প্ৰকল্প ৰঞ্জন ভাগৱতী
সাম্প্ৰতিক অসমীয়া কাব্য জগতৰ এটি উজ্জ্বল নাম অনুভৱ তুলসীৰ সৈতে হোৱা এই কথোপকথনটিত মূলতঃ কবিগৰাকীৰ সৃষ্টিশীল জীৱন, উপলব্ধি আৰু অভিজ্ঞতাৰ বিবিধ প্ৰসংগই স্থান লাভ কৰিছে। কথোপকথনটি পূৰ্বে অসম আদিত্য নামৰ এখন দৈনিক কাকতৰ সাপ্তাহিক পৰিপূৰিকা পূৰ্বাকাশত প্ৰকাশ পাইছিল।
“মই কবি আৰু মানুহ—– দুয়ো সত্তাৰ মাজত স্ব-বিৰোধ পছন্দ নকৰোঁ“
প্ৰকল্প ৰঞ্জন ভাগৱতী : আপোনাৰ শেহতীয়া কবিতা-সংকলন বানান কৰি পঢ়া লুইতৰ পানীৰ পাতনিখনত আপুনি লিখিছে যে ‘মই যিখন ঘৰত জন্মিলোঁ, তাতেই মোৰ কবিতাৰ অজ্ঞাত আৰম্ভণি’। আমাৰ এই কথোপকথনটোৰ আৰম্ভণিতে আপোনাৰ সাহিত্য-চৰ্চাৰ আৰম্ভণিৰ বিষয়ে অলপ বহলাই জানিবলৈ বিচাৰিম।
অনুভৱ তুলসী : বানান কৰি পঢ়া লুইতৰ পানী নামৰ শেহতীয়া কবিতাপুথিখনত মোৰ সাহিত্য-ভাবনা, চেতনা, বোধ সম্পৰ্কীয় কিছু কথা কোৱা হ’ল। মোৰ কবি-জীৱনৰ প্ৰস্তুতিকালৰ কিছু কথাও সোমাল তাত। এইখিনি কথাৰ ছাঁ কেতিয়াবা প্ৰয়োজনতকৈ অধিক দীঘল হৈ আন কিছু কথা ঢাকি ধৰিলে। ঢাক খাই আঁৰত থাকি যোৱা কথাখিনিহে মই এতিয়া ক’বলৈ ভাল পাম। মোৰ স্কুলীয়া জীৱনৰ সপ্তম শ্ৰেণীটোৰ কথা পাহৰিব নোৱাৰোঁ। দুৱাৰডলি পাৰ হ’ব খোজা প্ৰথম খোজ যেন।
ইংৰাজী ১৯৭০ বৰ্ষটোত মই সপ্তম শ্ৰেণীৰ ছাত্ৰ আছিলোঁ। মাধৱদেৱ উচ্চ মাধ্যমিক স্কুল, আমাৰ ঘৰৰ সমুখতে। সেই বৰ্ষতে মোৰ জীৱনত তিনিটা বিশেষ ঘটনা ঘটিল। এক, কাউণ্ট লিঅ’ টলষ্টয় নামৰ বিশ্ববন্দিত মহান লেখকজনৰ ৰচনাৰ সৈতে পৰিচয়; দুই, অসমীয়া ভাষাৰ কবি ৰত্নকান্ত বৰকাকতীৰ লেখাৰ মাজেৰে কবিতাৰ পাঠোদ্ধাৰৰ লিখিত প্ৰয়াস; আৰু তিনি, আমাৰ ঘৰলৈ অহা ৰেডিঅ’টোৰ যোগেদি হোৱা দিগবলয়ৰ প্ৰসাৰ।
মহান লেখক টলষ্টয়ৰ ৰচনাৰ লগত পৰিচয় হোৱাৰ সুযোগ পাঠ্যপুথিয়েই দিলে। সুৰেন্দ্ৰমোহন দাস-কৃত টলষ্টয়ৰ গল্পৰ অসমীয়া অনুলেখন টলষ্টয়ৰ সাধু আমাৰ দ্ৰুত পাঠ্যপুথি আছিল। সেইখন কিতাপত থকা গল্পবোৰে মনত গভীৰভাৱে ৰেখাপাত কৰিছিল। কেইটামান গল্প পুনঃপুনঃ পঢ়িও হেঁপাহ পূৰ হোৱা নাছিল। স্বকীয় আলোকেৰে উজ্জ্বল গৌতম বুদ্ধৰ জীৱন সম্পৰ্কীয় এডুইন আৰ্নল্ডৰ লাইট অৱ এছিয়া কিতাপখনৰ এছিয়াৰ জ্যোতি নামৰ অসমীয়া ভাঙনিখনো আমাৰ পাঠ্যপুথি আছিল। সেই পুথিৰ বৌদ্ধ দৰ্শন আৰু ধৰ্মনীতিৰ কথাখিনি বুজিব পৰা নাছিলোঁ যদিও গৌতম বুদ্ধৰ জীৱন সম্পৰ্কীয় কথাভাগ ভাল লাগিছিল।
ৰত্নকান্ত বৰকাকতীৰ ৰচনা ‘মহাত্মা তৰ্পণ’ নামৰ কবিতা এটা মূল পাঠ্যক্ৰমৰ অসমীয়া পুথিখনত আছিল। এদিন অসমীয়া বিষয়ৰ শিক্ষক মাননীয় ভোলা ভাগৱতী ছাৰে সেই কবিতাটোৰ বিষয়ে বিস্তৃত আলোচনা লিখিবলৈ দিছিল। এবাৰ, দুবাৰ নহয়, তিনিবাৰ লিখিও ছাৰক সন্তুষ্ট কৰিব পৰা নাছিলোঁ। এই বিফলতায়ো মনত গভীৰভাৱে দাগ বহুৱাইছিল। সেই বিফলতাৰ সৈতে ক’ব নোৱৰাকৈয়ে কবিতাও সাঙোৰ খাই পৰিছিল।
আমাৰ ঘৰলৈ অহা ৰেডিঅ’টোৱে বিস্ময়, পুলক, আনন্দ, –কি যে দিয়া নাছিল– মুকলি আকাশৰ লগতে জোন, তৰা, বেলি– মনৰ দিগন্ত প্ৰসাৰিত কৰিছিল নানা বৰণীয়া অনুষ্ঠানৰ মাজেৰে। সত্যপ্ৰসাদ বৰুৱাৰ যোগেদি গ্ৰীক ট্ৰেজেডীৰ খবৰ, বুজা-নুবুজা কত ভাষা, কত সুৰ, কত গান– ৰেডিঅ’টোৱে আগবঢ়োৱা এই বৰ্ণিল উপহাৰৰ মাজত আছিল অসমীয়া লোকসংগীত, লোকগীত। তেনে এটি গীতে মোক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল আৰু সেই প্ৰভাৱৰ বহিঃপ্ৰকাশেই আছিল মোৰ জীৱনৰ প্ৰথম লেখা– লোক আঙ্গিকৰ লেখা– গঢ়টো কবিতা লেখীয়া আছিল যদিও সি কবিতা নাছিল।
আপোনাৰ মাজৰ কবিসত্তাটোক কেতিয়া আৱিষ্কাৰ কৰিলে?
কবিসত্তা কেতিয়া আৱিষ্কাৰ কৰিলোঁ– প্ৰশ্নটো জটিল, আৰু উত্তৰ সৰলভাবে দিবলৈ চেষ্টা কৰিম। নিজৰ কথাৰে নহয়, লিও টলষ্টয়ৰ গল্পৰ উদাহৰণেৰে ক’ব খুজিম। আগৰ প্ৰশ্নৰ উত্তৰত উল্লেখ কৰা সুৰেন্দ্ৰমোহন দাসৰ অনুবাদত পঢ়া ‘মানুহ কিহেৰে জীয়াই থাকে’ গল্পৰ মুচীজন, যি আছিল এজন দেবদূত– কৰ্মদোষত মানুহৰ ৰূপত মানুহৰ মাজত থাকিবলগীয়া হৈছে– সেই মুচীজনে মানুহৰ অজ্ঞানতাৰ তিনিটা বিশেষ মুহূৰ্তত তিনিবাৰ হাঁহিছিল– সেই হাঁহিৰ মাজেৰে মানুহৰ অজ্ঞতাৰ মাজেৰে প্ৰকাশিত হোৱা সৰল আকাংক্ষা, ভৱিষ্যতৰ সপোন, জাগতিক জীৱনৰ সম্পৰ্কৰ সাঁকো প্ৰেম –এই তিনি সত্য আৱিষ্কাৰ কৰি হাঁহিছিল আৰু নিজৰ কৰ্মদোষ খণ্ডন কৰিছিল। এই জটিল সাধুটোৰ মৰ্ম বুজিব পাৰিছিল মোৰ সপ্তম শ্ৰেণীত পঢ়ি থকা শৰীৰী ৰূপটোৱে নহয়, বয়সহীন কবিসত্তাটোৱেহে। তেনেকৈয়ে ‘ধৰ্মপুত্ৰ’ নামৰ গল্পটোৰ আধাপোৰা গছৰ ডাল এটা মাটিত পুতি লৈ দীৰ্ঘদিন সেই এঙাৰ হোৱা ডালটোত পানী দি দি এঙাৰক কেনেকৈ গছপুলিৰ জীৱন দিছিল– গল্পটোৰ সেই অংশত মনটো আঠা খাই লাগি ধৰা– তাৰপৰাও যেন মোৰ মনৰ মাজত ক’ৰবাত অৰ্ধচেতন কবিসত্তাৰ উপস্থিতিৰ উমান পাইছিলোঁ। এনে অধ্যয়নলব্ধ আৰু জীৱননিসৃত উদাহৰণ আৰু দিবলৈ গ’লে এই অংশ ভাৰাক্ৰান্ত হৈ পৰিব। মোৰ লেখনিলৈ সেই অৰ্ধচেতন কবিসত্তাৰ উৎকীৰ্ণ অৱস্থাৰ উমান পাইছিলোঁ এই ১৯৮৯ চন মানত লিখা চাৰিটা শাৰীৰ এই কবিতাত– “একোতো অনা নাই সেই দুহাতৰ পৰা/তুমি নুবুজিবা ভুল/চাইছিলোঁ মাথোন লুকাই ৰাখিছা ক’ত/ফুলাম হাতৰ হুল”। ক’ব নোৱৰাকৈ এই শাৰীকিটা লিখিছিলোঁ– কবিসত্তাত লৰকা-কথিত ‘ডুৱেণ্ডি’ অৰ্থাৎ ভূতে লম্ভা অৱস্থাটো এই চাৰিটা শাৰীত মই আৱিষ্কাৰ কাৰিছিলোঁ। ১৯৮০ চনত ছপা আখৰত মোৰ কবিতা প্ৰকাশ হৈছিল, আৰু তাৰ আগতেও তেনে ধৰণৰ কিছু লেখা লিখিছিলোঁ, যদিও সেয়া আছিল মাথোঁ ভাব-ভাষামিশ্ৰিত পংক্তিবিন্যাস। উল্লিখিত কবিতাটো মই মোৰ কোনো এখন কিতাপতেই ঠাই দিয়া নাই। তেতিয়াৰ কেইজনমান সহপাঠী বন্ধুৱে মাথোন পাইছিল কবিতাটো।
কাব্য-চৰ্চাৰ আৰম্ভণিতে আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত সহায় কৰা ঘনিষ্ঠ ব্যক্তি আৰু পৰিৱেশৰ বিষয়ে অলপ ক’ব নেকি?
অ.তু. : ১৯৭৭ চনৰ কথা। তেতিয়া মই ইংৰাজী বিষয় লৈ নগাঁও কলেজৰ ছাত্ৰ। এলিয়টৰ কবিতাৰ অক্ষম অনুকৰণ কৰিছিলোঁ– নোটবহী ভৰি গৈছিল– তুলাপাতৰ অপচয় কথাটো উদ্যমশীল মনলৈ অহা নাছিল। আমাৰ তুলসীমুখ অঞ্চলত অসম সাহিত্য সভাৰ এটা শাখা আছিল– পূবেৰুণ কলা পৰিষদ (এতিয়া নাই)। সেই পৰিষদৰ এখন সভাত তেতিয়াৰ সেই শাখাৰ সম্পাদক শ্ৰীযুত জীৱন দাস ডাঙৰীয়াই মোক কবিতা পঢ়িবলৈ সুবিধা দিছিল। এলিয়টী ভঙ্গীৰ কিবা এটা চকু-কাণ মুদি পঢ়ি দিছিলোঁ। সেয়াই আছিল মুকলিলৈ ওলাই অহাৰ শুভঙ্কৰ প্ৰথম লগ্ন। অৱশ্যে, পঢ়াৰ পিছত কোনোৱে কবিতাটো সম্পৰ্কে কিবা মতামত দিছিল নে নাই মই পাহৰিলোঁ। নগাঁৱত ‘পূৰ্বালোক’ নামৰ এটা গোষ্ঠী আছিল, আৰু তেওঁলোকে একে নামেৰে ত্ৰিভাষিক আলোচনীও উলিয়াইছিল। তাৰে এটা সংখ্যাত মোৰ ‘যমুনাৰ নীলা পানী’ নামৰ কবিতা এটা উলিয়াইছিল– সুভাষ দাস নামৰ লোকজন তেতিয়া তাৰ সম্পাদক আছিল। মোৰ এগৰাকী বন্ধুৱে মোক কবিতা বিচাৰিছিল। সেয়া ১৯৮০ চনৰ কথা। ১৯৯০ চনত, ফেডেৰিক গাৰ্থিয়া লৰ্কাৰ জন্মদিন ৫ জুন তাৰিখে, সেই বন্ধুগৰাকী সহধৰ্মিনী হৈ মোৰ জীৱনলৈ আহিছিল বিবাহসূত্ৰে। ১৯৮২ চনৰ কোনোবা এটা দিনৰ শুভ বিয়লি মোৰ সহপাঠী, বিশ্ববিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকাৰ সম্পাদক শ্ৰীৰঞ্জিৎ দাসৰ লগত আহি নীলাচলপুৰৰ নিবাসত নীলমণি ফুকনক লগ ধৰিছিলোঁ। বন্ধু ৰঞ্জিতে আৰ্য বিদ্যাপীঠ কলেজৰ ছাত্ৰ হোৱাৰ সূত্ৰে ছাৰৰ লগত পূৰ্বৰে চিনাকি আৰু সেই সম্পৰ্ক থকা হেতু ছাৰৰ সৈতে এজন নতুনক চিনাকি কৰি দিবৰ বাবে মোক লৈ আহিছিল। তেতিয়া নাজমাৰ কবিতা মই লিখি আছিলোঁ আৰু নাজমাৰ যোগেদিয়েই কবিজনাৰ সৈতে চিনাকি হৈছিলোঁ। কেইটামান মাথোন দেখুৱাইছিলোঁ। ছাৰে শলাগিছিল। মই যেন হাতেৰে সৰগ ঢুকি পাইছিলোঁ। তাৰ পিছত প্ৰায়েই ছাৰৰ ওচৰলৈ যাবলৈ ধৰিলোঁ। ছাৰো মোৰ হোষ্টেললৈ গৈছিল মাজে-মাজে। ছাৰ গ’লে মোৰ আৰ-চি-চি ওৱানৰ (মাধৱ বেজবৰুৱা ছাত্ৰাবাস) ১৪ নং ৰুমটো তীৰ্থ যেন হৈ পৰিছিল। নাজমা কিতাপ আকাৰে উলিওৱাত নীলমণি ফুকন ছাৰে মোক বহুখিনি সহায় কৰিছিল। দোৰোণ ফুলৰ সময়তো। ৰঞ্জিৎ দাসে মোক নজনোৱাকৈ মোৰ ‘নাজমা’ প্ৰান্তিক আলোচনীলৈ পঠিয়াই দিছিল। ওলাইছিলো। তেতিয়া শ্ৰদ্ধেয় শিক্ষাগুৰু ভৱেন বৰুৱাই প্ৰান্তিকৰ কবিতা চাইছিল বুলি শুনিছিলোঁ। আৰু শ্ৰদ্ধেয় হীৰেন গোহাঁই ছাৰে মোৰ নাজমাত পাতনি লিখি মোৰ আত্মপ্ৰকাশত সহায় কৰিছিল। এইসকল সদাশয় লোকৰ সহায়ৰ কথা মই কেনেকৈ পাহৰোঁ?
আপোনাৰ ছদ্মনামটোৰ বিষয়ে কওকচোন। ছদ্মনাম কিয় ল’ব লগা হ’ল?
‘নাজমা’ লিখিবৰ বাবে মই এই নামটো গ্ৰহণ কৰিছিলোঁ। পিছলৈ এইটোক মই লিখা প্ৰথম কবিতা বুলিও ক’ৰবাত কৈছোঁ। পাবলো নেৰুডা, উৰ্দু কবিসকলৰ প্ৰেৰণা আছিল হয়তো। মই তুলসীমুখ নামৰ ঠাইৰপৰা আহিছোঁ– কোনোৱে সেইবাবে ‘তুলসী’ অহা বুলিও ক’ব খোজে। মই সিমান ভাবি-চিন্তি কামটো কৰা নাছিলোঁ। পিছলৈ ভাৰতীয় দণ্ডবিধিয়ে নামটোক আইনী বৈধতা প্ৰদান কৰে। এতিয়া এই নামেৰেই মই ভাৰতীয় নাগৰিক।
১৯৮৫ চনত প্ৰকাশ পোৱা আপোনাৰ প্ৰথমখন সংকলন নাজমা আছিল এশটা চাৰিশৰীয়া কবিতাৰ সংকলন। হৰেকৃষ্ণ ডেকা ছাৰে এই কবিতাবোৰত উৰ্দু কবিতাৰ দৰদ অনুভৱ কৰা বুলি লিখিছে। ভাব-ভাষাৰ ফালৰপৰা জাপানী হাইকু আৰু কিছু পৰিমাণে লেতিন আমেৰিকাৰ কপলা নামৰ গীতিকবিতা শ্ৰেণীৰ সৈতে নাজমাৰ কবিতাবোৰৰ অলপমান সাদৃশ্য আছে। এই কবিতাবোৰৰ প্ৰেৰণা প্ৰকৃততে কি আছিল?
‘নাজমা’ নামৰ চাৰিশৰীয়া আৰু ৩৬টা আখৰৰ (প্ৰতি শাৰীত ৯টাকৈ) অনুশাসনৰ কথা কিয় ভাবিলোঁ, নেজানো। উৰ্দু কবিতাত তেনে অনুশাসন নাছিল। জাপানী হাইকৃত ১৭ শব্দাংশৰ অনুশাসন আৰু লাতিন আমেৰিকাত ‘কপলা’ আৰু আমাৰ বিহুগীত-বনঘোষাৰ তেনে অনুশাসন নাছিল। উমাকান্ত শৰ্মাদেৱে নাজমা সম্পৰ্কে লেখা এটাত উপনিষদৰ ‘বৃহদী’ ছন্দৰ মিল দেখা বুলি কৈছিল। কবিতাবোৰৰ ভাষা ‘জাতে-পাতে অসমীয়া’ আৰু সমল অসমীয়া চহা জীৱন। অসম ইতিহাসৰ এক উত্তাল সময়ত লিখা কবিতাবোৰত সেই উত্তাল সময়ৰ কথা পৰোক্ষভাৱে দুটা-তিনিটা কবিতালৈ আহিছিল। ঘাইকৈ সেয়া আছিল মগ্ন চৈতন্যৰ তন্ময় প্ৰকাশ। নৱকান্ত বৰুৱাই সীৰলু আলোচনীতো ‘নাজমা’ উলিয়াইছিল। আৰু আমাৰ প্ৰজন্মৰ উপজিয়েই বুঢ়া আঙুলিটোৰ দৰে ‘বুঢ়া’ তিনিজন কবিৰ ভিতৰত মোকো থৈছিল। কবিতাবোৰত উৰ্দু কবিতাৰ মেজাজ থাকিব পাৰে হয়তো– ‘কপলা’ আৰু বিহু-বনঘোষাৰ আৰ্হিটোহে মোৰ মনত অধিক সক্ৰিয় আছিল কিজানি।
নাজমা প্ৰকাশ হোৱাৰ সুদীৰ্ঘ এঘাৰ বছৰৰ বিৰতিৰ পিছত অৰ্থাৎ ১৯৯৬ চনত আপোনাৰ দ্বিতীয়খন সংকলন দোৰোণ ফুল প্ৰকাশ পাইছিল। এই সুদীৰ্ঘ বিৰতিৰ কাৰণ কি?
