টি. এছ. এলিয়ট
অনু : শিৱজিত দত্ত
টোকা: ১৯২০ চনত টি. এছ. এলিয়টৰ The Sacred Wood শীৰ্ষক প্ৰখ্যাত ৰচনা-সংকলনটি প্ৰকাশ পাইছিল। সংকলনটিত স্থান পোৱা কুৰিখন ৰচনাৰ ভিতৰত অন্যতম বিখ্যাত আছিল ‘Tradition and Individual Talent’ শীৰ্ষক ৰচনাখন। এই ৰচনাখন প্ৰথমে ১৯১৯ চনত The Egoist নামৰ আলোচনীখনত দুটা খণ্ডত প্ৰকাশ পাইছিল। আধুনিক সমালোচনা সাহিত্যৰ বহুচৰ্চিত ৰচনাখনৰ অসমীয়া অনুবাদ তলত আগবঢ়োৱা হ’ল।
(১)
ইংৰাজী লিখনিৰ ক্ষেত্ৰত ঐতিহ্যৰ কথা আমি কাচিৎহে কওঁ, যদিও ইয়াৰ অনুপস্থিতিক নিন্দাবাদ দিবলৈ মাজে-সময়ে আমি ইয়াৰ নাম উচ্চাৰণ কৰোঁহক। আমি ‘ঐতিহ্য’টোলৈ বা ‘এটা ঐতিহ্য’ৰ প্ৰতি আঙুলিয়াব নোৱাৰোঁ। খুব বেছি অমুকৰ কবিতা ‘ঐতিহ্যময়’ বা ‘অতি ঐতিহ্যময়’ এনে কথা ক’বলৈ এই বিশেষণটো আমি ব্যৱহাৰ কৰোঁ।১ তিৰস্কাৰৰ উক্তিৰ বাহিৰত কাচিৎহে এই শব্দটো দেখা যায়। যদি আনভাৱেও ব্যৱহাৰ হয় তেন্তে সি হয় অমূলকভাৱে অনুমোদনসূচক য’ত অনুমোদিত সাহিত্যই কোনো সন্তোষজনক পুৰাতাত্ত্বিক নৱনিৰ্মাণৰ তাৎপৰ্য বহন কৰে। ভাৰসাম্যজনক পুৰাতাত্ত্বিক বিজ্ঞানৰ আৰামদায়ক প্ৰসংগ অবিহনে আপুনি এই শব্দটো ইংৰাজ শ্ৰৱণেন্দ্ৰিয়ৰ ওচৰত মনোগ্ৰাহী কৰি তুলিব নোৱাৰিবই ।
এই কথা খাটাং যে জীৱিত কিম্বা মৃত লেখকৰ মূল্যায়নৰ ক্ষেত্ৰত এই শব্দটো দেখা দিয়াৰ সম্ভাৱনা নাই। প্ৰতি জাতিৰেই, প্ৰতি গোষ্ঠীৰেই কেৱল সৃষ্টিমূলক মনোভংগী নহয়, সমালোচনাত্মক মনোভংগীও আছে। প্ৰতিটো জাতি, প্ৰতিটো গোষ্ঠীয়েই তাৰ সৃষ্টি প্ৰতিভাৰ তুলনাত তাৰ সমালোচনাত্মক অভ্যাসৰ আসোঁৱাহ আৰু সীমাবদ্ধতাৰ ক্ষেত্ৰত বেছি বিভ্ৰমত পৰে। ফৰাচীসকলৰ সমালোচনাৰ পদ্ধতি বা অভ্যাসৰ কথা ফৰাচী ভাষাত প্ৰকাশ হোৱা প্ৰভূত পৰিমাণৰ সমালোচনাত্মক লেখাৰ পৰা আমি গম পাওঁ বা গম পোৱা বুলি ভাবোঁ। আমি সিদ্ধান্ত কৰোঁ (আমি ইমান অসচেতন জাতি) যে ফৰাচীসকল আমাতকৈ ‘বেছি সমালোচনাশীল’, আকৌ কেতিয়াবা এই বুলি অলপ বৰায়ো কৰোঁ যেন ফৰাচীসকল আমাতকৈ কম স্বতঃস্ফূর্তহে। সম্ভৱ তেওঁলোক তেনেকুৱাই। কিন্তু আমি নিজকে এই কথা সোঁৱৰাব পাৰোঁ যে শ্বাসক্ৰিয়াৰ দৰেই সমালোচনাও অৱধাৰিত আৰু এখন গ্রন্থ পঢ়োতে আমাৰ মনোজগতত কি ঘটে তাক প্রকাশ কৰিলে আৰু গ্ৰন্থখনক লৈ আবেগ অনুভৱ কৰিলে, তেওঁলোকৰ সমালোচনা কৰ্মত আমাৰ নিজৰ মনবোৰকে সমালোচনা কৰিলে আমি একো বেয়া হৈ নপৰোঁ। এই পদ্ধতিত প্রকাশ্য হ’ব পৰা এটা কথা হৈছে আমাৰ এক তাড়না যাৰ বাবে কোনো কবিক প্ৰশংসা কৰোতে আমি তেওঁৰ ৰচনাৰ সেই দিশবোৰত জোৰ দিওঁ যিবোৰ দিশত তেওঁৰ আনৰ লগত থকা সাদৃশ্য নূন্যতম। তেওঁৰ ৰচনাৰ এনেবোৰ দিশত বা অংশতে আমি যাক ‘ব্যক্তিগত’ বোলোঁ যাক মানুহজনৰ বিশেষ সত্তা বোলো— সেইটো পোৱাৰ ভাও জোৰোঁ। আমি কবিৰ পূৰ্বপুৰুষৰ সৈতে বিশেষকৈ নিকটতম পূৰ্বসুৰীৰ সৈতে তেওঁৰ পাৰ্থক্যত সন্তুষ্টি পাওঁ, আমি এনে কিবা পাবলৈ অহোপুৰুষাৰ্থ কৰোঁ যাক উপভোগ কৰাৰ বাবে পৃথক কৰিব পাৰি। অথচ, আমি যদি কোনো কবিৰ নিজ ভ্রান্তিবিহনেই কবিৰ ওচৰ চাপোঁ, তেন্তে আমি প্ৰায়েই দেখিম যে তেওঁৰ ৰচনাৰ কেৱল শ্রেষ্ঠখিনিয়েই নহয়, আটাইতকৈ ব্যক্তিগত অংশখিনিও হৈছে সেইখিনি য’ত মৃত কবিসকলে, তেওঁৰ পূৰ্বসুৰীসকলে যিবিলাকৰ অমৰত্ব সবাতোকৈ শক্তিশালীভৱে প্ৰকাশ কৰিছে। মই মনত সাঁচ বহুওৱা কৈশোৰৰ কথা বুজোৱা নাই, সম্পূৰ্ণ বয়ঃপ্রাপ্তি কালৰ কথাহে কৈছোঁ।
