিতাৰ অনুবাদ অসম্ভৱ বুলি মত দাঙি ধৰি আহিছে। কিছুমানে তো আৰু এখোজ আগবাঢ়ি কেৱল কবিতাই নহয়, সাহিত্যৰ অনুবাদৰ কথাটোকে অসম্ভৱ বুলি ক’ব খোজে। সাহিত্য মানে ইয়াত সৃষ্টিশীল সাহিত্যৰ কথা বুজোৱা হৈছে। এফালে সাহিত্যৰ অনুবাদ অসম্ভৱ বোলা গুজবে অনুবাদৰ জগতখনত পানী ঘোলা কৰাৰ বিপৰীতে কিন্তু বাস্তৱ ক্ষেত্রত চাবলৈ গ’লে অনুবাদৰ ক্ষেত্রখনত সাহিত্যই সর্বকালৰ সবাতোকৈ উর্বৰ ক্ষেত্রৰ ৰূপত আত্মপ্রকাশ কৰি আহিছে। পৃথিৱীৰ সকলো ঠাইতে তথা সকলো ভাষাতে প্রথম অৱস্থাত ছন্দোবদ্ধ সাহিত্যই অধিক স্থান লাভ কৰিছিল। আচলতে আধুনিক যুগতহে ছন্দৰ বন্ধনৰপৰা মুক্ত সাহিত্য, অর্থাৎ গদ্য ৰূপত সাহিত্যই সুদৃঢ়তা লাভ কৰিবলৈ সক্ষম হৈছেহি। এটা ভাষাত থকা পদ্যই আন বহুতো ভাষাত সাৱলীলভাবে প্রকাশ লাভ কৰি বিস্তাৰ আৰু প্রসাৰ লাভ কৰাৰ ইতিহাস কিন্তু তাৰ বহু আগতেই আৰম্ভ হৈ গৈছে। এইক্ষেত্রত আমাৰ দেশ ভাৰতবর্ষই এক অত্যন্ত প্রবল উদাহৰণ দাঙি ধৰে। সংস্কৃত ভাষাত থকা ছন্দোবদ্ধ সাহিত্যৰ অনুবাদৰ যোগেদিয়েই আজি আমাৰ অসমীয়াকে ধৰি আধুনিক ভাৰতীয় ভাষা বুলি জনাজাত প্রায়খিনি ভাষাই নিজ নিজ সাহিত্যৰ ভেটি স্থাপন কৰিছিল। অন্য ধৰণেৰে ক’বলৈ গ’লে অসম্ভব বুলি বহুতে ক’ব খোজা কবিতাৰ অনুবাদৰ সহায়তে এক সর্বাত্মক সাহিত্যিক-সাংস্কৃতিক, ধার্মিক-সামাজিক আন্দোলন সম্ভব হৈ উঠিছিল। কথাটো ঠিক ‘কৰিছিল’ ‘উঠিছিল’ আদি ধৰণেৰে অতীতত ঘটাৰ ৰূপতে ভবাটোও আমাৰ বোধেৰে সঠিক নহয়। প্রকৃততে চাবলৈ গ’লে এই পদ্যানুবাদসমূহে প্রায় সমগ্র ভাৰতৰে ভাষিক-সাংস্কৃতিক-সাহিত্যিক-সামাজিক-ধার্মিক সকলো ক্ষেত্রতে একপ্রকাৰৰ ‘বহনক্ষম উন্নয়ন’(sustainable development)ৰ আৰম্ভণি ঘটাইছিল।

কি বা কেনে অভিজ্ঞতা-অনুভূতিৰ বাবে হীৰেন ভট্টাচার্য্যৰ নিচিনা এজন কবিয়ে শিশুমনত অনুবাদে কবিতা নষ্ট নকৰাৰ ধাৰণাটোৰ বীজ সিঁচিব খুজিছিল আমি নাজানো। কিন্তু নিজৰ কবিতা ইংৰাজীকে ধৰি অন্য ভাষালৈ অনুবাদ হৈ থকা কবিজনে এনে এষাৰ কথা নিশ্চয় এনেয়ে ‘ল’ৰা-ধেমালি’ৰ খাতিৰতে নিলিখিলেহেঁতেন। কবিতাৰ অনুবাদৰ ক্ষেত্রত ইতিহাস আৰু বর্তমানৰ বাস্তৱিকতায়ো কবিজনাৰ এইধাৰণাটো সজোৰে প্রতিপন্ন কৰে। গতিকে চাবলৈ গ’লে কবিতাৰ অনুবাদক লৈ সততে সংশয়ত ভোগা সকলৰ বাবে পদ্যফাকি নিশ্চয় একপ্রকাৰৰ প্রত্যাহ্বানস্বৰূপ।

