অসমীয়া কবিতাৰ ইংৰাজী অনুবাদ: জটিলতাৰ প্ৰধান দিশবোৰ

নীৰেন্দ্ৰ নাথ ঠাকুৰীয়া

লোচনাৰ আঁত ধৰিবলৈ অনুবাদৰ সংজ্ঞা এটাৰ প্ৰয়োজনবোধ  কৰিছোঁ। অনুবাদৰ এটা সাধাৰণ গ্ৰহণযোগ্য সংজ্ঞা হ’ল— Translation is the communication of meaning of a source language text by means of an equivalent target language text. (https://en.wikipedia.org/wiki/Translation) ইয়াৰ অসমীয়া ভাঙনি হ’ব “অনুবাদ হৈছে এটা উৎস ভাষাৰ পাঠৰ অৰ্থ লক্ষ্য ভাষাৰ সমতুল্য পাঠৰ মাধ্যমেৰে কৰা আদান প্ৰদান বা বিনিময়৷” ইংৰাজী সংজ্ঞাটোত চাৰিটা সঁচাৰ-কাঠী শব্দ আছে— communication; source language; target language;  আৰু equivalent। Communication আৰু equivalent শব্দ দুটাৰ ব্যাখ্যাৰ প্ৰয়োজন আছে। Shirley Taylor-এ তেখেতৰ Communication for Business (2003)নামৰ কিতাপখনত communication-অৰ সংজ্ঞা এনেদৰে দিছে— “giving, receiving or exchanging information, opinions and ideas by writing, speech or visual means, so that the material communicated is completely understood by everyone concerned.” এই সংজ্ঞা মতে লিখিত, মৌখিক, বা দৃশ্য মাধ্যমেৰে কোনো বাৰ্তা, মতামত আৰু ধাৰণা প্ৰেৰণ, গ্ৰহণ অথবা বিনিময় কৰাটোৰ লগতে সংশ্লিষ্টসকলৰ পাৰস্পৰিক বোধগম্যতাৰ কথাটোও সাঙোৰ খাই আছে।

এন্টনী পিমে তেখেতৰ Exploring Translation Theories (2010) নামৰ কিতাপখনত equivalence (সমতুল্যতা)ৰ সংজ্ঞা এনেদৰে দিছে : Equivalence is a relation of ‘equal value’ between a source text segment and a target text segment. সমতুল্যতা হৈছে উৎস ভাষাৰ পাঠৰ অংশ বিশেষৰ আৰু লক্ষ্য ভাষাৰ পাঠৰ অংশ বিশেষৰ মাজত ‘সম মান’ৰ সম্পৰ্ক। অৰ্থাৎ মূল পাঠৰ শব্দৰ‌ সমাৰ্থক বা তাৰ অৰ্থৰ অতি ওচৰ চাপিব পৰা শব্দক লক্ষ্য ভাষাত বিচাৰি পালে দুয়োটা শব্দক ইটোৰ সিটো equivalent বা সমতুল্য বুলি ক’ব পাৰি।

ভাষা যিহেতু সমাজ-সংস্কৃতিৰ অবিচ্ছেদ্য অংশ, অনুবাদে সেয়ে দুটা সংস্কৃতিৰ আদান-প্ৰদানৰ জৰিয়তে সম্পৰ্ক স্থাপন কৰে। অনুবাদৰ অন্তৰ্নিহিত কথাটোৱে হৈছে a two-way communication. সুকান্ত চৌধুৰীৰ মতে অনুবাদ দুটা সংস্কৃতিৰ ৰূপান্তৰিত সংশ্লেষণ (transformative assimilation)। এই প্ৰসংগতে এগৰাকী অনুবাদতাত্ত্বিক Juliane House-অৰ বিশেষ এটা উদ্ধৃতি দিব পাৰি: Translation is not only a linguistic act, it is also a cultural one, an act of communication across cultures.  Translation always involves both language and culture simply because two cannot be separated. Language is culturally embedded. (Translation, p.11)

J. House-এ একেখন কিতাপতে অনুবাদক দলং নিৰ্মাণ বা দিগন্ত সম্প্ৰসাৰণৰ লগত তুলনা কৰিছে: Translation can be compared to building bridges or extending horizons. …Translations mediate between languages, societies and literatures, and it is through translations that linguistic and cultural barriers may be overcome. অনুবাদে ভাষা, সমাজ আৰু সাহিত্যৰ মাজত মধ্যস্থতা কৰে আৰু অনুবাদৰ মাজেদিহে ভাষিক আৰু সাংস্কৃতিক হেঙাৰবোৰ আঁতৰাব পাৰি।

আন্তৰ্ভাষিক সাহিত্য অনুবাদ (interlanguage literary translation) হৈছে এটা স্পৰ্শকাতৰ জটিল কাম,  কিয়নো John Bester-এ কোৱাৰ দৰে সাহিত্য অনুবাদে বিশ্বস্তভাবে এটা ভাষাৰ পাঠৰ (SL text) অৰ্থ, অনুভৱ আৰু যতদূৰ সম্ভৱ সেই পাঠৰ শৈলী আন এটা ভাষালৈ বহনৰ প্ৰয়াসকে সূচায়। এই জটিলতা সাহিত্য অনুবাদৰ বিভিন্ন উপাদানৰ মাজত সূক্ষ্ম আৰু চনকা (delicate) সম্পৰ্কৰ বাবে সৃষ্টি হয়। সাহিত্য অনুবাদ কৰোঁতে প্ৰধানতঃ চাৰিটা দিশত সমস্যাৰ উদ্ভৱ হ’ব পাৰে— (১) ভাষিক, (২) পাৰিৱেশিক (ecological), (৩) সাংস্কতিক আৰু (৪) শৈলীগত/নন্দনতাত্ত্বিক।

সাংস্কৃতিক উপাদানৰ লগত পাৰিৱেশিক উপাদানবোৰে সাহিত্য পাঠত পৃষ্ঠভূমি (background) তৈয়াৰ কৰে আৰু  ভাষিক উপাদানবোৰ অগ্ৰভূমিলৈ প্ৰক্ষেপিত (foregrounded) কৰা হয়। সেয়ে সাংস্কৃতিক মৰ্ম ভাষিক গাঁথনিৰ উপৰি লেখকৰ ব্যক্তিগত শৈলীৰ লগত অভিন্নভাবে জড়িত হৈ পৰে। প্ৰত্যেক সংস্কৃতিৰে কিছুমান অনন্য উপাদান থাকে যিবোৰ অন্য ভাষাত অৰ্থাৎ লক্ষ্য ভাষাত নাথাকিব পাৰে। J. C. Catford-এ ইয়াকে cultural untranslatability মানে সাংস্কৃতিক অননুবাদ্যতা বুলি কৈছে। এনে অনন্য উপাদানবোৰে অনুবাদ কাৰ্যত বাধাৰ সৃষ্টি কৰে।

কবিতা অনুবাদৰ বিশেষ সমস্যা

কবিতা অতিশয় গাঢ় আৱেগ-অনুভূতিৰে উদ্বেল ভাষাৰ কলাত্মক আৰু জটিল ৰূপ। সেয়ে সাহিত্যৰ আন আন বিভাগ(genre)-ৰ তুলনাত কবিতা ভালদৰে বুজি ৰসাস্বাদন কৰিব পৰা পাঠকৰ সংখ্যা তাকৰ। তাৰ কাৰণ হ’ল কবিতাৰ কিছুমান চাৰিত্ৰিক বৈশিষ্ট্য আছে।