১৯৮৫-ৰ পিছত ১৯৯৬ চনত দোৰোণ ফুল ওলায়। চাৰিশমান ‘নাজমা’ লিখি অন্য আঙ্গিকৰ কবিতালৈ যোৱাটো হয়তো খুব সহজ নাছিল। তথাপি কিছু কবিতা লিখিছিলোঁ আৰু তাৰে দুই-এটা প্ৰান্তিকত নিয়মীয়াকৈ ওলায়ো আছিল। সেইখিনি সময়ৰ ভিতৰতে দোৰোণ ফুল,জলমগ্ন দৃশ্যাৱলী, কাব্যপীঠৰ কবিতাখিনি লিখা হৈছিল। দোৰোণ ফুলৰ পাণ্ডুলিপি তিনিবছৰমান প্ৰকাশকে পেলাই থৈছিল। ১৯৮৫-১৯৯৭– বাৰ বছৰত চাৰিখন কবিতাপুথি– লিখাত তেনে বিৰতি নাছিল বাবেই দুবছৰত তিনিখন সংকলন উলিওৱা সম্ভৱ হৈছিল। পাহৰিছিলোঁৱেই। ২০০৭ চনত প্ৰকাশিত মোৰ জুইচোৰ পুথিৰ কবিতাসমূহ এই সময়তে লিখা। পাণ্ডুলিপিটো প্ৰকাশকৰ তাত কেইবাবছৰো পৰি থকাৰ পিছত হেৰাইছিল। পিছত কোনো ৰকমে কবিতাসমূহ উদ্ধাৰ কৰি প্ৰকাশ কৰা হয়।
কবিতাত আপুনি চিত্ৰকল্পবাদী ধাৰাটোকে বাছি লৈছে। বিশেষকৈ আপোনাৰ জন্মঠাইখনৰ বৈচিত্ৰ্যময় প্ৰকৃতি আৰু জনজীৱনৰপৰা আহৰণ কৰা ভাব-চিত্ৰবোৰে আপোনাৰ কাব্যচৰ্চাক সমৃদ্ধ কৰিছিল। চিত্ৰকল্পবাদৰ সৈতে আপোনাৰ সম্পৰ্কৰ বিষয়ে কওকচোন।
মোৰ কবিতাৰ ভাবচিত্ৰবোৰ জনজীৱনৰপৰা পোৱা। জনজীৱন আৰু অসমৰ মাটি-পানী-প্ৰকৃতিয়েই মোৰ শিপা। ভাষিক আৰু ভৌগোলিক –দুয়োটা অৱস্থানৰপৰা মই অসমীয়া। কবিতাই মোক তাকেই শিকাইছে। অসমৰ চহা জীৱনপ্ৰপঞ্চক বিশ্বজনীন ৰূপ দিয়া –এইটোৱেই প্ৰাণৰ হেঁপাহ। ভাবক নিয়ন্ত্ৰণলৈ আনিবলৈ প্ৰতীক আৰু ভাষাক নিয়ন্ত্ৰণলৈ আনিবলৈ কল্পচিত্ৰ –মই সাধাৰণভাৱে ইয়াকে বুজোঁ। দুয়োটাৰে উদ্দেশ্য একে –অসীমক সীমাৰ মাজলৈ অনা আৰু সসীমক সীমাৰ সিপাৰ কৰি দিয়া। দুয়োটাই বিচাৰে কবিতা হওক মিতবাক, ব্যঞ্জনা হওক অমিতধ্বনি। নীৰৱতা, বচনাতীত মূৰ্ত হৈ উঠক ভাষাৰ মাধ্যমেৰে– বচনাতীত নীৰৱতালৈ যোৱাৰ এক অভিমুখ। উদাহৰণ দি কথাখিনি উপস্থাপন কৰা এই পৰিসৰত সম্ভৱ নহ’ব। উল্লেখ হোৱা কাব্যৰীতি, প্ৰকৰণ কৌশল মই ঐতিহ্য আৰু পৰম্পৰাৰপৰা পাইছোঁ; পূৰ্বসুৰী, অগ্ৰজসকলে এটা বাট কাটি থৈছে; এইবাবে মোৰ কাম সহজ হৈছে।
আধুনিকতাবাদী কবিসকলে কাব্যভাষাক সদায় কথ্যভাষাৰ ওচৰ চপাই নিয়াৰ কথা কয়। অসমত অজিৎ বৰুৱা, হৰেকৃষ্ণ ডেকা আদি কবিয়ে তেনে প্ৰয়াস সাৰ্থকভাবে কৰিছে। আপুনিও এঠাইত লিখিছে যে ‘‘তামোলৰ সেলেঙী লগা গুণটো ভাষাত থাকিব লাগে, ভাষা হ’ব লাগে ‘জধলা চুমা’ৰ দৰে।” কাব্যভাষা সম্পৰ্কে এই চেতনা আপোনাৰ কেতিয়াৰপৰা হ’ল?
কবিতা ভাষা শিল্প। সেইবাবে কবিতাৰ বাবে এক শিল্পভাষাৰো প্ৰয়োজন আৰু এই কথা লৈ সদায়েই চিন্তা-চৰ্চা চলি আহিছে। সেই অনুসৰি কবিতাৰ বাবে উপযোগী ভিন্ন ভাষাৰ ৰূপৰ ৰূপান্তৰো হৈ আহিছে। আধুনিকৰ উত্তৰ কালত প্ৰান্তীয় অঞ্চললৈ আমাৰ দৃষ্টি আৰু সৃষ্টি ধাৱমান হৈছে; সেয়ে প্ৰান্তীয় অঞ্চলৰ ভাষায়ো প্ৰাধান্য পাবলৈ ধৰিছে। পূৰ্বৰ কিছুমান কেন্দ্ৰৰ ধাৰণা থৰক-বৰক হৈ পৰিছে, প্ৰান্তীয় অঞ্চলৰ নতুন কেন্দ্ৰৰ প্ৰয়োজনৰ কথাই আগস্থান পাইছে। ‘ইয়াত ছাবি ঘূৰোৱা তোমালোকে, তাত তেওঁলোকৰ হাতত থকা তলা খোল খাই যাব’ –কিছুদিন আগতে এক ‘আমিষ’ চিত্ৰকল্প প্ৰয়োগেৰে লিখা বাংলাদেশৰ এজন কবিৰ কবিতা পঢ়িছিলোঁ। সন্ধ্যভাষাও এতিয়াৰ কবিতাৰ শিল্পভাষা হৈ পৰিছে। মোৰ কবিতাত যিটো ৰাজনৈতিক আণ্ডাৰট’ন আছে (আনন্দ বৰমুদৈদেৱে এই কথা কোনো এটা লেখাত কৈছিল), সেইটোৰ উপৰিসৌধ মই কথিত, চহা ভাষাৰে তৈয়াৰ কৰিব বিচাৰোঁ। প্ৰেমৰ কবিতা লিখিবলৈও এই ৰূপৰ ভাষাহে অধিক কাৰ্যক্ষম বুলি ভাবোঁ। বাংলাদেশৰ কবিজন সয়ীদ জামাল আছিল হয়তো।