তথাপি ঐতিহ্য বা উত্তৰাধিকাৰৰ একমাত্ৰ ৰূপটো যদি আমাৰ ঠিক আগৰ প্ৰজন্মৰ ‘সাফল্য’সমূহৰ প্ৰতি অন্ধ বা ভীৰুতাপূর্ণ যোগাযোগৰ জৰিয়তে তাৰ পদাংক অনুসৰণতে সীমাৱদ্ধ হয়, তেন্তে ‘ঐতিহ্য’ক নিশ্চিতভাৱে নিৰুৎসাহ কৰিব লাগিব। আমি এনে বহু সৰল সুঁতি বলুকাত হেৰাই যোৱা দেখিছোঁ। তদুপৰি নতুনত্ব পুনৰাবৃত্তিতকৈ শ্ৰেয়তৰ। ঐতিহ্য বেছি ব্যাপক তাৎপৰ্যৰ বিষয়। ইয়াক উত্তৰাধিকাৰ সূত্ৰে পাব নোৱাৰি, আপুনি যদি পাব খোজে আপুনি তাক পাব লাগিব কঠোৰ শ্ৰমৰ যোগেদি। প্ৰথমতে ইয়াত নিহিত আছে ঐতিহাসিক অনুভৱ যিটো পঁচিশ বছৰ বয়সৰ পিছতো কবি হৈ থকা যিকোনো ব্যক্তিৰ বাবে এৰাব নোৱাৰা বস্তু বুলি আমি ক’ব পাৰোঁ। আকৌ এই ঐতিহাসিক অনুভৱত নিহিত থাকে অতীতৰ অতীতত্ব বিষয়কেই নহয়, অতীতৰ বৰ্তমানত্ব বিষয়ক ধৰণৰো এক বোধ বা উপলব্ধি। কেৱল নিজৰ প্ৰজন্মকে মজ্জাগত কৰি লিখাৰ সলনি হোমাৰৰ পৰা আৰম্ভ কৰি ইউৰোপৰ সমগ্ৰ সাহিত্যৰ আৰু তাৰো ভিতৰত তেওঁৰ নিজৰ দেশৰ সমগ্র সাহিত্যৰ এক সমকালীন স্থিতি আছে আৰু ই এক সমকালীন ক্ৰম সৃষ্টি কৰে— এনে এক অনুভৱ সহকাৰে লিখিবলৈ ঐতিহাসিক অনুভৱে এজন ব্যক্তিক বাধ্য কৰে। এই ঐতিহাসিক অনুভৱ যি হৈছে কালাতীত আৰু কালাৱদ্ধৰ অনুভৱ, ঐক্যৱদ্ধভাৱে কালাতীত আৰু কালাৱদ্ধৰ অনুভৱ, সিয়েই এজন লেখকক ঐতিহ্যময় কৰি তোলে। একেসময়তে ইয়েই এজন লেখকক সময়ৰ বুকুত তেওঁৰ স্থান সম্পৰ্কে, তেওঁৰ সমসাময়কিতা সম্পৰ্কে তীক্ষ্ণভাৱে সচেতন কৰি ৰাখে।
অকলে কোনো কবিৰ, কোনো কালৰ কোনো কলাকাৰৰ হাততে তেওঁৰ সম্পূৰ্ণ অর্থ নাথাকে। তেওঁৰ তাৎপৰ্য, তেওঁৰ মূল্যায়ন হ’ব মৃত কবিসকল আৰু কলাকাৰসকলৰ সৈতে তেওঁৰ সম্পৰ্কৰ মূল্যায়ন। আপুনি তেওঁকহে অকলে মূল্যায়ন কৰিব নোৱাৰে, বৈপৰীত্য আৰু তুলনাৰ বাবে আপুনি তেওঁক মৃতসকলৰ মাজত সংস্থাপন কৰিব লাগিব। মই ইয়াক কেৱল ঐতিহাসিক সমলোচনাৰে নহয়, নান্দনিক সমালোচনাৰো সূত্র বুলিব খুজিছোঁ। তেওঁ মিলি চলাৰ, তেওঁ সংলগ্ন হোৱাৰ যি আৱশ্যকতা সি একপক্ষীয় নহয়, নতুন কলা-কৰ্ম এটা সৃষ্টি হওঁতে যি ঘটে সেয়া একে সময়তে তাৰ পূৰ্বপুৰীসকল কলাকৰ্মৰ ক্ষেত্ৰতো ঘটে। বৰ্তি থকা কর্মকীৰ্তিসমূহে নিজৰ ভিতৰতে এক আদর্শ ক্ৰম গঠন কৰে। সিহঁতৰ মাজত নতুন (বাস্তৱিকতে নতুন) কলাকৰ্মই সেই ক্ৰমৰ সালসলনি ঘটায়। নতুন কলাকৰ্মৰ উপস্থিতিৰ আগত প্ৰতিষ্ঠিত ক্ৰমটো সম্পূৰ্ণ হৈ থাকে, নতুনত্বৰ আকস্মিক আগমনৰ পিছতো ক্ৰম বৰ্তি থাকিবলৈ হ’লে প্রতিষ্ঠিত সম্পূর্ণ ক্ৰমটো— যৎসামান্যকৈ হলেও— সলনি হ’বই লাগিব। আৰু