(২)

এটা ভাষাত থকা কোনো এটা পাঠ অন্য ভাষালৈ নিয়াৰ কাৰ্য্যই অনুবাদ। পোনপটীয়াকৈ কথাটো এনেকৈয়ে কোৱা বা বুজা যায় যদিও এই অনুবাদ কাৰ্য্যটোৰ লগত বহু সময়ত ‘অনুসৃষ্টি’ বুলি কাৰ্য্য এটাৰ কথাও সাঙুৰি লোৱা হয়। ক’বলৈ গ’লে এটা ভাষাৰপৰা আন এটা ভাষালৈ নিয়াৰ ধৰণ অনুসৰি অনুবাদে কেতিয়াবা অনুসৃষ্টি আখ্যা পায়। এইফালৰপৰা অনুসৃষ্টি অনুবাদৰে এটা ভাগ। অর্থাৎ অনুসৃষ্টি মাত্রেই অনুবাদৰ ভিতৰুৱা কিন্তু অনুবাদ মানেই অনুসৃষ্টি বুলি ধৰিব নোৱাৰি। দুয়োটাৰে পার্থক্য এনেধৰণেৰে চাব পাৰি—অনুবাদ হ’ল পুনঃকথন, পুনঃউপস্থাপন, পুনঃসংস্থাপন কাৰ্য্য। ই একপ্রকাৰৰ যান্ত্রিক কর্ম। নিয়মৰ সুনির্দিষ্ট সীমাৰ ভিতৰত সুনির্দিষ্ট পদ্ধতিৰে সাধিত হোৱাৰ বাবেই অনুবাদৰ কাম কম্পিউটাৰেও কৰিব পাৰে। ইয়াৰ বিপৰীতে অনুসৃষ্টিৰ কাম বুলিলে সি যন্ত্রসাধ্য নহয়। অনুসৃষ্টি পুনৰনির্মাণ, পুনৰবাৰ কৰা সৃষ্টি। গতিকে এই কাম সৃষ্টিধর্মী। অনুবাদে নির্দিষ্ট কৰি দিয়া সীমাৰ পৰিধি ভাঙি অনুসৃষ্টিয়ে প্রয়োজনমতে মূলৰ পৰিবর্তন, বর্জন, সংশোধনো কৰে।

শৈলীৰ ক্ষেত্রত, মূলৰ শৈলী এৰি নিজা শৈলী গ্রহণ অনুসৃষ্টিৰ প্রধান লক্ষণ। পৰিণামস্বৰূপে ই মূল কৃতি বা মূল পাঠৰপৰা পৃথকে এক স্বতন্ত্র পৰিচয় লাভ কৰিবলৈ সক্ষম হয়। উদাহৰণস্বৰূপে ‘কন্দলি ৰামায়ণ’ বা ‘অসমীয়া ৰামায়ণ’, ‘উৰিয়া ভাগৱৎ’ বা ‘জগন্নাথ দাসৰ ভাগৱৎ’, ‘শংকৰদেৱৰ ভাগৱৎ’, ‘ভট্টদেৱৰ গীতা’ আদিবিলাকৰ কথা ক’ব পাৰি। মূল সৃষ্টিত লেখকৰ ব্যক্তিত্বৰ প্রকাশ ঘটাৰ দৰেই অনুসৃষ্টিৰ ক্ষেত্রতো অনুবাদক, অর্থাৎ অনুস্রষ্টাৰ ব্যক্তিত্বৰ প্রকাশ ঘটাৰ কাৰণতে ‘বাল্মীকি ৰামায়ণ’ৰদৰে মূল লেখকৰ নামেৰে কৃতিয়ে পৰিচয় লাভ কৰাৰ অনুৰূপে অনুসৃষ্টিয়েও অনুস্রষ্টাৰ নামেৰে পৰিচয় লাভ কৰিবলৈ সক্ষম হয়।