  • কবিতাই পোনপটীয়াকৈ একো জ্ঞাপন নকৰে— আওপকীয়াকৈহে কয়। Indirectness is the hallmark of poetry.
  • অস্পষ্টতাই (vagueness) কবিতাক বহুমাত্ৰিকতা প্ৰদান কৰি সমৃদ্ধ কৰিব পাৰে৷ আমেৰিকান কবি Robert Frost-অৰ মতে “It [a poem] is at best when it is a tantalizing vagueness.
  • (‘ধৰোঁ ধৰোঁ কৰিও ধৰিব নোৱাৰা’ ভাব বা অনুভৱ এটা ভাল কবিতা পঢ়িলে মনলৈ আহে।)
  • বহু সফল কবিতাত অদ্ব্যৰ্থক ছিধা বাৰ্তা (message মানে idea explored in a poem) নাথাকে।
  • বহুত কবিতাত অনুভূতি বা ভাবৰ পৰিমণ্ডল সৃষ্টি কৰা হয়। তেনে কবিতাৰ বিষয়বস্তু কি বুলি সুধিলে একে আষাৰে ক’ব নোৱাৰি।
  • কবিতাই স্পষ্ট বা ছিধাকৈ একো নক’লেও কবিতাত মূৰ্ত ইন্দ্ৰিয়গ্ৰাহ্য ভাষাৰ ব্যৱহাৰ সাৰ্বজনীন। কাৰণ কবিতাই মানুহৰ আৱেগ, অনুভূতি আৰু কাব্যিক ভাবনাক কল্পচিত্ৰ, উপমা, ৰূপক (ইংৰাজীত যিবোৰক figures of speech বুলি কোৱা হয়) আদি কাব্যালঙ্কাৰৰ সহায়ত মূৰ্ত, ইন্দ্ৰিয়গ্ৰাহ্য কৰি তোলে।
  • কবিতাত শব্দই পূৰাকৈ প্ৰকাশ কৰিব নোৱাৰা কিবা এটা সত্তা (ineffable essence) নিহিত  থাকিব পাৰে।
  • এনেবোৰ কাৰণতে Robert Frost-এ মন্তব্য কৰিছিল, “Poetry is what gets lost in translation.” অৰ্থাৎ অনুবাদত যি হেৰাই যায় সেয়া কবিতা। Roman Jakobson-অৰ দৃঢ় বিশ্বাস যে সংজ্ঞা মতেই কবিতা অননুবাদ্য (“Poetry is by definition untranslatable.”)

সমতুল্যতাৰ সমস্যা

ভাষিক স্তৰত উপযুক্ত সমতুল্যতা (equivalence) বিচাৰি পোৱাটো অনুবাদ কাৰ্যত আচল সমস্যা বুলি অনুবাদক আৰু অনুবাদৰ তাত্ত্বিক উভয় পক্ষই একমত। অনুবাদ অধ্যয়নত উপযুক্ত সমতুল্যতা বিচাৰি উলিওৱাৰ সমস্যাটোৱে ঘাইকৈ গুৰুত্ব পাইছে। Eugene Nida-ই সমতুল্যতাক দুটা ভাগত বিভক্ত কৰিছে: formal equivalence (ৰূপতাত্ত্বিক সমতুল্যতা) আৰু dynamic equivalence (গতিশীল সমতুল্যতা)। ৰূপতাত্ত্বিক সমতুল্যতাই ৰূপ (form) আৰু বিষয়বস্তু (content) দুয়োটাতে গুৰুত্ব দিয়ে। এনে অনুবাদত অনুবাদকে উৎস ভাষাৰ পাঠ যেনে কবিতা এটা, তাৰ বাক্য আৰু ধাৰণা (concept) আদিৰ অনুৰূপতা (correspondence) লক্ষ্য ভাষাত ৰাখিবৰ বাবে প্ৰয়াস কৰে। Nida-ই এনে অনুবাদক Gloss translation বুলি কৈছে। আনহাতে গতিশীল সমতুল্যতাৰ ভিত্তি হৈছে সমতুল্য ফল, ক্ৰিয়া অথবা প্ৰভাৱৰ। উৎস ভাষাৰ পাঠৰ বাৰ্তা বা বাণী আৰু পাঠকৰ মনত সৃষ্টি হোৱা যি সঁহাৰি বা সম্পৰ্ক— ঠিক একে ধৰণৰ সম্পৰ্ক বা সঁহাৰি অনুবাদকে লক্ষ্য ভাষাত সৃষ্টি কৰিব বিচাৰে। এনে ভাষাৰ মূল শব্দটোৰ দৰেই একে ধৰণৰ প্ৰভাৱেৰে অৰ্থ বহন কৰিব লাগিব।

(দ্ৰষ্টৱ্য: 

১. Susan Bassnett-অৰ Translation Studies. London: Routledge (2002 edn.) p.33;

২. বিপুলজ্যোতি শইকীয়াৰ পুৰণি পুখুৰী (জাপানী হাইকু কবিতাৰ অসমীয়া অনুবাদৰ সংকলন)

Mona Baker-এ তেখেতৰ বহু সমাদৃত In Other Words A Coursebook on Translation (London and New York: Routledge, 2009 Reprint) নামৰ গ্ৰন্থখনত সমতুল্যতাৰ সমস্যাবোৰ বিভিন্ন পৰ্যায়ত আলোচনা কৰিছে উদাহৰণসহ অতি বিশদভাবে:

  • Equivalence at word level— শব্দ পৰ্যায়ৰ সমতুল্যতা৷
  • Equivalence above word level— শব্দ পৰ্যায়ৰ ঊৰ্ধ্বৰ সমতুল্যতা (যেনে জতুৱা খণ্ডবাক্য, জতৱা ঠাঁচ, শব্দ-সংস্থিতি (collocation), প্ৰবাদ-প্ৰবচন)৷
  • Grammatical equivalence— বৈয়াকৰণিক সমতুল্যতা (যেনে বচন, পুৰুষ, লিঙ্গ, ক্ৰিয়া কাল, দশা (aspect) ইত্যাদি)৷
  • Textual equivalence— বাক্য বিন্যাসৰ সমতুল্যতা (যেনে সৰল, যৌগিক, জটিল বাক্য; ইতিবাচক আৰু নেতিবাচক বাক্য; বাচ্য, বৰ্ণনাত্মক, প্ৰশ্নবোধক, নিৰ্দেশাত্মক, ভাববোধক বাক্য, ইত্যাদি)৷
  • Pragmatic equivalence— ভাষাৰ প্ৰায়োগিক  সমতুল্যতা— সংসক্তি (coherence), অভিপ্ৰেত অৰ্থ (implicature)৷

(নিজস্ব উদাহৰণ এটা দিওঁ:

গৌৰী:  আজি ৰাতিৰ সাজ আমাৰ ঘৰতে খাবা।

কনক: কাইলৈ দেউতাৰ বছৰেকীয়া শ্ৰাদ্ধ।

ইয়াত গৌৰীৰ অনুৰোধৰ চিধা উত্তৰ কনকে দিয়া নাই; অন্য কথাৰ প্ৰসংগ টানি সেই অনুৰোধ ৰক্ষা কৰিব নোৱাৰাৰ কাৰণ দৰ্শাইছে। আজি ৰাতি কনকে উপবাসে থাকিব লাগিব।

এয়া অভিপ্ৰেত অৰ্থ!)

ম’না ব’কাৰে অকল শব্দ পৰ্যায়ত (Equivalence at word level) সমতুল্যতাৰ সমস্যাবোৰ মুঠ তেৰ প্ৰকাৰৰ বুলি চিনাক্ত কৰিছে। তাৰে‌ পৰাই অতি লাগতিয়াল বুলি ভাবি চাৰিটা বিশেষ সমস্যাৰ কথা তলত উল্লেখ কৰা হৈছে। (উদাহৰণৰ লগতে কিছু ব্যাখ্যা মই সংযোজন কৰিছোঁ।)

১. Culture specific concepts (সংস্কৃতিসূচক ধাৰণা)

সাংস্কৃতিক উপাদান বুলিলে গীত-মাত, নাট, সাহিত্য, আখ্যান, কিংবদন্তি, লোকগাথা, মনোৰঞ্জনৰ বিবিধ উপকৰণ, বিশ্বাসধাৰা, সামাজিক গাঁথনি, পাৰিবাৰিক আত্মীয়সূচক সম্বোধক শব্দ (kinship terms), বিয়া-বাৰু, লোকাচাৰ, পৰম্পৰা, পোছাক-পৰিচ্ছদ, গহনা-গাঠৰি, খাদ্যাভ্যাস, ধৰ্মীয় উপাদান ইত্যাদিক সামৰি লোৱা হয়। এই উপাদানবোৰৰ ইংৰাজীত সমতুল্যতা বিচাৰি পোৱাটো অতি দুৰূহ বা অসম্ভৱ।

(অনুবাদক হিচাপে মই সন্মুখীন হোৱা সাংস্কৃতিকসূচক শব্দৰ চমু তালিকা এখন সন্নিৱিষ্ট কৰিলোঁ।