এনেদৰেই প্ৰতিটো কলাকৰ্মৰে সম্পূৰ্ণ ক্ৰমটো সাপেক্ষে থকা সম্পর্ক, মিল আৰু মূল্যৰ নতুনকৈ ৰফা (adjust) কৰিব লাগিব। আৰু এয়েই হৈছে নতুন আৰু পুৰণিৰ মাজৰ অনুৰূপতা। ক্ৰমৰ এই ধাৰণাক, ইউৰোপীয় কিম্বা ইংৰাজী সাহিত্যৰ স্বৰূপৰ এই ধাৰণাক যিয়ে অনুমোদন জনাব তেৱেঁই এই কথা অসঙ্গত বুলি নাভাবিব যে বর্তমান যিভাৱে অতীতৰ দ্বাৰা নিৰ্দেশিত ঠিক সেইদৰে অতীতো বৰ্তমানৰ দ্বাৰা পৰিৱৰ্তিত হ’ব লাগে। যি কবি এই বিষয়ে সচেতন সেই কবি সাংঘাতিক অসুবিধা আৰু দায়িত্ব সম্পর্কেও সচেতন।
এক বিশেষ অর্থত তেওঁ এই বিষয়েও সচেতন যে তেওঁকো অৱধাৰিতভাৱেই অতীতৰ মানসমূহৰ জৰিয়তেই বিচাৰ কৰা হ’ব। সেইবোৰৰ দ্বাৰা বিচাৰ কৰাৰ কথাহে মই কৈছোঁ, ছেদ কৰাৰ কথা হোৱা নাই। মই মৃতসকলৰ সমান ভাল, তাতকৈ বেয়া বা তাতকৈ ভাল এনে বিচাৰৰ কথা কোৱা নাই, আকৌ মৃত সমালোচকসকলৰ সূত্র অনুসাৰে বিচাৰ কৰাৰ কথাও মই নিশ্চয় কোৱা নাই। ই এনে এক বিচাৰ, এনে এক তুলনা য’ত দুটা বস্তুৰ ইটিক সিটিৰ দ্বাৰা জোখা হয়। কেৱল মিলি চলাটো এক নতুন কলাকৰ্মৰ বাবে আচলতে মুঠেই মিলি চলা নহয়, তেনেদৰে ই নতুন নহ’ব আৰু সেইবাবেই ই কলাকৰ্মও নহ’বগৈ। আৰু আমি নিশ্চয় এই কথা কোৱা নাই যে মিলি যায় বাবেই হে ‘নতুন’ বস্তু মূল্যবান, বৰঞ্চ মিলি চলাটো ইয়াৰ মূল্যৰ এক পৰীক্ষাহে। ই সঁচা যে এয়া এক পৰীক্ষাহে যাক কেৱল লাহে লাহে আৰু সতৰ্কতাৰেহে প্ৰয়োগ কৰিব পাৰি কাৰণ আমাৰ মাজৰ কোনোৱেই মিল সম্পর্কে নির্ভুল বিচাৰক নহওঁ। আমি কওঁ যে এইটো মিলা যেন দেখাইছে, আৰু সম্ভৱ ব্যক্তিগত, অথবা এইটো ব্যক্তিগত যেন দেখাইছে আৰু ই মিলি চলিবও পাৰে, কিন্তু এইটো অমুক হয়, সেয়ে তমুক নহয় এনে সিদ্ধান্ত আমি নাপাম যেন লাগে৷
কবিৰ তেওঁৰ অতীতৰ সৈতে সম্পৰ্কৰ বিষয়ে এক অধিক বুজিব পৰা বিধৰ ব্যাখ্যালৈ আগবাঢ়িছোঁ। অতীতক তেওঁ এটা দ’ম বা বাছ-বিচাৰহীন উপাদানৰ লাড়ু বুলি ধৰিব নোৱাৰিব, নতুবা তেওঁৰ দুই-এক ব্যক্তিগত প্ৰশংসাৰ পাত্ৰক লৈ তেওঁ নিজক গঢ় দিব নোৱাৰিব, কিম্বা তেওঁ তেওঁৰ পচন্দৰ এটা যুগত ভিত্তি কৰিও সম্পূর্ণভাৱে গঢ় ল’ব নোৱাৰিব। ইয়াৰে প্ৰথমটো অনুমতি দিব পৰা বিধৰ নহয়, দ্বিতীয়টো যৌৱনৰ এক লাগতিয়াল অভিজ্ঞতা আৰু তৃতীয়টো এক সন্তোষজনক আৰু বহুখিনি আকাংক্ষা কবিব পৰা ওপৰঞ্চি উপাদান। মূলসুঁতি সম্পর্কে কবি খুব সচেতন হৈ থাকিব লাগিব যিটো আটাইতকৈ প্ৰসিদ্ধ কৰ্মকীৰ্তিসমূহৰ মাজেৰে একেৰাহে বৈ নাথাকে। তেওঁ এই মুকলি সত্য সম্পর্কে সজাগ হৈ থাকিব লাগিব যে কলাৰ কোনো উন্নতি নাই কিন্তু সেইবুলি কলাৰ উপাদানসমূহো সদায় একে হৈ নাথাকে। তেওঁ এইবিষয়ে সজাগ হৈ থাকিব লাগিব যে ইউৰোপৰ মনীষা— তেওঁৰ স্বদেশৰ মনীষা— এনে এক মনীষা যিটো তেওঁৰ ব্যক্তিগত মনীষাতকৈ বহু বেছি গুৰুত্বপূৰ্ণ বুলি তেওঁ সময়ত শিকে, যি পৰিৱৰ্তিত হয় আৰু এই পৰিৱৰ্তন হৈছে এক বিকাশ যিয়ে তাৰ পথত একো এৰি থৈ নাহে, যিয়ে শ্বেইক্সপীয়েৰ, হোমাৰ কিম্বা মেগডেলনিয়াৰ নক্সা আঁকোতাসকলৰ প্ৰস্তৰ অংকনক অথৰ্ব বুলি এৰি নিদিয়ে। এই বিকাশ সম্ভৱতঃ যি এক শোধন, যি নিশ্চিতভাৱেই জটিল সি কলাকাৰৰ দিশৰ পৰা চালে একো উন্নতি নহয়। সম্ভৱ আনকি মনস্তাত্ত্বিকৰ দৃষ্টিতো ই এক উদ্গনি নহয় অথবা আমি যিমানদূৰ কল্পনা কৰোঁ সিমানদূৰ নহয়। সম্ভৱ অর্থনীতি আৰু কলা-কৌশলৰ জটিলতাৰ ওপৰত ভিত্তি কৰি শেষ বিচাৰতহে কেৱল ই এক উদগনি। কিন্তু অতীত আৰু বৰ্তমানৰ পাৰ্থক্যটো হ’ল এই যে সচেতন বৰ্তমান হৈছে একধৰণে অতীতৰ বিষয়ে সজাগতা আৰু এনে জোখৰ সজাগতা যাক অতীতৰ সজাগতায়ো নিজে দেখুৱাব নোৱাৰে।
কোনোবাই কৈছিল, “মৃত লেখকসকল আমাৰপৰা আঁতৰত কাৰণ, আমি তেওঁলোকতকৈ বহু বেছিকৈ জানো।” নিশ্চয়, আৰু তেওঁলোকেই হৈছে আমি জনা বিষয়।
কবিতাৰ বিষয়ক লৈ মোৰ অভিযোজনাৰ অংশবিশেষৰ প্ৰতি এক গতানুগতিক অভিযোগৰ বিষয়ে মই সজাগ। অভিযোগটো এই যে মোৰ মতবাদে অসঙ্গত পৰিমাণৰ বিদগ্ধতা (পাণ্ডিত্য) দাবী কৰে। যিকোনো অধিস্থানৰ কবিসকলৰ জীৱনৰ অনুযোগৰ জৰিয়তে এই দাবী খণ্ডাব পাৰি। এই কথাও আনকি খাটাংকৈ ক’ব পাৰি যে বহু শিকনে কাব্যিক অনুভূতিক মৃতপ্রায় বা নষ্ট কৰে। তথাপি কিন্তু আমি এই কথা দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে এজন কবিয়ে সেই পৰিমাণে জনা উচিত যি পৰিমাণে তেওঁৰ প্ৰয়োজনীয় গ্রহণক্ষমতা আৰু প্ৰয়োজনীয় সোৰোপালিত ব্যাঘাত নজন্মায়। পৰীক্ষা, বহা-কোঠা অথবা প্ৰচাৰৰ আৰু বেছি ভাওযুক্ত কাৰবাৰৰ বাবে কামত অহা গঢ়ত ভৰাব পৰা ধৰণে জ্ঞানক সীমাৱদ্ধ কৰাটো প্ৰত্যাশিত নহয়। খেনোৱে জ্ঞান আহৰণ কৰিব পাৰে, বেছি লেহেমজনে তাৰ বাবে ঘাম পেলাবলগীয়া হয়। বেছিভাগ মানুহে ব্ৰিটিছ মিউজিয়ামৰ পৰা যিমান আহৰণ কৰিলে শ্বেইক্সপীয়েৰে প্লুটাৰ্কৰ পৰাই তাতকৈ বেছি প্রয়োজনীয় ইতিহাস আহৰণ কৰিলে। যিটো কথাত জোৰ দিব লাগিব সেয়া হৈছে এই যে কবিয়ে অতীতবিষয়ক চেতনা বিকশিত বা আহৰণ কৰিব লাগিব আৰু তেওঁৰ জীৱনত (career) তেওঁ তেওঁৰ এই চেতনাৰ নিৰন্তৰ বিকাশ সাধিব লাগিব।
যি ঘটে সেয়া হৈছে তেওঁৰ নিজত্বৰ এক অবিচ্ছিন্ন সমৰ্পণ যিহেতু অধিক মূল্যবান কিহবাৰ মুহূৰ্তত তেওঁ অৱস্থান কৰিছে। এজন শিল্পীৰ বিকাশ হৈছে এক অবিৰত আত্মত্যাগ, ব্যক্তিত্বৰ এক অবিৰত বিলোপন।
নৈৰ্ব্যক্তিকৰণৰ এই প্ৰণালী আৰু ঐতিহ্যৰ অনুভৱৰ সৈতে তাৰ সম্পৰ্কক সূত্রায়িত কৰিবলৈ বাকী আছে। এনে নৈর্ব্যক্তিকতাৰ জৰিয়তেহে কলাই বিজ্ঞানৰ চৰ্তৰ ওচৰ চাপে। মই সেইবাবে এক ইংগিতময় দৃষ্টান্ত হিচাপে অক্সিজেন আৰু ছালফাৰ ডাই-অক্সাইড থকা এটা পাত্ৰত বঢ়িয়াকৈ নিষ্কাশন কৰা প্লেটিনাম একখণ্ড থ’লে যি ক্রিয়া ঘটিব তাক বিবেচনা কৰিবলৈ আপোনাসৱক আমন্ত্ৰণ জনাইছোঁ।
(২)