অনুসৃষ্টিৰ লক্ষণৰ কথা ক’বলৈ যাওঁতে সাধাৰণতে আৰু দুটা প্রসঙ্গ উত্থাপিত হয়। প্রথমটো হৈছে, অনুসৃষ্টিয়ে মূল পাঠৰ সমকালীনতা ৰক্ষা নকৰে; বৰঞ্চ পাঠটোৱে অনুবাদকৰহে সমকালীনতা ৰক্ষা কৰে। মাধৱ কন্দলিৰ ৰামায়ণৰ বর্ণিত প্রসঙ্গসমূহ ইয়াৰ স্পষ্ট উদাহৰণ। আমি ক’ব খোজা দ্বিতীয় লক্ষণটো হ’ল কবিতাৰ অনুসৃজন কাব্য ৰূপত নহৈ গদ্যৰ ৰূপতো হ’ব পাৰে। ‘কথা গীতা’, ‘কথা মহাভাৰত’, ‘কথা ৰামায়ণ’ আদিবিলাক তাৰ উদাহৰণ। 

এইখিনি কথা চোৱাৰ পাছত অনুভৱ হয় যে কবিতাৰ ক্ষেত্রত অনুবাদ নহয়, অনুসৃষ্টিৰ কথাটোহে প্রযোজ্য। আচলতে কেৱল কবিতা বুলিয়ে নহয়; গল্প, উপন্যাস, নাটক আদি সৃষ্টিশীল সাহিত্য মাত্রৰে অনুবাদৰ ক্ষেত্রত অনুসৃষ্টিৰ শৈলী উপযোগী। অৱশ্যে হীৰেন গোহাঁয়ে কোৱা “প্রতিজন দায়িত্বশীল অনুবাদকেই মূল পাঠৰ বিশেষ পৰিসীমাৰ মাজত স্রষ্টাৰ ভূমিকা ল’ব পাৰে আৰু এই সৃষ্টিশীলতাইহে অনুবাদৰ মূল্য নির্দ্ধাৰণ কৰে” [‘অনুবাদৰ দর্শন’ (পৃ.২৬০),শ্রেষ্ঠ অসমীয়া নির্বাচিত প্রবন্ধ (দ্বিতীয় খণ্ড), সম্পাদনা – হোমেন বৰগোহাঞি, অসম প্রকাশন পৰিষদ] কথাষাৰৰ যুক্তিযুক্ততাও নুই কৰিব নোৱাৰি। কিন্তু কবিতা আৰু অন্য পাঠৰ অনুবাদৰ মাজত নিশ্চয় কিছু তাৰতম্য থাকিবই আৰু এই তাৰতম্যৰ কথাটোৱে কবিতাৰ অনুবাদক অধিক ৰূপত অনুসৃজনৰ লক্ষণপুষ্ট কৰি তোলে।

হীৰেন গোহাঁয়ে মূল পাঠৰ ‘বিশেষ পৰিসীমা’ বুলি নির্দেশ কৰা দিশটোও অতিকে গুৰুত্বপূর্ণ। কিয়নো অনুবাদ মাত্রেই সম্পূর্ণ নতুন পাঠ এটাৰ সৃষ্টি হোৱা বুলিব নোৱাৰি। অনুবাদ মূলে সৃষ্টি কৰি দিয়া সীমাৰ ভিতৰতে সৃষ্টি কৰা নতুন পাঠহে। মূল পাঠৰ বক্তব্য বা ভাব-বিষয়ক, যথাসম্ভব মূলৰ শৈলীৰে সৈতে নি অন্য ভাষাত এটা পাঠৰ সৃষ্টি কৰাটো অনুবাদৰ কাম। আধুনিক অসমীয়া সাহিত্যৰ আৰম্ভণিকালতে আনন্দচন্দ্র আগৰৱালাই কৰা কবিতাৰ অনুবাদ মূলৰ ‘বিশেষ সীমা’ৰ ভিতৰত থাকি কৰা অনুসৃষ্টিৰ এক যথার্থ উদাহৰণ বুলি আমাৰ বোধহয়। পাঠকৰ মনত পেলাবলৈ কবিতাটোৰ প্রথম স্তৱক তলত উদ্ধৃত কৰা হ’ল—

Tell me not, in mournful numbers
Life is but an empty dream
For the soul is dead that slumbers,
And things are not what they seem.