  • উৎসৱপাৰ্বণ আৰু নাচ: বিহু, বিহুৱতী, ঝুমুৰ
  • গীত আৰু বাদ্যযন্ত্ৰ: বিহুগীত, বৰগীত,‌ বনঘোষা, গগনা
  • ধৰ্মীয় অনুষ্ঠান: নামঘৰ
  • বিশ্বাসধাৰা: বাঁক, দ’ত, কন্ধ
  • পোছাকপৰিচ্ছদ: চাপকন, গামোচা, ৰিহা
  • বাচনবৰ্তন আৰু আহিলা: ভোগজৰা, বিৰিয়া
  • জনকৃষ্টি: ভোটাই, পানেসৈ, তেজীমলা)

২. The SL word is semantically complex

উৎস ভাষাৰ শব্দ অৰ্থৰ ফালৰ পৰা জটিল। উদাহৰণ স্বৰূপে ধৰ্ম, ভক্তি, মায়া, পিণ্ড ইত্যাদি শব্দৰ ইংৰাজীত সমতুল্য শব্দ কিবা আছেনে?

৩. The SL and TL make different distinctions in meaning.

উৎস ভাষা আৰু লক্ষ্য ভাষাই অৰ্থৰ ভিন্নতা সূচায়।

যেনে— “গোলাপী জামু” ইংৰাজীত roseberry নহয়।

“জোনাকী পৰুৱা” ইংৰাজীত glow worm নহয়। (কাৰণ জিলিকিলেও glow worm-অৰ উৰিবলৈ পাখি নাই!)

সাপৰ মোট ইংৰাজীত moult নহয়।

Crow’s nest-ৰ অৰ্থ অসমীয়াত ‘কাউৰীৰ বাহ’ নহ’ব; কাৰণ crow’s nest : a partly enclosed platform high on a ship’s mast for use as a lookout; also a similar lookout (as for traffic control) Merriam Webster Dictionary.

৪. Difference in expressive meaning (ভাব প্ৰকাশক অৰ্থত পাৰ্থক্য)

যেনে— ইংৰাজীত warmest regards বা warm regards বুলি কয়; কিন্তু warmer regards বুলি নকয়। “warm/warmest regards” অসমীয়াত “আন্তৰিক শ্ৰদ্ধা” বুলি অনুবাদ কৰা উপযুক্ত হ’ব। “warm welcome” অসমীয়া অনুবাদত “সাদৰ সম্ভাষণ”হে সঠিক হ’ব।

সংস্কৃতিসূচক উপাদানৰ পৰা হোৱা সমস্যাৰ সমাধানকল্পে ম’না ব’কাৰে সংস্কৃতিসূচক উপাদানৰ সাল-সলনিৰ পোষকতা কৰিছে। উৎস ভাষাৰ এটা সংস্কৃতিসূচক উপাদানৰ সৈতে যদি লক্ষ্য ভাষাৰ কোনো সংস্কৃতিসূচক উপাদানৰ কিছু মিল আছে আৰু তাৰ যোগেদি পাঠকৰ ওপৰত অনুৰূপ প্ৰভাৱ পেলাব পাৰে তেতিয়া সাল-সলনি (substitution) কৰিব পাৰে যদিও বাচ্যাৰ্থ একে নহয়। এইটো নিৰ্ভৰ কৰিব অনুবাদক আৰু তেওঁৰ অনুবাদৰ উদ্দেশ্যৰ ওপৰত— অনুবাদটো ঘৰুৱাকৰণ (domesticating translation) নে আচহুৱাকৰণ (foreignizing translation) কৰিব?

অনুবাদত পাৰিৱেশিক জটিলতাৰ গোটাচেৰেক উদাহৰণ দাঙি ধৰিব খুজিছোঁ। শ্ৰীমন্ত শঙ্কৰদেৱৰ কীৰ্ত্তনপুথিৰ ‘হৰমোহন’ৰ তৃতীয় কীৰ্তনত দিব্য উপবনৰ অপৰূপ প্ৰাকৃতিক বৰ্ণনা আছে—

এই তৃতীয় কীৰ্তনৰ (আদিৰ পৰা অন্তলৈকে) ইংৰাজী পদ্য অনুবাদ সম্ভৱ নহয়— অননুবাদ্যতাৰ এইটো ধ্ৰুপদী উদাহৰণ।