সৎ সমালোচনা আৰু অনুভূতিশীল মূল্যায়ন কবিৰ ওপৰত নহৈ কবিতাৰ ওপৰতহে নির্দিষ্ট হয়। বাতৰিকাকতৰ সমালোচকৰ বিশৃংখল চিঞৰলৈ আৰু তাৰ অনুসৰণত অহা জনপ্ৰিয় পুনৰাবৃত্তিৰ অতিচাৰলৈ আমি যদি মন দিওঁ আমি বহুসংখ্যক কবিৰ নাম শুনিবলৈ পাম। আমি যদি নীলাগ্ৰন্থৰ জ্ঞান নিবিচাৰোঁ কবিতাৰ উপভোগহে বিচাৰোঁ আৰু এটা কবিতা বিচাৰোঁ তেন্তে ইয়াক আমি কাচিৎহে পাম। আগৰ প্ৰবন্ধত মই আন লেখকৰ আন কবিতাৰ সৈতে কোনো কবিতাৰ সম্পৰ্কৰ গুৰুত্বৰ কথা আঙুলিয়াই দিবলৈ চেষ্টা কৰিছিলোঁ আৰু ইতিমধ্যে লিখিত সমূহ কবিতাৰ এক জীৱন্ত নিকায় হিচাপে কবিতাৰ যি ধাৰণা তাৰ ইংগিত দিছিলোঁ। কবিতাৰ এই নৈর্বক্ত্যিক তত্ত্বৰ অন্যটো দিশ হৈছে লেখকৰ সৈতে কবিতাৰ সম্পৰ্ক। আৰু এটি দৃষ্টান্তৰ সহায়ত মই এই কথাৰো ইংগিত দিছিলোঁ যে অপৰিপক্ব কবিৰ পৰা পৰিপক্ব কবিৰ মনৰ পাৰ্থক্য ‘ব্যক্তিত্ব’ৰ কোনো মূল্যায়নত নিশ্চয় নাথাকে, অৱধাৰিতভৱেই বেছি আকৰ্ষণীয় হোৱাটোতো নাথাকে, “বেছি ক’ব থকাটোতো” নাথাকে। বৰঞ্চ কবিমনে এই পার্থক্য লাভ কৰি অধিক সুন্দৰভাৱে নিখুঁত এক মাধ্যমত পৰিণত হৈ য’ত বিশেষ অথবা অতি বিচিত্র অনুভূতিসমূহে মুক্তভাৱে নতুন নতুন সংযোগত লিপ্ত হয়।
দৃষ্টান্তটো হ’ল অনুঘটকৰ দৃষ্টান্ত। আগতে উল্লেখ কৰা গেছ দুটা যেতিয়া প্লেটিনাম তাঁৰৰ উপস্থিতিত মিশ্রিত হয়, সিহঁতে ছালফিউৰিক এচিডৰ সৃষ্টি কৰে। এই সংযোগ সম্ভৱ হ’ব কেৱল প্লেটিনামৰ উপস্থিতিতহে। তথাপি কিন্তু নতুনকৈ উৎপত্তি হোৱা এচিডত প্লেটিনামৰ কোনো চিন-মোকাম নাথাকে আৰু প্লেটিনামৰ তাঁৰডালো স্পষ্টভাৱেই অপ্ৰভাৱিত হৈ থাকে। ই হৈ থাকে জড়, প্ৰশম আৰু অপৰিৱৰ্তিত। কবিৰ মনো প্লেটিনাম এডোখৰৰ দৰেই। মানুহজনৰ নিজৰ অভিজ্ঞতাৰ ওপৰত আংশিকভৱে বা সম্পূর্ণভাৱে ই ক্ৰিয়া কৰিব পাৰে। কিন্তু যিমানেই শিল্পী নিখুঁত হয়, যিমানেই সম্পূর্ণভাৱে তেওঁৰ ভিতৰত ভুক্তভোগী মানুহজন আৰু সৃষ্টিশীল মনটো পৃথক হ’ব, সিমানেই নিখুঁতভাৱে মনটোৱে তাৰ উপাদানসমূহ হজম কৰিব আৰু আৱেগসমূহৰ ৰূপান্তৰ সাধিব।
আপুনি লক্ষ্য কৰিব যে ৰূপান্তৰকাৰী অনুঘটকৰ উপস্থিতিত প্রবিষ্ট হোৱা অভিজ্ঞতা বা উপাদানসমূহ দুই প্ৰকাৰৰ: আৱেগ আৰু অনুভূতি। কলাকৰ্মৰ উপভোগ কৰা ব্যক্তিৰ ওপৰত কলাকৰ্মৰ প্ৰভাৱ এনে এক অভিজ্ঞতা যি কালৰ বাহিৰৰ যিকোনো অভিজ্ঞতাতকৈ পৃথক ধৰণৰ। ইয়াৰ উৎপত্তি এটা আৱেগ নাইবা কেইবাটাৰো সংযোগতো হ’ব পাৰে। বিশেষ শব্দ, উক্তি বা চিত্ৰকল্পৰ গাত আঁউজি প্রকাশ পোৱা বিভিন্ন অনুভূতিবোৰ চূড়ান্ত ফল ৰচনাৰ বাবে সংযোজিত কৰা হ’ব পাৰে। অথবা, আৱেগৰ প্ৰত্যক্ষ ব্যৱহাৰ নোহোৱাকৈয়ে, কেৱল অনুভূতিৰ দ্বাৰা ৰচিত হৈয়ে মহৎ কবিতাৰ সৃষ্টি হ’ব পাৰে। ইনফাৰ্নোৰ (ব্রুনেটো লাটিনি) পঞ্চদশ কেণ্টো হৈছে পৰিস্থিতি উন্মুক্ত হোৱা আৱেগৰ ক্ৰিয়াফল, কিন্তু, তাৰ প্ৰভাৱ, যিকোনো কলাকৰ্মৰ প্ৰভাৱৰ দৰেই একক, প্রাপ্ত হয় খুটি-নাটি বৰ্ণনাৰ বেছ কিছু জটিলতাৰ মাজেদি। অন্তিম চতুষ্পদীটোৱে এটা চিত্রকল্প আগবঢ়াইছে, চিত্রকল্প এটাৰ সৈতে জড়িত এক অনুভূতি আগবঢ়াইছে, যিটো ‘আহিছে’, যিটো ইতিমধ্যেই পাৰ হোৱা খিনিৰ পৰা সৰলভাৱে বিকশিত হোৱা নাই, কিন্তু যিটো খুৱ সম্ভৱ কবিৰ মনত স্থগিত অৱস্থাত আছিল তেতিয়ালৈ যেতিয়ালৈ ই যুক্ত হ’বলৈ উপযুক্ত সংযোজনটো উপস্থিত হোৱা নাছিল। কবিৰ মন দৰাচলতে অসংখ্য অনুভূতি, উক্তি, চিত্ৰকল্প ধৰাৰ বাবে আৰু জমা কৰাৰ বাবে এক আধাৰপাত্ৰ য’ত এক নতুন যৌগ গঠনৰ বাবে ঐক্যৱদ্ধ হ’বলৈ সকলো কণিকা একেলগে উপস্থিত নোহোৱালৈ সিহঁতমখা স্থিত হৈ থাকে।