অনুভৱ তুলসীৰ শ্ৰেষ্ঠ কবিতা সংকলনটোৰ বেটুপাতৰ ব্লাৰ্বত এষাৰ গুৰুত্বপূৰ্ণ কথা আছে– “আশীৰ দশকৰ পাছৰপৰা ভাৰত তথা সমগ্ৰ বিশ্বজুৰি canon হৈ পৰা কবিতাৰ সেই একঘেঁয়ে ইউৰোপীয় সুৰ অসমীয়া কবিতাৰপৰা কোনোৱে যদি আঁতৰাই ৰখাৰ চেষ্টা কৰিছে তেন্তে তেওঁ হ’ল কবি অনুভৱ তুলসী।” সেই ইউৰোপীয় একেঘেঁয়ে সুৰটোৰপৰা আঁতৰি আহিবলৈ আপুনি কৰা প্ৰয়াসবোৰৰ বিষয়ে আপোনাৰপৰা জানিবলৈ বিচাৰিম। নিঃসন্দেহে প্ৰথমেই কাব্য-ভাষাটোৰ কথাই আহিব। কওকচোন।
অনুভৱ তুলসীৰ শ্ৰেষ্ঠ কবিতাৰ ব্লাৰ্বত লিখা কথাখিনি এজন তৰুণ কবিৰ। সেইজন কবিৰ মতে মোৰ মাজে-সময়ে দীঘলীয়া সময়ৰ বাবে কথা পতা হয়– ফোনতে। ইউৰোপীয় কেননক আওকাণ কৰা সহজ নহয়। নকৰিলেও নহয়। ইউৰোপীয় কালচাৰেল হেজিমনি, হায়াৰ্কি অস্বীকাৰ কৰাৰ এটা বাট ছাবঅল্টাৰ্নে আমাক দিছে। সেইটো অভিমুখ আমি গ্ৰহণ কৰা দৰকাৰ। অসমীয়া ভাষাৰ ওপৰত ইউৰোপ নেলাগে ভাৰতীয় মূল ভূখণ্ডৰ সাংস্কৃতিক প্ৰভুত্বৰ, দমনৰ প্ৰয়াস পৰিকল্পতভাবে চলি আহিছে যুগ যুগ ধৰি। সেই দমন ওফৰাই দিবলৈ আমি কবিসকলে চিন্তা কৰিব পাৰোঁ। কবিতাৰ মাজেৰেই সেই পথ আমি উলিয়াব লাগিব। এই কথাটো মই মোৰ বানান কৰি পঢ়া লুইতৰ পানী নামটো আৰু তাত সন্নিৱিষ্ট গদ্যলেখাত উত্থাপন কৰিছোঁ। মোৰ কবিতা সম্পৰ্কীয় এটা লেখাত শেহতীয়াকৈ ড. বিভাস চৌধুৰীয়েও মোৰ কবিতাৰ এই চৰিত্ৰটোৰ কথা উনুকিয়াইছে। মোৰ কবিতাপুথি মাটি ভাষাৰপৰা মোৰ কবিতাত এই বিশেষ বিষয়টোৱে প্ৰাধান্য পাইছে যেন। কিমঅধিকম।
আপুনি বিশ্ব চলচ্চিত্ৰৰো এগৰাকী ৰসিক দৰ্শক। চলচ্চিত্ৰৰ বিষয়ে আপোনাৰ এখন কিতাপো প্ৰকাশ পাইছে। আনহাতে চলচ্চিত্ৰৰ যি দৃশ্যধৰ্মিতা গুণ, ‘চিহ্নযাত্ৰাৰ কেইটামান জলমগ্ন দৃশ্য’, ‘শৰালি’, ‘ব’ৰ্ডত এটা বিয়োগ অংক’ আদি বহু কবিতাত দেখিবলৈ পোৱা যায়। চলচ্চিত্ৰৰ সৈতে আপোনাৰ ঘনিষ্ঠতাৰ বিষয়ে কওকচোন।
দ্বিতীয় মানত থকা সময়তে প্ৰথম চিনেমা চাইছিলোঁ, সৰু ককাইদেউ শ্ৰীচন্দ্ৰ শইকীয়াই লৈ গৈছিল। গতিশীল আৰু কথা কোৱা ছবিবোৰে বিস্ময়-বিমুগ্দ্ধ কৰিছিল। চিত্ৰপৰিচালক হোৱাৰ সপোন দেখিছিলোঁ। সেই সপোন অতকালে পূৰণ হোৱা নাই। দৰ্শক হিচাপে থাকি গ’লোঁ যদিও নিজকে বিশ্ব চলচ্চিত্ৰৰ ৰসিক– কথাটো মোৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব নে নহয় সন্দেহ। চলচ্চিত্ৰ এখন চাবলৈ যি ধৰণৰ মানসিক, বৌদ্ধিক পৰিশীলনৰ দৰকাৰ, সেয়া মই কৰিব পৰা নাই। কবিতাই চলচ্চিত্ৰ, চিত্ৰ-ভাস্কৰ্য, সংগীত আদি কলাৰপৰা পৰিপুষ্টি আহৰণ কৰিব পাৰে বুলি ভাবোঁ। সেয়ে চাওঁ সুবিধা পালে– চলচ্চিত্ৰৰ ভাষাৰ যি তৰপা-তৰপি চৰিত্ৰ, সেয়া পঢ়িব পৰাৰ জোখাৰে বৌদ্ধিক উৎকৰ্ষ মোৰ নাই। শ্বট, ছিকুৱেঞ্চৰ লুক্কায়িত জগত মোৰ আগত উদ্ভাসিত হওঁতে বহু বেলি লাগে– কেতিয়াবা নোহোৱাকৈয়ে থাকি যায়। কবিৰ নিজাকৈ ‘ভিজুৱেল ইমাজিনেশ্যন’– দৃশ্য কল্পনা –বিধৰ গুণটো থাকে। মোৰ কবিতাত সেই গুণটোৰ প্ৰতিফলন হয়তো আছে। একাধিক কবিতাত আছে। আপুনি উল্লেখ কৰা কবিতাকেইটাতো আছে।
দ্য পেৰি ৰিভ্যুত প্ৰকাশ পোৱা এটা সাক্ষাৎকাৰত আৰ্জেণ্টিনীয় লেখক হৰ্ষে লুইছ বৰ্ষেছে কৈছিল যে এজন কবিৰ লিখিবলৈ সম্ভৱতঃ পাঁচটা বা ছটা কবিতাহে থাকে। তাতকৈ বেছি নহয়। কবিয়ে সেইবোৰ বিভিন্ন দৃষ্টিকোণৰপৰা, বোধহয় বেলেগ-বেলেগ পটভূমি, সময় আৰু চৰিত্ৰবোৰৰ সৈতে পুনৰ্লিখনৰ চেষ্টা কৰিলেও কবিতাবোৰ অনিবাৰ্যভাৱে আৰু ভিতৰি একেকেইটাই। এই সম্পৰ্কে আপুনি– আপোনাৰ নিজৰ কাব্য-চৰ্চাৰ প্ৰসংগৰে– কি ক’ব?