অসমৰ প্ৰথিতযশা কবিসকলৰ লগতে নতুন বহু কবিৰ কবিতাত অসমৰ প্ৰাকৃতিক পৰিৱেশৰ অংশ গছ-বিৰিখ, বন-লতা, ফল-ফুল আৰু ভালেমান থলুৱা খেচৰ, জলচৰ, স্থলচৰ, উভচৰ প্ৰাণী, জান-জুৰি, বিল, নিজৰা, নৈ ইত্যাদিৰ নাম উল্লেখ আছে। সেই শব্দবোৰৰ অসমীয়া সমাজ-জীৱন আৰু সাংস্কৃতিক জগতত যি অৰ্থ আৰু অনুষঙ্গ জড়িত হৈ আছে সেইবোৰৰ কিছুমানৰ ইংৰাজী ভাষাত বাচ্যাৰ্থ থাকিলেও গতিশীল সমতুল্য নাই। উদাহৰণ স্বৰূপে নৱকান্ত বৰুৱাৰ বিখ্যাত ‘পলস’ কবিতাটোৰ প্ৰথম দুশাৰী উল্লেখ কৰিছোঁ—

ইংৰাজী অনুবাদ:

পলাস, শাল, চতিয়নৰ ইংৰাজীত সমতুল্য নোহোৱাৰ কাৰণে ধীৰেন্দ্ৰনাথ বেজবৰুৱা, প্ৰদীপ আচাৰ্যৰ দৰে সিদ্ধহস্ত অনুবাদকেও অসমীয়া শব্দবোৰকে ইংৰাজী অনুবাদত ঠাই দিছে। নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাত থকা জেতুলিপকা, চম্পক, গধূলি-গোপাল, কদম, তৰুৱাকদম, কেতেকী, আঁহত, দুবৰি, স্থলপদ্ম ইত্যাদি শব্দৰ ইংৰাজী সমতুল্য নাই বাবে প্ৰখ্যাত কবি-অনুবাদক অজিৎ বৰুবাই তেখেতৰ ইংৰাজী অনুবাদ Poems of Nirmal Prabha Bardoloi (Sahitya Akademi Publication) সংকলনটোত অসমীয়া শব্দকেইটা ব্যৱহাৰ কৰিছে আৰু সেইবোৰৰ পাদটীকা (footnote) দিছে। নীলমণি ফুকনৰ কবিতাত থকা সূৰুযকান্তি ফুল, মানিকীমধুৰী ধান ইত্যাদি শব্দৰ ইংৰাজী সমতুল্যতা নাই কাৰণে সেইবোৰ শব্দ সলনি নকৰাকৈ ইংৰাজী অনুবাদত ৰখা হৈছে। অনুভৱ তুলসীৰ কবিতাৰ দোৰোণ ফুল, হিজল গছ আদি উল্লেখ কৰিব পাৰি। তদুপৰি জীৱন নৰহ, বিজয় শঙ্কৰ বৰ্মনৰ কবিতাত থকা পুঠি, দৰিকণা, খলিহনা ইত্যাদি মাছৰ উল্লেখ আছে। সেইবোৰ বুজাবলৈ ইংৰাজী শব্দ নোহোৱা নহয়; কিন্তু সেইবোৰৰ কবিতাত উপযোগী ইংৰাজী সমতুল্য নাই। বিষ্ণু ৰাভাৰ “বিলতে হালিছে/ ধুনীয়া পদুমী…” গীতটোৰ ‘বিল’ৰ ইংৰাজী সমতুল্য কিবা আছে বুলি ক’ব নোৱাৰি৷

শৈলীগত/ নন্দনতাত্ত্বিক সমস্যা

অনুবাদত শৈলীগত বা নন্দনতাত্ত্বিক সমস্যাটো গাইগুটীয়া ধৰণৰ— প্ৰধানতঃ মূল লেখকৰ। অনুবাদকে মূল পাঠৰ লেখাৰ ধৰণ আৰু শৈলীৰ বৈশিষ্ট্য ভালকৈ অনুধাবন কৰিব লাগিব যাতে অনুবাদটো একে প্ৰকৃতিৰে হয়। তৎসত্ত্বেও প্ৰত্যেক অনুবাদকে নিজা ধৰণে অনুবাদ কৰে। একেটা কবিতাৰ কেইবাটাও সফল অনুবাদো পোৱা যায়। উদাহৰণ স্বৰূপে বিখ্যাত ফৰাচী কবি Charles Baudelaire-অৰ “L’Albatros” (The Albatross) কবিতাটোৰ ইংৰাজীত আধা ডজনতকৈও অধিক সফল অনুবাদ আছে।