মহত্ত্বম কবিতাৰ প্ৰতিনিধিমূলক বিভিন্ন অংশ যদি আপুনি তুলনা কৰে তেন্তে দেখিব সংযোজনৰ ধৰণৰ বৈচিত্ৰ্য কিমান বেছি, আৰু কিদৰে ছাব্লিমিটিৰ যিকোনো অর্ধ-ন্যায়িক সূত্রই সম্পূর্ণভাৱে মূল কথাৰ পৰা আঁতৰি যায়। কিয়নো আৱেগসমূহৰ, উপাদনসমূহৰ ‘মহত্ব’ বা প্ৰাবল্য হিচাপত নাহে; হিচাপত আহিব কলাত্মক প্ৰক্ৰিয়াৰ প্ৰাবল্য, ক’বলৈ হ’লে সেই চাপ যাৰ তলত সংযোজন প্রক্রিয়া ঘটে। পাওলো আৰু ফ্ৰান্সিছকাৰ খণ্ডটিত এক নির্দিষ্ট আৱেগ প্রয়োগ কৰা হৈছে, কিন্তু ধৰি লোৱা অভিজ্ঞতাৰ যি প্ৰাবল্যৰ ধাৰণা ই দিয়ে তাৰপৰা কবিতাৰ প্ৰাবল্য ভালেখিনি বেলেগ। আকৌ, ইউলিছিছৰ যাত্ৰাকাহিনী বৰ্ণিত হোৱা আৰু এটা আৱেগৰ ওপৰত প্ৰত্যক্ষভাৱে নিৰ্ভৰশীল নোহোৱা চাব্বিশ নম্বৰ কেণ্টোৰ তুলনাত এই খণ্ডটি বেছি প্ৰবল নহয়। আৱেগৰ ৰূপান্তৰৰ প্ৰক্ৰিয়াতে বহু বৈচিত্র্য সম্ভৱ। ডাণ্টেৰ পৰা পোৱা এই দৃশ্যসমূহৰ তুলনাত আগামেমননৰ হত্যাই বা ওথেলোৰ যন্ত্ৰণাই সম্ভাৱ্য মূলৰ সৈতে স্পষ্টভাৱে অধিক ঘনিষ্ঠ কলাসুলভ প্রভাৱ প্ৰদান কৰে। ‘আগামেমনন’ত কলাত্মক আৱেগ সঁচা দৰ্শকৰ আৱেগৰ ওচৰ চাপিছে। কিন্তু, কলা আৰু বাস্তৱ ঘটনাৰ পাৰ্থক্য সদায় পৰম। আগামেমননৰ হত্যাৰ যি সংযোজন সম্ভৱ সি ইউলিছিছৰ যাত্ৰাৰ সংযোজনৰ সমানে জটিল। কীটছৰ প্ৰশস্তি কবিতাত (ode) এনে বহু অনুভূতি আছে যাৰ নাইটিংগেল চৰাইৰ সৈতে বিশেষ কোনো সম্পর্ক নাই, অথচ এই নাইটিংগেলটোৱেই আংশিকভাৱে, সম্ভৱ তাৰ আকৰ্ষণীয় নামটোৰ সহায়ত, বা আংশিকভাৱে তাৰ খ্যাতিৰ জৰিয়তে এই অনুভূতিসমূহক একেলগ কৰিব পাৰিছে।
যিটো দৃষ্টিভংগীক আক্ৰমণ কৰিবলৈ এই সংগ্রাম চলাইছোঁ সেইটো সম্ভৱ আত্মাৰ সঁচা ঐক্যসম্পৰ্কীয় আধিভৌতিক তত্ত্বৰ সৈতে জড়িত। কাৰণ মই ক’ব বিচাৰিছোঁ এই কথা যে প্ৰকাশ কৰিবৰ বাবে কবিৰ কোনো ‘ব্যক্তিত্ব’ নাথাকে, বৰঞ্চ থাকে এক বিশেষ মাধ্যম, যি মাত্র মাধ্যমহে, ব্যক্তিত্ব নহয়, য’ত ধাৰণাসমূহ আৰু অভিজ্ঞতাসমূহ বিশেষ আৰু অপ্ৰত্যাশিত ধৰণে সংযোজিত হয়। মানুহজনৰ বাবে জৰুৰী ধাৰণাবোৰে বা অভিজ্ঞতাবোৰে কবিতাত ঠাই নল’ব পাৰে, আৰু যিবোৰ কবিতাত জৰুৰী হৈ পৰে, মানুহজনৰ ক্ষেত্ৰত, তেওঁৰ ব্যক্তিত্বৰ ক্ষেত্ৰত সিবোৰৰ ভূমিকা তেনেই নগণ্য হ’ব পাৰে।
এই ধৰণৰ নিৰীক্ষণৰ পোহৰত বা এন্ধাৰত নতুন মনোযোগেৰে বিচাৰ কৰিব পৰাকৈ যথেষ্ট অপৰিচিত এটা খণ্ড মই উদ্ধৃত কৰিম:
তাইৰ ৰূপত মাতাল হোৱা বাবে
মই ভাবোঁ আজি মোক গালি দিব পাৰোঁ
যদিওবা পোটক তোলা হ'ব তাইৰ মৃত্যুৰ
তুচ্চ সাধাৰণ কামৰ মাজেদি নহয়।
কেৱল তোৰেই কাৰণে জানো পাটপলুটোৱে
নিপাত কৰিছে তাৰ হালধীয়া শ্ৰম?