বৰ্ষেছে কথাটো, মানে–- মাথোন ‘পাঁচটা কবিতা’ এজন কবিয়ে জীৱনকালত লিখিব পাৰে –সেই কথাৰ সত্যতা উপলব্ধি কৰিবলৈকে হয়তো বৰ্ষেছে নিৰন্তৰ কবিতা লিখি গৈছিল। মই পাঁচটাৰ ভিতৰত প্ৰথমটো লিখিছোঁনে নাই জানিবলৈকে আজিকোপতি লিখি আছোঁ, আৰু লিখি থাকিম। কবিতা মূলতঃ এটা –বাকীখিনি সেই মূললৈ সংযোজন –অকথাৱিঅ’ পাছৰ আঁত ধৰি এনেকৈ ক’ব পাৰি।
এতিয়া কবিতাৰ সৃষ্টি প্ৰক্ৰিয়াৰ বিষয়লৈ আহোঁ। কবিতাৰ ভ্ৰূণটো আপোনাৰ মনত শব্দ বা বাক্যাংশ হিচাপে উদয় হয় নে ভাব হিচাপে হয়?
কোনটো আগত– কুকুৰা নে কণী? আজিকালি গানৰ ক্ষেত্ৰত শুনো যে আগতে ট্ৰেক/সুৰ এটা গীত ৰচয়িতাক দিয়া হয়– সেই সুৰত কথাংশ লিখিব লাগে। কবিৰ মনত তেনেকুৱা এটা সুৰ থাকে নেকি, যি সুৰত শব্দ বা বাক্যাংশ সংযোজন কৰিব লাগে/ সুৰৰ কথাটো বুজি নাপাওঁ– মোৰ ক্ষেত্ৰত শব্দ হৈ আহে প্ৰথমে, উকা হৈ নাহে, আহে ভাবৰ বাহন হৈ। মনৰ ভিতৰতে থাকে বহুবেলি। শেষ শাৰীটোলৈকে– অলিখিত পাঠ এটা তৈয়াৰ হয়। সেই পাঠ কেতিয়াবা মনৰ ভিতৰতেই লয় পায়। লিখিত পাঠ নহয়গৈ– যোগ্যতা নাই বুলি ভবা হয়। বহু লিখিত পাঠো পিছত নষ্ট কৰি পেলোৱা হয়। নিৰ্জ্ঞান, অৱচেতন মনত থকা পাঠৰপৰা নিৰ্গঠন পদ্ধতিৰে বোধহয় লিখিত পাঠটো আহে।
কবিতা এটাৰ ভ্ৰূণ এটা যেতিয়া ধাৰণ কৰে, তেতিয়া তাৰ লগতে কবিতাটোৰ গঢ়টো বা প্ৰকাশভংগীটো কেনে হ’ব সেইটোও নিৰ্দিষ্ট ৰূপত মনলৈ আহে নে?
শব্দ, ভাব, গঢ় বা ফৰ্মটোও অঙ্গাঙ্গী হৈ আহে, এটা আগত আনটো পিছত বুলি কথা নাই। সচেতন নিৰ্মাণত এই ক্ৰমৰ আগ-পাছ হ’ব পাৰে।
মনত ধাৰণ কৰা কবিতাৰ কিছুমান ভ্ৰূণৰ বিকাশ লাভ কৰাৰ আগতেই অকালতে কেতিয়াবা মৃত্যুও ঘটিব পাৰে। সৃষ্টিশীল লেখক এজনৰ বাবে এইটো এক দুখদায়ক অভিজ্ঞতা– মনত ক্ৰিয়া কৰা ভাব এটা শেষ মুহূৰ্তত কাগজত লিপিৱদ্ধ কৰি উলিয়াব নোৱাৰিলে। আপোনাৰ ক্ষেত্ৰত তেনে হৈছে নে?
ভাষা-ভাবৰ ভঙ্গীৰ বহু অপমৃত্যুৰ সাক্ষী হ’ব লাগে কবি এজনে। ময়ো ব্যতিক্ৰম নহওঁ। এনে অপমৃত্যুৱে কবিক গভীৰভাৱে ব্যথিত কৰে, অস্থিৰ কৰি তোলে, সৃজনশীলতা তাৰ মাজেৰে নতুনকৈ বিৰিঙিও উঠে। মৰিশালী আৰু চেৰাশালি –দুয়োটা ৰূপেই চাব জানোতাই, কবি এজনৰ চকুৱে-মুখে দেখা পায়।
আপোনাৰ বাবে কবিতা এক নিৰ্মাণ নে আৱিষ্কাৰ?
নিৰ্মাণ– যি অৱচেতনত বহুকাল ধৰি চলি থাকে। উইলিয়াম বাটলাৰ ইয়েটছে ‘চেইলিং টু বাইজেনটিয়াম’ কবিতাত কোৱা গ্ৰীক সোণাৰীজনৰ সোণাৰীশালখন অৱচেতনতে থাকে বুলি মই বিশ্বাস কৰোঁ।
লিখাৰ সময়ত কবিতাৰ সহৃদয় পাঠকৰ ছবিখন অৱচেতনত সোমাই থাকে নেকি?
লেখাটো লিখি থকাৰ সময়ত অন্য চিন্তা মনলৈ অনাৰ অৱকাশ নেথাকে। কবিতাৰ পঢ়ুৱৈ হোৱাৰ দীৰ্ঘ অভিজ্ঞতা নিৰ্যাস ৰূপত মনত নিৰ্জ্ঞানত বা অৱচেতনত থাকেই। সেই অভিজ্ঞতাৰ নিৰ্যাসৰ লিখাৰ সময়ত কিবা ভূমিকা যে নেথাকিব এই কথাতেই নুই কৰিব নোৱাৰি কথাটো।
আপোনাৰ দৃষ্টিত কবিতাৰ আদৰ্শ পাঠক বা সহৃদয় পাঠক কোনজন?
আপুনি ‘কবিতাৰ আদৰ্শ পাঠক’ৰ কথা সুধিছে, মই আকৌ পাঠক বা পঢ়ুৱৈৰ সেই আদৰ্শ মূৰ্তি ভাঙি পেলোৱাৰ কথাটোহে সমৰ্থন কৰোঁ। আদৰ্শ পঢ়ুৱৈজনে তেওঁৰ এটা আদৰ্শ কবিতাৰ মূৰ্তি গঢ়ি লৈ সেইটোকে আদৰ্শ কবিতা বুলি আদৰ্শৰ বাহিৰত থকা কবিতাক কবিতা বুলিবলৈ অস্বীকাৰ কৰিব। এক স্থিতাৱস্থাৰ সৃষ্টি হৈ সিয়েই বাহাল থাকিব। আদৰ্শ পঢ়ুৱৈজনৰপৰা কবিতাৰ বিশেষ উপকাৰ হ’ব বুলি সেয়ে ভাবিব নোৱাৰি।
আপোনাৰ সৃষ্টিশীল জীৱনলৈ কেতিয়াবা বন্ধ্যা সময় আহিছে নে? তেনে সময়ত আপুনি কি কৰে?
দীঘলীয়া এক সময় একো নিলিখাকৈ পাৰ হয়। বন্ধ্যাকাল নুবুলি পৰৱৰ্তী লেখাৰ প্ৰস্তুতিকাল বুলিবলৈহে ভাল পাম। পঢ়া, গান শুনা, চিনেমা চোৱা, ফুৰিবলৈ যোৱা আদি কামৰ মাজেৰে প্ৰস্তুতি চলি থাকে।
কবিতাবোৰৰ শিৰোনাম আপুনি কেনেকৈ দিয়ে? লিখাৰ আগত নে বহু পিছত?
