অনুবাদ: সাবিত্ৰী শইকীয়া
যাতনা
যেতিয়া সিহঁতে তোমাৰ আইকো যাতনা দিয়ে
গছ এজোপা ৰুবা
যেতিয়া পিতাইকো যাতনা দিয়ে
গছ এজোপা ৰুবা
তোমাৰ ভাই
আৰু ভনীকো যাতনা দিয়ে
গছ এজোপা ৰুবা
যেতিয়া গুৰুকো মৰোৱায়
আৰু প্ৰিয়জনকো
গছ এজোপা ৰুবা
তোমাকো যেতিয়া যাতনা দিয়ে
ভাষাৰেও বুজাব নোৱাৰা
তেতিয়াও গছ এজোপা ৰুবা
যেতিয়া গছজোপাই কাটি দিয়ে
অৰণ্যকো নিঃশেষ কৰে
তেতিয়া আকৌ আৰম্ভ কৰা।
নাৰী
যেতিয়া মোৰ আইৰ বংশজে
নাৰী হৈও
ডাঙৰ মাতেৰে, দপদপোৱা খোজেৰে
বজ্ৰমুঠিৰে
দুৱাৰ ভাঙি
চোলাবোৰ ইস্ত্ৰী কৰিও
খোজেপতি মাইনৰ পথাৰৰ ফান্দ সৰকি
ঘাঁবন্ধা মূৰৰ পতিৰে সেনা পৰিচালনাও কৰিছিল
ৰান্ধনিশাল চম্ভালি
টেবুলভৰ্তি কিতাপবোৰ
বিচাৰি উলিয়াইছিল।
ক-ৰ চুক পঢ়িব নজনাকৈ
আমি যে পঢ়িব লাগে
তেওঁলোকে জানিলে কিদৰে?
ৰূপহী আই
ৰূপহী আই আমাৰ
পাহাৰবোৰ মহৰ
মহৰেই পাহাৰ
চিকুনি আই
সাগৰগৰ্ভা
গৰভেই সাগৰ
শুৱনি আইৰ
পানীৰ পাৰতে থকা
ৰূপালী শিলচটা যেন দাঁত দুপাৰি
গৰমকালিৰ ঘাঁহনিৰ দৰে
বৈ পৰা চুলিটাৰি
আমি জানো
ৰূপৱতী আই আমাৰ
নীলাভ দেহাৰে
অনন্ত সেউজৰ কোলা
মাটিৰ অমৰ আকোঁৱালি৷
টাব বৃক্ষ নহয় নাৰী
শিপা বান্ধি থোৱা
বৃক্ষ নহয় নাৰী
পাতবোৰ কাটি-কুটি
ধুনীয়া দেখাকৈ
টাবৰ গছজুপিও নহয়
জাতি
দেশ
মানুহ
পৰিশীলিত নিজৰ ফুলনিৰ
পোখা-পাত কাটি
নিজৰ ইচ্ছাত বাঢ়িবলৈ নিদিয়া
টাবৰ গছ নহয় নাৰী
ৰ'দ
সাৰ
পানী দিওঁতালৈ ঘূৰোৱা
অনুৰ্বৰা
নহয় নাৰী
ভৱিষ্যৰ বাবেই
মাটিত দোপ দিয়া প্ৰতি উশাহেৰে
মুকলিমনা তাই
মাটিৰে বগোৱা বা গজা উদ্ভিদো নহয়
চাঙত বগোৱা লতাও নহয়
নহয় মৌমাখিও।
মোৰ ছোৱালীজনী আহি আছে
মোৰ ছোৱালীজনী আহি আছে
বিছনা আৰু চকী
দাপোণ আৰু বাতি
টেবুল কিনি কোঠাটোত সজাইছোঁ
খিৰিকীত জালনা লগাবলে’ সময়ে নহ’ল।
ভাষণটো লিখিবলৈ আছেই
গুৰুতৰ হৈ অহা টনচিলৰ চিকিৎসা
চুলিখিনি কাটি ধুবলৈও আছে
দেশখন পাৰ হৈ
ব্ৰুকলিন আৰু মানহাটন
বক্তৃতা লিখিবলৈ
কবিতা গাবলৈ
কোঠাটো উপহাৰেৰে ভৰোৱা
ৱাশ্বিংটন ডি.চি. ঘূৰি ফুৰা
দেউতাকৰ ওচৰৰ পৰা
মুকলি কৰা মোৰ জীয়ৰীক
মোৰ আইজনী আহি আছে
তাইৰ বিছনা, চকী, দাপোণ
টেবুল আৰু বাতি
ভাল পাবনে তাই
নে ফটা পৰ্দাখনহে চাব?
এলিচ ৱাকাৰ (৯ ফেব্ৰুৱাৰী, ১৯৪৪-) এগৰাকী আমেৰিকান ঔপন্যাসিক, কবি আৰু নাগৰিক অধিকাৰ কৰ্মী৷ ১৯৮২ চনত তেওঁ দ্য কালাৰ পাৰ্পল নামৰ উপন্যাসখনৰ বাবে পুলিটজাৰ বঁটা লাভ কৰে৷ এই বঁটা লাভ কৰা তেওঁ প্ৰথমগৰাকী আফ্ৰো-আমেৰিকান নাৰী৷ এগৰাকী নাগৰিক অধিকাৰ কৰ্মী হিচাপে তেওঁ বিশেষকৈ কৃষ্ণাংগ মহিলাৰ অধিকাৰৰ বাবে মাত মাতি আহিছে৷