তোৰেই কাৰণেনে তাই ধ্বংস কৰিলে নিজক?
বিব্ৰতকাৰী মুহূৰ্তৰ তুচ্চ লাভ হেতু
নাৰীত্বৰ বাবে বিক্ৰী হ'ল পৌৰুষ?
উচ্চপথ সেইজনে মিছা কৰি দিলে কিয়
বিধাতাৰ দুই ওঁঠত সমৰ্পিলে কিয় জীৱন
এনে এক বস্তুৰ শোধনৰ বাবে— তাইৰ কাৰণে জানো
সিহঁতৰ বীৰত্ব ধূলি কৰিবলে' ৰাখে অশ্ব-ক্রীতদাস?
এই খণ্ডটিত (ইয়াৰ প্ৰসংগত ইয়াক লোৱা হ’লে যিদৰে স্পষ্ট হব) যোগাত্মক আৰু বিয়োগাত্মক আৱেগৰ এটা সংযোজন আছে, সৌন্দৰ্যৰ প্ৰতি এক প্ৰবলভাৱে শক্তিশালী আকর্ষণ আৰু ইয়াৰ বিপৰীত, ইয়াৰ ধ্বংসকাৰী কৌৎসিত্যৰ প্ৰতি সমানেই প্ৰবল এটা মোহ। বিপৰীত আৱেগৰ এই সাম্য এনে এক নাটকীয় পৰিস্থিতিত ঘটিছে যিটো সাপেক্ষে উক্তিটো সংগত হৈছে, কিন্তু অকলে সেই পৰিস্থিতিটো ইয়াৰ ক্ষেত্ৰত অনুপযুক্ত হ’ব। ক’বলৈ হ’লে নাটকে আগবঢ়োৱা সাংগঠনিক আৱেগো এয়ে। কিন্তু সমগ্র প্ৰভাৱটো, প্ৰভাৱশালী সুৰটো আহিছে এই সত্যৰ বাবে যে এই আৱেগৰ সৈতে বেছ স্পষ্ট মিল থকা বহু ভাসমান আৱেগ ইয়াৰ সৈতে যুক্ত হৈ আমাক এটা নতুন কলাসুলভ আৱেগ দিছে।
কবিৰ ব্যক্তিগত আৱেগৰ বাবে, তেওঁৰ জীৱনৰ বিশেষ ঘটনাই উচটোৱা আৱেগৰ বাবে তেওঁ কোনোমতে স্মৰণীয় বা আকর্ষণীয় নহয়। তেওঁৰ বিশিষ্ট আৱেগসমূহ সৰল, কেঁচা বা বিৰস হ’ব পাৰে। তেওঁৰ কবিতাৰ আৱেগ হ’ব বাৰুকৈয়ে জটিল বস্তু, কিন্তু এই জটিলতা জটিল অথবা অসাধাৰণ আৱেগ থকা মানুহৰ আৱেগৰ জটিলতা নহয়। প্রকৃততে কবিতাত মইমতালিৰ এটা ভ্ৰান্তি হৈছে নতুন মানৱীয় আৱেগ প্ৰকাশ কৰিব খোজাটো আৰু ভুল স্থানত নতুনত্বৰ এনে সন্ধানে আৱিষ্কাৰ কৰে (মাত্র) বিপথগমন। নতুন আৱেগ বিচৰাটো কবিৰ কাম নহয়, তেওঁৰ কাম হৈছে সাধাৰণ আৱেগসমূহ ব্যৱহাৰ কৰা আৰু কবিতাত সিহঁতক খটুৱাই এনে অনুভূতি প্রকাশ কৰা যিবোৰ আচল আৱেগত নাথাকেই। তেওঁৰ অভিজ্ঞতাত নথকা আৱেগবোৰেও তেওঁৰ পৰিচিত আৱেগবোৰৰ দৰেই তেওঁৰ কাম কৰিব। ফলস্বৰূপে, আমি বিশ্বাস কৰিবলৈ বাধ্য যে ‘নীৰলাত সোঁৱৰা হিয়াৰ আৱেগ’ এটা সঠিক সূত্ৰ নহয়। কাৰণ ই (কবিতা) আৱেগো নহয়, সোঁৱৰণো নহয় আৰু অৰ্থ বিকৃত নকৰিলে নীৰলাও নহয়। ই হৈছে এক কেন্দ্ৰীকৰণ আৰু এই কেন্দ্ৰীকৰণৰ পৰা এক নতুন বস্তুৰ উৎপাদন, যি কেন্দ্ৰীকৰণ হৈছে বহুসংখ্যক অভিজ্ঞতাৰ, যিবোৰ সক্ৰিয় আৰু কামৰ মানুহৰ দৃষ্টিত অভিজ্ঞতা যেন নালাগিবই। ই এনে এক কেন্দ্ৰীকৰণ যিটো সচেতনভাৱে বা ইচ্ছানুসাৰে নঘটে। এই অভিজ্ঞতাবোৰ “সোঁৱৰণ কৰা” নহয় সিহঁতে শেষত এনে এক পৰিৱেশত সংযুক্ত হয় যিটো ‘নীৰল’— নীৰল এই অৰ্থত যে এয়া হৈছে ঘটনাটোৰ প্ৰতি এক নিস্ক্রিয় মনোযোগ। অৱশ্যে এয়েই সমগ্ৰ কাহিনী নহয়। কবিতা লিখনত এনে বহু কথা আছে যি সচেতন আৰু ইচ্ছাকৃত