ভাবি-চিন্তিয়েই কবিতাৰ নাম দিয়া হয়– ব্যতিক্ৰমী, পঢ়ুৱৈক যাতে জব্দ কৰিব পাৰে, তেনে নাম দিয়াৰ হেঁপাহ থাকে। সদায় তেনেকুৱা নহয়গৈ। লিখাৰ লগে-লগেই নামটোও আহে– কেতিয়াবা বহু পিছত সেই নাম সলনিও হয়। কেৱল কবিতাৰ নাম দিবৰ পৰতে এনেকুৱা নহয়, কোনো এটা গদ্যলেখাৰ সময়তো অনুৰূপ ধৰণে আগবাঢ়িব লাগে। ভাল লগা নাম একোটা নোপোৱালৈকে মই গদ্যলেখা এটা আৰম্ভ কৰিব নোৱাৰোঁ। গদ্যলেখাৰ নামৰ ক্ষেত্ৰতো পঢ়ুৱৈয়ে বুজি পাব লাগে যে কবি নহ’লে এনে নাম দিয়াটো সম্ভৱ নহয়। অৱশ্যে এজন গদ্য-লেখকৰ প্ৰাণৰো প্ৰাণত কবি এজন সদায়েই থাকে বুলি মই ভাবি ভাল পাওঁ।
আৰু কবিতা-সংকলনৰ নামবোৰ কিদৰে দিয়ে?
কবিতা-সংকলনৰ নাম দিওঁতে যথেষ্ট ভাবনা-চিন্তাৰ দৰকাৰ হয়। নামটোৱে এটা জোঁকাৰণি, শ্বক দিব লাগে। নামটো ওঁঠত লৈ ভাল লাগিব লাগে। নামটোৱে পঢ়ুৱৈক টানি আনিব লাগে কিতাপখনৰ কাষলৈ, হাতলৈ তুলি লোৱাৰ এক প্ৰলোভনো নামটোত নিহিত থাকিব লাগে। বহুদিন লাগে, মাহ-বছৰ। এখন সংকলনৰ বাবে কেইবাটাও নাম মনলৈ আহে, সেইবোৰৰ আকৌ গন্ধ, বৰ্ণ, ৰসৰ পৰিমাপ চলে। নামটোৰ আৱেদন সুদীৰ্ঘ কালৰ বাবে থকা হ’ব লাগে। অসমীয়া কবিতাপুথিৰ নাম– এই বিষয়ে নিবন্ধ লিখা, গৱেষণা হ’ব লাগে। এই ধৰণৰ কৌতূহল জগাব পৰা নাম নিৰ্বাচন– সঁচা অৰ্থতে এক দুৰূহ কাম।
নিজৰ পাণ্ডুলিপিত কটাকটি বা যোগ-বিয়োগ পৃথিৱীৰ সকলো লেখকেই কম-বেছি পৰিমাণে কৰে। কিন্তু পুনৰ্লিখন কিছুমান লেখকেহে কৰে। কেতিয়াবা কোনো কবিতা পুনৰ্লিখন কৰিবলগীয়া হৈছে নে?
কবিতা এটা লিখাৰ পিছত কটা-কটি কৰা হয়। কিতাপত ওলোৱাৰ পিছতো কটা-কটিৰ পৰ্যায়টো জীয়াই থাকে, কবিতা এটাৰ বিকাশৰ গতি হয়তো তেনেকুৱা। বহু কবিয়েই সেই কামটো কৰে। বহু কবিয়ে আকৌ এই কটা-কটিক সমৰ্থন নকৰে। কবিতাত সচেতন মনৰ প্ৰভাৱ থাকিব নালাগে বুলি সেইসকলে মত পোষণ কৰে। লীৰিক কবিতা একে উছাহতে লিখা– কিছু কবিৰ ক্ষেত্ৰত সৃষ্টিযাতনা দীৰ্ঘ কালৰ বাবে বৰ্তি থাকে। এটা কবিতা সেয়ে দীৰ্ঘকাল ধৰি লিখিব পাৰে। হয়। মোৰ ক্ষেত্ৰত পুনৰ্লিখনৰ প্ৰয়োজন কোনো কোনো কবিতাৰ ক্ষেত্ৰত হৈছে। ধৰক– বানান কৰি পঢ়া লুইতৰ পানীৰ ‘পোখা মেলা’ কবিতাটো– প্ৰথম লিখিত পাঠৰ কোনো চিন-চাব ইয়াত নাই। প্ৰথম পাঠটোৰপৰাই হয়তো এই পাঠ নিসৃত হৈছে– গছে পুৰণি পাত পৰিত্যাগ কৰাৰ লেখিয়াকৈ দ্বিতীয় লিখিত পাঠে প্ৰথম পাঠটোক অস্বীকাৰ, পৰিত্যাগ কৰিছে, কবৰ দিছে।
আমাৰ ইয়াত বেছিভাগ সৃষ্টিশীল সাহিত্য কাকত-আলোচনীৰ পাততে প্ৰথমে ছপা হয়। পিছতহে কিতাপ হৈ ওলায়। কিতাপত সোমোৱাৰ আগতে কোনো লেখাত কেতিয়াবা আপুনি হাত ফুৰাবলগীয়া হৈছে নে?
মই আজি কিছু বছৰ ধৰি কবিতাবোৰ কাগজৰ পৰা নি কম্পিউটাৰত সুমুৱাই থওঁ। নিজে অসমীয়াত টাইপ কৰোঁ আৰু কটা-কটিৰ কামটো চলাই থাকোঁ। অৱশ্যে জধে-মধে সেই কাম কৰা নহয়। বহু ভাবি-চিন্তিহে শব্দ, শাৰী সলোৱা, আগ-পাছ কৰা কামটো কৰা হয়। আলোচনীত ওলাই যোৱাৰ পিছতো সেই পিছৰ পৰিমাৰ্জনৰ পৰ্যায়টো থাকি যায়– কোনো কোনো কবিতাৰ ক্ষেত্ৰত। মোৰ এটা কবিতা চাৰিখন সংকলনত সোমাইছে। কিতাপত সোমোৱাৰ পিছতো মোৰ মনত কবিতাটোৰ বিকাশৰ তেনে এক পৰ্যায় চলি আছিল। মোৰ শেহতীয়া সংকলনৰ ‘চকু’ নামৰ কবিতাটোৰ কথাই ক’ব খুজিছোঁ। কবিতাটোৰ শেষত মই এটা বাক্যৰ টোকাও সেয়ে সংযোজন কৰিছোঁ।
আপুনি সাধাৰণতে কোন সময়ত আৰু কেনে পৰিৱেশত লিখিবলৈ পছন্দ কৰে? ধৰা-বন্ধা কিবা নিয়ম বা চৰ্ত আছে নেকি?