লংফেল’(Longfellow)-ৰ ‘Psalm of Life’ নামৰ কবিতাৰ এই স্তৱকটি আনন্দচন্দ্র আগৰৱালাই অসমীয়াত এনেদৰে প্রস্তুত কৰিছিল—

জীৱনসঙ্গীত

শোকৰ কবিতা ৰচি	দুধাৰি চকুলো মচি
  নক’বা জীৱন মিছা নিশাৰ সপোন,
অসাৰ সংসাৰ ভাই 	ইয়াত সকাম নাই
মোহময় মায়াময় সকলো মাথোন।

(৩)

কবিতাৰ অনুবাদ কৰিবলৈ ওলোৱাজন নিজেও কবিয়েই হ’ব লাগিব। কবি নহ’লে তেওঁ কবিতাৰ অনুবাদ কৰিব নোৱাৰিব —এনে ধাৰণাও কবিতাৰ অনুবাদভীতিৰ কাৰণ হ’ব পাৰে। গতিকে এইক্ষেত্রতো নিশ্চয় চিন্তা-চর্চাৰ প্রয়োজন আছে।

আচলতে অনুবাদ নিজা পৰিচয়, নিজা ব্যক্তিত্ব-চৰিত্রৰে এক স্বতন্ত্র কর্ম। এই কর্ম সাহিত্যৰ মৌলিক সৃষ্টিকর্মতকৈ পৃথক। সেইদৰে, মূল পাঠক আধাৰ কৰিয়েই সৃষ্টি কৰা হ’লেও অনূদিত পাঠটো মূল পাঠ নহৈ বেলেগ পৰিচিতি লাভ কৰা এটা বেলেগ পাঠ। মৌলিক কর্ম সম্পাদনৰ ধৰণ-কৰণ আৰু অনুবাদকর্ম সম্পাদনৰ ধৰণ-কৰণ একে নহয়। সেয়েহে দুয়োটা কর্মৰ বাবে স্রষ্টাৰ ক্ষেত্রত আৱশ্যক হোৱা যোগ্যতাবা কুশলতাও একে নহয়। এনেক্ষেত্রত, মৌলিক লেখক হোৱা-নোহোৱাৰ লগত অনুবাদক হ’ব পৰা-নোৱৰাৰো কোনো অনিবাৰ্য সম্পর্ক নাই। মূল সৃজন আৰু তেনেকৈয়ে অনুবাদ দুয়োটাই একোটাহঁত কলাত্মক কর্ম। কেতিয়াবা এই দুয়োটা কলাতে একেজন ব্যক্তিৰ কুশলতা হয়তো থাকিব পাৰে, কিন্তু থাকিবই লাগিব বুলি কোনো কথা থাকিব নোৱাৰে। কথাটো অন্য কলাৰ উদাহৰণেৰে অধিক স্পষ্ট কৰিব পৰা যায়। গীতিকাৰে গীত এটা ৰচনা কৰিলে। সেই গীতটো তেওঁ নিজেই গাব পাৰিব বুলি কোনো কথা নেথাকে। তাৰ বিপৰীতে, গায়কজন নিজে গীত লিখা মানুহ নহ’বও পাৰে আৰু সাধাৰণতেই তেনে হয়। গীত লিখা আৰু গীত গোৱা যেনেকৈ দুটা ভিন্ন কলা, কবিতা ৰচনা কৰা আৰু কবিতাৰ অনুবাদৰ ক্ষেত্রতো একেটা কথাই খাটে। গতিকে কথাখিনি এনেকুৱা হয়গৈ—

এজন কবিয়ে কবিতাৰ ভাল অনুবাদ কৰিব পাৰে।
নিজে কবি নোহোৱাকৈও কোনো ব্যক্তিয়ে কবিতাৰ ভাল অনুবাদ কৰিব পাৰে।
কবিয়ে কৰাতকৈ কবি নোহোৱা এজনৰ কবিতাৰ অনুবাদ বেছি ভাল হ’ব পাৰে।