হ’বই লাগিব। আচলতে, বেয়া কবি সাধাৰণতে য’ত সচেতন হ’ব লাগে তাত অচেতন আৰু য’ত অচেতন হ’ব লাগে তাত সচেতন। দুয়ো প্ৰকাৰৰ ভ্ৰান্তিয়ে তেওঁক ‘ব্যক্তিগত’ কৰিব খোজে। কবিতা আৱেগৰ এক মুক্তি নহয়, কেৱল আৱেগৰ পৰা এক পলায়ন, ই ব্যক্তিত্বৰ এক প্ৰকাশো নহয়, কেৱল ব্যক্তিত্বৰ পৰা এক পলায়ন। অৱশ্যে, যাৰ ব্যক্তিত্ব আৰু আৱেগ আছে সিহে জানিব এইবোৰৰ পৰা পলাব বিচৰাটোৱে কি অৰ্থ কৰে৷
(৩)
এই ৰচনাখন অধিভৌতিকতা বা ৰহস্যবাদৰ সীমাৰেখাত বৈ যোৱাৰ আৰু কবিতাৰ প্রতি আকর্ষণ থকা দায়িত্বশীল লোকে প্রয়োগ কৰিব পৰা ধৰণৰ ব্যাৱহাৰিক সিদ্ধান্ত কিছুমানতে সীমাবদ্ধ হোৱাৰ প্ৰস্তাৱ ৰাখিছে। কবিৰ পৰা কবিতালৈ আকর্ষণ বিচ্যুত কৰাটো এক প্রশংসনীয় লক্ষ্য, কাৰণ ভাল হওক, বেয়া হওক আচল কবিতাৰ অধিক উচিত মূল্যায়নত সি সহায় কৰিব। বহুত মানুহ আছে যিয়ে কবিতাত আৱেগৰ অকপট প্ৰকাশৰ প্ৰশংসা কৰে, কিন্তু তেনে মানুহ কমেইহে আছে যিয়ে কৌশলগত শ্রেষ্ঠতাক মূল্যায়ন কৰিব পাৰে। কিন্তু অতি কমসংখ্যক মানুহেহে তাৎপৰ্যময় আৱেগৰ প্ৰকাশৰ গম-গতি ধৰিব পাৰে— যি আৱেগৰ জীৱন আছে কবিতাত, কবিৰ জীৱন বুৰঞ্জীত নহয়। কলাৰ আৱেগ হৈছে নৈর্ব্যত্তিক। আৰু কবিয়ে তেওঁৰ কৰ্মৰ ওচৰত সম্পূর্ণ আত্মসমর্পণ নকৰালৈকে এই নৈর্ব্যক্তিকতা ঢুকি পাব নোৱাৰে। আৰু তেওঁ কি কৰিব লাগিব সেই কথা জনাৰো তেওঁৰ বাবে সম্ভাৱনা নাথাকিব যদিহে তেওঁ অতীতৰ বৰ্তমান মুহূৰ্তত জীয়াই নাথাকি কেৱল বৰ্তমানতহে জীয়াই থাকে, আৰু যদিহে তেওঁ কেৱল ইতিমধ্যে জীৱিত সকলৰ বিষয়েহে সচেতন, যিসকল মৃত সেইসকলৰ বিষয়ে নহয়।
……………………….
টোকা:
১. শ্ৰদ্ধেয় ড° হীৰেন গোহাঁই ছাৰে তেখেতৰ ‘এলীয় আৰু ঐতিহ্য-বিচাৰ’ শীৰ্ষক নিবন্ধত এইবুলি লিখিছে: ইংৰাজী tradition শব্দটোৰ উদ্ভৱ লাটিন trader (=to hand down) ধাতুৰপৰা। তাৰ উপযুক্ত ভাৰতীয় প্ৰতিশব্দ মোৰ অভিজ্ঞতাৰ অগোচৰ। ‘ঐতিহ্য’ শব্দৰ আত্মীয় প্ৰকৃততে “পুৰাবৃত্ত”। ঐতিহাসিক ক্ৰম বুজোৱাত ‘পৰম্পৰা’ শব্দটো কৃতকাৰ্য হ’লেও উত্তৰাধিকাৰ আৰু প্ৰসাৰৰ অৰ্থ ই পাঠকচিত্তৰ দ্বাৰস্থ নকৰে। অপ্রকৃতপক্ষে প্ৰাপ্তি আৰু কৃতি, সমালোচনা আৰু সন্মান, ধাৰা আৰু বৈচিত্ৰ্যৰ ই সমাহাৰ tradition-ৰ এই সংজ্ঞাবিস্তাৰ সততে স্মৰণীয়।
Tradition-ৰ উপযুক্ত অসমীয়া প্ৰতিশব্দৰ অভাৱত আমি তেখেতৰ পদাংকই অনুসৰণ কৰিছোঁ।
শিৱজিত দত্ত এগৰাকী কবি, সমালোচক, অনুবাদক আৰু ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক৷ প্ৰকাশিত গ্ৰন্থৰ সংখ্যা চাৰিখন৷ বিদৰ্ভ অভিমুখে এৰাতি তেওঁৰ কবিতা-সংকলন আৰু অৰ্থ অভিনৱ সাহিত্য সমালোচনামূলক প্ৰবন্ধ-সংকলন৷