লিখা কামৰ বাবে মোৰ কোনো নিৰ্দিষ্ট সময় নাই। য’তে ত’তে লিখোঁ, যিহেতু মই প্ৰথমে কবিতা এটাৰ অলিখিত পাঠটো তৈয়াৰ কৰোঁ। মোক তেনে বিশেষ পৰিৱেশ, কাগজ-কলমৰ দৰকাৰ নপৰে। যাত্ৰাকালত, গাড়ী চলাই থাকিও কবিতা লিখিছোঁ, চিলমিল টোপনি, সপোনতো লিখিছোঁ। পাহৰণিৰপৰাও কেতিয়াবা হেৰাই যোৱা কবিতা উদ্ধাৰ কৰিছোঁ।
আপোনাৰ লেখাবোৰৰ প্ৰথম পাঠক কোন?
এইটো প্ৰশ্নৰ উত্তৰ মোৰ বাবে অস্বস্তিদায়ক। বহু কবিতাৰে প্ৰথম পাঠক আলোচনীৰ সম্পাদকসকল। শ্ৰদ্ধেয় নীলমণি ফুকন, হীৰেন ভট্টাচাৰ্যও মোৰ কোনোটোহঁত কবিতাৰ প্ৰথম পঢ়ুৱৈ আছিল। নাজমা ৰচনাৰ সময়ত মোৰ বন্ধু ৰঞ্জিৎ দাস প্ৰথম পঢ়ুৱৈ হিচাপে থাকি মোক অনুপ্ৰাণিত কৰিছিল। বহু কবিতা সংকলনতে প্ৰথমে পোহৰলৈ ওলায়।
লেখকসকলক সুধিবলগীয়া এটা চিৰন্তন প্ৰশ্ন আপোনাকো সোধোঁ– আপুনি কিয় লিখে?
স্নায়ুবিজ্ঞানৰ মতে আমাৰ মগজুৰ পেৰিয়েটেল অংশত কেইটামান কোষ সক্ৰিয় হৈ থকাৰ গুণতে সুকুমাৰ কাম আমাৰ বাবে সম্ভৱপৰ হৈ উঠে। সেই ফালৰ পৰা লিখা, অঁকা, গোৱা, চিনেমা কৰা– সকলো কামেই আৰ্গেনিক। আমাৰ শৰীৰ-মনৰে ই এক বিশেষ ক্ষমতা, প্ৰতিভা। মোৰ মগজুত থকা স্নায়ুকেন্দ্ৰৰ সেইকিটা কোষ হয়তো ক্ৰিয়াশীল, জীৱন্ত হৈ থকা বাবেই মই লিখোঁ। জীৱন, জগতৰ সৈতে সম্পৰ্ক, যোগাযোগ ৰাখিবৰ বাবে এই কাম সহায়ক হৈ পৰে। সপোন দেখোঁ, কোনো কোনো কথা-কাম সহজে ল’ব নোৱাৰোঁ, এক সংগ্ৰাম, বিদ্ৰোহ মনৰ মাজত চলি থাকে বাবে, তাৰ বহিঃপ্ৰকাশৰ বাবে লিখোঁ, আৰু জ্ঞাতে-অজ্ঞাতে কাৰণ থাকি যাব পাৰে।
এজন কবি কাৰ প্ৰতি দায়ৱদ্ধ আৰু সৎ হোৱা উচিত বুলি ভাবে আপুনি– পাঠক আৰু সমাজৰ প্ৰতি নে কবিতাৰ প্ৰতি?
মানুহ হিচাপে দায়িত্বশীল হ’লেহে কবিসত্তালৈ সেই গুণ যাব– মই কবি আৰু মানুহ– দুয়ো সত্তাৰ মাজত স্ব-বিৰোধ পছন্দ নকৰোঁ। ৰবীন্দ্ৰনাথে কৈছিলে, ‘‘জীৱনৰ প্ৰয়োজনে, অপ্ৰয়োজনে বহু মিছা মাতিছোঁ, কবিতাত, কেতিয়াও তেনে কৰা নাই।” কবি এজন কবিতাৰ প্ৰতিয়েই দায়ৱদ্ধ। কবিতাও এটা সামাজিক কাম বুলি বুজাবলৈ টি.এছ. এলিয়টে এখন সুদীৰ্ঘ গদ্য ৰচনা লিখিছিল। কবিতাত সমাজখনেই থাকে, কবি আৰু পাঠকজনো সোমাই থাকে। মানুহৰ কথাৰেই কবিতা– তাৰ মাজেৰেই কবিৰ জীৱন-দৰ্শন, বিশ্ববীক্ষা গঢ় লৈ উঠে।
আপুনি নিজৰ কবিতা বা কাব্য-সংকলনৰ বিষয়ে প্ৰকাশ পোৱা ৰিভিউ বা সমালোচনাবোৰ পঢ়ে নে?
পঢ়োঁ। বেছ গুৰুত্ব সহকাৰে পঢ়োঁ। এই লেখাসমূহত মজি থাকিব নোৱাৰোঁ। সেইটো হয়তো মোৰ দোষ। কবিতা লিখিবৰ বেলিকা সেয়া সমূলি পাহৰি যাওঁ।
নিজৰ কিতাপবোৰ কেতিয়াবা পঢ়ে নে?
অনুভৱ তুলসীৰ শ্ৰেষ্ঠ কবিতাৰ সময়ত নিৰ্বাচনৰ কামটো নিজে কৰিছিলোঁ– সেয়ে লেখাবোৰ আকৌ পঢ়াৰ দৰকাৰ হৈছিল। দৰকাৰ নহ’লে নিজৰ লেখা নপঢ়োঁ। ‘আত্মৰতি’ বেমাৰটোক আশ্ৰয় নিদিওঁ।
আপোনাক প্ৰভাৱিত কৰা দেশ-বিদেশৰ দুজনমান লেখক আৰু দুখনমান কিতাপৰ বিষয়ে কওকচোন।
ৰুছ লেখক টয়ষ্টয়ৰ কথা আগতে কৈছোঁৱেই, দস্তয়েভস্কি, পুস্কিন, আনা আখমাতফা, বৰিচ পেস্তাৰনেক, শ্বেইক্সপীয়েৰ, ব্ৰাউনিং, হপকিন্স, ইয়েটছ, এলিয়ট, ছীমাছ হীনি, নেৰুডা, লৰকা, পাছ, বৰ্ষেছ আৰু কিমানৰ নাম ল’ম– তলিকা দীঘল হৈ গৈ থাকিব। ভাৰতীয় লেখকৰ ভিতৰত প্ৰেমচাঁদ, কবীৰ, শংকৰদেৱ, মাধৱদেৱ, গালিব, ৰবীন্দ্ৰনাথ, জীৱনানন্দ, নৱকান্ত বৰুৱা, অজিৎ বৰুৱা, নীলমণি ফুকন, মহিম বৰা, সৌৰভ কুমাৰ চলিহা আৰু সমকালৰ সতীৰ্থসকল।
শেষত কথোপকথনটোৰ বাবে এইখিনি সময় দিয়াৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
মোক এইখিনি মনৰ কথা ক’বলৈ সুবিধা দিয়া বাবে আপোনাক ধন্যবাদ।