সাহিত্য অনুবাদ, বিশেষকৈ কবিতাৰ অনুবাদ অতি জটিল, মানসিক প্ৰত্যাহ্বানেৰে ভৰা আৰু কৃচ্ছ্ৰ সাধনাৰ লেখীয়া। আন্তৰ্জাতিক খ্যাতিসম্পন্ন অনুবাদক Susan Bernofsky-এ তেখেতৰ ‘Translation and the Art of Revision’ নামৰ প্ৰবন্ধটোত উদাহৰণেৰে দৰ্শাইছে যে নিৰলস প্ৰচেষ্টাৰে বহু ভুল-ত্ৰুটিৰ মাজেৰে, বহু সংশোধন আৰু পৰিমাৰ্জনাৰ পাছতহে অনুবাদে কলাৰ ৰূপ ল’ব পাৰে।

ওপৰঞ্চি

১. শব্দ পৰ্যায়ত সমতুল্যতাৰ সমস্যা

  • ইংৰাজী home, house, homestead, hut, cottage etc. বুজাবলৈ সাধাৰণতে অসমীয়াত ‘ঘৰ’ শব্দটো ব্যৱহাৰ কৰা হয় ।
  • ইংৰাজী rock, boulder, stone, pebble grit etc. বুজাবলৈ সাধাৰণতে অসমীয়াত ‘শিল’ শব্দটো ব্যৱহাৰ কৰা হয়।
  • ইংৰাজী face, mouth, visage, jaw (from the jaws of death) বুজাবলৈ সাধাৰণতে অসমীয়াত ‘মুখ’ শব্দটো ব্যৱহাৰ কৰা হয়।
  • ইংৰাজী arm, hand, palm বুজাবলৈ সাধাৰণতে অসমীয়াত ‘হাত’ শব্দটো ব্যৱহাৰ কৰা হয়।

ইংৰাজী সমাৰ্থক শব্দবোৰৰ অৰ্থ আৰু অনুষঙ্গৰ সামান্য হ’লেও পাৰ্থক্য আছে; প্ৰত্যেকৰে কল্পচিত্ৰ বেলেগ বেলেগ। নিপুণ অনুবাদকে কথাছবিৰ দক্ষ কেমেৰামেনৰ দৰে কবিতাৰ পটভূমিত সঠিক শব্দক মূৰ্ত ৰূপত ধৰি ৰাখিব লাগিব।

২. অসমীয়া ভাষাত ক্ৰিয়া উহ্য থাকিব পাৰে। কিন্তু ইংৰাজী ব্যাকৰণৰ নিয়ম মতে বাক্যগাঁথনিৰ বাবে ক্ৰিয়া লাগিবই। (আঙুলিৰ মূৰত গণিব পৰা set phrases ব্যতিক্ৰম— যেনে So far so good!) অসমীয়াত ক্ৰিয়া নথকা কবিতাৰ পংক্তি অনুবাদকে বিশেষ্যকে ক্ৰিয়ালৈ ৰূপান্তৰিত কৰিব পাৰে। এনে প্ৰক্ৰিয়া অনুবাদ অধ্যয়নত ‘transposition’ বুলি কোৱা হয়। উদাহৰণ—

৩. অসমীয়া বিশেষণ আৰু শব্দ সংস্থিতি (collocation):

কেঁচা কাম, কেঁচা কিল, কেঁচা ঘাম, কেঁচা বৰল, কেঁচা সোণ —কেঁ‌চাৰ অৰ্থ এইবোৰৰ প্ৰত্যকতে বেলেগ। অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰাৰ সময়ত মই দুখনমান ভাল দ্বিভাষিক অভিধান (যেনে, শৰাইঘাট অভিধান আৰু ব্যৱহাৰিক অসমীয়া অভিধান)ব্যৱহাৰ কৰোঁ।

এইটো অনুবাদ কৰোঁতে শব্দ-সংস্থিতিৰ বাবে মই দুখন বিশেষ অভিধান ব্যৱহাৰ কৰিছিলোঁ— Oxford Collocations Dictionary for Students of English আৰু সমাৰ্থক শব্দৰ অৰ্থৰ সূক্ষ্ম পাৰ্থক্যৰ বাবে Webster’s New Dictionary of Synonyms