এইক্ষেত্রত আৰু কিছুমান প্রসঙ্গ আলোচনালৈ অনাৰ থল আছে। কবিতামাত্রেই সকলো একে গছৰ পাণ নহয়। ইয়াৰ মাজত ভিন ভিন ধাৰা আছে। ভিন্ন ধাৰাৰ কবিতা হ’লে নিজে কবি হোৱা সত্ত্বেও অন্য ধাৰাৰ কবিতাৰ সম্যক অনুভৱ-উপলব্ধি নঘটিব পাৰে। অথচ কবি নোহোৱা অন্য এজন ব্যক্তিৰ ক্ষেত্রত সেই উপলব্ধি সম্ভৱ হ’ব পাৰে। ভাষাৰ সহায়ত উপযুক্ত প্রকাশৰ আগতে ভাব-বিষয়ৰ সম্যক উপলব্ধি ঘটিবই লাগিব। ইফালে অনুবাদ কৰিবলৈ হ’লে অনুবাদকলাৰ নিজস্ব ব্যক্তিত্ব-চৰিত্রৰ লগত পৰিচিত হৈ সেই কলাত পাৰদর্শী হোৱাৰ লগতে সেই বিশেষ পাঠটোৰ বা কবিতাটোৰ অনুবাদৰ প্রতি আগ্রহীও হ’ব লাগিব। কিয়নো প্রত্যেক পাঠৰে এক নিজস্ব পৰিমণ্ডল থাকে আৰু তাৰ ভিতৰত পাঠটোৰ এক নিজা চিনাকি থাকে। সেই কাৰণতে প্রত্যেক পাঠ সমজাতীয় আন এটা পাঠতকৈ বেলেগ। অনুবাদ কৰাৰ ক্ষেত্রত এই মূল পাঠটো হৃদয়ঙ্গম কৰাটোহে আচল কথা।

(৪)

ভীতিহীনতাৰ কথাটোৱে দায়িত্বহীনতা বা যোগ্যতাহীনতাৰ কথা নুবুজায়। অনুবাদক এজনৰ দায়িত্ব মূল লেখকতকৈ অধিক। কিয়নো মূল লেখকৰ দায়িত্ব কেৱল মূল পাঠ, তাৰ লেখক আৰু মূল ভাষাৰ পাঠকলৈ। অনুবাদকজন কিন্তু এইখিনিৰ উপৰিও লক্ষ্য পাঠক, তেওঁলোকৰ ভাষা-সাহিত্য-সংস্কৃতিলৈকো দায়বদ্ধ। প্রথমতে তেওঁ এজন চমঝদাৰ পাঠক আৰু তাৰপাছত তেওঁৰ ভূমিকা এজন সৃষ্টিশীল লেখকৰ ৰূপত। যোৱা শতিকাৰ দ্বিতীয়ার্দ্ধৰেপৰা অনুবাদ সম্পর্কীয় চিন্তা-চর্চাত অনুবাদকৰ যোগ্যতা সম্পর্কীয় বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰি আহিছে। অনুবাদককর্মটি প্রধানকৈ অনুবাদকৰ সহজাতপ্রজ্ঞা(intuition)ৰ ওপৰত নির্ভৰশীল বুলি বহু আলোচকৰে ধাৰণা। অনুবাদকৰ যোগ্যতা বোলোঁতে প্রাথমিকভাবে উৎস আৰু লক্ষ্য ভাষাৰ জ্ঞানৰ কথাকে কোৱা হয় যদিও আচলতে কথাটোৱে চমুৱাই ক’বলৈ গ’লেও জ্ঞান, ক্ষিপ্রতা, বুদ্ধিমত্তা, অভিজ্ঞতাকে ধৰি বহুতো দিশ সামৰি লয়। আন অনুবাদতকৈও কবিতাৰ ক্ষেত্রত হ’লে অনুবাদকজন সূক্ষ্ম তথা স্পষ্ট অন্তর্দৃষ্টি থকা, উচ্চ সংবেদনশীলতাসম্পন্ন হ’ব লাগিব। সকলো কামৰ সফলতাৰ দৰেই অনুবাদৰ বাবেও নিষ্ঠা আৰু আন্তৰিকতাৰ প্রয়োজন। এইখিনিৰ লগতে এক পুনঃসৃজনকর্মৰ ৰূপত কবিতাৰ অনুবাদৰ বাবে মূল কবিতাই বান্ধি দিয়া সীমাৰ ভিতৰতে থাকিও কিছু স্বাধীনতাৰো দৰকাৰ।এইখিনিৰ পিছত কবিতাৰ অনুবাদৰ প্রতি ভীতিগ্রস্ততাৰ কোনো কাৰণ নাথাকে।

নীৰাজনা মহন্ত বেজবৰা এগৰাকী লেখক আৰু অনুবাদক৷ তেওঁ ইংৰাজী, হিন্দী আৰু সংস্কৃত ভাষাৰপৰা দহখনৰো অধিক গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰিছে৷ তেওঁৰ প্ৰকাশিত মৌলিক গ্ৰন্থৰ সংখ্যা বাৰখন৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড মহন্তৰ দুকুৰিৰো অধিক গৱেষণাপত্ৰ বিভিন্ন গৱেষণাপত্ৰিকা আৰু আলোচনীত প্ৰকাশ পাইছে৷